সমললৈ যাওক

হনুমান চালিছা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হনুমান চালিছা

হনুমান চালিছা সম্পূৰ্ণ পাঠ (গ্ৰন্থ)
তথ্য
ধৰ্ম হিন্দু ধৰ্ম
ৰচয়িতা তুলসীদাস
ভাষা অৱধী[1]
শ্লোক ৪০

হনুমান চালিছা হৈছে ভগৱান হনুমানৰ প্ৰশংসাত ৰচিত হিন্দু ধৰ্মৰ এক ভক্তিমূলক স্তোত্ৰ। লাখ লাখ হিন্দু ধৰ্মাৱলম্বী লোকে জনপ্ৰিয়ভাৱে প্ৰতিদিনে ইয়াৰ আবৃত্তি কৰে।[2][3][4][5][6]তুলসীদাসৰ দ্বাৰা ৰচিত অৱধী ভাষাৰ এখন গ্ৰন্থ,[2] আৰু ৰামচৰিতমানসৰ বাদেও তেওঁৰ ৰচিত আটাইতকৈ পৰিচিত গ্ৰন্থ।[7][8] ‘চালিছা’ শব্দটো ‘চালিছ’ৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হিন্দী ভাষাত ‘চল্লিশ’ সংখ্যা, যিয়ে হনুমান চালিছাৰ পদৰ সংখ্যা বুজায়।[2]

হনুমান এগৰাকী হিন্দু দেৱতা আৰু প্ৰভু ৰামৰ একনিষ্ঠ ভক্ত। তেওঁ ৰামায়ণৰ অন্যতম কেন্দ্ৰীয় চৰিত্ৰ। শৈৱধৰ্মৰ পৰম্পৰা অনুসৰি তেওঁ ভগৱান শিৱৰ ৰুদ্ৰ অৱতাৰ। হনুমান চলিছাত হনুমানৰ শক্তি, সাহস, প্ৰজ্ঞা, ব্ৰহ্মচৰ্য, ৰামভক্তিকে ধৰি তেওঁৰ শক্তি আৰু অন্যান্য গুণৰো প্ৰশংসা কৰা হৈছে।[9]

খ্ৰীষ্টীয় ১৬ শতিকাৰ কবি তথা সন্ত তুলসীদাসহনুমান চালিছাৰ ৰচনাৰ কৃতিত্ব দিয়া হয়।[10] স্তোত্ৰটিৰ শেষৰ পদটিত কবিজনাই তেওঁৰ নাম উল্লেখ কৰিছে। হনুমান চালিছাৰ ৩৯তম পদত কোৱা হৈছে যে যিয়ে হনুমানৰ প্ৰতি সম্পূৰ্ণ ভক্তিৰে চালিছা জপ কৰিব, তেওঁ হনুমানৰ কৃপা লাভ কৰিব। সমগ্ৰ বিশ্বৰ হিন্দুসকলৰ মাজত এটা অতি জনপ্ৰিয় বিশ্বাস আছে যে চালিছা জপ কৰাৰ ফলত যিকোনো সমস্যাৰ পৰা হনুমান জীয়ে ৰক্ষা কৰে।

সততে দৃশ্যমান কবি তুলসীদাসৰ চিত্ৰটি
বাৰাণসীত গংগা নদীৰ পাৰত স্থিত তুলসী ঘাটত তুলসীদাসৰ কুটিৰ আছিল। ইয়াতে হনুমান চালিছা ৰচিত হৈছিল আৰু এই স্থানতে সৰু মন্দিৰ এটিও অৱস্থিত

তুলসীদাস[11] (১৪৯৭/১৫৩২-১৬২৩) এগৰাকী হিন্দু ধৰ্মাৱলম্বী কবি-সন্ত, সংস্কাৰক আৰু দাৰ্শনিক আছিল। তেওঁ ৰাম ভক্তিৰ বাবে বিখ্যাত আছিল। তেওঁ কেইবাখনো জনপ্ৰিয় কাব্যৰ ৰচয়িতা। মহাকাব্য ৰামায়ণৰ অৱধি ভাষাৰ সংস্কৰণ, ৰামচৰিতমানসৰ লেখক হিচাপে তেওঁ সুপৰিচিত। তুলসীদাসক তেওঁৰ জীৱনকালত সংস্কৃতৰ মূল ৰামায়ণৰ ৰচয়িতা বাল্মীকিৰ পুনৰ্জন্ম হিচাপে গণ্য কৰা হৈছিল।[12] তুলসীদাসে মৃত্যুৰ আগলৈকে বাৰাণসী চহৰতেই বাস কৰিছিল।[13] বাৰাণসীৰ তুলসী ঘাটৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে।[11] তেওঁ বাৰাণসীৰ হনুমানক উৎসৰ্গিত সংকট মোচন হনুমান মন্দিৰ প্ৰতিষ্ঠা কৰিছিল, যিখন ঠাইত তেওঁ হনুমানক দেখিছিল সেইখন ঠাইতে মন্দিৰটো অৱস্থিত বুলি বিশ্বাস কৰা হয়।[14] তুলসীদাসে ৰামায়ণৰ লোক-নাট্য সংস্কৰণ, ৰামলীলা নাটকৰ আৰম্ভণি কৰিছিল।[15] তেওঁক হিন্দী সাহিত্য, ভাৰতীয় সাহিত্য আৰু বিশ্ব সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কবি হিচাপে গণ্য কৰা হয়।[16][17][18][19] ভাৰতৰ কলা, সংস্কৃতি আৰু সমাজ জীৱনৰ ওপৰত তুলসীদাস আৰু তেওঁৰ কৰ্মৰাজিৰ প্ৰভাৱ অতুলনীয় আৰু এতিয়াও সেয়া স্থানীয় ভাষা, ৰামলীলা নাটক, হিন্দুস্তানী শাস্ত্ৰীয় সংগীত, জনপ্ৰিয় সংগীত আৰু দূৰদৰ্শন ধাৰাবাহিকসমূহত দেখিবলৈ পোৱা যায়।[15][20][21][22]

প্ৰাৰ্থনাটিত যিগৰাকী হিন্দু দেৱতাৰ উল্লেখ কৰা হৈছে তেওঁ হনুমান। তেওঁ আছিল ভগৱান ৰামৰ (বিষ্ণুৰ সপ্তম অবতাৰ) একনিষ্ঠ ভক্ত আৰু ৰামায়ণেৰ এক কেন্দ্ৰীয় চৰিত্ৰ। হনুমান আছিল বানৰসকলৰ অন্যতম সেনাপতি আৰু ৰাক্ষসৰাজ ৰাৱণৰ বিৰুদ্ধে হোৱা যুদ্ধত ৰামৰ এগৰাকী যোদ্ধা। হনুমানৰ কীৰ্তিৰাজি বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্যত,[23] বিশেষকৈ হিন্দুধৰ্মত ব্যাপকভাবে উদযাপিত হয়, যিবোৰ প্ৰায়েই নিৰ্দিষ্ট ভক্তিমূলক ঐতিহ্য অনুসৰি উপাসনাৰ বিষয়।[24] আৰু হনুমান মন্দিৰবোৰতো প্ৰধান দেবতা হিচাপে হনুমানৰ উপাসনা কৰা হয়

এই গ্ৰন্থখনত সৰ্বমুঠ তিয়াল্লিছটা শ্লোক আছে – দুটা পৰিচয়মূলক দোহা, চল্লিশটা চৌপাই, আৰু শেষত এটা দোহা।[2] প্ৰথম পৰিচয়মূলক দোহাটি শ্ৰী শব্দৰে আৰম্ভ হয়, যিয়ে শিৱক বুজায়, যাক হনুমানৰ গুৰু বুলি গণ্য কৰা হয়।[25] প্ৰথম দহটা চৌপাইত হনুমানৰ শুভ ৰূপ, জ্ঞান, গুণ, শক্তি আৰু বীৰত্বৰ বিষয়ে বৰ্ণনা কৰা হৈছে।[26][27][28] একাদশ চৌপাই পৰা বিংশতম চৌপাইলৈ ৰাম সেৱাত হনুমানে কৰা কাৰ্য্যৰ বৰ্ণনা কৰা হৈছে, একাদশৰ পৰা পঞ্চদশ চৌপাইত লক্ষ্মণক পুনৰুজ্জীৱিত কৰাত হনুমানৰ ভূমিকাৰ বিষয়ে বৰ্ণনা কৰা হৈছে।[26] একবিংশতম চৌপাইত তুলসীদাসে হনুমানৰ কৃপাৰ প্ৰয়োজনীয়তাৰ বৰ্ণনা কৰিছে।[29] শেষত, তুলসীদাসে হনুমানক সূক্ষ্ম ভক্তিৰে সম্ভাষণ জনাই[30] তেওঁৰ আৰু ভক্তসকলৰ হৃদয়ত বাস কৰিবলৈ অনুৰোধ কৰে।[31] সামৰণিৰ দোহাটিত তেওঁ পুনৰ হনুমানক ৰাম, লক্ষ্মণ আৰু সীতাৰ সৈতে হৃদয়ত বাস কৰিবলৈ অনুৰোধ কৰে।[32]

হনুমান চালিছাৰ ৰচনা

[সম্পাদনা কৰক]
চালিছাৰ ৰচক তুলসীদাস জী

তুলসীদাসে যেতিয়া প্ৰথম হনুমান চালিছা ৰচনা কৰিছিল, তেতিয়া তেওঁ হনুমানক পোনপটীয়াকৈ প্ৰশংসা কৰি আৰম্ভ কৰিছিল। অৱশ্যে, হনুমান, যি অতি নম্ৰ আছিল আৰু ৰামক সন্মানিত কৰাটো সদায় বিচাৰিছিল, এই কাৰ্যত সুখী নাছিল। সেই নিশা হনুমানে সপোনত আহি মূল শ্লোকবোৰ ধ্বংস কৰিছিল বুলি কোৱা হয়। এই কথা উপলব্ধি কৰি তুলসীদাসে নিজৰ পন্থা সলনি কৰিলে। তেওঁ ভগৱান ৰামক প্ৰশংসা কৰি আৰু তেওঁৰ আশীৰ্বাদ বিচাৰি স্তোত্ৰৰ আৰম্ভণি কৰিলে, যদিও বাকী পদবোৰত হনুমানকে সন্মান জনাইছিল। এনেদৰে, তেওঁ ৰামৰ প্ৰশংসাৰ বাবে হনুমানৰ অগ্ৰাধিকাৰক সন্মান কৰিছিল আৰু হনুমানৰ নম্ৰ প্ৰকৃতিৰ সৈতে মিলা এটা স্তোত্ৰ ৰচনা কৰিছিল।[33]

হনুমান, সীতা আৰু লক্ষ্মণৰ দ্বাৰা প্ৰত্যক্ষ কৰা ভৰত আৰু ৰামৰ সাক্ষাৎকাৰৰ চিত্ৰায়ন। বাওঁফালৰ পৰা - হনুমান, ভৰত, ৰাম, সীতা আৰু লক্ষ্মণ

১৯৮০-ৰ দশকৰ আগতে, হনুমান চালিছাৰ ওপৰত কোনো ভাষ্য ৰচনা হোৱা নাছিল। ৰামভদ্ৰাচাৰ্যই তুলসীদাসৰ সংগৃহীত ৰচনাসমূহৰ মুদ্ৰিত সংস্কৰণত অন্তৰ্ভুক্ত নোহোৱা কামৰ বাবে ইয়াক দায়ী কৰে।[2] ইন্দুভূষণ ৰামায়ণীয়ে হনুমান চালিছাৰ ওপৰত প্ৰথম চমু ভাষ্য ৰচনা কৰিছিল।[2] ১৯৮৩ চনত হিন্দীত ৰচিত[2] ৰাম চন্দ্ৰ প্ৰসাদে ৰামভদ্ৰাচাৰ্যৰ মহাবীৰী ভাষ্যক, হনুমান চালিছাৰ ওপৰত সৰ্বশ্ৰেষ্ঠ ভাষ্য বুলি অভিহিত কৰিছিল।[34]

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]

প্ৰতিদিনে লাখ লাখ হিন্দুৱে হনুমান চালিছা পাঠ কৰে,[5] আৰু ভাৰতত বসবাসকাৰী হিন্দুসকলৰ এক বৃহৎ অংশই ইয়াৰ পাঠ মুখস্থভাৱে জানে।[35]

শাস্ত্ৰীয় আৰু লোক সংগীত

[সম্পাদনা কৰক]

হনুমান চালিছা হৈছে সৰ্বাধিক বিক্ৰী হোৱা হিন্দু ধৰ্মীয় গ্ৰন্থসমূহৰ ভিতৰত এটা আৰু ইয়াক বহুতো জনপ্ৰিয় ভজন কণ্ঠশিল্পী, শাস্ত্ৰীয় কণ্ঠশিল্পী আৰু লোক কণ্ঠশিল্পীয়ে গাইছে।[35] প্ৰথমে ১৯৭৪ চনত ভাৰতীয় গ্ৰামোফোন কোম্পানীয়ে মুক্তি দিয়া আৰু ১৯৯৫ চনত ছুপাৰ কেছেট ইণ্ডাষ্ট্ৰীজে পুনৰ মুক্তি দিয়া হৰি ওম শৰণৰ হনুমান চালিছাৰ পৰিবেশনটি[36] অন্যতম জনপ্ৰিয়, আৰু সমগ্ৰ উত্তৰ ভাৰতৰ মন্দিৰ আৰু ঘৰে ঘৰে নিয়মিতভাৱে বজোৱা হয়।[35][37] এই পৰিবেশনটো খামাজ ঠাটৰ অন্তৰ্গত ৰাগ মিশ্ৰ খামাজৰ পৰম্পৰাগত সুৰৰ ওপৰত আধাৰিত[36] আৰু হাৰমনিয়ামৰ দ্বিতীয় কʼলা চাবিত (কালি ডো) ভিত্তি টোকাটো লোৱা হৈছে।[36] একেটা পৰম্পৰাগত সুৰৰ ওপৰত আধাৰিত এটা ৰেকৰ্ডিং ১৯৯২ চনত, চুপাৰ কেছেটছ ইণ্ডাষ্ট্ৰিজৰ দ্বাৰা মুকলি কৰা হৈছিল, যʼত সংগীত শিল্পী হিচাপে হৰিহৰণ আৰু অভিনয় শিল্পী হিচাপে গুলচন কুমাৰ আছিল।[36]

হনুমান চালিছাক উপস্থাপন কৰা অন্যান্য উল্লেখযোগ্য শিল্পীসকলৰ ভিতৰত আছে ভজন গায়ক অনুপ জালোটা আৰু ৰবীন্দ্ৰ জৈন, হিন্দুস্তানী কণ্ঠশিল্পী পণ্ডিত যশৰাজ আৰু ৰাজন আৰু সাজন মিশ্ৰ, আৰু কৰ্ণাটকী কণ্ঠশিল্পী এম এছ চুব্বালক্ষ্মী[36] উন্নি কৃষ্ণন, নিত্যশ্ৰী মহাদেৱন, পণ্ডিত ভীমসেন জোশী, গণপতি সচ্চিদানন্দ স্বামীজী আৰু মোৰাৰী বাপুৰ দ্বাৰা কৰা প্ৰদৰ্শনসমূহো জনপ্ৰিয়।[38]

পশ্চিমীয়া গায়কসকলৰ ভিতৰত কৃষ্ণ দাসে হনুমান চালিছাৰ ধীৰ আৰু দ্ৰুত দুয়ো ধৰণৰ পৰিৱেশন কৰিছে।[39]

জনপ্ৰিয় চলচ্চিত্ৰ

[সম্পাদনা কৰক]

হিন্দী চলচ্চিত্ৰ ১৯২০ত (বিক্ৰম ভট্টৰ দ্বাৰা পৰিচালিত), হনুমান চালিছাক সঘনাই বিভিন্ন দৃশ্যত ব্যৱহাৰ কৰা হৈছিল। এটা দৃশ্যত নায়ক অৰ্জুন সিং ৰাথোড়ক (ৰজনীশ দুগ্গলৰ দ্বাৰা অভিনীত) হনুমান চালিছা সম্পূৰ্ণৰূপে আবৃত্তি কৰি থকা দেখুওৱা হৈছে। ইয়াক বজৰংগী ভাইজানৰ এক গুৰুত্বপূৰ্ণ দৃশ্যতো ব্যৱহাৰ কৰা হয়, যেতিয়া নায়কজনে শিশু সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে পুনৰ যুঁজ দিয়ে আৰু তেওঁলোকৰ পৰা সৰু ছোৱালীজনীক উদ্ধাৰ কৰে।[40]

চাৰুৱী আগৰৱালাৰ দ্বাৰা পৰিচালিত আৰু চাৰুভি ডিজাইন লেবৰ দ্বাৰা পৰিকল্পিত, শ্ৰী হনুমান চালিছা নামৰ এনিমেচন চলচ্চিত্ৰখন; হনুমানৰ ওপৰত নিৰ্মিত এখন চলচ্চিত্ৰ।[41][42]

জনপ্ৰিয় সংগীত

[সম্পাদনা কৰক]

হনুমান চালিছা গোৱা জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ ভিতৰত আছে কৰ্ণাটকী কণ্ঠশিল্পী এম এছ চুব্বালক্ষ্মী, লতা মংগেশকাৰ, মহেন্দ্ৰ কাপুৰ, এছ. পি. বালসুব্ৰমনিয়ম, শংকৰ মহাদেৱন, অনুৰাধা পৌডৱাল, কৈলাস খেৰ, সুখবিন্দৰ সিং, চনু নিগম, হৰিহৰণ, আৰু উদিত নাৰায়ণ[35]

অমিতাভ বচ্চনে আন বিশজন কণ্ঠশিল্পীৰ সৈতে হনুমান চালিছাক সমবেত সংগীত হিচাপে গাইছিল।[35] এই ৰেকৰ্ডিংটো ২০১১ চনত, শ্ৰী হনুমান চালিছা এলবামৰ অংশ হিচাপে মুক্তিপ্ৰাপ্ত হৈছিল আৰু ২০১১ চনৰ নৱেম্বৰত, মুক্তিপ্ৰাপ্ত সংগীত লেবেলৰ দ্বাৰা এক অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল।[43]

হৰিহৰণে কণ্ঠ দিয়া হনুমান চালিছাৰ উপস্থাপনাটি, ২০২৩ চনৰ নৱেম্বৰ মাহত ইউটিউবত ৩.৫ বিলিয়ন ভিউ অতিক্ৰম কৰা প্ৰথমটো ভক্তিমূলক গীত হিচাপে পৰিগণিত হয়। [44]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Nityanand Misra 2015, p. xviii.
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 Rambhadradas 1984, pp. 1–8. Archived 3 February 2014 at the Wayback Machine
  3. "Hanuman Chalisa in digital version". The Hindu Business Line. 26 February 2003. http://www.thehindubusinessline.com/2003/02/26/stories/2003022601521700.htm। আহৰণ কৰা হৈছে: 2011-06-25. 
  4. "किसने लिखी थी हनुमान चालीसा, जिसके बारे में कही जाती हैं कई बातें". News18 India. 9 April 2020. https://hindi.news18.com/news/dharm/who-wrote-hanuman-chalisa-the-story-behind-it-2999632.html। আহৰণ কৰা হৈছে: 2020-09-15. 
  5. 5.0 5.1 Karan Singh, in Nityanand Misra 2015, p. xvi.
  6. Peebles 1986, p. 99
  7. "Book Review / Language Books : Epic of Tulasidas". The Hindu. 3 January 2006. http://www.hindu.com/br/2006/01/03/stories/2006010300511400.htm. 
  8. "Lineage shows". The Hindu. 29 November 2002. http://www.hindu.com/thehindu/fr/2002/11/29/stories/2002112900990400.htm. 
  9. Peebles 1986, p. 100
  10. Lochtefeld, James G. (2002) (en ভাষাত). The Illustrated Encyclopedia of Hinduism. Rosen Publishing Group. পৃষ্ঠা. 272. ISBN 978-0-8239-2287-1. https://books.google.com/books?id=g6FsB3psOTIC. 
  11. 11.0 11.1 de Bruyn 2010, p. 471
  12. Lutgendorf 2007, p. 293.
  13. Prasad 2008, p. 857, quoting Mata Prasad Gupta: Although he paid occasional visits to several places of pilgrimage associated with Rama, his permanent residence was in Kashi.
  14. Callewaert 2000, p. 90
  15. 15.0 15.1 Handoo 1964, p. 128: ... this book ... is also a drama, because Goswami Tulasidasa started his Ram Lila on the basis of this book, which even now is performed in the same manner everywhere.
  16. Prasad 2008, p. xii: He is not only the supreme poet, but the unofficial poet-laureate of India.
  17. Prasad 2008, p. xix: Of Tulsidas's place among the major Indian poets there can be no question: he is as sublime as Valmiki and as elegant as Kalidasa in his handling of the theme.
  18. Jones 2007, p. 456
  19. Sahni 2000, pp. 78–80
  20. Lutgendorf 1991, p. 11: ...  –  scores of lines from the Rāmcaritmānas have entered folk speech as proverbs  –  ...
  21. Mitra 2002, p. 216
  22. Subramanian 2008, p. inside cover
  23. Orlando O. Espín, James B. Nickoloff An introductory dictionary of theology and religious studies. 2007, page 537
  24. Rosen, Steven. Essential Hinduism. 2006, page 67-8
  25. Rambhadradas 1984, pp. 11–14 Archived 3 February 2014 at the Wayback Machine
  26. 26.0 26.1 Rambhadradas 1984, pp. 46–47 Archived 3 February 2014 at the Wayback Machine, 48–49 Archived 3 February 2014 at the Wayback Machine
  27. Rao 2009, pp. 393–397
  28. Mehta 2007, p. xv
  29. Rambhadradas 1984, pp. 56–57 Archived 3 February 2014 at the Wayback Machine
  30. Rambhadradas 1984, pp. 78–79 Archived 3 February 2014 at the Wayback Machine
  31. Rambhadradas 1984, pp. 81–82 Archived 3 February 2014 at the Wayback Machine
  32. Rambhadradas 1984, pp. 83–84 Archived 3 February 2014 at the Wayback Machine
  33. Rao, Cheeni (2009-04-21). In Hanuman's Hands: A Memoir. HarperOne. ISBN 9780060736620. 
  34. Prasad, Ram Chandra (1999). Sri Ramacaritamanasa The Holy Lake of the Acts of Rama (Illustrated, reprint সম্পাদনা). প্ৰকাশক Delhi, India: Motilal Banarsidass. ISBN 978-81-208-0443-2. https://books.google.com/books?id=BiYt00x5tcQC&pg=849। আহৰণ কৰা হৈছে: 7 June 2013. "श्रीहनुमानचालीसा की सर्वश्रेष्ठ व्याख्या के लिए देखें महावीरी व्याख्या, जिसके लेखक हैं प्रज्ञाचक्षु आचार्य श्रीरामभद्रदासजी। श्रीहनुमानचालीसा के प्रस्तुत भाष्य का आधार श्रीरामभद्रदासजी की ही वैदुष्यमंडित टीका है। इसके लिए मैं आचार्यप्रवर का ऋणी हूँ। [For the best explanation of Śrīhanumānacālīsā, refer the Mahāvīrī commentary, whose author is the visually-disabled Ācārya Śrīrāmabhadradāsa. The base for the commentary on Śrīhanumānacālīsā being presented is the commentary by Śrīrāmabhadradāsa, which is adorned with erudition. For this, I am indebted to the eminent Ācārya.]" 
  35. 35.0 35.1 35.2 35.3 35.4 Nityanand Misra 2015, pp. xvii–xxi.
  36. 36.0 36.1 36.2 36.3 36.4 Nityanand Misra 2015, pp. 199–212.
  37. Manuel, Peter (1993). Cassette Culture: Popular Music and Technology in North India – Chicago Studies in Ethnomusicology (2, illustrated সম্পাদনা). University of Chicago Press. পৃষ্ঠা. 117. ISBN 978-0-226-50401-8. https://archive.org/details/cassetteculturep00manu. 
  38. Kats, Local (11 May 2023). "Hanuman". localkats.com. https://www.localkats.com/2023/05/hanuman-chalisa-in-marathi.html। আহৰণ কৰা হৈছে: 12 May 2023. 
  39. "Ep. 27 | Spiritual Experiences, Auschwitz and Bernie Glassman". June 15, 2020. https://krishnadas.com/podcasts/call-response/spiritual-experiences-auschwitz-and-bernie-glassman/। আহৰণ কৰা হৈছে: 12 April 2022. 
  40. "Bajrangi Bhaijaan Plot Summary – Times of India" (en ভাষাত). 24 July 2015. https://timesofindia.indiatimes.com/bajrangi-bhaijaan-plot-summary/articleshow/48108672.cms. 
  41. "Charuvi Design Labs release The Second official teaser for "Shri Hanuman Chalisa"". http://animationgalaxy.in/Newsindetail.aspx?Dept=Creatives&PID=96। আহৰণ কৰা হৈছে: 2016-04-06. 
  42. "Charuvi Design Labs release The first official teaser for "Shri Hanuman Chalisa"". http://animationgalaxy.in/Newsindetail.aspx?Dept=Creatives&PID=91। আহৰণ কৰা হৈছে: 2016-04-06. 
  43. "All in praise of the Almighty". The Times of India. 6 November 2011. http://articles.timesofindia.indiatimes.com/2011-11-06/news-and-interviews/30364066_1_tv-ad-campaign-music-label-album. 
  44. "Hanuman Chalisa by Gulshan Kumar crosses 3 billion views on YouTube, another World record made by T-series". Infotonline. 27 May 2020. https://infotonline.com/hanuman-chalisa-by-gulshan-kumar-crosses-1b-views/। আহৰণ কৰা হৈছে: May 27, 2020. 

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • de Bruyn, Pippa; Bain, Keith; Allardice, David; Joshi, Shonar (2010). Frommer's India. প্ৰকাশক Hoboken, New Jersey: John Wiley and Sons. পৃষ্ঠা. 471. ISBN 978-0-470-60264-5. 
  • Callewaert, Winand M.; Schilder, Robert (2000). Banaras: Vision of a Living Ancient Tradition. প্ৰকাশক New Delhi, India: Hemkunt Press. পৃষ্ঠা. 90. ISBN 9788170103028. 
  • Chaturvedi, B.K. (1994b). Shri Hanuman Chalisa (Roman). প্ৰকাশক New Delhi: Diamond Pocket Books. ISBN 81-7182-395-5. 
  • Jones, Constance; Ryan, James D. (2007). Encyclopedia of Hinduism. Encyclopedia of World Religions. প্ৰকাশক New York: Infobase Publishing. পৃষ্ঠা. 456. ISBN 978-0-8160-5458-9. "It can be said without reservation that Tulsidas is the greatest poet to write in the Hindi language. Tulsidas was a Brahmin by birth and was believed to be a reincarnation of the author of the Sanskrit Ramayana, Valmiki." 
  • Mehta, Pt. Vijay Shankar (2007). Kripa Karahu Guru Dev Ki Naain (2nd সম্পাদনা). প্ৰকাশক New Delhi: Radhakrishnan Prakashan. পৃষ্ঠা. 9. ISBN 978-81-8361-041-4. 
  • Misra, Munindra (2015). Shri Hanuman Chalisa in English Rhyme with original text. প্ৰকাশক United States: Osmora Inc.. ISBN 9782765913702. 
  • Misra, Nityanand (2015). Mahāvīrī: Hanumān-Cālīsā Demystified. প্ৰকাশক Mumbai, India: Niraamaya Publishing Services Pvt Ltd. ISBN 9788193114407. 
  • Mitra, Swati (2002). Good Earth Varanasi City Guide. প্ৰকাশক New Delhi, India: Eicher Goodearth Limited. পৃষ্ঠা. 216. ISBN 9788187780045. 
  • Peebles, Patrick (1986). Voices of South Asia: Essential Readings from Antiquity to the Present. প্ৰকাশক United States: M.E. Sharpe Inc.. পৃষ্ঠা. 216. ISBN 978-0-7656-3480-1. 
  • Rambhadradas (8 June 1984). "Error: no |title= specified when using {{Cite web}}" (hi ভাষাত). প্ৰকাশক New Delhi, India: Krishnadas Charitable TrustJagadgururambhadracharya.org. http://jagadgururambhadracharya.org/works/hcm/contents.php। আহৰণ কৰা হৈছে: 29 May 2013. 
  • Rao, Cheeni (2009). In Hanuman's Hands: A Memoir (First সম্পাদনা). প্ৰকাশক United States: Harper Collins Publishers. পৃষ্ঠা. 393. ISBN 978-0-06-073662-0. 
  • Sahni, Bhisham (2000) (hi ভাষাত). Nilu, Nilima, Nilofara. প্ৰকাশক New Delhi, India: Rajkamal Prakashan Pvt Ltd. পৃষ্ঠা. 78–80. ISBN 9788171789603. "हिन्दी का सौभाग्य है कि उसके काव्यकुंज की तुलसी-मंजरी की जैसी सुगंध संसार की साहित्य वाटिका में शायद कहीं नहीं। ... आकर्षण दोनों में अत्यधिक है अपने-अपने ढंग पर दोनों ही बहुत बड़े हैं, पर फिर भी सब तरफ़ से केवल काव्य के सौंदर्य पर विचार करने पर तुलसीदास ही बड़े ठहरते हैं – भाषा साहित्य में रवीन्द्रनाथ के संबंध में कहना पड़ता है कि भ्रम त्रुटियाँ मिल सकती हैं पर तुलसीदास के संबंध में कोई शायद ही मिले। ... और यही कारण है निराला जी तुलसीदास को कालिदास, व्यास, वाल्मीकि, होमर, गेटे और शेक्सपियर के समकक्ष रखकर उनके महत्त्व का आकलन करते हैं।" 
  • Subramanian, Vadakaymadam Krishnier (2008). Hymns of Tulsidas. প্ৰকাশক New Delhi, India: Abhinav Publications. পৃষ্ঠা. inside cover. ISBN 9788170174967. "Famous classical singers like Paluskar, Anoop Jalota and MS Subbulakshmi have popularised Tulsidas's hymns among the people of India."