লক্ষ্মী ফেঁচা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(লক্ষী ফেঁচাৰ পৰা পুনঃনিৰ্দেশিত)
লক্ষ্মী ফেঁচা
British Wildlife Centre, ইংলেণ্ডত এটা লক্ষ্মী ফেঁচা
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
উপশ্ৰেণী: Neornithes
অনুশ্ৰেণী: Neognathae
মহাবৰ্গ: Neoaves
বৰ্গ: Strigiformes
পৰিয়াল: Tytonidae
উপপৰিয়াল: Tytoninae
গণ: Tyto
প্ৰজাতি: T. alba
বৈজ্ঞানিক নাম
Tyto alba
(Scopoli, 1769)
Global range in green
সমাৰ্থক

Strix alba Scopoli, 1769
Strix pratincola Bonaparte, 1838
Tyto delicatula Gould, 1837

লক্ষ্মী ফেঁচা (ইংৰাজী: Barn Owl, বৈজ্ঞানিক নাম: Tyto alba) সমগ্ৰ চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰতে বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত এটা। ইয়াক দুই মেৰু আৰু মৰুভূমি অঞ্চল তথা প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে পোৱা যায়।[1] ইয়াৰ বাহ্যিক ৰূপ, মাত, বসতিস্থল তথা নীৰৱে উৰিব পৰা ক্ষমতাৰ ভিত্তিত বহুতো নামেৰে অভিহিত কৰা হয়, যেনে-White Owl, Silver Owl, Demon Owl, Ghost Owl, Death Owl, Night Owl, Rat Owl, Church Owl, Cave Owl, Stone Owl, Monkey-faced Owl, Hissing Owl, Hobgoblin or Hobby Owl, Dobby Owl, White-breasted Owl, Golden Owl, Scritch Owl, Screech Owl, Straw Owl, Barnyard Owl and Delicate Owl ইত্যাদি।[2][3]

বিৱৰণ[সম্পাদনা কৰক]

লক্ষ্মী ফেঁচা শেঁতা বৰণৰ দীঘল ডেউকা তথা ঠেঙ আৰু চুটি বৰ্গাকাৰ নেজ বিশিষ্ট এবিধ ফেঁচাৰ প্ৰজাতি। ইয়াৰ দেহৰ দৈৰ্ঘ্য ২৫-৫০ ছেঃমিঃ আৰু ডেউকাৰ দৈৰ্ঘ্য ৭৫-১১০ ছেঃমিঃ হয়[4][5] পূৰ্ণবয়স্ক লক্ষ্মী ফেঁচাৰ দেহৰ ওজন ১৮৭ গ্ৰামৰ পৰা ৮০০ গ্ৰাম পৰ্যন্ত হ’ব পাৰে।[6][7] লক্ষ্মী ফেঁচাৰ মূৰ আৰু দেহৰ ওপৰ অংশৰ বৰণ পাতল মটিয়াৰ পৰা ডাঠ মুগা ধৰণৰ হ’ব পাৰে। হৃদ-আকৃতিৰ মুখখন সাধাৰণতে উজ্জ্বল বগা। দেহৰ তলৰ অংশ ৰঙা-বগা (reddish buff). চকুৰ মণিৰ বৰণ ক’লা-মটিয়া (blackish brown)।[8]

টেক্স’নমি[সম্পাদনা কৰক]

লক্ষ্মী ফেঁচাৰ বহুল বিস্তৃতিৰ বাবে ঠাইভেদে ইয়াৰ বিভিন্ন উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়।[1]

আচৰণ[সম্পাদনা কৰক]

অন্যান্য ফেঁচাৰ প্ৰজাতিবোৰৰ দৰেই লক্ষ্মী ফেঁচা নিশাচৰ, অৱশ্যে আন্ধাৰ হোৱাৰ কিছুসময় পুৰ্বৰ পৰাই সক্ৰিয় হৈ পৰে আৰু কেতিয়াবা দিনৰ ভাগতো ইয়াক দেখা পোৱা যায়। ইয়াল ঘাঁহনি বা খেতি পথাৰতো দেখা যায়। ইহঁতে অকণো শব্দ নকৰাকৈ নীৰৱে উৰিব পাৰে[12]

খাদ্য[সম্পাদনা কৰক]

লক্ষ্মী ফেঁচাই সৰু মেৰুদণ্ডী প্ৰাণী যেনে নিগনি, ক’লা এন্দুৰ (Rattus rattus) আদি খাই জীয়াই থাকে। লক্ষ্মী ফেঁচাৰ শুনিব পৰা ক্ষমতা বিশেষভাৱে উন্নত আৰু এইবাবে চিকাৰৰ বাবে দৃষ্টিশক্তিৰ প্ৰয়োজন নপৰে।

প্ৰজনন[সম্পাদনা কৰক]

সাধাৰণতে মাৰ্চ-এপ্ৰিলত লক্ষ্মী ফেঁচাই প্ৰজনন কৰে। এবাৰত চাৰিটাৰ পৰা সাতটা কণী পাৰে[13]

স্থিতি আৰু সংৰক্ষণ[সম্পাদনা কৰক]

লক্ষ্মী ফেঁচাৰ জনসংখ্যাৰ স্থিতি বৰ্তমান বিপদমুক্ত অৱস্থাত আছে।

চিত্ৰ বিথিকা[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Bruce (1999)
  2. Ali, S. (1993). The Book of Indian Birds. প্ৰকাশক Bombay: Bombay Natural History Society. ISBN 0-19-563731-3. 
  3. Bruce (1999), OwlPages (2006), BTO (2009)
  4. "আৰ্কাইভ কপি". Archived from the original on 2012-11-01. https://web.archive.org/web/20121101192739/http://www.seaworld.org/animal-info/animal-bytes/animalia/eumetazoa/coelomates/deuterostomes/chordata/craniata/aves/strigiformes/barn-owl.htm। আহৰণ কৰা হৈছে: 2012-12-12. 
  5. "আৰ্কাইভ কপি". Archived from the original on 2015-03-18. https://web.archive.org/web/20150318120546/http://www.arkive.org/barn-owl/tyto-alba/#text=Facts। আহৰণ কৰা হৈছে: 2012-12-12. 
  6. CRC Handbook of Avian Body Masses by John B. Dunning Jr. (Editor). CRC Press (1992), ISBN 978-0-8493-4258-5.
  7. Bruce (1999), Svensson et al. (1999): pp.212–213
  8. Bruce (1999), Mátics & Hoffmann (2002)
  9. 9.0 9.1 Mátics & Hoffmann (2002)
  10. Traylor & Parelius (1967)
  11. Krabbe et al. (2006)
  12. Ehrlich et al. (1994): pp.250-254, Mátics & Hoffmann (2002), Cisneros-Heredia (2006)
  13. "Barn Owl Fact Sheet, Lincoln Park Zoo"

অন্যান্য উৎস[সম্পাদনা কৰক]

বহি:সংযোগ[সম্পাদনা কৰক]