পখালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পখালা
প্ৰকাৰ সাজা পখালা (নতুনকৈ ৰন্ধা ভাত), বাচি পখালা (পুৰণি ভাত), জিৰা পখালা (জিৰা ভাত), দহি পখালা (দৈ ভাত)
উৎপত্তিৰ স্থান ভাৰতীয় উপমহাদেশ
অঞ্চল ওড়িশা
সম্পৰ্কিত ৰাষ্ট্ৰীয় ব্যঞ্জন উৰিয়া ৰন্ধনশৈলী
পৰিবেশনৰ উষ্ণতা তপত আৰু শীতল
মুখ্য উপাদান সিজোৱা ভাত
ভিন্ন প্ৰকাৰ পঁইতা ভাত
খাদ্য শক্তি
(প্ৰতি পৰিবেশন)
১০০ গ্ৰামত ৫২ কিলোকেলৰি

 

নেমু আৰু বিভিন্ন ধৰণৰ ব্যঞ্জনৰ সৈতে পখালা।
দহি পখালা।

পখালা (ওড়িয়া: ପଖାଳ) হৈছে ওড়িয়া লোকসকলৰ মাজত প্ৰচলিত পানীত ধুই বা সামান্য পৰিমাণে কিম্বন কৰা সিদ্ধ চাউলৰ এবিধ খাদ্য। ইয়াৰ তৰল ভাগটোক তোৰাণী (ওড়িয়া: ତୋରାଣି) নামেৰে জনা যায়।[1]ওড়িশাত জনপ্ৰিয়। ইয়াৰ অনুৰূপ খাদ্য পূব অঞ্চল যেনে ঝাৰখণ্ড, ছত্তীশগড়, বংগ, আৰু উত্তৰ-পূবৰ অসম আৰু ত্ৰিপুৰাত জনপ্ৰিয়।

পখালা সাধাৰণতে গৰমৰ দিনত খোৱা হয় যদিও বহুতে বছৰটোৰ যিকোনো সময়ত বিশেষকৈ দুপৰীয়াৰ আহাৰত ইয়াক খোৱা হয়। গৰম দিনত ই সতেজতা প্ৰদান কৰাৰ লগতে শৰীৰত থকা পুষ্টিকৰ উপাদানসমূহ পুনৰ ভৰাই তোলাৰ বাবে ই মানুহৰ মাজত জনপ্ৰিয়। ই এক পৰম্পৰাগত ওড়িয়া খাদ্য। ইয়াক চাউল, দৈ, তিয়ঁহ, জিৰা, ভজা পিঁয়াজ আৰু পদিনা পাতৰ সৈতে প্ৰস্তুত কৰা হয়। শুকানকৈ খোলাত দিয়া আলু, বেঙেনা আদি শাক-পাচলি বা ভজা মাছৰ সৈতেও ইয়াক পৰিবেশন কৰা হ।[2][3]

ব্যুৎপত্তি[সম্পাদনা কৰক]

"পখালা" শব্দটো পালি শব্দ "পখালিতা" (ওড়িয়া: ପଖାଳିତା) আৰু সংস্কৃত শব্দ "প্ৰক্ষালন"ৰ (সংস্কৃত : प्रक्षालन) পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হৈছে "ধোৱা/প্ৰক্ষালন কৰা।" [4]

ইতিহাস[সম্পাদনা কৰক]

পূৱ ভাৰতৰ দৈনন্দিন খাদ্য তালিকাত প্ৰথম কেতিয়া পখালাক অন্তৰ্ভুক্ত কৰা হৈছিল সেয়া জনা নাযায় যদিও প্ৰায় দশম শতিকাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ ৰন্ধন প্ৰণালীত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল। পখালাৰ প্ৰথম প্ৰচলন ওড়িশাত যেন বোধ হয়। প্ৰতি বছৰে ওড়িশাত ২০ মাৰ্চ দিনটো পখালা দিবস হিচাপে পালন কৰা হয়। ভাৰত উপমহাদেশৰ পূব অংশতো (নেপাল আৰু ম্যানমাৰৰ কিছু অংশকে ধৰি) পখালাৰ প্ৰচলন আছে। অৰ্জুন দাসৰ গ্ৰন্থ কল্পলতাত (১৫২০-১৫৩০ খ্ৰীষ্টাব্দ) পখালা শব্দটো ব্যৱহাৰ কৰা হৈছিল।[5]

শ্ৰেণীবিভাজন[সম্পাদনা কৰক]

প্ৰস্তুতি অনুসৰি বিভিন্ন প্ৰকাৰৰ পখালাক কেইবাভাগতো ভগাব পাৰি।[6][7][8]

জনপ্ৰিয় ভিন্নতা[সম্পাদনা কৰক]

  • নতুনকৈ ৰন্ধা ভাতত পানী আৰু নেমুৰ ৰস দি সাজা পখালা প্ৰস্তুত কৰা হয়। এই পদ্ধতিত কিম্বন কৰাৰ প্ৰয়োজন নাই।
  • বাচি পখালা (ওডিয়া ভাষাত বাচি মানে বাহী) পানী দি ভাত কিম্বন কৰি প্ৰস্তুত কৰা হয়। ইয়াক সাধাৰণতে ৰাতিটো ৰাখি পিছদিনা খোৱা হয়। কাটি লোৱা পিঁয়াজ আৰু নেমুৰ লগতে বড়ি চুৰাৰ সৈতেও ইয়াক খোৱা হয়।
  • জিৰা পখালা নৰসিংহ পাতৰ সৈতে ভজা জিৰা দি প্ৰস্তুত কৰা হয়।[9][10]
  • দহি পখালা হৈছে দৈ দি প্ৰস্তুত কৰা পখালা।

প্ৰস্তুতি[সম্পাদনা কৰক]

সাধাৰণতে পখালা ভাতৰ পৰা প্ৰস্তুত কৰা হয়। প্ৰথমে ভাত ৰান্ধি ইয়াক ঠাণ্ডা হ'বলৈ দিয়া হয়। ইয়াৰ পিছত এটা বাটিত পানী ঢালি তাত ভাত দিয়া হয়। কেৰাহীত এচিকুট তেল গৰম কৰি সৰিয়হৰ গুটি, নৰসিংহ পাত, শুকান ৰঙা জলকীয়া দি ভালদৰে ভজা হয়। এইখিনি টেঙা দৈৰ সৈতে পখালাৰ বাটিটোত দিয়া হয়। কোনো কোনো সময়ত সোৱাদ বৃদ্ধিৰ বাবে পদিনা পাত আৰু কেঁচা নিমখ দিয়া হ'ব পাৰে। ইয়াক ভজা মাছ বা চুখুৱা পোড়া (শুকান মাছ ভজা), সাগা ভাজা, বড়ি চুৰা আদিৰ সৈতে পৰিৱেশন কৰা হয়। জিৰা ভাজি মিহিকৈ গুড়ি কৰি ধনীয়া পাত আৰু নিমখৰ সৈতে দৈত যোগ কৰা হয়। কেতিয়াবা মাছ ভজা আৰু পালেঙৰ সৈতে পৰিৱেশন কৰা হয়।[11]

পৰম্পৰাগত প্ৰস্তুতি[সম্পাদনা কৰক]

পৰম্পৰাগতভাৱে পখালা হৈছে সামান্য কিম্বন কৰা ভাত। ভাত সিজাই তাত অলপ পুৰণি পখালা (গাখীৰ আৰু পুৰণি দৈ ব্যৱহাৰ কৰি দৈ বনোৱাৰ দৰে কিবা এটা) দি পানী দিয়া হয়। প্ৰস্তুত কৰাৰ ৮ৰ পৰা ১২ ঘণ্টাৰ পিছত পৰিৱেশন কৰিলে পখালাৰ সোৱাদ বেছি হয়। এই ক্ষেত্ৰত ভাতত পুৰণি পখালা যোগ কৰাৰ প্ৰয়োজন নহয়। পখালাৰ নিজস্ব সোৱাদ অলপ টেঙা। কিন্তু কেঁচা জলকীয়া, কেঁচা আম আৰু আদা বটা দি পখালাক অলপ জলা আৰু মিঠা সোৱাদ দিয়া হয়।

সাধাৰণতে পোৰা বা সিজোৱা আলু আৰু অন্যান্য ভজা শাক-পাচলি বা ভজা মাছ পখালাৰ সৈতে পৰিৱেশন কৰা হয়। বিভিন্ন আনুষংগিক খাদ্যৰ ভিতৰত দহি বাইগানা, কখাৰু ফুলা ভাজা (ৰঙালাও ফুলৰ ভাজি), আলু পিটিকা, ভজা মাছ, ভজা মিছামাছ, চুখুৱা (শুকান মাছ) আৰু সাগা ভাজা (জুইত পোৰা পাত -শাক) আদি থাকে।[6][4]

পখালা দিবাছা[সম্পাদনা কৰক]

আধুনিক কালত এই খাদ্যবিধৰ প্ৰচাৰৰ বাবে ২০১১ চনৰ ২০ মাৰ্চ দিনটো পখালা দিবাছা বা পখালা দিৱস হিচাপে বিশ্বজুৰি ওড়িয়াসকলে উদযাপন কৰিবলৈ লয়।[12][13][14][15][16][17]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. J. Tharu, Lalita, Susie, Ke (1993). Women Writing in India: The twentieth century. Vol II. Feminist Press. পৃষ্ঠা. 688. ISBN 9781558610293. https://books.google.com/books?id=OjZYf9Xf9bcC&q=pakhala+orissa&pg=PA422. 
  2. . 7 June 2019. https://www.outlookindia.com/website/story/society-news-drinks-of-odisha-a-sneak-peek-into-the-taste-of-delight/331703. 
  3. Charmaine O' Brien (15 December 2013). The Penguin Food Guide to India. Penguin Books. ISBN 9789351185758. https://books.google.com/books?id=BGhBAgAAQBAJ. 
  4. 4.0 4.1 V.K. Joshi (5 January 2016). Indigenous Fermented Foods of South Asia. CRC Press. ISBN 9781439887905. https://books.google.com/books?id=bjg0CwAAQBAJ. 
  5. Panda, Shishir Kumar (1991). Medieval Orissa: a socio-economic study. Mittal Publications. পৃষ্ঠা. 152. ISBN 9788170992615. https://books.google.com/books?id=C_LT5Q-f3YEC&q=pakhala+orissa&pg=PA94. 
  6. 6.0 6.1 . 20 March 2018. https://sambadenglish.com/on-pakhala-dibas-try-out-varieties-of-this-popular-odia-delicacy/. 
  7. . 20 March 2020. https://www.orissapost.com/this-summer-treat-yourself-with-odia-dishes-on-pakhala-diwas/. 
  8. J C Manti (2004). The Saga of Jagannatha and Badadeula at Puri. Vij Books. পৃষ্ঠা. 188. ISBN 9789382652458. https://books.google.com/books?id=QweqCQAAQBAJ. 
  9. "Jeera Pakhala". Archived from the original on 2016-11-22. https://web.archive.org/web/20161122153821/http://spicezee.zeenews.com/gourmet/story937.htm। আহৰণ কৰা হৈছে: 2023-05-14. 
  10. "Jeera Pakhala". Archived from the original on 5 March 2016. https://web.archive.org/web/20160305192434/http://www.orissadiary.com/orissa_cusine/Jeera%20Pakhala.htm। আহৰণ কৰা হৈছে: 9 September 2010. 
  11. Mandal, Tridip; Singh, Muskan (13 August 2021). "Pakhala Bhat – An Odia Cuisine: Fermented Rice Recipe". https://www.thequint.com/neon/what-the-food/recipe-pakhala-bhaat-fermented-rice-desh-ka-tadka#read-more. 
  12. "March 20 Is Declared As Pakhala Dibasa (Universal Pakhala Day) By Odias Worldwide #Pakhal #Odisha #Food - eOdisha.org - latest Odisha News - Business - Culture -Art - Travel". Eodisha.org. 19 March 2014. Archived from the original on 5 October 2016. https://web.archive.org/web/20161005132402/http://eodisha.org/march-20-declared-pakhala-dibas-universal-pakhala-day-odias-worldwide-pakhal-odisha-food/। আহৰণ কৰা হৈছে: 4 October 2016. 
  13. "Pakhala Dibasa to be celebrated by Odias all over the world on 20 March | Incredible Odisha". Incredibleorissa.com. 17 March 2016. http://incredibleorissa.com/pakhala-divas/। আহৰণ কৰা হৈছে: 4 October 2016. 
  14. "'World Pakhala Divas' on March 20" (en-US ভাষাত). Pragativadi: Leading Odia Dailly. 2017-03-18. http://www.pragativadi.com/world-pakhala-divas-march-20/। আহৰণ কৰা হৈছে: 2019-03-09. 
  15. "Why March 20 celebrates as Pakhala Dibasa & Who has initiated this Dates - #PakhalaDibasa". eOdisha.org - latest Odisha News - Business - Culture -Art - Travel. 2016-03-20. http://eodisha.org/march-20-celebrates-pakhala-dibasa-initiated-dates-pakhaladibasa/। আহৰণ কৰা হৈছে: 2019-03-09. 
  16. "Pakhala dibasa grows bigger each passing year - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/events/bhubaneswar/pakhala-dibasa-grows-bigger-each-passing-year/articleshow/63383135.cms। আহৰণ কৰা হৈছে: 2019-03-09. 
  17. "ଆଜି 'ବିଶ୍ୱ ପଖାଳ ଦିବସ'! ଓଡିଆ ଜାତିର ଅନନ୍ୟ ବିଶେଷତ୍ୱ ପଖାଳ" (en-US ভাষাত). Kanak News. 2018-03-20. http://kanaknews.com/pakhala-dibasa/। আহৰণ কৰা হৈছে: 2019-03-09.