দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া
Host city গুৱাহাটী আৰু ছিলং
Motto " শান্তি, উন্নতি আৰু সমৃদ্ধিৰ বাবে ক্ৰীড়া"
Nations participating
Athletes participating ২,৬৭২
Events ২৩ টা খেলৰ ২২৮টা ভাগ
Opening ceremony ৫ ফেব্ৰুৱাৰী (গুৱাহাটী)
৬ ফেব্ৰুৱাৰী (ছিলং)
Closing ceremony ১৬ ফেব্ৰুৱাৰী
Officially opened by নৰেন্দ্ৰ মোদী
Main venue ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম (গুৱাহাটী)
জৱাহৰলাল নেহেৰু ষ্টেডিয়াম, ছিলং

দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া, ২০১৬ (ইংৰাজী: Officially the XII South Asian Games), অসম আৰু মেঘালয়ৰ ৰাজধানী গুৱাহাটী আৰু ছিলঙত ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হবলগীয়া এক বৃহৎ বহু-ক্ৰীড়া প্ৰতিযোগিতা দক্ষিণ এছিয় ক্ৰীড়াৰ শেহতীয়া সংস্কৰণ। [1] উক্ত প্ৰতিযোগিতাৰ ২৩টা বিভিন্ন খেলৰ ২২৮টা ভাগত অংশগ্ৰহণ কৰিবলৈ সৰ্বমুঠ ২,৬৭২ জন ক্ৰীড়াবিদৰ আগমন ঘটিব।[2] এই প্ৰতিযোগিতা ২০১২ চনত নতুন দিল্লীত অনুষ্ঠিত হবলগীয়া আছিল। কিন্তু ভাৰতীয় অলিম্পিক সংস্থাৰ নিলম্বন আৰু দিল্লীৰ নিৰ্বাচনৰ বাবে ২০১৫ চনলৈ পিছুৱাই দিয়া হয়। পিছলৈ আকৌ ২০১৬ চনৰ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হয়। [3] প্ৰতিযোগিতা খনৰ উদ্ভোধনী অনুষ্ঠান ৫ ফেব্ৰুৱাৰী, ২০১৬ গুৱাহাটীত অনুষ্ঠিত হয় আৰু এই অনুষ্ঠানৰ মূখ্য অতিথী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছিল।[4] প্ৰতিযোগিতাত ভাৰতে সৰ্বোচ্চ ১৮৮টা স্বৰ্ণ পদক সহ মুঠ ৩০৮টা পদক জয়লাভেৰে শীৰ্ষস্থান অধিকাৰ কৰে।[5]

শুভংকৰ আৰু ল'গ'[সম্পাদনা কৰক]

তীখৰ, দক্ষিণ এছিয় ক্ৰীড়াৰ শুভংকৰ

দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়াৰ শুভংকৰ এটা গঁড়ৰ পোৱালি তীখৰ ২০১৫ চনৰ ১৯ ডিচেম্বৰত ৰাজহুৱাকৈ উন্মোচন কৰা হয়। তীখৰে শান্তি, উন্নতি আৰু দক্ষিণ এছিয়াৰ সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই ফুৰে।[6][7] শান্তি, উন্নতি আৰু সমৃদ্ধিৰ বাবে ক্ৰীড়া(Play for Peace, Progress and Prosperity) এই প্ৰতিযোগিতাৰ আনুষ্ঠানিক মূলমন্ত্ৰ।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি এই পৃথিৱী এক ক্ৰীড়াঙ্গন ক্ৰীড়া হʼল শান্তিৰ প্ৰাঙ্গণ... দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়াৰ সংগীত হিচাপে গ্ৰহণ কৰা হৈছে।[8]

অংশগ্ৰহণকাৰী দেশসমূহ[সম্পাদনা কৰক]

অংশগ্ৰহণকাৰী দেশসমূহ

দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়াত ৮ খন দেশে অংশগ্ৰহণ কৰিব।

পদক তালিকা[সম্পাদনা কৰক]

চাবি
  স্বাগতিক দেশৰ বাবে নীলা ৰং ব্যৱহাৰ কৰা হৈছে
ক্ৰম ৰাষ্ট্ৰ স্বৰ্ণপদক ৰূপৰ পদক ব্ৰঞ্জৰ পদক সৰ্বমুঠ পদক
 ভাৰত ১৮৮ ৯০ ৩০ ৩০৮
 শ্ৰীলংকা ২৫ ৬৩ ৯৮ ১৮৬
 পাকিস্তান ১২ ৩৭ ৫৭ ১০৬
 আফগানিস্তান ১৯ ৩৫
 বাংলাদেশ ১৫ ৫৬ ৭৫
 নেপাল ২৩ ৩৪ ৬০
 মালদ্বীপ
 ভূটান ১৫ ১৬

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "South Asian Games to held from Feb 5-16 in Guwahati, Shillong". Zee News. 25 October 2015. http://zeenews.india.com/sports/others/south-asian-games-to-held-from-feb-6-16-in-guwahati-shillong_1814375.html. 
  2. "Sri Lanka to field 484 athletes in 23 disciplines". Daily news (Colombo, Sri Lanka). 30 December 2015. http://www.dailynews.lk/?q=2015/12/30/sports/sri-lanka-field-484-athletes-23-disciplines. 
  3. "South Asian Games to be postponed further". Times of India (New Delhi, India). 8 July 2015. http://timesofindia.indiatimes.com/sports/more-sports/others/South-Asian-Games-to-be-postponed-further/articleshow/47991343.cms. 
  4. "South Asian Games budget up because of terror threat". http://www.tribuneindia.com/news/sport/south-asian-games-budget-up-because-of-terror-threat/182590.html. 
  5. "At South Asian Games, it wasn’t just the gold that glittered". http://indianexpress.com/article/sports/sport-others/at-sag-it-wasnt-just-the-gold-that-glittered/. 
  6. "LOGO & MASCOT launch in Shillong - The Lantern Festival | Facebook". www.facebook.com. https://www.facebook.com/media/set/?set=a.162855090740290.1073741832.141533382872461&type=3। আহৰণ কৰা হৈছে: 2016-01-17. 
  7. "LOGO and MASCOT of 12th South Asian Games, 2016 Launched At Guwahati". pib.nic.in. http://pib.nic.in/newsite/mberel.aspx?relid=133132। আহৰণ কৰা হৈছে: 2016-01-18. 
  8. "South Asian Games 2016". www.southasiangames2016.com. http://www.southasiangames2016.com/। আহৰণ কৰা হৈছে: 2016-01-17. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]