গোগামুখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোগামুখ
—  চহৰ  —
গোগামুখত অৱস্থিত আদৰণি তোৰণ, ধেমাজি আৰু উত্তৰ লখিমপুৰ জিলাৰ সীমা
গোগামুখত অৱস্থিত আদৰণি তোৰণ, ধেমাজি আৰু উত্তৰ লখিমপুৰ জিলাৰ সীমা
গোগামুখ
গোগামুখৰ অৱস্থান
অসম
স্থানাঙ্ক 27°26′N 94°19′E / 27.43°N 94.31°E / 27.43; 94.31
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ধেমাজি
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ক'ড
  • পিনক'ড • ৭৮৭০৩৪
    ফোন • +০৩৭৫২
    • যান-বাহনৰ নম্বৰ • AS-22
ৱেবছাইট http://www.dhemaji.nic.in

গোগামুখ ধেমাজি জিলাৰ এখন অন্যতম চহৰ। এটা চাৰিআলিক কেন্দ্ৰ কৰি গঢ়ি উঠা এই চহৰখন বৰ্তমান ধেমাজি জিলাৰ শিক্ষা, বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে। ইয়াত বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে মিচিং লোক সকলৰ ঘন জনবসতি। মিচিং সকলৰ স্বায়ত্ত্ব শাসন পৰিসদৰ মুখ্য কাৰ্য্যালয় ইয়াতে অৱস্থিত। বৰ্তমানে এই সৰু নগৰ সৰু-সুৰা বাণিজ্য কেন্দ্ৰলৈ পৰিগণিত হৈছে। ইয়াতে এখন গৰুৰ বিক্ৰীৰ বৃহত বজাৰ আছে। গোগামুখ, ধেমাজী জিলাৰ অন্তৰ্গত চাৰিটা ৰাজহ চক্ৰৰ ভিতৰত এটা অন্যতম ৰাজহ চক্ৰ।

ভোগোলিক বিৱৰণ[সম্পাদনা কৰক]

গোগামুখ চাৰিআলিৰ পৰা চাৰিটা পথ ক্ৰমে উত্তৰ লখিমপুৰ, ধেমাজি, ঢকুৱাখনা আৰু গেৰুকামুখ লৈ প্ৰসাৰিত। ইয়াৰ উত্তৰে আছে অৰুণাচল প্ৰদেশ, পূবে ধেমাজি নগৰ, দক্ষিণে ঢকুৱাখনা আৰু পশ্চিমে লখিমপুৰ জিলা

জলবায়ু[সম্পাদনা কৰক]

হিমালয় পৰ্বতৰাশিৰ গাতে লাগি থকা এই অঞ্চলৰ জলবায়ু তুলনামুলক ভাৱে চেঁচা আৰু সেমেকা। গড় উষ্ণতা শীতকালত ৫º ৰ পৰা ২০º ছেলছিয়াছ আৰু গ্ৰীষ্মকালত ১৮º ৰ পৰা ৩৬º ছেলছিয়াছলৈকে পৰিৱৰ্তিত হয়। আগষ্ট আৰু জানুৱাৰী মাহেই এইখন জিলাৰ ক্ৰমে আটাইতকৈ গৰম আৰু চেঁচা মাহ। বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ ২০০ ছে.মি.ৰ পৰা ২৫০ ছে.মি.। ৬০% ৰ পৰা কেতিয়াও তললৈ ননমা এই অঞ্চলৰ জলবায়ুৰ আৰ্দ্ৰতা সদায়ে উচ্চ। অসমৰ অন্যান্য এলেকাত দেখা দিয়া বালি –ধুমুহা এই অঞ্চলত নাই।

অৰ্থনীতি[সম্পাদনা কৰক]

বৰ্তমানে এই অঞ্চলৰ অৰ্থনীতি আগতকৈ যথেষ্ট উন্নত হৈছে বুলি ক'ব পাৰি।

শিক্ষানুষ্ঠান[সম্পাদনা কৰক]

  • নগৰ মজলীয়া বিদ্যালয়
  • গোগামুখ নগৰ হাইস্কুল
  • গোগামুখ কলেজ
  • গোগামুখ খ্ৰাইষ্ট কিং স্কুল
  • গোগামুখ কন্যা মহাবিদ্যলয়
  • গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়

চিত্ৰ বিঠিকা[সম্পাদনা কৰক]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]