ভাৰতৰ ধ্ৰুপদী ভাষা বা শাস্ত্ৰীয় ভাষা বুলিলে প্ৰাচীন, মূল্যৱান, মৌলিক আৰু সুকীয়া সাহিত্যিক ঐতিহ্য থকা ভাৰতীয় ভাষাসমূহক বুজায়৷ ভাৰত চৰকাৰে এঘাৰটা ভাষাক ভাৰতৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে। ২০০৪ চনত ভাৰত চৰকাৰে ঘোষণা কৰে যে কিছুমান কঠোৰ মানদণ্ড পূৰণ কৰা ভাষাসমূহক ভাৰতৰ ধ্ৰুপদী ভাষা" হিচাপে স্বীকৃতি দিয়া হ'ব৷ ইয়াক সাংস্কৃতিক মন্ত্ৰালয়ে ভাষা বিশেষজ্ঞ সমিতিৰ সৈতে প্ৰতিষ্ঠা কৰিছিল। এই সমিতিখন ভাৰত চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছিল যাতে পৰম্পৰাগত ভাষাসমূহক শ্ৰেণীবিভাজনৰ দাবীসমূহ বিবেচনা কৰিব পৰা যায়।ইয়াত বিতংকৈ পঢ়ক
আপুনি জানেনে...
...যে নীৰজা ভানোট ‘অশোক চক্ৰ’ বঁটা বিজয়ী আটাইতকৈ কম বয়সীয়া ব্যক্তি আৰু একমাত্ৰ মহিলা?
...যে এই বছৰৰ আন্তৰ্জাতিক নাৰী দিৱসৰ সংকল্প আছিল "২০৩০ চনত পৃথিৱী ৫০-৫০ : লিংগ সমতাৰ দিশত এক খোজ"?
...যে খুব গৰমৰ দিনত, পকী ৰাস্তাত এনে পৰিঘটনামৰীচিকা দেখা পোৱা যায় আৰু ৰাস্তাত পানী পৰি আছে বুলি ভুল কৰা যায়?
...যে এখন জাহাজ বা আন জলযানে এঘণ্টাত ৬০৭৬১২ ফুট বা ১৮৫২ মিটাৰ বা ১.৮ কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিলে তাক এক নট (1 Nautical Mile) বুলি জোখা হয়?
...যে বেদৰ শেষ (অন্ত) ভাগ হোৱা বাবে উপনিষদক "বেদান্ত" বুলিও জনা যায়?
নিৰ্বাচিত চিত্ৰ
গুৱাহাটীৰ আমবাৰীত উদ্ধাৰ হোৱা ১৩-১৪ শতিকাৰ এটি সুপ্ৰাচীন দুৰ্গামূৰ্তি৷ শিল্প-কৰ্মটোৰ ছবিখন নৱজিৎ দেউৰী, চাবিনা হাছান আৰু ৱাই.এছ. অংলেংটনে লিখা Descriptive Catalogue on the Stone Sculptures of Assam State Museum শীৰ্ষক গ্ৰন্থখনৰ পৰা আপলোড কৰা হৈছে৷ আলোকচিত্ৰ:এম ছাছাগ
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে ৬ কোটিৰো অধিক প্ৰবন্ধ সম্বলিত ৩৩০ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ১৫০ কোটি লোকে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।
এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।
ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিকিউদ্ধৃতি, ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।