অমিতাভ বচ্চন
| অমিতাভ বচ্চন | |
|---|---|
অমিতাভ বচ্চন, (২০০৯), আলোক ছবি: (Studio Harcourt) |
|
| জন্ম | অমিতাভ হৰিবংশ বচ্চন ১১ অক্টোবৰ, ১৯৪২ এলাহাবাদ, উত্তৰ প্ৰদেশ,ভাৰত |
| বাসগৃহ | প্ৰতীক্ষা, মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| পেচা | অভিনেতা, প্ৰযোজক, অনুষ্ঠান পৰিবেশক, গায়ক |
| সক্ৰিয় হৈ থকা সময় | ১৯৬৯-বৰ্তমানলৈ |
| দাম্পত্যসঙ্গী | জয়া বচ্চন (১৯৭৩--বৰ্তমানলৈ) |
| ৱেবছাইট | |
| http://bigb.bigadda.com/ | |
অমিতাভ বচ্চন (হিন্দী: अमिताभ बच्चन) ([əmɪtaːbʱ bəttʃən] (
শুনক) জন্ম নাম: অমিতাভ হৰিবংশ বচ্চন, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেখেতৰ জন্ম হৈছিল ১১ অক্টোবৰ, ১৯৪২ চনত। ১৯৭০-ৰ দশকত তেখেতে অভিনীত বোলছবিৰ জৰিয়তে খ্যাতি অৰ্জন কৰে 'খঙাল যুৱক' (Angry Young Man) হিচাপে। তেওঁ ভাৰতীয় বোলছবি ইতিহাসৰ আটাইতকৈ প্ৰখ্যাত তাৰকা। [1][2]
অভিনয়ৰ বাহিৰেও তেখেতে দূৰদৰ্শনত অনুষ্ঠানৰ পৰিবেশনা কৰিছে। কেইখন মান বোলছবিত গান গোৱাৰ উপৰিও তেখেতে অলপ সময়ৰ বাবে ৰাজনীতিত যোগদান কৰি সংসদলৈ নিৰ্বাচিত হৈছিল।
সূচী |
[সম্পাদনা কৰক] জন্ম আৰু কৈশোৰ
অমিতাভ বচ্চনৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ এলাহাবাদ চহৰত এটা হিন্দু কায়স্থ পৰিয়ালত।[3] তেখেতৰ পিতৃ ড. হৰিবংশ ৰায় বচ্চন এগৰাকী প্ৰথিতযশা হিন্দী কবি। মাতৃ তেজী বচ্চন। অমিতাভক প্ৰথমে 'ইন্কিলাব' নাম দিয়া হৈছিল। পাছলৈ হৰিবংশ ৰায়ৰ বন্ধু কবি সুমিত্ৰানন্দন পণ্ট-ৰ অনুৰোধত নাম সলাই অমিতাভ ৰখা হয়। তেওঁলোকৰ উপাধি শ্ৰীবাস্তৱ আছিল যদিও দেউতাকে ছদ্ম উপাধি লৈছিল 'বচ্চন' (হিন্দী শব্দৰ অৰ্থ শিশুসুলভ)। অমিতাভে এই উপাধিৰেই চলচ্চিত্ৰত প্ৰবেশ কৰে। এই উপাধিকে এতিয়া বচ্চন পৰিয়ালে সমূহীয়াকৈ লিখে। পিতৃৰ মৃত্যু হয় ২০০৩ চনত আৰু ২০০৭ চনত মাতৃৰ পৰলোক প্ৰাপ্তি হয়।[4]
অমিতাভ আছিল দুই ভাতৃৰ ডাঙৰজন। সৰু ভাইটিৰ নাম অজিতাভ। অমিতাভৰ বচ্চনৰ মাতৃ থিয়েটাৰ জগতৰ লগত জড়িত আছিল। [5] অমিতাভ বচ্চনে এলাহাবাদৰ 'জ্ঞান প্ৰবোধিনী' আৰু 'ল'ৰাৰ উচ্চ মাধ্যমিক আৰু মহাবিদ্যালয়ত' শিক্ষা গ্ৰহন কৰিছিল। পাছলৈ তেখেতে নাইনিতালৰ 'শ্বেৰউড মহাবিদ্যালয়' আৰু দিল্লীৰ কিৰোৰীমল মহাবিদ্যালয়ৰপৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। চলচ্চিত্ৰত অভিনয় কৰাৰ আগতে অমিতাভ বচ্চনে কলিকতাৰ 'বাৰ্ড এণ্ড কো.' নামৰ জাহাজৰ কোম্পানী এটাত চাকৰী কৰিছিল।
[সম্পাদনা কৰক] পৰিয়াল
অমিতাভ বচ্চনে ব্যক্তিগত জীৱনত বিখ্যাত বাংলা লেখক তৰুণ কুমাৰ ভাদুড়ীৰ কন্যা - অভিনেত্ৰী জয়া ভাদুড়ীক বিয়া কৰায়। তেওঁলোকৰ দুটি সন্তান শ্বেতা নন্দা আৰু [[অভিষেক বচ্চন। অভিষেক বচ্চন পেছাত অভিনেতা আৰু তেওঁ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছে।
[সম্পাদনা কৰক] কৰ্মজীৱন
[সম্পাদনা কৰক] প্ৰথম ভাগ: ১৯৬৯ -১৯৭২
অমিতাভ বচ্চনে প্ৰথমে চলচ্চিত্ৰৰ কাম আৰম্ভ কৰে এগৰাকী নেপথ্য ঘোষকৰ ৰূপত, মৃণাল সেন-ৰ বিখ্যাত ছবি ভূৱন সোমত। তাৰ পাছত খাজা আহমদ আব্বাছৰ সাত হিন্দুস্থানী ছবিত প্ৰথমে অভিনয় কৰে। এই ছবিত অমিতাভ বচ্চনে ৰাষ্ট্ৰীয় পৰ্য্যায়ত 'শ্ৰেষ্ঠ অভিষেক অভিনেতা'-ৰ (Best Newcomer) বঁটা লাভ কৰে।[6]
১৯৭০ চনত নিৰ্মিত আনন্দ বোলছবিত তেওঁ সহ-অভিনেতাৰ ৰূপত ৰাজেশ খান্নাৰ সতে অভিনয় কৰে আৰু 'শ্ৰেষ্ঠ সহ-অভিনেতা'ৰ বঁটা লাভ কৰে। একে বছৰত মুক্তি লভা পৰৱানা ছবিত তেখেতে প্ৰতিনায়কৰ ভূমিকাতো অভিনয় কৰে। ১৯৭২ চনত তেখেতে বোম্বে টু গোৱা নামৰ এখন হাস্যমধূৰ ছবিতো অভিনয় কৰে।
[সম্পাদনা কৰক] চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক] শেহতীয়া চলচ্চিত্ৰ
| বৰ্ষ | চলচ্চিত্ৰ | ভূমিকা | টোকা |
|---|---|---|---|
| ২০০৬ | ফে'মিলী —টাইজ অৱ ব্লাড | ৱীৰেন চাহি | |
| ডৰণা জৰুৰী হ্যেঁ | অধ্যাপক | ||
| কভী আলৱিদা না কে'হনা | সমৰজিৎ সিং তালৱাৰ (ওৰফে চেক্সী চেম) | ফ্লিমফেয়াৰ শ্ৰেষ্ঠ সহ-অভিনেতা পুৰস্কাৰৰ বাবে মনোনীত | |
| বাবুল | বলৰাজ কাপুৰ | ||
| ২০০৭ | একলৱ্য: দ্য ৰয়েল গাৰ্ড | একলৱ্য | |
| নিশব্দ্ | ৱিজয় | ||
| চীনি কুম | বুদ্ধদেৱ গুপ্তা/ঘাচপাচ | ||
| শ্বুট-আউট এত লোখাণ্ডৱালা | বিশেষ আগমণ, ডিংৰা | ||
| ঝুম বৰাবৰ ঝুম | বিশেষ আগমণ, সূত্ৰধাৰ | ||
| ৰাম গোপাল ৱাৰ্মা কী আগ | বাব্বন সিং | ||
| ওঁম শান্তি ওঁম | বিশেষ আগমণ,নিজস্ব | ||
| ২০০৮ | জোধা আকবৰ | বৰ্ণনাকাৰ | |
| ভূতনাথ | ভূতনাথ (কৈলাশ নাথ) | ||
| চৰকাৰ ৰাজ | সুভাষ নাগৰে ওৰফে চৰকাৰ | ||
| গড তুচ্চি গ্ৰে'ট হ' | গড অলমাইটি | ||
| দ্য লাষ্ট লিয়েৰ | হৰিশ 'হে'ৰী' মিশ্ৰ | ||
| ২০০৯ | দিল্লী-৬ | বিশেষ আগমণ, দাদাজী | |
| আলাদিন | জিনিয়াছ দ্য জেনী | ||
| পা | অ'ৰ' | ফ্লিমফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ বিজেতা শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা বিজেতা |
|
| ২০১০ | ৰণ | ৱিজয় হৰ্ষৱৰ্হন | |
| তীন পট্টী | ৱেংকট | ||
| কান্দাহাৰ | লোকনাথন শৰ্মা | ||
| ২০১১ | ডিপাৰ্টমেন্ট | ||
| বুদ্ধা হ'গা তেৰা বাপ | |||
| আৰক্ষণ | প্ৰভাকৰ আনন্দ | ফ্লিমফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনীত | |
| শ্বু-বাইট | জ'ন পীৰে'ৰা | প'ষ্ট-প্ৰডাকছন | |
| ২০১২ | তালছিমান | শ্বুটিং চলি আছে | |
| ২০১২ | দ্য গ্ৰে'ট গে'তছবী | মেয়াৰ ৱল্ফচেম | শ্বুটিং চলি আছে |
[সম্পাদনা কৰক] প্ৰযোজক
| বৰ্ষ | চলচ্চিত্ৰ |
|---|---|
| ১৯৯৬ | তেৰে মেৰে স্বপনে |
| ১৯৯৭ | উল্লাচাম |
| মৃত্যুদাতা | |
| ১৯৯৮ | মেজৰ চাব |
| ১৯৯৮ | সাত ৰংগ কে স্বপনে |
| ২০০১ | অক্স |
| ২০০৫ | বিৰোধ... ফেমিলী কামছ ফাৰ্ষ্ট |
| ২০০৬ | ফেমিলী — টাইজ অৱ ব্লাড |
[সম্পাদনা কৰক] নেপথ্য গায়ক
| বৰ্ষ | চলচ্চিত্ৰ |
|---|---|
| ১৯৭৭ | দ্য গ্ৰে'ত গেম্বলাৰ |
| মিঃ নটৱাৰলাল | |
| ১৯৮১ | লাৱাৰিছ |
| নছীৱ | |
| চিলচিলা | |
| ১৯৮৩ | মহান |
| পুকাৰ | |
| ১৯৮৪ | চাৰাবী |
| ১৯৮৯ | তুফান |
| যাদুগৰ | |
| ১৯৯২ | খুদা গৱাহ |
| ১৯৯৮ | মেজৰ চাব |
| ১৯৯৯ | সূৰ্যৱংশম |
| ২০০১ | অক্স |
| কভী খুছী কভী গম | |
| ২০০২ | আঁখে |
| ২০০৩ | আৰমান |
| বাগবান | |
| ২০০৪ | দেৱ |
| এইতবাৰ | |
| ২০০৬ | বাবুল |
| ২০০৭ | নিশব্দ্ |
| চীনি কুম | |
| ২০০৮ | ভূতনাথ |
| ২০০৯ | আলাদিন |
| পা | |
| ২০১১ | বুদ্ধা হ'গা তেৰা বাপ |
[সম্পাদনা কৰক] তথ্য সংগ্ৰহ
- ↑ http://www.bafta.org/access-all-areas/videos/screen-icons-amitabh-bachchan,200,BA.html |title=Amitabh Bachchan: the Angry Young Man |publisher=Bafta.org |date= |accessdate=2010-01-15}}
- ↑ http://news.bbc.co.uk/2/hi/entertainment/1945451.stm |title=Film legend promotes Bollywood |publisher=BBC News |date=2002-04-23 |accessdate=2010-01-15
- ↑ http://www.kayasthaparivar.org/prominent_personalitieshtm.htm |title=Welcome to Kayastha Parivar |publisher=Kayasthaparivar.org |date= |accessdate=2011-02-14
- ↑ Teji Bachchan passes away|url=http://www.hindustantimes.com/StoryPage/StoryPage.aspx?id=2078579f-853d-48ae-b826-eeee479169e2&ParentID=d5c75cbf-62a5-49eb-a016-0cf71383854b&&Headline=Big+B's+mother+Teji+Bachchan+is+no+more%7Cpublisher=Hindustan Times|author=Khan, Alifiya|accessdate=2011-02-10}}
- ↑ Reviews on: To Be or Not To Be Amitabh Bachchan – Khalid Mohamed |url=http://www.mouthshut.com/review/To_Be_or_Not_To_Be_Amitabh_Bachchan_-_Khalid_Mohamed-72513-1.haster_of_Arts}}[সংযোগবিহীন উৎস]
- ↑ Bachchan wins his first national award |url=http://movies.indiatimes.com/articleshow/1905623.cms |accessdate=11 March 2007}}