ক্লড চাইমন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ক্লড চাইমন

১৯৬৭ চনত চাইমন
জন্ম ১০ অক্টোবৰ, ১৯১৩
মাদাগাস্কাৰ
মৃত্যু ৬ জুলাই, ২০০৫ (৯১ বছৰ)
পেৰিছ, ফ্ৰান্স
পেচা ঔপন্যাসিক
ৰাষ্ট্ৰীয়তা ফৰাচী
উল্লেখযোগ্য বঁটা সাহিত্যৰ ন'বেল বঁটা (১৯৮৫)

ক্লড চাইমন (ইংৰাজী: Claude Simon; ১০ অক্টোবৰ ১৯১৩ – ৬ জুলাই ২০০৫) এজন ফৰাচী ঔপন্যাসিক আৰু তেওঁ ১৯৮৫ চনত সাহিত্যৰ নবেল বঁটা লাভ কৰিছিল।

জন্ম আৰু বংশৰ পৰিচয়[সম্পাদনা কৰক]

১৯১৩ চনৰ ১০ অক্টোবৰ তাৰিখে আফ্ৰিকাৰ পূব উপকূলৰ মাদাগাস্কাৰ দীপৰ টেনানেৰিভ চহৰত ক্লড চাইমন জন্ম হয়। চাইমনৰ দেউতাকৰ নাম আছিল লুইছ এণ্টিয়ন চাইমন, আৰু মাকৰ নাম আছিল দেনামিয়েল।

শিক্ষা আৰু চাকৰি জীৱন[সম্পাদনা কৰক]

পেৰিছৰ ষ্টানিশ্লাছ কলেজে ৰ পৰা চাইমনে শেষ ডিগ্ৰী লাভ কৰে। চাইমনে ডিগ্ৰী শেষ কৰি তেওঁ পঢ়া শুনা তাতে অন্ত পেলাই ১৯৩৪ চনত ফৰাচী সৈন্য বাহিনীৰ ৩১নং ড্ৰাগনচত যোগ দিয়ে। এই বিভাগত তেওঁ মাত্ৰ এবছৰ থাকে। ১৯৩৯ চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চাইময়ে পুনৰ ফৰাচী সৈন্য বাহিনীত যোগ দিয়ে। এইবাৰ তেওঁ কেলভাৰি অফিচাৰ পদত নিযুক্তি পায়। ১৯৫১ চনৰ যুদ্ধৰ শেষত চাকৰি ত্যাগ কৰি নিজৰ ঘৰলৈ ঘূৰি আহে।

বিবাহ[সম্পাদনা কৰক]

চাকৰিৰ পৰা ঘৰলৈ ঘূৰি অহাৰ পাছতেই তেওঁ য়ুৱন ডান্সিং নামৰ এগৰাকী যুৱতীক বিয়া কৰায়। ১৯৭৮ চনত পুনৰ এক গ্ৰীক মহিলা ৰেকা কেৰাভাছক বিয়া কৰায়।

সাহিত্যকীৰ্তি[সম্পাদনা কৰক]

চাইমনে জীৱনৰ প্ৰথম কালছোৱাত ছবি আঁকিবলৈ লয়। পিছলৈ ছবি অঁকাৰ লগতে উপন্যাস লিখিবলৈ লয়। তেওঁৰ প্ৰথম জীৱনৰ বিখ্যাত উপন্যাস হল The Tightrope। এইখন উপন্যাস লিখিয়েই সাহিত্য জগতত তেওঁ চাঞ্চল‍্যৰ সৃষ্টি কৰে। দ্বিতীয় মহাযুদ্ধৰ কেইবছৰমান পূৰ্বে চাইমনে তেওঁৰ বিখ্যাত উপন্যাস The Cheater লিখি শেষ কৰে। ১৯৪৫ চনত গ্ৰন্থখন প্ৰকাশ হয়। শতাধিক চিত্ৰকলাৰ বাহিৰেও তেওঁ একুৰিতকৈ অধিক উপন্যাস ৰচনা কৰে। The Rites of Spring, Gulliver, The World about us, Georgics, The Wind, The Flanders Road, The Battle of Pharsalus আদি তেওঁৰ বিখ্যাত উপন্যাস।[1]

বঁটা[সম্পাদনা কৰক]

১৯৮৫ চনত চাইমনে ন'বেল বঁটা লাভ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Claude Simon Authors calendar