লুম্মেৰ দাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

অৰুণাচল প্ৰদেশৰ পটভূমিত অসমীয়া ভাষাত সৃষ্টিধৰ্মী ৰচনাৰ বাটকটীয়া আছিল লুম্মেৰ দাই। তেওঁ আছিল মূলত এগৰাকী অসমীয়া জনজাতীয় লেখক। তেওঁ ৰচনাত জনজাতীয় জীৱন-বৈচিত্ৰ্যৰ ছবিহে বেছিকৈ উজলি উঠিছল।

জন্ম[সম্পাদনা কৰক]

১৯৪০ চনৰ ১ জুনত অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ চিলুক গাঁৱত। পিতৃৰ নাম আছিল জবো দাই আৰু মাতৃ কমছাক দাই আছিল অৰুণাচলৰ ‘আদি’ জনজাতীয় লোক।

শিক্ষা[সম্পাদনা কৰক]

লুম্মেৰ দাইৰ পিতৃ-মাতৃ অনাক্ষৰী হ’লেও পুত্ৰক শিক্ষাৰ পোহৰৰ বাট দেখুৱাই নাম লগাই দিছিলল চিলুক প্ৰাথমিক বিদ্যালয়ত। ১৯৬০ চনত উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্যায়তনিক তীৰ্থস্বৰূপ কটন মহাবিদ্যালয়ত আই. এট নাম লগাই। ১৯৬২ চনত ইংৰাজী সাহিত্যত অনাৰ্চ লৈ শ্বিলঙৰ ছেইণ্ট এডমণ্ডচ কলেজৰপৰা সুখ্যাতিৰে উত্তীৰ্ণ হয়।

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৬৯ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰপৰা ঘোষক হিচাপ কৰ্মজীৱনৰ পাতনি মেলে। পৰৱৰ্তী পৰ্যায়ত জন সংযোগ বিভাগত যোগদান কৰে আৰু একেটা বিভাগৰপৰাই পিছলৈ তেওঁ অৰুণাচল প্ৰদেশৰ সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰে।

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

প্ৰাথমিক স্কুলত পঢ়োতেই উমেশ্বৰ দলে নামৰ এজন শিকৰ তত্ত্বাৱধানত লুম্মেৰ দাইয়ে সাহিত্য-চৰ্চাৰ প্ৰেৰণা লাভ কৰে। আৰু তেওঁৰ অনুপ্ৰেৰণাত প্ৰথম প্ৰবন্ধ লিখিছিল। ছাত্ৰ অৱস্থাতে ‘গিৰিবাণী’ নামেৰে এখন হাতেলিখা আলোচনী প্ৰকাশ কৰে। তাৰপিছত মহেন্দ্ৰ বৰঠাকুৰ আৰু বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ যোগেদি ‘ৰামধেনু’লৈ বিভিন্ন প্ৰবন্ধপাতি প্ৰকাশ পায়।

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

  • ১৯৫৯ চনত [[অসম সাহিত্য সভা[[ৰ দ্বাৰা প্ৰকাশিত ‘উদয়াচল’ নামে সাধু পুথি।
  • ১৯৬০ চনত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত প্ৰথম উপন্যাস ‘পাহাৰৰ শিলে শিলে’।
  • ১৯৬৩ চনত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত দ্বিতীয় উপন্যাস ‘পৃথিৱীৰ হাঁহি’।
  • ১৯৬৭ চনত দত্ত বৰুৱা এণ্ড কোম্পানী দ্বাৰা প্ৰকাশিত তৃতীয় উপন্যাস 'মন আৰু মন'।
  • ১৯৭৮ চনত তিনিচুকীয়াৰ মিত্ৰ এজেন্সীৰ দ্বাৰা প্ৰকাশিত চতুৰ্থ উপন্যাস 'কইনাৰ মূল্য'।

বঁটা[সম্পাদনা কৰক]

  • ১৯৬৩ চনত ‘পাহাৰৰ শিলে শিলে’ উপন্যাসৰ বাবে নৰ্থ ইষ্টাৰ্ন ফ্ৰণ্টিয়াৰ এজেন্সিৰপৰা (নেফা) বিশেষ প্ৰশংসা পত্ৰ লাভ কৰে।
  • ১৯৭০ চনত মন আৰু মন’ উপন্যাসৰ বাবে কেন্দ্ৰীয় চৰকাৰে তেওঁক ‘মাতৃভাষাৰ বাদেও আন ভাষা চৰ্চা কৰা প্ৰথম পৰ্যায়ৰ সাহিত্যিক বুলি সম্বৰ্দ্ধনা জনায়।
  • ১৯৮৬ চনত অসম সাহিত্য সভাই সতানাথ ব্ৰহ্মচৌধুৰী বঁটা প্ৰদান কৰে।
  • ২০০৫ চনত লখিমপুৰৰ নতুন সুৰ গোষ্ঠীয়ে মৰণোত্তৰভাৱে ‘সাহিত্যজ্যোতি’বঁটা আগবঢ়ায়।

মৃত্যু[সম্পাদনা কৰক]

২০০২ চনৰ ৫ এপ্ৰিলত লুম্মেৰ দাইৰ ৬২ বছৰ বয়সত মৃত্যু হয়।