কৈলাস সত্যাৰ্থী
কৈলাস সত্যাৰ্থী | |
---|---|
জন্ম | ১১ জানুৱাৰী, ১৯৫৪ (৭০ বছৰ) বিদিশা, মধ্য প্ৰদেশ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | অভিযান্ত্ৰিকী |
পেচা | শিশু অধিকাৰ আৰু বাল্যশিক্ষা কৰ্মী |
ধৰ্ম | হিন্দু[1] |
বঁটা, সন্মান, পুৰস্কাৰ আদি | শান্তিৰ ন'বেল বঁটা, ২০১৪[2] Robert F. Kennedy Human Rights Award Medal of the Italian Senate Alfonso Comin International Award International Peace Prize, Germany Defenders of Democracy Award |
ৱেবছাইট | |
kailashsatyarthi.net |
কৈলাস সত্যাৰ্থী (ইংৰাজী: Kailash Satyarthi; জন্ম: ১১ জানুৱাৰী ১৯৫৪) ভাৰতৰ এজন শান্তিৰ ন'বেল বঁটা বিজয়ী সক্ৰিয় শিশু অধিকাৰ কৰ্মী।[1] ১৯৮০ চনত তেওঁ ‘বচপন বচাও আন্দোলন’ আৰম্ভ কৰি প্ৰায় ৮০,০০০ শিশুৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ কাম কৰি আহিছে।[3][4]
২০১৪ চনত তেওঁক পাকিস্তানী সমাজকৰ্মী মালালা ইউছুফজাইৰ সৈতে যুটীয়াভাৱে “শিশু অৱদমনৰ বিৰুদ্ধে আৰু সকলো শিশুৰ শিক্ষাৰ অধিকাৰৰ হকে কৰি অহা সংগ্ৰামৰ বাবে” শান্তিৰ ন'বেল বঁটাৰে সন্মানিত কৰা হয়।[5][6]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৫৪ চনৰ ১১ জানুৱাৰী তাৰিখে মধ্য প্ৰদেশৰ বিদিশা জিলাত কৈলাস সত্যাৰ্থীৰ জন্ম হয়। তেওঁ বিদিশাৰ 'সম্ৰাট অশোক অভিযান্ত্ৰিক প্ৰতিষ্ঠান'ত (Samrat Ashok Technological Institute, SATI) বৈদ্যুতিক অভিযান্ত্ৰিকী বিভাগত[7] অধ্যয়ন কৰি high-voltage engineering বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পাছত কিছু বছৰলৈ তেওঁ ভূপালৰ এখন মহাবিদ্যালয়ত প্ৰৱক্তা হিচাপে শিক্ষাদান কৰে।[8]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৮০ চনত তেওঁ শিক্ষকতা জীৱন সামৰি Bonded Labor Liberation Front নামৰ সংগঠনটোৰ সচিব প্ৰধান পদত অধিষ্ঠিত হয় আৰু একেবছৰতে 'বচপন বচাও আন্দোলন' আৰম্ভ কৰে।[9][10] তেওঁ International Center on Child Labor and Education (ICCLE) নামৰ আন্তৰ্জাতিক সংস্থাটো[11] আৰু ই পোষকতা কৰা Global March Against Child Labor (শিশু শ্ৰমৰ বিৰুদ্ধে গোলকীয় অভিযান)-ৰ লগতো জড়িত।[12][13][14] তেওঁ ActionAid, Oxfam আৰু Education International নামৰ সংস্থাকেইটাৰ লগত মিলি প্ৰতিষ্ঠা কৰা Global Campaign for Education-ৰ সভাপতি হিচাপে ১৯৯৯ চনৰপৰা ২০১১ চনলৈকে কাৰ্যনিৰ্বাহ কৰে।[15]
ইয়াৰ উপৰিও তেওঁ দক্ষিণ এছিয়াত শিশু শ্ৰমিকৰ অবিহনে উৎপাদিত দলিচাৰ প্ৰথম স্বেচ্ছাসেৱী lebelling, তত্ত্বাৱধানকাৰী আৰু স্বীকৃতি প্ৰদানকাৰী সংস্থা 'ৰাগমাৰ্ক' (বৰ্তমান নাম Goodweave) স্থাপন কৰে।[16] সামাজিকভাৱে দায়বদ্ধ বাণিজ্য আৰু উপভোক্তাবাদৰ ক্ষেত্ৰত গোলকীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ দায়িত্ব সম্পৰ্কে গ্ৰাহক সজাগতা আনিবৰ উদ্দেশ্যে 'ৰাগমাৰ্ক' নামৰ সংস্থাটোৱে ১৯৮০ৰ দশকৰ শেষৰফালে আৰু ১৯৯০ৰ দশকৰ প্ৰথমছোৱাত ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত এক প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল।[17] সত্যাৰ্থীয়ে শিশু শ্ৰমিকৰ সমস্যাটোক এক মানৱ অধিকাৰ বিষয় হিচাপে চিহ্নিত কৰিছে। তেওঁৰ মতে ই দৰিদ্ৰতা, নিবনুৱা সমস্যা, নিৰক্ষৰতা, জনসংখ্যা বৃদ্ধি আৰু আন আন সামাজিক সমস্যাসমূহক জীয়াই ৰাখে।[18] তেওঁৰ এই দাবী বহুতো অধ্যয়নত সত্য প্ৰমাণিত হৈছে।[19][20] 'শিশু শ্ৰমৰ বিৰুদ্ধে আন্দোলন' আৰু 'সকলোৰে বাবে শিক্ষাৰ অভিযান'ৰ মাজত সম্পৰ্ক গঢ়াতো তেওঁৰ অৰিহণা আছে।[21] এইবিলাক পৰ্যবেক্ষণ কৰিবলৈ ইউনেস্কোৰ দ্বাৰা স্থাপিত এক সমিতিৰো তেওঁ সদস্য হৈ থকাৰ লগতে তেওঁ Fast Track Initiative-ৰো (বৰ্তমান Global Partnership for Education নামেৰে জনাজাত) ব’ৰ্ড সদস্য।[22] তেওঁ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থা যেনে Center for Victims of Torture (USA), the International Labor Rights Fund (USA), International Cocoa Foundation আদিৰ বিভিন্ন ব’ৰ্ড আৰু কমিটীৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আছে। তেওঁ ২০১৫ চনৰ পাছত ৰাষ্ট্ৰসংঘৰ সহস্ৰাব্দ উন্নয়ন লক্ষ্যৰ বিকাশৰ কাৰ্যসূচীত শিশু শ্ৰম আৰু দাসত্ত্ব দূৰীকৰণৰ বিষয়টো অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰি আছে।[23]
২০১৪ চনত সত্যাৰ্থীক পাকিস্তানী সমাজকৰ্মী মালালা ইউছুফজাইৰ সৈতে যুটীয়াভাৱে “শিশু অৱদমনৰ বিৰুদ্ধে আৰু সকলো শিশুৰ শিক্ষাৰ অধিকাৰৰ হকে কৰি অহা সংগ্ৰামৰ বাবে” (“for their struggle against the suppression of children and young people and for the right of all children to education”) শান্তিৰ ন'বেল বঁটাৰে সন্মানিত কৰা হয়।[24] সত্যাৰ্থী হৈছে ন’বেল বিজয়ী ভাৰতৰ সপ্তম ব্যক্তি আৰু শান্তিৰ ন’বেল বিজয়ী ভাৰতৰ দ্বিতীয় ব্যক্তি।[1]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]সত্যাৰ্থী ভাৰতৰ নতুন দিল্লীত বাস কৰে। তেওঁৰ পৰিয়ালত তেওঁৰ পত্নী, এজন পুত্ৰ, বোৱাৰী আৰু এগৰাকী কন্যা।[25] সমাজ হিতৈষী কৰ্মৰ বাহিৰেও তেওঁ ৰন্ধা-বঢ়াতো ভাল। উদ্ধাৰ হোৱা শিশু শ্ৰমিকসকলক তেওঁ ৰান্ধি খুৱাই ভাল পায়ল।[26]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]সত্যাৰ্থীৰ কৰ্মৰাজীৰ ওপৰত বহুকেইখন তথ্যচিত্ৰ, দূৰদৰ্শন ধাৰাবাহিক, advocacy and awareness films ইত্যাদি নিৰ্মাণ হৈছে আৰু বহু টক শ্ব'লৈকো তেওঁ আমন্ত্ৰিত হৈছে।[27] নিম্নোল্লিখিত সন্মানসমূহেৰে সত্যাৰ্থীক বিভূষিত কৰা হৈছে:
- ২০১৪: শান্তিৰ ন'বেল বঁটা[1]
- ২০০৯: Defenders of Democracy Award (US)[28]
- ২০০৮: Alfonso Comin International Award (Spain)[29]
- ২০০৭: Gold medal of the Italian Senate (2007)[30]
- ২০০৭: US State Departmentৰ দ্বাৰা "Heroes Acting to End Modern Day Slavery" তালিকাত অন্তৰ্ভুক্তি[31]
- ২০০৬: Freedom Award (US)[32]
- ২০০২: Wallenberg Medal, University of Michigan[33]
- ১৯৯৯: Friedrich Ebert Stiftung Award (Germany)[34]
- ১৯৯৮: Golden Flag Award (Netherlands)[35]
- ১৯৯৫: Robert F. Kennedy Human Rights Award (US)[36]
- ১৯৯৫: The Trumpeter Award (US)[37]
- ১৯৯৪: The Aachener International Peace Award (Germany)[38][39]
- ১৯৯৩: Ashoka Fellow (US) হিচাপে নিৰ্বাচিত।[40]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 P.J. George. "Malala, Kailash Satyarthi win Nobel Peace Prize". The Hindu. http://www.thehindu.com/news/international/world/malala-kailash-satyarthi-win-nobel-peace-prize/article6488625.ece?homepage=true.
- ↑ "'Brief Profile - Kailash Satyarthi'". 2014-10-10. Archived from the original on 2014-10-12. https://web.archive.org/web/20141012115825/http://kailashsatyarthi.net/blog/?page_id=7। আহৰণ কৰা হৈছে: 2014-10-10.
- ↑ "'Nobel peace prize 'an honour to children in slavery', Kailash Satyarthi says'". The Times of India. Reuters. 2014-10-10. http://timesofindia.indiatimes.com/india/Nobel-peace-prize-an-honour-to-children-in-slavery-Kailash-Satyarthi-says/articleshow/44772141.cms। আহৰণ কৰা হৈছে: 2014-10-10.
- ↑ "Who is Kailash Satyarthi?". Hindustan Times. Archived from the original on 2014-10-10. https://web.archive.org/web/20141010124748/http://www.hindustantimes.com/india-news/who-is-kailash-satyarthi/article1-1273803.aspx। আহৰণ কৰা হৈছে: 2014-10-10.
- ↑ "The Nobel Peace Prize 2014". Nobel Foundation. 10 October 2014. http://www.nobelprize.org/nobel_prizes/peace/laureates/2014/। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ ফৰাছী « Le prix Nobel de la paix attribué à Malala Yousafzai et Kailash Satyarthi » Archived 2014-10-17 at the Wayback Machine, Ijsberg Magazine, 10 octobre 2014
- ↑ "Kailash Satyarthi: A profile". Business Standard. http://www.business-standard.com/article/current-affairs/kailash-satyarthi-a-profile-114101000942_1.html। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ Chonghaile, Clar (10 October 2014). "Kailash Satyarthi: student engineer who saved 80,000 children from slavery". The Guardian. http://www.theguardian.com/global-development/2014/oct/10/kailash-satyarthi-nobel-peace-prize-childrens-rights। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ "Angaben auf der Seite des Menschenrechtspreises der Friedrich-Ebert-Stiftung". Friedrich-Ebert-Stiftung e.V.Friedrich Ebert Stiftung. Archived from the original on 2014-10-17. https://web.archive.org/web/20141017235427/http://www.fes.de/themen/menschenrechtspreis/mrp1999.php। আহৰণ কৰা হৈছে: 2014-10-10.
- ↑ "Nobel Peace Prize Is Awarded to Malala Yousafzai and Kailash Satyarthi". New York Times. 10 October 2014. http://www.nytimes.com/2014/10/11/world/europe/kailash-satyarthi-and-malala-yousafzai-are-awarded-nobel-peace-prize.html?hp। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ "About". knowchildlabor.org. Archived from the original on 2012-11-30. https://web.archive.org/web/20121130092437/http://www.knowchildlabor.org/about/। আহৰণ কৰা হৈছে: 2014-10-11.
- ↑ "The New Heroes . Meet the New Heroes . Kailash Satyarthi - PBS". Archived from the original on 12 October 2014. https://web.archive.org/web/20141012113310/http://www.pbs.org/opb/thenewheroes/meet/satyarthi.html। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ "Trust Women - Kailash Satyarthi". http://www.trustwomenconf.com/profile/kailash-satyarthi/.
- ↑ David Crouch (10 October 2014). "Malala and Kailash Satyarthi win Nobel Peace prize". Financial Times. http://www.ft.com/cms/s/0/8fce16ca-5049-11e4-9822-00144feab7de.html। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ "The Role of Civil Society in the Dakar World Education Forum". Archived from the original on 29 October 2014. https://web.archive.org/web/20141029162341/http://efareport.wordpress.com/2014/09/10/the-role-of-civil-society-in-the-dakar-world-education-forum/?hootPostID=f122f7bc213a8e3609eda7570d882018। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ "RugMark USA - Entrepreneurs in Depth - Enterprising Ideas". PBS-NOW. http://www.pbs.org/now/enterprisingideas/RugMarkUSA.html। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ "Principal Voices: Kailash Satyarthi". CNN. 2007-06-28. Archived from the original on 2013-01-31. https://archive.is/20130131213640/http://www.principalvoices.com/2007/social.entrepreneurs/video/kailash.satyarthi/। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ Satyarthi, Kailash (26 Sep 2012). "Child labour perpetuates illiteracy, poverty and corruption". Deccan Herald. http://www.deccanherald.com/content/281292/child-labour-perpetuates-illiteracy-poverty.html। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ Nanjunda, D C (2009). Anthropology and Child Labour. Mittal Publications. পৃষ্ঠা. 91. ISBN 9788183242783.
- ↑ Shukla, C K; Ali, S (2006). Child Labour and the Law. Sarup & Sons. পৃষ্ঠা. 116. ISBN 9788176256780.
- ↑ "Talk by human rights defender Kailash Satyarthi". oxotower.co.uk. Archived from the original on 13 October 2014. https://web.archive.org/web/20141013174735/http://www.oxotower.co.uk/events/talk-human-rights-defender-kailash-satyarthi/। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ "Fund the Future: An action plan for funding the Global Partnership for Education" (pdf). April 2014. http://www.fund-the-future.org/files/Fund_The_Future_2014_EN.pdf। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ "Why India's Kailash Satyarthi won the 2014 Nobel Peace Prize: All you need to know". Firstpost. http://www.firstpost.com/india/why-indias-kailash-satyarthi-won-the-2014-nobel-peace-prize-all-you-need-to-know-1751057.html.
- ↑ ""Kailash Satyarthi - Facts"". Nobel Media ABNobelprize.org. 10 October 2014. http://www.nobelprize.org/nobel_prizes/peace/laureates/2014/satyarthi-facts.html। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ "Kailash Satyarthi - Biography". Archived from the original on 20 October 2014. https://web.archive.org/web/20141020035738/http://www.kailashsatyarthi.net/biography/। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ Azera Parveen Rahman (10 October 2014). "Kailash Satyarthi loves to cook for rescued child labourers". IANS. news.biharprabha.com. http://news.biharprabha.com/2014/10/kailash-satyarthi-loves-to-cook-for-rescued-child-labourers/। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ "Bachpan Bachao Andolan produced film nominated for New York Film Festival". globalmarch.org. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304064937/http://beta.globalmarch.org/news/ropesintheirhands.php। আহৰণ কৰা হৈছে: 2014-10-11.
- ↑ "Social Activist Kailash Satyarthi to get 2009 Defender of Democracy Award in U.S". 20 October 2009. http://news.oneindia.in/2009/10/20/socialactivist-kailash-satyarthi-to-get-2009-defender-ofde.html। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ "Kailash Satyarthi". globalmarch.org. http://www.globalmarch.org/aboutus/kailash-satyarthi। আহৰণ কৰা হৈছে: 10 October 2014.
- ↑ "Kailash Satyarthi". Robert F. Kennedy Center for Justice & Human Rights. Archived from the original on 2014-10-18. https://web.archive.org/web/20141018145954/http://rfkcenter.org/kailash-satyarthi-9। আহৰণ কৰা হৈছে: 2014-10-11.
- ↑ "Heroes Acting To End Modern-Day Slavery". U.S. Department of State. http://www.state.gov/j/tip/rls/tiprpt/2007/82801.htm.
- ↑ "Kailash Satyarthi - Architect of Peace". Architects of Peace. http://www.architectsofpeace.org/architects-of-peace/kailash-satyarthi.
- ↑ "Medal Recipients - Wallenberg Legacy, University of Michigan". University of Michigan. Archived from the original on 2014-02-19. https://web.archive.org/web/20140219010422/http://www.wallenberg.umich.edu/recipients.html। আহৰণ কৰা হৈছে: 2014-10-11.
- ↑ "Human Rights Award of the Friedrich-Ebert-Stiftung". fes.de. Archived from the original on 2016-03-03. https://web.archive.org/web/20160303180510/http://www.fes.de/themen/menschenrechtspreis/en/overview.php। আহৰণ কৰা হৈছে: 2014-10-11.
- ↑ "Our Board". Archived from the original on 2014-10-16. https://web.archive.org/web/20141016200947/http://www.campaignforeducation.org/en/about-us/our-board। আহৰণ কৰা হৈছে: 2014-10-11.
- ↑ "Robert F Kennedy Center Laureates". http://rfkcenter.org/1995-kailash-satyarthi-india-2?view=article&lang=en.
- ↑ Ben Klein. "Trumpeter Awards winners". National Consumers League. http://www.nclnet.org/trumpeter_awards_winners.
- ↑ "Nobel Peace Prize 2014: Pakistani Malala Yousafzay, Indian Kailash Satyarthi Honored For Fighting For Access To Education". Omaha Sun Times. Archived from the original on 2014-10-22. https://web.archive.org/web/20141022081406/http://omahasuntimes.com/2014/10/nobel-peace-prize-2014-pakistani-malala-yousafzay-indian-kailash-satyarthi-honored-for-fighting-for-access-to-education। আহৰণ কৰা হৈছে: 2014-10-11.
- ↑ "Aachener Friedenspreis 1994: Kailash Satyarthi (Indien), SACCS (Südasien) und Emmaus-Gemeinschaft (Köln)". Aachener Friedenspreis. Archived from the original on 2014-10-10. https://archive.is/20141010092158/http://www.aachener-friedenspreis.de/preistraeger/archiv/jahr-1994.html। আহৰণ কৰা হৈছে: 2014-10-11.
- ↑ "Ashoka". https://www.ashoka.org/fellow/kailash-satyarthi.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|