জ্যোতি কলা কেন্দ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জ্যোতিকলা কেন্দ্ৰৰ পৰা পুনঃনিৰ্দেশিত)
জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়
স্থাপিত ১৯৪০
ধৰণ সংগীত আৰু নৃত্যৰ মহাবিদ্যালয়
স্থান তেজপুৰ, অসম,  ভাৰত
26°37′22″N 92°47′53″E / 26.6227194°N 92.7980784°E / 26.6227194; 92.7980784স্থানাংক: 26°37′22″N 92°47′53″E / 26.6227194°N 92.7980784°E / 26.6227194; 92.7980784
চৌহদ চহৰীয়া

জ্যোতি কলা কেন্দ্ৰ (সম্পূৰ্ণ নাম: জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়) তেজপুৰত অৱস্থিত এখন সংগীতানুষ্ঠান। মহাবিদ্যালয় খনত মূলতঃ সংগীত আৰু নৃত্যৰ শিক্ষণ-প্ৰশিক্ষণ দিয়া হয়। ১৯৪০ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰে। মহাবিদ্যালয়খন তেজপুৰ চহৰৰ SC পথৰ দাঁতিত তেজপুৰ জিলা ডাকঘৰৰ ওচৰত অৱস্থিত।

ইতিহাস[সম্পাদনা কৰক]

‘তেজপুৰ মিউজিক স্কুল’ বুলি আত্মপ্ৰকাশ কৰা এই সংগীতানুষ্ঠানখনৰ স্ৰষ্টা আৰু দ্ৰষ্টা আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁৰেই চেষ্টাত ১৯৪০ চনৰ ১ নৱেম্বৰ তাৰিখে কবি নলিনীবালা দেৱীৰ পৌৰোহিত্যত তেজপুৰ বাণ ৰঙ্গমঞ্চ‎ত অসমৰ ভিতৰতে প্ৰথম বুলি জনা এই সংগীত বিদ্যালয়ৰ শুভাৰম্ভ হৈছিল। ১৯৩৬ চনত তেজপুৰত বহা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশনৰ ৰাহিধন ২২০ টকা আৰু ‘শোনিত কুঁৱৰী’ তথা ‘জয়মতী’ৰ পালা ৰেকৰ্ডিং কৰি ছেনোলা কোম্পানীৰ পৰা পোৱা তবলা আৰু হাৰমনিয়ামৰ লগতে খান চাহাব মহম্মদ চৈয়ৱ ডাঙৰীয়াই দান দিয়া ‘এচৰাজ’ আদিৰেই আৰম্ভ হৈছিল এই সংগীত বিদ্যালয়। জ্যোতিপ্ৰসাদৰ মৃত্যুৰ পাছত তেওঁৰ স্মৃতিক যুগমীয়া কৰি ৰাখিবলৈ স্কুলখনৰ নামকৰণ কৰা হয় ‘জ্যোতি মিউজিক স্কুল’।

এইখিনি সময়তে ১৯৫৪ চনত আত্মপ্ৰকাশ কৰা আন এখন শ্ৰদ্ধা বুটলিবলৈ সক্ষম হোৱা সংগীত বিদ্যালয় আছিল ‘ইষ্ট ইণ্ডিয়ান আৰ্ট স্কুল,তেজপুৰ’। ১৯৫৬ চনত এই দুয়োটা অনুষ্ঠান এক হৈ জ্যোতিকলা কেন্দ্ৰ ৰূপে পৰিগণিত হয়। চহৰৰ মাজমজিয়াত পৰিত্যক্ত অৱস্থাত থকা ব্ৰাহ্ম সমাজৰ ঘৰ এটা ৯০ বছৰলৈ ১ টকা ভাৰাত লীজত লৈ ই চলি আছে। এতিয়া ইয়াক ‘জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়’ নামেৰে জনা যায়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. শান্তনু বৰুৱা (২০১৫). তেজপুৰ, এখন চহৰ অনেক কাহিনী. শশী মোহন ভট্টাচাৰ্য, ত্ৰিবাহু প্ৰকাশন গোষ্ঠী, কলিবাৰী, তেজপুৰ. পৃষ্ঠা. ২১,২২.