সদস্য বাৰ্তা:MS Sakib

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য বাৰ্তা:Md. Sadman Sakib Bdৰ পৰা পুনঃনিৰ্দেশিত)

আলোচনা পৃষ্ঠা[সম্পাদনা কৰক]

নমস্কাৰ। শেহতীয়াকৈ আপুনি অসমীয়া ৱিকিপিডিয়াৰ অসংখ্য প্ৰবন্ধত আলোচনা পৃষ্ঠা যোগ দিয়া দেখিবলৈ পোৱা গৈছে। এনে কৰাৰ বিশেষ প্ৰয়োজন নাই। বৰঞ্চ ৱিকিপিডিয়াৰ শেহতীয়া সালসলনিসমূহ নিৰীক্ষণ কৰাত ই কিছু পৰিমাণে অসুবিধাৰহে সৃষ্টি কৰিছে। গতিকে আপোনাক এই কাৰ্যৰ পৰা সাময়িকভাৱে বিৰত থাকিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Cₕₐₜ 18:54, 8 মে' 2021 (ইউ.টি.চি.)

@Chiring chandan: মোক অৱগত কৰাৰ বাবে আপোনাক বহুত ধন্যবাদ। মই কামটো বন্ধ কৰি দিলো। MS Sakib (বাৰ্তা) 21:47, 8 মে' 2021 (ইউ.টি.চি.)
@MS Sakib: আপোনাক ইতিমধ্যে আপুনি কৰি থকা অপ্ৰয়োজনীয় কাম এটাই সৃষ্টি কৰা অসুবিধাৰ কথাটো স্পষ্টকৈ বুজাই দিয়াৰ পিছতো বাৰে বাৰে একেটা কামকে কৰি থকাত আমি অসমীয়া ৱিকিপিডিয়াৰ প্ৰশাসকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। আপুনি এনে কৰা বন্ধ নকৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। Nayan j Nath (বাৰ্তা) 06:42, 9 মে' 2021 (ইউ.টি.চি.)
@Chiring chandan: মই ইতিমধ্যে শেহতীয়া পৰিৱৰ্তনবোৰ পৰীক্ষা কৰিছোঁ। এতিয়া কোনো সম্পাদনা নাই। গতিকে মই ৫০ পৃষ্ঠাতকৈও কম পৃষ্ঠা তৈয়াৰ কৰিছিলো আৰু আপুনি তেওঁলোকক জনোৱাৰ আগতে সেইবোৰ বন্ধ কৰিছিলো। আৰু এইবাৰ কামটোৱে শেহতীয়া পৰিৱৰ্তনবোৰৰ ওপৰত কোনো প্ৰভাৱ পেলাব পৰা নাই। কিন্তু তেতিয়াৰ পৰা মই দিনটোত পুৱা ৰাতি ১২ বজাৰ পৰা ৩.৩০ বজাৰ ভিতৰত কামটো কৰিম। কিয়নো, মই লক্ষ্য কৰাৰ দৰে, এই সময়ছোৱাত কোনো সম্পাদনা কৰা হোৱা না। গতিকে শেহতীয়া পৰিৱৰ্তনটো টহল দিয়াত সমস্যা নহ'ব।MS Sakib (বাৰ্তা) 06:43, 9 মে' 2021 (ইউ.টি.চি.)
@Nayan j Nath: মই দিনটোত পুৱা ৰাতি ১২ বজাৰ পৰা ৩.৩০ বজাৰ ভিতৰত কামটো কৰিম। কিয়নো, মই লক্ষ্য কৰাৰ দৰে, এই সময়ছোৱাত কোনো সম্পাদনা কৰা হোৱা না। গতিকে শেহতীয়া পৰিৱৰ্তনটো টহল দিয়াত সমস্যা নহ'ব। MS Sakib (বাৰ্তা) 06:46, 9 মে' 2021 (ইউ.টি.চি.)
@MS Sakib:এই কামটোৱে প্ৰবন্ধ সমূহৰ মান বঢ়োৱাত একো বৰঙণি আগবঢ়োৱা নাই, এয়া কেৱল global সম্পাদনাৰ সংখ্যা বঢ়োৱাৰ কৌশল বুলিয়েই ধাৰণা কৰিম। গতিকে আপুনি কামটো আগুৱাই নিয়াৰ সম্পূৰ্ণ বিৰোধ কৰোঁ।Nayan j Nath (বাৰ্তা) 06:53, 9 মে' 2021 (ইউ.টি.চি.)
@Nayan j Nath, Chiring chandan: মই বাংলাদেশী বঙালী কিন্তু অসমীয়া ভাষাত মোৰ প্ৰাৰম্ভিক জ্ঞান আছে। যদি গুগল অনুবাদকত বা আন এটা অনুবাদকত অসমীয়া ভাষা থাকটো, ই অধিক সুবিধাজনক হ'লহেঁতেন। তথাপিও, মই বাংলাদেশ সম্পৰ্কীয় বিভিন্ন প্ৰবন্ধ সমূহ নিয়মীয়াকৈ অসম ৱিকিপিডিয়াত অনুবাদ কৰিম। মোৰ বানান ভুল হ'ব পাৰে কিয়নো অসমীয়া ভাষাত মোৰ জ্ঞান সীমিত। লগতে মই অসম ৱিকিপিডিয়াৰ বানানভুলবোৰ সংশোধন কৰিব বিচাৰো। যদি এজন অসম ৱিকিপিডিয়াৰ সদস্যৰ উপপৃষ্ঠাত "সাধাৰণ বানান ভুল"ৰ তালিকা থাকে, তেন্তে মোক এটা লিংক দিয়া হ'লে ভাল হ'লহেঁতেন। MS Sakib (বাৰ্তা) 07:18, 9 মে' 2021 (ইউ.টি.চি.)
@MS Sakib: অনুবাদ কৰাৰ বাবে আদৰণি জনালোঁ। সাধাৰণ বানান ভুলৰ কোনো তালিকা সদ্যহতে নাই যদিও বানানৰ শুধৰণি কৰাত অসমীয়াভাষী ৱিকিপিডিয়ানসকলে নিশ্চয় সহায় কৰিব। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Cₕₐₜ 07:33, 9 মে' 2021 (ইউ.টি.চি.)
@MS Sakib: অনুগ্ৰহ কৰি প্ৰয়োজন অবিহনে প্ৰতিখন প্ৰবন্ধৰ আলোচনা পৃষ্ঠা সৃষ্টি নকৰিব। কিবা আলোচনা কৰিবলৈ থাকিলে হে অসমীয়া ৱিকিপিডিয়াত আলোচনা পৃষ্ঠা তৈয়াৰ কৰা নীতি পালন কৰি অহা হৈছে।সক্ৰিয় সদস্যৰ সংখ্যা কম থকাৰ শেহতীয়া সালসলনি লক্ষ্য কৰাত অলপ অসুবিধা হয়।- অজয়  কথা-বতৰা 16:19, 13 মে' 2021 (ইউ.টি.চি.)

নতুন প্ৰবন্ধ[সম্পাদনা কৰক]

সদস্য:MS Sakib আপুনি শেহতীয়াকৈ অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ লিখা আৰম্ভ কৰিছে, তাৰ বাবে ধন্যবাদ। কিন্তু প্ৰবন্ধবোৰ যাতে অলপ দীঘলীয়া হয় তাৰ প্ৰতি অলপ লক্ষ্য ৰাখিব। চমু প্ৰবন্ধ আৰু উদ্ধৃতি নথকা পৃষ্ঠাবোৰ যিকোনো সময়তে প্ৰকাশসকলে মুচি পেলাব পাৰে। - হানিফ আলী (বাৰ্তা) 06:25, 11 মে' 2021 (ইউ.টি.চি.)

@হানিফ আলী: মোক জনোৱাৰ বাবে ধন্যবাদ। মই বঙালী আৰু ইংৰাজী ৱিকিপিডিয়াৰ পৰা প্ৰবন্ধ অনুবাদ কৰিবলৈ আৰম্ভ কৰিছিলো। মোৰ প্ৰথম দুটা প্ৰবন্ধ দীঘল নোহোৱাৰ কাৰণ হৈছে এই দুটা প্ৰবন্ধ বঙালী আৰু ইংৰাজী ৱিকিপিডিয়াতো দীঘল নহয়। কিন্তু নিশ্চিতভাৱে উল্লেখযোগ্য। (কাৰণ ইংৰাজী ৱিকিপিডিয়াক ধৰি আন কেইজনমান ৱিকিত আছে)। কিন্তু মই এতিয়া "মেহাৰী ইউনিয়ন" নামৰ এটা প্ৰবন্ধ আৰম্ভ কৰিছো। এইটো ডাঠ আৰু দীঘল হ'ব। MS Sakib (বাৰ্তা) 06:39, 11 মে' 2021 (ইউ.টি.চি.)

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

প্ৰিয় ছাকিব,

অসমীয়া ৱিকিপিডিয়াৰ বানান নীতি অনুসৰণ কৰি আপোনাৰ মধুমিতা ৰাউত প্ৰৱন্ধটিত অন্তৰ্ভুক্ত ওড়িশী বানানটোৰ সাল-সলনি ঘটাই ওডিছী কৰা হৈছিল। ক্ষমা মাৰ্জনীয়। JyotiPN (বাৰ্তা) 16:22, 8 September 2021 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]

@JyotiPN: আপুনাক বহুত ধন্যবাদ। মই অসমীয়া বানানৰ বিষয়ে বেছি নজানোঁ। সেইকাৰণে এইটো ভুল হৈছিল। এতিয়া প্ৰবন্ধটোত ৩০০+ শব্দ আছে। কিন্তু প্ৰতিযোগিতাত গ্ৰহণ কৰা হোৱা নাই। আপুনি ইয়াত সহায় কৰিব পাৰিবনে? MS Sakib (বাৰ্তা) 19:08, 8 September 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


WLWSA-2021 Newsletter #6 (Request to provide information)[সম্পাদনা কৰক]

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
06:28, 17 November 2021 (ইউ.টি.চি.)

Wikipedia Asian Month 2021 Postcard[সম্পাদনা কৰক]

Dear Participants,

Congratulations!

It's Wikipedia Asian Month's honor to have you all participated in Wikipedia Asian Month 2021, the seventh Wikipedia Asian Month. Your achievements were fabulous, and all the articles you created make the world can know more about Asia in different languages! Here we, the Wikipedia Asian Month International team, would like to say thank you for your contribution also cheer for you that you are eligible for the postcard of Wikipedia Asian Month 2021. Please kindly fill the form, let the postcard can send to you asap!

This form will be closed at March 15.

Cheers!

Thank you and best regards,

Wikipedia Asian Month International Team, 2022.02

অতিথি সম্পাদক পদক[সম্পাদনা কৰক]

"ইপাৰ সিপাৰ কোনপাৰে নেজানো
অ' মই চৌপাশতে আছোঁ
লুইততে নাও মেলিও
পদ্দাৰ ভাটিয়ালী ৰচোঁ‌"
- ভূপেন হাজৰিকা

MS Sakib ডাঙৰীয়া, অসমীয়া ৱিকিপিডিয়াঅতিথি সম্পাদক হিচাপে আপোনাক হিয়াভৰা ওলগ জনালোঁ‌। আন এখন দেশৰ আন এটা ভাষাৰ থলুৱা ৱিকিপিডিয়ান হৈয়ো অসমীয়া ভাষাক বুকুত সামৰি লোৱাৰ লগতে অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ বৰঙণিৰ কৃতজ্ঞতাস্বৰূপে অসমীয়া ৱিকি পৰিয়ালৰ হৈ আপোনালৈ এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই যোগাত্মক বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ বুঢ়া লুইত আৰু পদ্মা নদীৰ এই সংগম চিৰস্থায়ী হওক। ধন্যবাদেৰে। —-Chandan Chiring Phukon Chat 18:29, 29 May 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Chiring chandan: আপোনাক অশেষ ধন্যবাদ। এই পদক লাভ কৰি মই ধন্য অনুভৱ কৰিছো। আন এটা কথা, ভূপেন হাজৰিকা মোৰ অতি প্ৰিয় শিল্পী। মই তেওঁৰ বাংলা গীতবোৰ প্ৰায়ে শুনি থাকোঁ। ≈ MS Sakib  «কওক...» 18:58, 29 May 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিপিডিয়ানৰ মনৰ কথা[সম্পাদনা কৰক]

নমস্কাৰ! মাজে মাজে অসমীয়া ৱিকিপিডিয়াত আপোনাৰ সক্ৰিয়তাৰ বাবে আপুনি ধন্যবাদৰ পাত্ৰ। মহোদয়, অসমীয়া ৱিকিপিডিয়ানসকলে প্ৰতিমাহৰ খটিয়ান লৈ এখন ৱিকিপত্ৰিকা প্ৰকাশ কৰি আহিছে। এই পত্ৰিকাৰ ডিচেম্বৰ মাহৰ সংখ্যাটোৰ বাবে মনৰ কথা লিখি তলৰ লিংকত জমা দিব বুলি আশা কৰিছোঁ-

ৱিকিপিডিয়ানৰ মনৰ কথা (ডিচেম্বৰ)

-Nayan j Nath (বাৰ্তা) 11:29, 25 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Nayan j Nath মোক সুযোগ দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ। মই কাইলৈ জমা দিম। ≈ MS Sakib  «কওক...» 13:11, 28 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Nayan j Nath, নমস্কাৰ, মই আজি এইটো জমা দিলো। কিন্তু যদি ইয়াত কোনো ভাষিক ত্ৰুটি থাকে, তেন্তে শুধৰাই দিবলৈ অনুৰোধ জনাইছো। ≈ MS Sakib  «কওক...» 15:18, 28 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@MS Sakib মনৰ কথাৰ জৰিয়তে আপোনাৰ বিষয়ে জানি ভাল লাগিল৷Pranamikaadhikary (বাৰ্তা) 18:04, 16 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Pranamikaadhikary, আপোনাক অশেষ ধন্যবাদ। ≈ MS Sakib  «কওক...» 19:41, 16 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]