ৱিকিপিডিয়া:২০১৩-১৪ চনৰ বাবে ৱিকিপিডিয়াৰ প্ৰচাৰ প্ৰস্তাবসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ৱিকিৰ অগ্ৰগতি খৰতকীয়া কৰাৰ বাবে দুটামান প্ৰস্তাৱ[সম্পাদনা কৰক]

২০১১ চনত পোনপ্ৰথমে ৱিকিত যোগ দিয়াৰ পৰা এতিয়ালৈকে ছেগা-চোৰোকাকৈ হ'লেও ৱিকিৰ অগ্ৰগতি লক্ষ্য কৰি আহিছোঁ৷ এইসন্দৰ্ভত আজি কিছুদিনৰ পৰা মনলৈ আহি থকা ব্যক্তিগত অনুভবখিনি ৱিকিপিডিয়ানসকললৈ আগবঢ়ালো৷ আপোনালোক সকলোৰে মতামত জনালে সুখী হ'ম-

১)অসমীয়া ৱিকিপিডিয়া সমাজত আজিৰ তাৰিখত সদস্য সংখ্যা ৪৫৯৬ গৰাকী৷ ইয়াৰে ভিতৰত ৱিকিৰ সক্ৰিয় অৱদানকাৰীৰ সংখ্যা ১% মানহে হয়তো হ’ব৷ ইয়াৰ কাৰণ বিচাৰি কিছুদিনৰ আগতে নতুনকৈ সদস্যভুক্তি হোৱা কমেও ত্ৰিছগৰাকীমান সদস্যলৈ ব্যক্তিগত বাৰ্তা পঠাই ৱিকিপিডিয়াৰ কথা জনাইছিলো আৰু লিখিবলৈ আহ্বান জনাইছিলো৷ তেওঁলোকৰ উত্তৰসমূহ পাই অনুভৱ কৰিলোঁ যে বহুতো নতুন সদস্যই অসমীয়া টাইপিং শিকা নাই, ৱিকিৰ বিষয়ে বিশেষভাৱে অৱগতও নহয়৷ গতিকে মই ভাবো, কেৱল সদস্য সংখ্যা বঢ়াবলৈকে সদস্য যোগ দিয়াটো এই গোটৰ লক্ষ্য হোৱা উচিত নহয়৷ নতুন সদস্য যোগ দিয়াৰ সময়ত পুৰণি সদস্যগৰাকীয়ে কিছু যত্ন কৰি তেওঁক ৱিকিৰ বিষয়ে অৱগত কৰাওক, নাজানিলে তেওঁক অসমীয়া লিখিবলৈ শিকাওক৷ প্ৰয়োজন হ’লে গোটত আলোচনাৰ বাবে নিমন্ত্ৰণ কৰক, সকলো অভিজ্ঞ সদস্যৰে সহায় লওক৷ মূলত: নতুন সদস্য এগৰাকী যোগ দিয়াৰ লগতে তেওঁক ৱিকিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে চেষ্টা কৰিলেহে প্ৰকৃতাৰ্থত নতুন নতুন সক্ৰিয় অৱদানকাৰী ওলাই আহিব বুলি মই বিশ্বাস কৰোঁ৷

২) প্ৰতিমাহে এটা লক্ষ্য স্থিৰ কৰি লোৱা যাওক৷ ধৰক ইমানটা নতুন প্ৰবন্ধ, ইমানটা পোখালিত তথ্য যোগ, ইমান কেইখন ফটো যোগ ইত্যাদি৷ প্ৰয়োজনসাপেক্ষে বেলেগ বেলেগকৈ প্ৰকল্প কৰি একোজনকৈ সক্ৰিয় অৱদানকাৰীৰ নেতৃত্বত সৰু সৰু গোট গঠন কৰিও কাম কৰিব পৰা যায়৷ এতিয়াৰ সক্ৰিয় অৱদানকাৰীৰ সংখ্যালৈ চাই সদ্যহতে একোটা উমৈহতীয়া লক্ষ্য লৈ অৱদান আগবঢ়াব খোজা আগ্ৰহী সকলক গোট খুওৱাটোৱে সময়োচিত বুলি ভাবো৷

৩) ৱিকিৰ সদস্যসকলে নিজৰ ঠায়ে ঠায়ে অনানুষ্ঠানিক ভাৱে চাহ মেলৰ আয়োজন কৰাৰ কথা চিন্তা কৰিলে কেনে হয়? এইসম্পৰ্কে আজি কিছুদিন ধৰি চিন্তা চৰ্চা চলি আছে যদিও আনুষ্ঠানিকতা বা আয়োজনৰ অসুবিধাৰ বাবে কথাবোৰ হয়তো থমকি ৰৈছে৷ বহু সদস্য লগ হৈ কৰ্মশালা আদি অনুষ্ঠিত কৰিব পাৰিলে নিশ্চয় খুউব ভাল, কিন্তু সেই পৰ্য্যায় নোপোৱালৈকে আমিচোন সপ্তাহ বা মাহৰ কোনো এটা দিনত দুই-তিনিজনে গোট খাইয়ো ৱিকিৰ কাম কৰিব পাৰোঁ বা নিজে নজনাটো ইজনে সিজনৰ পৰা শিকিব পাৰোঁ!

৪) প্ৰতিমাহে সৰ্বাধিক অৱদানকাৰীক 'মাহটোৰ ৱিকিপিডিয়ান' ধৰণৰ কিবা বঁটা দিয়াৰ কথা ভাবিব পাৰি নেকি? তেনেদৰে, মাহটোৰ শেষত অন্যান্য কিছুমান বঁটা (যেনে-মাহটোৰ উল্লেখযোগ্য প্ৰবন্ধ, উল্লেখযোগ্য চিত্ৰ) ৰ নিয়মীয়াকৈ প্ৰচলন কৰিলে বহুতেই আকৰ্ষিত হ'ব৷ ৱিকিত যিহেতু ব্যক্তিগত স্বাৰ্থ বা লাভালাভৰ পৰা আঁতৰি সকলোৱে সামূহিক অৱদান আগবঢ়ায়, এনেক্ষেত্ৰত এই বঁটাসমূহে সকলোৰে মনত ৱিকিত লিখিবলৈ, নতুন তথ্য যোগ দিবলৈ উৎসাহ যোগাব পাৰে৷

৫) অসমীয়া ৱিকিৰ প্ৰচাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি ভাবো৷ ৱিকিৰ অধিকাংশ অৱদানকাৰীয়ে নীৰৱকৰ্মী৷ প্ৰায়ভাগেই নিজৰ মনৰ সন্তুষ্টি আৰু অসমৰ বাবে কিবা এটা কৰাৰ হেঁপাহত হয়তো প্ৰচাৰবিমুখভাৱেই নিৰলসভাৱে কামত লাগি থাকে৷ কিন্তু এনেবোৰ কাম নিশ্চয়কৈ অন্য বহুজনে জনাৰ প্ৰয়োজন৷ কিছুদিনৰ আগতে কৰ্মশালা এটাৰ কামত অসমৰ বহুকেইজন লেখকৰ সৈতে ব্যক্তিগতভাৱে যোগাযোগ কৰোঁতে অসমীয়া ৱিকিৰ কথা কৈছিলো৷ তেওঁলোকৰ বেছিভাগেই অসমীয়াতো ৱিকিপিডিয়া আছে বুলিয়েই গম নাপায়৷ গতিকে প্ৰচাৰৰ বাবে কিছুমান আঁচনি ল'লে ৱিকিপিডিয়াৰ প্ৰতি অধিক লোক আগ্ৰহী হ'ব আৰু তাৰ মাজৰ পৰাই নতুন সক্ৰিয় অৱদানকাৰীও ওলাই আহিব বুলি ভাব হয়৷

মই কেৱল ব্যক্তিগত অভিজ্ঞতাৰ পৰাই প্ৰস্তাৱকেইটা উথ্থাপন কৰিছোঁ৷ অন্যভাবে যেন নলয়৷ অনলাইন চাটত কথাবোৰ ভালদৰে আলোচনা কৰিম বুলি পাঙি আছিলো৷ কিন্তু সেয়া হৈ নুঠিলগৈ বাবে এনেকৈয়ে আলোচনাৰ বাবে প্ৰস্তাৱকেইটা মুকলি কৰি দিছোঁ৷ আশা কৰোঁ, সকলোৱে মতামতসমূহ জনালে সামুহিকভাৱে ৱিকিৰ অগ্ৰগতি অধিক খৰতকীয়া কৰিবলৈ নিশ্চয়কৈ কিছুমান ব্যৱস্থা ল'ব পৰা যাব৷ -Joli(talk) 16:23, 17 নৱেম্বৰ 2013 (UTC)

ইয়াতে দিয়া বিভিন্ন্ পৰামৰ্শ - যেনে চাহমেল, বাতৰি মেল আদি - ৰূপায়িত কৰি ইতিমধ্যে সুফল পোৱা গৈছে। কিন্তু এটা কথা ঠিক যে শেহতীয়াকৈ এনে প্ৰচেচ্টাৰ আকাল দেখা গৈছে। ইয়াত দিয়া সকলো পৰামৰ্শই প্ৰাসংগিক আৰু সময়োপযোগী - সমৰ্থান জনালোঁ।প্রভাকৰ শৰ্মা নেওগ (talk) 05:30, 18 নৱেম্বৰ 2013 (UTC)
সহমত প্ৰকাশ কৰিলো, বিশেষকৈ ৫ ন্ং প্ৰস্তাৱটোত। মই নিজেও বন্ধুবৰ্গৰ আগত অসমীয়া ৱিকিৰ কথা কৈ উপলব্ধি কৰিছো যে আমাৰ বয়সৰ ৫ জনৰ ভিতৰত ৪ জনেই অসমীয়া ৱিকিপিডিয়া, ৱিকিউৎস আদি ঊপলব্ধ হোৱাৰ কথা নাজানেই। গতিকে প্ৰচাৰৰ ক্ষেত্ৰত আৰু অধিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয় বুলি ভাবো।নিয়ৰপৰশ (talk) 14:38, 18 নৱেম্বৰ 2013 (UTC)
ডিচেম্বৰ মাহৰ শেষৰ ভাগত এখন চাহ মেল জাতীয় আয়োজন ম‍ই কৰিব পাৰিম গুৱাহাটিত, ২৯ তাৰিখ দেউবাৰ সেইদিনাও পৰা যাব, বন্ধৰ দিন লাগিব, আমাৰ ব্ন্ধ হৈ থকা প্ৰকল্পবোৰ আকৌ আৰম্ভ কৰিব লাগিছিল, সেইটো এটা সোণকালে কৰিব লগা কাম, মাজতে কেইবাজনে মিলি একো একোটা প্ৰবন্ধ অনুবাদ কৰাৰ ভাল নিয়ম এটা হৈছিল সেইটো আকৌ হ’লে ভাল হ’লহেতেন, আৰু মানুহে মন্তব্য দিব লাগিছিল|দীপাংকৰ চেতিয়া? 14:56, 18 নৱেম্বৰ 2013 (UTC)
আৰু এখন মিটআপ হ’ব চাগে ডিচেম্বৰৰ ২৫ তাৰিখে সেইখনটো ৱিকিৰ কথা উলিয়াম দীপাংকৰ চেতিয়া? 14:57, 18 নৱেম্বৰ 2013 (UTC)
প্ৰস্তাৱকেইটা তলত সকলোৰে সুবিধা হোৱাকৈ বস্তুনিষ্ঠভাৱে দিছোঁ৷ প্ৰত্যেকটোতে যি যোগ-বিয়োগ কৰাৰ প্ৰয়োজন আছে বুলি ভাৱে অনুগ্ৰহ কৰি উল্লেখ কৰকচোন৷ লগতে কোনটোত কোনে কেনেধৰণে অৰিহণা যোগাব পাৰে সেয়াও নিজৰ নামৰ সৈতে উল্লেখ কৰিলে আগবাঢ়িবলৈ সুবিধা হ'ব৷ উদাহৰণস্বৰূপে মই নিজে কৰিব পাৰিম বুলি ভবাখিনি যোগ দিছোঁ৷ -Joli (talk) 15:44, 18 নৱেম্বৰ 2013 (UTC)
২) মাহেকীয়া লক্ষ্য –নৱেম্বৰ
ক) অনুবাদ – সমূহীয়াকৈ: দীপাংকৰ চেতিয়া, বাবুল বৈশ্য, জলি বৰা, অভিজিত কলিতা, জ্যোতি প্ৰকাশ নাথ, মঞ্জিল কোঁৱৰ
খ) পোখালি পৰিচৰ্যা- ?
গ) নতুন প্ৰবন্ধ- জলি বৰা,ৰুমী বৰা
ঘ) ৱিকি উৎস-বৰা নিতুল
৩) আনুষ্ঠানিক/ অনানুষ্ঠানিক মিট আপ
ক)ৱিকি চাহমেল-
গুৱাহাটী: ডিচেম্বৰ (দীপাংকৰ চেতিয়া, চিৰিং চন্দন ফুকন,মৃদুল কুমাৰ শৰ্মা,জ্যোতি প্ৰকাশ নাথ )
বাংগালোৰ:ডিচেম্বৰৰ শেষভাগ/জানুৱাৰী (জলি বৰা, প্ৰণৱ জ্যোতি ভূঞা )
ডিব্ৰুগড়: ডিচেম্বৰ (গীতাৰ্থ বৰদলৈ)
গ) অনলাইন চাট মিটিং (?)
৪) ৱিকিপিডিয়াৰ নিয়মীয়া বঁটা
ক) মাহটোৰ ৱিকিপিডিয়ান
খ)মাহটোৰ উল্লেখযোগ্য প্ৰবন্ধ
গ) উল্লেখযোগ্য চিত্ৰ
৫) অসমীয়া ৱিকিৰ প্ৰচাৰ
ক) ৱিকিৰ ফেচবুক পৃষ্ঠাৰ নিয়মীয়া আপডেট- গীতাৰ্থ বৰদলৈ
খ) বাতৰি কাকতৰ যোগেদি প্ৰচাৰ- গীতাৰ্থ বৰদলৈ
গ) ৱিকিৰ প্ৰকাশযোগ্য প্ৰবন্ধৰে "প্ৰিভিউ" ধৰণৰ এখন কিতাপ বিশ্বকোষ প্ৰকাশ-প্ৰভাকৰ শৰ্মা নেওগ
ঘ) প্ৰবন্ধ প্ৰতিযোগিতা-চিৰিং চন্দন ফুকন
ঙ) দৈনিক বাতৰি কাকতত "ৱিকি বাৰ্তা" শীৰ্ষক এটা স্তম্ভ -প্ৰণৱ জ্যোতি ভূঞা

নতুন সদস্যবোৰক গোটত যোগ কৰাৰ পিছত ম‌ই বহিদিনলৈ তেওঁলোকৰ নাম টেগ্‌ কৰি কৰি আদৰণি জনাই ৱিকিপিডিয়াৰ বিষয়ে সুধিছিলোঁ। আজিলৈকে এজনেও উত্তৰ নিদিলে। দুজনমানে মাত্ৰ ধন্যবাদ বুলি লিখিছিল। গতিকে সেই কামটো কৰি 'কামোৰ'হে খালোঁ আৰু বাদ দিলোঁ।

উমৈহতীয়া লক্ষ্য লৈ আৰম্ভ কৰা বিষয় প্ৰকল্পবোৰৰ বেছিভাগৰে এতিয়া শোচনীয় অৱস্থা। তুমি কোৱা মতে প্ৰকল্প কৰি চোৱাত আপত্তি নাই (যদিও মানুহে বেছিদিন তাত টিকিব বুলি ম‌ই আশা নকৰোঁ।

গুৱাহাটীত অধিক আনুষ্ঠানিক ৱিকিমিট্‌ আয়োজন কৰাৰ ম‌ই পক্ষপাতী নহয়। অৱশ্যে অনানুষ্ঠানিক চাহমেলত আপত্তি নাই। ডিচেম্বৰত ডিব্ৰুগড়ত মানুহ কেইজনমান গোট খুৱাবলৈ চেষ্টা কৰিম।

'এই মাহৰ ৱিকিপিডিয়ান' প্ৰস্তাৱটো মোৰ মনে খাইছে। ম‌ই এই মাহৰ শেষৰফালে নাথাকোঁ। দীপাংকৰহঁতৰ সতে মিলি পৰিসংখ্যাবোৰ চাই-মেলি কিবা এটা কৰিব পাৰা।

বাতৰি কাকতৰ যোগেদি প্ৰচাৰৰ ক্ষেত্ৰত অহা মাহত ব্যৱস্থা ল'ম। ফে'চবুকৰ গোটবোৰত প্ৰচাৰ কৰি কোনো লাভ হোৱা নাই। 'শিকি আছোঁ', 'টান পাইছোঁ', 'অলপ দিন পিছত' বুলি কৈ সামৰাতহে সকলো ওস্তাদ। — গীতাৰ্থ বৰদলৈ (talk) 15:54, 18 নৱেম্বৰ 2013 (UTC)

সমূহীয়াকৈ অনুবাদ কৰা ব্যৱস্থাটো বৰ ভাল আছিল। কাম কৰি আমনি নালাগে। দহটামান বিভিন্ন বিষয়ৰ গুৰুত্বপূৰ্ণ প্ৰৱন্ধ বাচি লৈ কামটো আকৌ আৰম্ভ কৰিব পাৰি নেকি? — বাবুল বৈশ্য 16:54, 18 নৱেম্বৰ 2013 (UTC)
বৈশ্যক সমৰ্থন কৰিলোঁ প্রভাকৰ শৰ্মা নেওগ (talk) 04:04, 19 নৱেম্বৰ 2013 (UTC)
নতুন প্ৰবন্ধ সৃষ্টিত নাম যোগ কৰিছোঁ Rumi Borah (talk) 05:03, 19 নৱেম্বৰ 2013 (UTC)

ৱিকিৰ জনপ্ৰিয়তা বঢ়োৱাৰ বাবে আৰু এটা প্ৰস্তাব[সম্পাদনা কৰক]

অসমীয়া কোনো প্ৰকাশন প্ৰতিষ্ঠান - চৰকাৰী বা বে চৰকাৰী - ৱিকিৰ প্ৰকাশযোগ্য প্ৰবন্ধ কি্ছুমান লৈ "প্ৰিভিউ" ধৰণৰ এখন সৰু কিতাপ বিশ্বকোষ প্ৰকাশত ৰাজী হ'ব পাৰেনেকি? প্রভাকৰ শৰ্মা নেওগ (talk) 04:04, 19 নৱেম্বৰ 2013 (UTC)

এইটো ভাল পদক্ষেপ হ'ব মোৰ বোধেৰে। লগতে প্ৰৱন্ধ প্ৰতিযোগিতা এটা আকৌ এবাৰ পাতিব পাৰি নেকি বাৰু?নিয়ৰপৰশ (Chiring chandan) (talk) 04:48, 19 নৱেম্বৰ 2013 (UTC)
দুয়োটাই দৰকাৰী প্ৰস্তাৱ৷ যোৱাবাৰৰ প্ৰবন্ধ প্ৰতিযোগিতাৰ লগত জড়িত সকল আগবাঢ়ি আহিলে ভাল হ'ব৷ মোৰ নামটো মিট আপৰ পৰা মাহেকীয়া চাহ মেললৈ আনিলো, ময়ো অনানুষ্ঠানিক চাহমেলতহে বিশ্বাসী৷ -Joli (talk) 05:17, 19 নৱেম্বৰ 2013 (UTC)
চন্দনক সমৰ্থন। (এই, Chiring chandan নিয়ৰপৰশ তুমি নামটো সলনা-সলনি কৰি নাথাকিবা - কিবা খেলি মেলিখন লাগি যায়)প্রভাকৰ শৰ্মা নেওগ (talk) 09:01, 19 নৱেম্বৰ 2013 (UTC)
জলি, "মাহেকীয়া চাহ মেল" নিদি "ৱিকি মীট-আপ"-অক "ৱিকি চাহমেল" বুলিলে কেনে হয়? প্রভাকৰ শৰ্মা নেওগ (talk) 09:01, 19 নৱেম্বৰ 2013 (UTC)
ভালেই হ'ব৷ কৰি দিছোঁ৷ -Joli (talk) 09:12, 19 নৱেম্বৰ 2013 (UTC)


ৰাইজ আলোচনাবোৰ এনেলৈ ফৰ্মেটিং কৰি লিখিলে কেনে হয়?[সম্পাদনা কৰক]

প্ৰভাকৰ: (এই, Chiring chandan নিয়ৰপৰশ তুমি নামটো সলনা-সলনি কৰি নাথাকিবা - কিবা খেলি মেলিখন লাগি যায়প্রভাকৰ শৰ্মা নেওগ (talk)
জলি: হয়দেই।
.....
ইত্যাদি।

প্রভাকৰ শৰ্মা নেওগ (talk) 09:01, 19 নৱেম্বৰ 2013 (UTC)

জলি: ঠিক আছে :)৷ ওপৰৰ প্ৰস্তাৱসমূহত আৰু দুটামান নাম যোগ দিছোঁ৷ প্ৰভাকৰদা, আপোনাৰ কিতাপ বিশ্বকোষৰ প্ৰস্তাৱটোও সুমুৱাই দিছোঁ৷ --Joli (talk) 09:10, 19 নৱেম্বৰ 2013 (UTC)

প্ৰভাকৰ: সদস্যসকল, ফৰ্মেটিঙত গুৰুত্ব দিবলৈ নেপাহৰিব, কেৱল এডমিনৰ বাবে কামটো এৰি নথব।


প্ৰণৱ: প্ৰভাকৰ শৰ্মা দাৰ "প্ৰিভিউ" কিতাপৰ ধাৰণাটো সমৰ্থন কৰিছো। মোৰ মনলৈ অন্য এটা কথাও আহিছে- অসমীয়া কোনো দৈনিক বাতৰি কাকতত সাপ্তাহিক/পষেকীয়া হিচাপত "ৱিকি বাৰ্তা" শীৰ্ষক এটা স্তম্ভ ৰখাৰ ব্যৱস্থা কৰিব পৰা যায় নেকি! এই স্তম্ভটোত অসমীয়া ৱিকিপিডিয়াৰ পষেকটোৰ/মাহটোৰ নিৰ্বাচিত শ্ৰেষ্ঠ প্ৰৱন্ধৰ সাৰাংশ (অৱদানকাৰীৰ নামৰ সৈতে!), ৱিকিৰ অগ্ৰগতিৰ খতিয়ান, ৱিকিত লিখা-সম্পাদনাৰ কাৰিকৰী খুঁতি-নাতি ইত্যাদি প্ৰকাশ কৰিব পৰা যাব। মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অৱদানৰ বাবে আহ্বান জনাবলৈও এই স্তম্ভটোক ব্যৱহাৰ কৰিব পৰা যাব। লগতে বাংগালোৰত চাহমেল জাতীয় কিবা হাতত ল'লে সহযোগ কৰিব পাৰিম। প্ৰণৱ জ্যোতি ভূঞা (talk) 12:39, 19 নৱেম্বৰ 2013 (UTC)

বাংগালোৰত জলী থাকে। কথা পাতাঁ তোমালোকে। প্রভাকৰ শৰ্মা নেওগ (talk) 13:08, 19 নৱেম্বৰ 2013 (UTC)
প্ৰণৱ:ঠিক আছে বাৰু। প্ৰণৱ জ্যোতি ভূঞা (talk) 14:45, 19 নৱেম্বৰ 2013 (UTC)
চন্দন: প্ৰণৱ জ্যোতি ভূঞাৰ প্ৰস্তাৱটোলৈ সমৰ্থন জনালো।নিয়ৰপৰশ (talk) 15:50, 19 নৱেম্বৰ 2013 (UTC)
জলি: সমৰ্থন কৰিছোঁ৷ কোনোবা দৈনিক বাতৰি কাকতৰ সৈতে কথাটো উলিয়াব পৰা যাব নেকি? ওপৰৰ প্ৰস্তাৱত এইটো পযোগ দিছোঁ৷ লগতে অনুবাদত মঞ্জিল কোঁৱৰ, ৱিকি উৎসত বৰা নিতুল আৰু বাংগালোৰৰ ৱিকি চাহমেলত প্ৰণৱ জ্যোতি ভূঞাৰ নাম যোগ কৰিছোঁ৷ -Joli (talk) 17:59, 19 নৱেম্বৰ 2013 (UTC)
প্ৰভাকৰ: ফেচবুকৰ ৱিকি, শব্দ আদি গ্ৰুপৰ কেইবাজনৰো বাতৰি কাগজ আদিৰ লগত ভাল সম্পৰ্ক আছে। গ্ৰুপবোৰত সুধি চাব পাৰে। প্রভাকৰ শৰ্মা নেওগ (talk) 10:02, 20 নৱেম্বৰ 2013 (UTC)

ৱিকিউৎস[সম্পাদনা কৰক]

ৱিকিউৎসত লিখিবৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক (বিশেষকৈ সপ্তম, অষ্টম আৰু নৱম মান শ্ৰেণীৰ) উৎসাহ যোগোৱা উচিত। ইয়াৰ বাবে বিদ্যালয়খনৰ কম্পিউটাৰৰ শিক্ষকজনৰ সহযোগিতা লাগিব। কিছুমান স্কুলত MS Word, Paint শিকোৱাৰ বাহিৰে বৰ বিশেষ শিকোৱা নহয়। যদি সেই ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ শিক্ষকজনে শ্ৰেণীত অসমীয়া লিখিবলৈ শিকাই তেতিয়া নিশ্চয় উপকাৰ হ'ব। ছাত্ৰ-ছাত্ৰীক অসমীয়াত টাইপিং অনুশীলন কৰোৱাৰ চলৰে ৱিকিউৎসৰ বাবে কিছু লিখাব পৰা যাব। ধৰি লওক, এটা পিৰিয়ডত যদি প্ৰতিজন ছাত্ৰই এটা পেৰেগ্ৰাফকেও লিখে তেতিয়া "বুঢ়ী আইৰ সাধু"ৰ নিচিনা কিতাপ এখন স্কুলে ১৫ দিন মানতে শেষ কৰিব পাৰিব। যদি ডিচেম্বৰত ৱিকিৰ চাহমেলৰ আয়োজন কৰে, তেতিয়া স্কুলৰ কেইজনমান কম্পিউটাৰ শিক্ষকক নিমন্ত্ৰণ জনোৱা উচিত। তাত তেওঁলোকৰ লগত এই বিষয়ে আলোচনা কৰিলে ভাল হ'ব। শেষত শিক্ষকজনে স্কুলখনৰ নামত একাউণ্ট এটা বনাই ৱিকিউৎসত দিব পাৰিব। তেতিয়া স্কুলখনৰ নামো থাকি যাব। কম্পিউটাৰৰ শিক্ষক সকলৰ যদি এই ক্ষেত্ৰত ভালদৰে সঁহাআৰি পোৱা যায়, তেতিয়া স্কুলৰ মাজত প্ৰতিযোগিতাও আয়োজন কৰিব পৰা যাব।

লগতে ছেবা বৰ্ডৰ কম্পিউটাৰ কিতাপখনত "অসমীয়াত লিখাৰ নিয়ম" সমূহৰ কথাখিনি লিখি এটা নতুন পাঠ আৰম্ভ কৰিব পৰা হয়। এই বিষয়টো ৱিকি চাহমেলত উত্থাপন কৰিব বুলি আশা ৰাখিলোঁ। তেতিয়া স্কুলৰ ছাত্ৰ-ছাত্ৰীও অসমীয়াত লিখাৰ বাবে আগ্ৰহী হৈ উঠিব। Ani ttbr (talk) 13:41, 20 নৱেম্বৰ 2013 (UTC)

অনিমেষ ঠিক একেধৰণৰ কাম হাতত লৈয়ে যোৱা বছৰ ৱিকি শিক্ষা প্ৰকল্প হাতত লোৱা হৈছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগত এখন কৰ্মশালাৰো আয়োজন কৰা হৈছিল। কিন্তু সকলো ফুটুকাৰ ফেন হ'ল। জ্যোতি প্ৰকাশ নাথ (talk) 14:42, 20 নৱেম্বৰ 2013 (UTC)
জ্যোতি, তোমাৰ "সকলো ফুটুকাৰ ফেন হ'ল" -ত কথা সনা থকা হতাশাখিনিৰ লগত একমত নহলোঁ। কিয় হতাশ হ'ব লাগে? সকলো কাম সফল হ'বই লাগিব যে তেনে নহয়। এনে ধৰণৰ সৰু সুৰা বিফল হোৱা কামবোৰো ডাঙৰ কাম এটাৰ পথৰ কিছুমান সৰু সৰু খোজ - পাহৰি নাযাবাঁ আৰু হতাশো নহ'বাঁ। কেতিয়াবা হতাশা আহিলে তুমি নিজে পতা ৱিকিমীটআপকেইখনৰ সফলতালৈ মনত পেলাবাঁ - নে কি? প্রভাকৰ শৰ্মা নেওগ (talk) 09:08, 21 নৱেম্বৰ 2013 (UTC)
প্ৰভাকৰ দা মই হতাশ নাই হোৱা আৰু কেতিয়াও নহও, মাত্ৰ মনৰ ভাবটোহে ব্যক্ত কৰিছো। তেজপুৰৰ দৰঙ কলেজত আৰু পাঠশালাৰ বজালী কলেজত এখনকৈ কৰ্মশালা পতাৰ চেষ্টা চলাই আছো।জ্যোতি প্ৰকাশ নাথ (talk) 15:36, 22 নৱেম্বৰ 2013 (UTC)
ৱিকি শিক্ষা প্ৰকল্প কেনেকৈ লোৱা হৈছিল বা কেনেকৈ সকলো 'ফুটুকাৰ ফেন' হ'লগৈ সেইবিষয়ে মই একো নাজানো৷ কিন্তু অনিমেষৰ প্ৰস্তাৱটো মোৰ মতে নিসন্দেহে এটা ভাল প্ৰস্তাৱ৷ কম্পিউটাৰ শিক্ষকৰ যোগেদি স্কুলীয়া ছাত্ৰ-ছাত্ৰীক ৱিকিত লিখিবলৈ শিকাব পাৰিলে বহু কাম আয়াসতে হৈ উঠিব পাৰে৷ ৱিকি চাহমেলবোৰত কম্পিউটাৰ শিক্ষকক মাতি এই সম্পৰ্কে আলোচনা কৰি চেষ্টা এটা কৰি চাব নোৱাৰিনে? প্ৰভাকৰদাই কোৱাৰ দৰেই এতিয়া হতাশ নহৈ কামত লগাৰহে যো-জা কৰা উচিত৷ Joli (talk) 09:22, 21 নৱেম্বৰ 2013 (UTC)
চেষ্টা কৰাত আপত্তি নাই জলি, মইতো কও প্ৰত্যেক তিনিমাহৰ মুৰত এখনকৈ ৱিকি কৰ্মশালা পাতিব লাগে। কিন্তু ইয়াৰ বাবে কোনো আগুৱাই নাহে। গু.বি. ৰ কৰ্মশালাৰ বাবে অকল ধ্ৰুবজ্যোতি শৰ্মা আৰু মই লাগিছিলো, কিন্তু ইমান কষ্ট কৰি আনকি দিল্লীৰ পৰা নিকিতা টেণ্ডন আহি শিকোৱাৰ পাছতো এটাও প্ৰবন্ধ নাপালো।জ্যোতি প্ৰকাশ নাথ (talk) 15:36, 22 নৱেম্বৰ 2013 (UTC)
আজিকালি স্কুলীয়া ল'ৰা ছোৱালীৰ পঢ়াৰ ধৰণ আমাৰ দিনৰ দৰে নহয়। তেওঁলোকৰ বা শিক্ষকৰ দোষ নাই, যুগেই এনে। সেয়ে স্কুলীয়া ল'ৰা-ছোৱালীয়ে বা আনকি কলেজীয়া সকলৰ পৰা লিখিত বৰঙনী আশা কৰা অনুচিত। সময় হ'লে লিখিব বুলি ধৰি লৈ এতিয়া মাত্ৰ ৱিকি্ৰ কথা যাতে সাধাৰণ জ্ঞান হিচাবে হ'লেও জানে তাক নিশ্চিত কৰাৰ বাহিৰে অন্য কোনো উপায় নাই। প্রভাকৰ শৰ্মা নেওগ (talk) 11:55, 21 নৱেম্বৰ 2013 (UTC)

নতুন প্ৰবন্ধ[সম্পাদনা কৰক]

বহু ক্ষেত্ৰত দেখা যায় যে জীৱিত ব্যক্তিসকলৰ প্ৰবন্ধ সমূহ সঘনাই সলনি হৈ থাকে। কিন্তু অসমীয়াত সাল-সলনি কৰি থাকিবলৈ অসুবিধা হয়। প্ৰিয়ংকা চোপ্ৰা, এ পি জে আব্দুল কালাম আদি প্ৰবন্ধ অসমীয়াত পঢ়াৰ পাছতো ইংৰাজীত চাবৰ মন যায়। কাৰণ, তাত সঘনাই সাল-সলনি হৈ থাকে। মোৰ মতে, এই কাৰণতে ইংৰাজী ৱিকিপিডিয়াৰ বিশ্বাসযোগ্যতা বেছি। মই ভাৱো যে প্ৰবন্ধ অনুবাদ কৰাৰ লগতেও অসমৰ কোনো ঠাইৰ কথা, সংস্কৃতিৰ সম্বন্ধীয় কিতাপ আদিৰ পৰা নতুন প্ৰবন্ধ লিখাত সমানে জোৰ দিয়া উচিত, যিবোৰ সাধাৰণতে ইণ্টাৰনেটত উপলব্ধি নহয়। ইয়াৰ ফলত বহু লোক ৱিকিপিডিয়াৰ দিশে আকৰ্ষিত হোৱাৰ থল আছে। কিন্তু এইবোৰ লিখোতে তথ্য সূত্ৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দৰকাৰ হ'ব। কিতাপ, স্মৃতিগ্ৰন্থ, পুৰণি আলোচনী আদিৰ পৰা সংগ্ৰহ কৰি যোৰহাট জিলাৰ ইতিহাস, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ নামৰ দুটা প্ৰবন্ধ লিখিছিলোঁ। তেনেধৰণৰ প্ৰবন্ধ লিখিবৰ বাবেও জোৰ দিয়া উচিত। স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো লোকেই নিজৰ ঠাইখনৰ কথা লিখিবলৈ ভাল পাব। ইয়াৰ বাবে স্মৃতিগ্ৰন্থ আৰু আলোচনীৰ পৰা তথ্য গোটাবলৈ সকলোকে উৎসাহ যোগোৱা উচিত। Ani ttbr (talk) 13:57, 20 নৱেম্বৰ 2013 (UTC)

সমৰ্থন। তোমাৰ উল্লিখিত যোৰহাট জিলাৰ ইতিহাস, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ প্ৰবন্ধ দুটা সঁচাকৈয়ে ভাল হৈছে। প্রভাকৰ শৰ্মা নেওগ (talk) 09:13, 21 নৱেম্বৰ 2013 (UTC)
জলি:সঁচা কথা৷ বহুদিনৰ আগতে লখিমপুৰতো মই স্মৃতিগ্ৰন্থৰ পৰা এনে তথ্য কিছুমান যোগ দিছিলো৷ কিন্তু বৰ্ত্তমান মোৰহাতত তেনে একো তথ্য পাতি নাই৷ মই ভাবো, যাৰ লগত তেনে দৰকাৰী কিতাপ-স্মৃতিগ্ৰন্থ আদি আছে তেওঁ স্কেন কৰি ফেচবুক গ্ৰুপতে আপলোড কৰি দিলেও সকলোৱে মিলি এনে প্ৰবন্ধৰ সৃষ্টি কৰিব পৰা যাব৷ অনিমেষ,তোমাৰ হাতত তেনে কিবা থাকিলে স্কেন কৰি দিবাচোন- চেষ্টা এটা কৰি চাম৷- Joli (talk) 09:33, 21 নৱেম্বৰ 2013 (UTC)
প্ৰণৱ: অনিমেষ বৰাই এটা অতি গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে। আচলতে অসমীয়া ৱিকিপিডিয়াত অসম সম্পৰ্কীয় থলুৱা বিষয়সমূহৰ ওপৰত প্ৰৱন্ধ সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়া অতীৱ প্ৰয়োজনীয়। অসমৰ লগত জড়িত সৰহসংখ্যক বিষয়(ব্যক্তি/ঠাই/থলুৱা সংস্কৃতিৰ অংশ)ৰে তথ্যসমূহ ইন্টাৰনেটত উপলব্ধ নহয়। সেয়ে ওপৰত জলি বৰাই প্ৰস্তাৱ কৰাৰ দৰে এইবোৰৰ এটা ভঁৰাল সৃষ্টি কৰা প্ৰয়োজন। প্ৰকাশিত গ্ৰন্থ/বিভিন্ন উপলক্ষত স্থানীয়ভাৱে প্ৰকাশিত স্মৃতিগ্ৰন্থ ইত্যাদি এইক্ষেত্ৰত সমল হ'ব। বহু ক্ষেত্ৰত মই নিজে অসম সম্পৰ্কীয় বিষয়ৰ ওপৰত কিবা লিখিম বুলি পৰিকল্পনা কৰিও অসমৰ বাহিৰত থকাৰ অসুবিধা(অজুহাত!!)তে বাবে তথ্যৰ অভাৱ অনুভৱ কৰোঁ। এইক্ষেত্ৰত অসমত থকা সদস্যসকলে আগ ভাগ ল'লে কামটোৱে গতি ল'ব। প্ৰণৱ জ্যোতি ভূঞা (talk) 11:19, 21 নৱেম্বৰ 2013 (UTC)
দীপাংকৰ:: হয়, অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত সভা সমিতি সমূহত উলিওৱা স্মৃতি গ্ৰন্থসমূহ সংগ্ৰহ কৰিব পৰা ব্যৱস্থা এটা হোৱা হ’লে এইটো কামত বহুত সহায় হ’লহেতেন, এইটো কথা ম‍ই গুৱাহাটিত চাহমেল হ’লে উলিয়াম দীপাংকৰ চেতিয়া? 13:19, 21 নৱেম্বৰ 2013 (UTC)

আলোচনাৰ দ্বাৰা প্ৰচাৰ[সম্পাদনা কৰক]

"কথাৰ মহলা মাৰি" থাকিলেও যে প্ৰচাৰ হ'ব পাৰে ওপৰৰ আলোচনাখিনিয়েই তাৰ প্ৰমাণ। পাচত অহাসকলেও ওপৰৰ কথাখিনি পঢ়ি বহুখিনি আও ভাও পাব পাৰে। মই ফেচবুকৰ গ্ৰুপত খুব সাম্প্ৰতিক আৰু সাময়িক কথাখিনি পাতি (যেনে অমুকৰ বানান কি, তমুকাই বৰ ভাল কাম কৰি আছাঁহে আৰু সকলোত কৈ দৰকাৰী "ৰাইজৰ চ'ৰাত অমুক প্ৰস্তাব দিছোঁ চাওক" আদি) বাকীখিনি কথা ৱিকিত এনেকৈ পতাৰ কথা কৈ আছোঁ। ইয়ো জানো প্ৰচাৰ নহ'ল?

প্রভাকৰ শৰ্মা নেওগ (talk) 15:24, 21 নৱেম্বৰ 2013 (UTC)