সমললৈ যাওক

ভৌগলিক স্বীকৃতি বা জি আই টেগ লাভ কৰা অসমৰ সম্পদসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাম চমু টোকা জি আই টেগ লাভ কৰা বৰ্ষ জাতি/জনগোষ্ঠী স্থান
তেজপুৰৰ লিচু অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰত উৎপাদিত এবিধ ৰসযুক্ত ফল। তেজপুৰ লিচুৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে, বিশেষকৈ ইয়াৰ আকাৰ আৰু ইয়াত থকা কাৰ্বহাইড্ৰেটৰ মাত্ৰাই ইয়াক অন্য লিচুতকৈ পৃথক কৰি তুলিছে। ২০১৫ চনৰ ৩১ মাৰ্চ[1] অসমীয়া তেজপুৰ, অসম
অসমৰ কাৰ্বি-আংলং আদা ই হৈছে অসমৰ কাৰ্বি আংলং জিলাত উৎপাদিত এবিধ মছলাজাতীয় উদ্ভিদ। ২০১৫ চনৰ ৩১ মাৰ্চ[2] কাৰ্বি কাৰ্বি আংলং, অসম
জহা চাউল ঘাইকৈ অসমত উৎপাদন হোৱা এবিধ সুগন্ধি চাউল ২০১৭[3] অসমীয়া অসম
বোকা চাউল বোকা চাউল নামনি অসমত উৎপাদিত হোৱা একপ্ৰকাৰৰ কোমল চাউল। ২০১৮[4] অসমীয়া অসম
চকোৱা চাউল চকোৱা চাউল বা চকোৱা ধান অসমৰ বিভিন্ন ঠাইত উৎপাদিত এবিধ থলুৱা জাতৰ শালিধান। এই চাউলবিধত শৰ্কৰাৰ পৰিমাণ তুলনামূলকভাৱে কম থাকে। ২০১৯, ২৪ অক্টোবৰ[5] অসমীয়া অসম
অৰ্থডক্স টী অসমত উৎপাদিত চাহপাত। অসম
কাজি নেমু এবিধ টেঙা জাতীয় ফল। ভিটামিন চি যুক্ত এই ফলবিধ বিভিন্ন ৰন্ধন প্ৰণালীত ব্যৱহাৰ হোৱাৰ লগতে ইয়াক কেঁচাকৈ বা চৰৱত তৈয়াৰ কৰি খোৱা হয়। ২০১৯ অসম
অসমীয়া জাপি বাঁহেৰে তৈয়াৰী মূৰত পিন্ধা এবিধ টুপিৰ দৰে সামগ্ৰী। অসম
আশাৰীকান্দিৰ পুতলা শিল্প আশাৰীকান্দি অঞ্চলত তৈয়াৰী পাৰম্পৰিক মৃৎশিল্প। এই অঞ্চলৰ প্ৰায় ১০০ টা পৰিয়ালে পুতলা নিৰ্মাণ কৰি জীৱিকা নিৰ্বাহ কৰি আছে। ধুবুৰী জিলা, অসম
অসমৰ কাঁহ শিল্প অসমৰ সৰ্থেবাৰী অঞ্চলত হাতেৰে নিৰ্মিত কাঁহৰ সামগ্ৰী। বিবাহ, ধৰ্মীয় অনুষ্ঠান, উৎসৱ আদিৰ লগতে সাধাৰণতে ঘৰুৱাভাৱে ব্যৱহাৰৰ বাবে অসমত কাঁহেৰে নিৰ্মিত সামগ্ৰী ব্যৱহাৰ হয়। অসমীয়া সৰ্থেবাৰী, অসম
মাজুলীৰ মুখা শিল্প বাঁহৰ কাঠিৰে তৈয়াৰ কৰি মাটিৰ লেপ দি প্ৰাকৃতিক ৰঙেৰে সজ্জিত এবিধ মুখ-বন্ধনী। ভাওনা আদিত ব্যৱহৃত এই সামগ্ৰীবিধ অসমৰ এক প্ৰাচীন লোককলা। অসমীয়া মাজুলী, অসম
জুডিমা অসমৰ ডিমাছা সকলে চাউলৰপৰা প্ৰস্তুত কৰা এবিধ পাৰম্পৰিক সুৰা। ২০২১, ১৪ ছেপ্টেম্বৰ ডিমাছা অসম
গামোচা ঘাইকৈ গা মুচিবৰ বাবে ব্যৱহৃত এবিধ পাতল বস্ত্ৰ। ২০২২, ১৩ ডিচেম্বৰ[6] অসমীয়া অসম
আৰনাই অসমৰ বড়ো জনগোষ্ঠীয় লোকসকলে ব্যৱহাৰ কৰা এবিধ পৰম্পৰাগত বস্ত্ৰ। ২০২৪[7][8] বড়ো জনগোষ্ঠী অসম
জৌ গৈৰাণ ২০২৪[7][8] বড়ো জনগোষ্ঠী অসম
মাইব্ৰা ২০২৪[7][8] বড়ো জনগোষ্ঠী অসম
জৌ বিদৈ ২০২৪[7][8] বড়ো জনগোষ্ঠী অসম
জৌ গিচি ২০২৪[7][8] বড়ো জনগোষ্ঠী অসম
নামফা শুকান মাছৰপৰা তৈয়াৰী এবিধ জনপ্ৰিয় খাদ্য। ২০২৪[7][8] বড়ো জনগোষ্ঠী অসম

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Assam’s pungent ginger, juicy litchi get GI tag
  2. Assam’s pungent ginger, juicy litchi get GI tag
  3. "GI tag for Joha rice". The Telegraph. 29 March, 2020. https://www.telegraphindia.com/north-east/gi-tag-for-joha-rice/cid/1429771। আহৰণ কৰা হৈছে: 29 July 2020. 
  4. "‘The rice that needs no cooking’: magic rice variety from Assam gets GI tag" (ইংৰাজী ভাষাত). 2018-08-11. https://indianexpress.com/article/north-east-india/assam/the-rice-that-needs-no-cooking-magic-rice-variety-from-assam-gets-gi-tag-5299318/. 
  5. "Traditional Scarf (Gamosa) of Assam gets Geographical Indications tag". The Sentinel. November 18, 2019. https://www.sentinelassam.com/north-east-india-news/assam-news/traditional-scarf-gamosa-of-assam-gets-geographical-indications-tag/। আহৰণ কৰা হৈছে: April 12, 2020. 
  6. "Assamese Gamosa gets Geographical Indication tag". India today. https://www.indiatoday.in/lifestyle/what-s-hot/story/assamese-gamosa-gets-geographical-indication-tag-2309378-2022-12-15। আহৰণ কৰা হৈছে: 31 March 2023. 
  7. 7.0 7.1 7.2 7.3 7.4 7.5 "বড়ো জনগোষ্ঠীৰ আৰনাইকে ধৰি ৰাজ্যৰ ৮ বিধ সামগ্ৰীলৈ জি আই টেগ" (Press release). অসমীয়া খবৰ. ৩ অক্টোবৰ, ২০২৪. 
  8. 8.0 8.1 8.2 8.3 8.4 8.5 "Eight products used by Assam tribe granted GI tag" (Press release). https://www.thehindu.com.+3 October 2024. https://www.thehindu.com/news/national/gi-tags-for-bodo-rice-beers-and-other-culinary-delights/article68706590.ece। আহৰণ কৰা হৈছে: 3 October 2024.