অসম সংযুক্ত প্ৰৱেশ পৰীক্ষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসম সংযুক্ত প্ৰৱেশ পৰীক্ষা (ইংৰাজী: Assam Combined Entrance Examination) বা, চমুকৈ অসম-চি.ই.ই. হ'ল ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত এটা প্ৰৱেশ পৰীক্ষা। অসমৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহত নামভৰ্তি কৰাৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰা হয়। উচ্চতৰ মাধ্যমিক শিক্ষাৰ পাছত অভিযান্ত্ৰিক শিক্ষাৰ স্নাতক ডিগ্ৰীৰ বাবে অসমত থকা অভিযান্ত্ৰিক মহাবিদ্যলয়ত নামভৰ্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে এই পৰীক্ষাত দিব লাগে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ দুযোখন ব'ৰ্ডৰ ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয়। পূৰ্বতে এই পৰীক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিছিল আৰু চিকিৎসা পাঠ্যক্ৰমৰো নামভৰ্ত্তি ইয়াৰ দ্বাৰা হৈছিল।

যোগ্যতা নিৰ্ণয়[সম্পাদনা কৰক]

  • পৰীক্ষাৰ্থীজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব।
  • আবেদনকাৰীৰ বয়স ১৭ ৰ পৰা ২১ বছৰৰ ভিতৰত হ'ব লাগিব।
  • আবেদনকাৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত/জীৱ বিজ্ঞান বিষয়ত উত্তীৰ্ণ হ'ব লাগিব লগতে ন্যূনতম ৫০ শতাংশ প্ৰাপ্ত হ'ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ আবেদনকাৰীসকলে ন্যূনতম ৪৫ শতাংশ প্ৰাপ্ত হ'ব লাগে।

পৰীক্ষাৰ নমুনা[সম্পাদনা কৰক]

পৰীক্ষাৰ কেন্দ্ৰসমূহ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]