ফিফা বিশ্বকাপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফিফা বিশ্বকাপ
আৰম্ভণি ১৯৩০
স্থান আন্তঃৰাষ্ট্ৰীয়
দলৰ সংখ্যা ৩২ (মূল পৰ্ব)
২০৪ (প্ৰাৰম্ভিক পৰ্ব ২০১০)
বৰ্তমান বিজয়ী(সমূহ)  জাৰ্মানী (৪টা খিতাপ)
সকলোতকৈ সফল দল(সমূহ)  ব্ৰাজিল (৫টা খিতাপ)
ৱেবচাইট বিশ্ব কাপ
২০১৪ বিশ্ব কাপ প্ৰাৰম্ভিক পৰ্ব

ফিফা বিশ্বকাপ বা সাধাৰণভাবে বিশ্বকাপ হৈছে, আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ তদাৰককাৰী সংস্থা ফিফা (Fédération Internationale de Football Association)ৰ সদস্য ৰাষ্ট্ৰসমূহৰ পুৰুষ ফুটবল দলসমূহৰ মাজত হোৱা এখন আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। ১৯৪২ চন আৰু ১৯৪৬ চনক বাদ দি ১৯৩০ চনৰ পৰা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এই প্ৰতিযোগিতা খন অনুষ্ঠিত হৈ আহিছে, ১৯৪২ আৰু ১৯৪৬ দ্বিতীয় বিশ্বযুদ্ধৰ বাবে এই প্ৰতিযোগিতা হোৱা নাছিল। বৰ্তমান এই বিশ্বকাপৰ চেম্পিয়ন দল স্পেইন, স্পেইনে ২০১০ চনৰ বিশ্বকাপ দখল কৰিছিল।

বৰ্তমানৰ নিয়ম অনুসৰি বিশ্বকাপৰ মূল পৰ্ব (World Cup Finals)ত ৩২ টা দলে আয়োজক দেশৰ বিভিন্ন স্থানত প্ৰতিযোগিতাত অৱতীৰ্ন হয়। এই প্ৰতিযোগিতা প্ৰায় এমাহ জুৰি চলে। বিশ্বকাপৰ মূল পৰ্বৰ পূৰ্বে প্ৰায় তিনি বছৰ জুৰি চলা প্ৰাৰম্ভিক পৰ্বৰ প্ৰতিযোগিতাৰ পৰা এই ৩২টা দলক নিৰ্বাচন কৰা হয়, এই দল সমূহৰ ভিতৰত আয়োজক দেশ(সমূহ)ও থাকে।

এতিয়ালৈকে অনুষ্ঠিত হোৱা মুঠ ১৯খন বিশ্বকাপৰ খিতাপ মুঠ আঠখন দেশে অৰ্জন কৰিছে। ব্ৰাজিলে মুঠ পাঁচবাৰ এই খিতাপ দখল কৰিছে, আনহাতেদি ইটালীয়ে চাৰিবাৰ, জাৰ্মানীয়ে তিনিবাৰ, আৰ্জেন্টিনা আৰু প্ৰথম বিশ্বকাপ বিজয়ী উৰুগুৱেই মুঠ দুবাৰকৈ বিশ্বকাপৰ খিতাপ দখল কৰিছে। তাৰোপৰি ইংলেণ্ড, ফ্ৰান্স আৰু স্পেইনে এবাৰকৈ বিশ্বকাপ দখল কৰিছে।

বিশ্বকাপ হৈছে বিশ্বজুৰি সকলোতকৈ বেছি দৰ্শকক আকৰ্ষণ কৰা ক্ৰীড়া সমাৰোহ, ২০০৬ চনৰ জাৰ্মানী বিশ্বকাপৰ দৰ্শকৰ সংখ্যা আছিল প্ৰায় ৭১৫.১ নিযুত।[1]

অহা তিনিখন বিশ্বকাপ ক্ৰমে ব্ৰাজিল (২০১৪ চন), ৰাছিয়া (২০১৮ চন) আৰু কাটাৰে (২০২২) আয়োজন কৰিব।

ইতিহাস[সম্পাদনা কৰক]

পূৰ্বৱৰ্তী আন্তৰ্জাতিক প্ৰতিযোগিতাসমূহ[সম্পাদনা কৰক]

বিশ্বৰ প্ৰথম আন্তৰ্জাতিক ফুটবল খেলা হৈছিল ১৮৭২ চনত স্কটলেণ্ড আৰু ইংলেণ্ডৰ মাজত।[2] যিখন ০-০ গ’লত অমিমাংশিত ভাবে শেষ হৈছিল। আনহাতেদি প্ৰথম আন্তৰ্জাতিক প্ৰতিযোগিতা আছিল ১৮৮৪ চনত আৰম্ভ হোৱা ব্ৰিটিছ হ’ম চেম্পিয়নশ্বিপ[3] বিংশ শতিকাৰ প্ৰাৰম্ভিক ভাগত ফুটবলৰ জনপ্ৰিয়তা ক্ৰমাত বৃদ্ধি পায়, ইয়াক লক্ষ্য ৰাখি ১৯০০ আৰু ১৯০৪ চনৰ অলিম্পিকত ফুটবলক প্ৰদৰ্শনীমূলক খেল হিচাপে অন্তৰ্ভুক্ত কৰা হয়, (বিজয়ীক কোনো মেডেল প্ৰদান কৰা হোৱা নাছিল)। ১৯০৬ চনত অলিম্পিকৰ পৰা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে ইয়াক অলিম্পিকৰ মূল খেল সমূহৰ ভিতৰত অন্তৰ্ভুক্ত কৰে। [4]

১৯০৪ চনত ফিফা প্ৰতিষ্ঠা হোৱাৰ ঠিক পাছতেই, ১৯০৬ চনত ফিফাই চুইজাৰলেণ্ডত অলিম্পিক ক্ৰীড়া সমাৰোহৰ বাহিৰত থাকি এখন ভিন্ন আন্তৰ্জাতিক ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰে। আন্তৰ্জাতিক ফুটবলৰ বয়স সেই সময়ত নিচেই কম আছিল, এইকাৰণেই ফিফাৰ ইতিহাসত এই প্ৰতিযোগিতাক এক ব্যৰ্থ প্ৰতিযোগিতা আখ্যা দিয়া হয়।[5]

১৯০৮ চনৰ লণ্ডন অলিম্পিকত ফুটবলে অলিম্পিকৰ এক আধিকাৰিক প্ৰতিযোগিতাৰ মৰ্যদা পায়, ইংলেণ্ডৰ ফুটবলৰ নিয়ন্ত্ৰণ কৰ্তা সংস্থা দ্য ফুটবল এচ’চিয়েচন (FA)ই পৰিকল্পনা কৰা এই প্ৰতিযোগিতা অপেছাদাৰী খেলুৱৈসকলৰ বাবে আছিল, আৰু সেইবাৰৰ অলিম্পিকত ই ক্ৰীড়া প্ৰতিযোগিতাতকৈ কোনো প্ৰদৰ্শনী যেনহে হৈছেল। ১৯০৮ চনৰ অলিম্পিকৰ ফুটবলৰ খিটাপ গ্ৰেইট ব্ৰিটেইনে অধিকাৰ কৰে। গ্ৰেইট ব্ৰিটেইনৰ এই দলৰ হৈ ইংলেণ্ডৰ জাতীয় অপেছাদাৰী ফুটবল দলৰ সদস্য সকলে প্ৰতিযোগিতাত ভাগ লৈছিল। তাৰ পাছৰ ১৯১২ চনৰ ষ্টকহ’ম অলিম্পিকতো গ্ৰেইট ব্ৰিটেইনে পুনৰ এই খিটাপ দখল কৰে।

অলিম্পিকত অপেছাদাৰী দলৰ মাজত প্ৰতিযোগিতা চলাৰ সময়তে থমাচ লিপটনে ১৯০৯ চনত তুৰিনত চাৰ থমাচ লিপটন ট্ৰফি প্ৰতিযোগিতাৰ আয়োজন কৰে। এইখন আছিল বিভিন্ন দেশৰ বিভিন্ন ক্লাবৰ (জাতীয় দল নহয়) মাজত অনুষ্ঠিত হোৱা এখন চেম্পিয়নছিপ প্ৰতিযোগিতা। এইসমূহ দলৰ প্ৰত্যেকে বেলেগ বেলেগ দেশেৰ প্ৰতিনিধিত্ব কৰিছিল, এই বাবে এই প্ৰতিযোগিতাকে অনেকে প্ৰথম বিশ্বকাপ বোলে।[6] এই প্ৰতিযোগিতাত ইতালি, জাৰ্মানি আৰু চুইজাৰলেণ্ড সহ বিভিন্ন দেশৰ খ্যাতনামা পেছাদাৰী দল সমূহে অংশ লয়। কিন্তু ইংলেণ্ডৰ দ্য ফুটবল এচ’চিয়েচন এই প্ৰতিযোগিতাৰ লগত জড়িত হোৱা আৰু পেছাদাৰী দল পাঠিওৱাত আমান্তি হয়। সেয়েহে ইংলেণ্ডক প্ৰতিনিধিত্ব কৰাৰ বাবে লিপটনে পশ্চিম অকলেণ্ড টাউন ফুটবল ক্লাবক আমন্ত্ৰন জনায়, পশ্চিম অকলেণ্ড টাউন ফুটবল ক্লাব আছিল ডাৰহাম কাউন্টিৰ এটি অপেছাদাৰী দল। পাছত পশ্চিম অকলেণ্ড এই প্ৰতিযোগিতাত বিজয়ী হয় আৰু পৰবৰ্তী ১৯১১ চনৰ প্ৰতিযোগিতাতো নিজৰ খিতাপ অক্ষুন্ন ৰাখিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাৰ নিয়ম অনুসৰি তেওঁলোকক চিৰকালৰ বাবে এই ট্ৰফিটি প্ৰদান কৰা হয়।

১৯১৪ চনত ফিফাই অলিম্পিকৰ ফুটবলক "অপেছাদাৰী খেলুৱৈৰ বিশ্ব ফুটবল চেম্পিয়নশ্বিপ" বুলি ঘোষণা কৰে, আৰু ইয়াৰ আয়োজন কৰাৰ দায়িত্ব গ্ৰহণ কৰে। [7] ইয়াৰ পৰিণতিত ১৯২০ চনৰ গ্ৰীষ্মকালিন অলিম্পিকত প্ৰথমবাৰৰ বাবে আন্তঃমহাদেশীয় পৰ্যায়ত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইজিপ্ত(মিচৰ)কে ধৰি মুঠ তেৰটা ইউৰোপীয় দলে এই প্ৰতিযোগিতাত ভাগ লয়, প্ৰতিযোগিতাখনত বেলজিয়ামে খিটাপ দখল কৰে। [8] ঊৰুগুৱে ৰাষ্ট্ৰীয় ফুটবল দলে তাৰ পাছৰ ১৯২৪চন আৰু ১৯২৮ চনৰ গ্ৰীষ্মকালিন অলিম্পিকৰ বিজয়ীৰ সন্মান লাভ কৰে। এই দুখন আছিল প্ৰথম দুখন মুক্ত বিশ্ব চেম্পিয়নশ্বিপ, ১৯২৪ চনৰ পৰাই ফিফাৰ বৃত্তিমূখী যুগৰ আৰম্ভ হয়।

১৯৩০ চনৰ প্ৰথম বিশ্বকাপৰ চুড়ান্ত খেলৰ স্থান, মন্টেভিডেঅ’, ঊৰুগুৱে।

অলিম্পিকৰ সফলতাৰ বাবে সেই সময়ৰ ফিফাৰ সভাপতি জুলচ ৰিমেটে পুনৰ অলিম্পিকৰ বাহিৰত ফিফাৰ নিজস্ব অন্তৰ্জাতিক প্ৰতিযোগিতা পতাৰ কথা চিন্তা কৰে। ১৯২৮চনত আমষ্টাৰ্ডামত হোৱা ফিফাৰ কংগ্ৰেছত ইয়াৰ নিজস্ব প্ৰতিযোগিতা পতাৰ সিদ্ধান্তক চুড়ান্ত কৰা হয়।[9] অলিম্পিকৰ দুবাৰৰ বিজয়ী ঊৰুগুৱেই ১৯৩০চনত নিজৰ স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰাৰ লগত সংগতি ৰাখি ফিফাই ১৯৩০ চনৰ প্ৰথম বিশ্বকাপৰ আয়োজক হিচাপে ঊৰুগুৱেকে নিৰ্বাচন কৰে।

নিৰ্বাচিত দেশসমূহৰ ৰাষ্ট্ৰীয় ফুটবল সংস্থা সমূহক তেওঁলোকৰ ফুটবল দলসমূহক ফিফাই প্ৰতিযোগিতালৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনায়। অৱশ্যে ঊৰুগুৱে আয়োজক দেশ হিচাপে নিৰ্বাচিত হোৱাৰ বাবে আটলাণ্টিক মহাসাগৰ পাৰ হৈ আহিব লগা ইউৰোপীয় দলসমূহৰ বাবে এই যাত্ৰা বৰ বেছি দূৰত্বৰ আৰু বেছি খৰচী হয়। প্ৰতিযোগিতা আৰম্ভ কৰাৰ দুমাহ আগলৈকে কোনো ইউৰোপীয় দলে প্ৰতিযোগিতাখনত যোগদান কৰাৰ সম্প্ৰৰ্কে নিশ্চয়তা প্ৰদান কৰিব পৰা নাছিল। ৰিমেটে অৱশেষত বেলজিয়াম, ফ্ৰান্স, ৰোমানিয়া আৰু যুগশ্ল’ভিয়াক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সৈমান কৰায়। প্ৰতিয়োগিতা খন মুঠ তেৰটা ৰাষ্ট্ৰীয় দলে ভাগ লয়, ইউৰোপৰ এই চাৰিখন দেশৰ বাহিৰে সাতখন লেটিন আমেৰিকাৰ আৰু দুখন উত্তৰ আমেৰিকাৰ দেশে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

১৯৩০ চনৰ ১৩জুলাইত বিশ্বকাপৰ প্ৰথম দুখন খেল একে সময়তে অনুষ্ঠিত হয়, ইয়াৰে এখন খেলত ফ্ৰান্সে মেস্কিকোক ৪-১ গ’লত আৰু আনখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই বেলজিয়ামক ৩-০ত পৰাস্ত কৰে। বিশ্বকাপ ইতিহাসৰ প্ৰথম গ’লটো কৰে ফ্ৰান্সৰ লুচিয়েন লৰেণ্টে।[10] মন্টেভিডেঅ’ত ৯৩,০০০ হাজাৰ দৰ্শকৰ সন্মুখত অনুষ্ঠিত হোৱা ১৯৩০ চনৰ প্ৰথম বিশ্বকাপৰ চুড়ান্ত খেলত ঊৰুগুৱেৰ ৰাষ্ট্ৰীয় ফুটবল দলে আৰ্জেণ্টিনাক ৪-২ গ’লত পৰাস্ত কৰি, বিশ্বকাপ জয় কৰা প্ৰথম দলৰ সন্মান অৰ্জন কৰে[11]

দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বৰ বিশ্বকাপসমূহ[সম্পাদনা কৰক]

বিশ্বকাপৰ আৰম্ভণিৰ পাছতে ১৯৩২ চনত আমেৰিকাৰ লচ এঞ্জেলচত হোৱা গ্ৰীষ্মকালিন অলিম্পিকত আমেৰিকা যুক্তৰাষ্ট্ৰত আমেৰিকান ফুটবল (ৰাগবি)ৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু ফুটবল (ছ’কাৰ)ৰ অতি কম জনপ্ৰিয়তাৰ বাবে অলিম্পিকৰ পৰা ফুটবলক পুনৰ বাদ দিয়া হয়। ইয়াৰ আন এক কাৰণ আছিল অপেছাদাৰী খেলুৱৈয়ে ভাগ লোৱাৰ সম্পৰ্কে তেতিয়াও ফিফা আৰু IOCয়ে চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিল।[12] ১৯৩৬ চনৰ অলিম্পিকত অলিম্পিকত পুনৰ ফুটবল অন্তৰ্ভুক্ত হয়, অৱশ্যে এই সময়লৈ বিশ্বকাপৰ জনপ্ৰিয়তাই অলিম্পিক ফুটবলক গুৰুত্বক ম্লান কৰি পেলাই

প্ৰথম কেইখনমান বিশ্বকাপত আন্তঃমহাদেশীয় যুদ্ধ বিগ্ৰহে বিশ্বকাপত প্ৰভাৱ পেলাই, তাৰোপৰি এখন মহাদেশৰ পৰা আন এখনলৈ দল সমূহে যাতায়ত কৰিব লগা হোৱাতোও সেই সময়ত সমস্যাৰ কাৰণ হৈ দেখা দিছিল। ১৯৩৪ আৰু ১৯৩৮ চনৰ বিশ্বকাপত অতি কম সংখ্যাক দক্ষিণ আমেৰিকাৰ দলেহে অংশগ্ৰহণ কৰে, কেৱল ব্ৰাজিলেহে দক্ষিণ আমেৰিকীয় দল হিচাপে এই দুয়োখন বিশ্বকাপতে ভাগ লয়। দ্বিতীয় বিশ্বযুদ্ধৰ বাবে নাজী জাৰ্মানী আৰু ব্ৰাজিলে আয়োজন কৰিব লগা[13] ১৯৪২ আৰু ১৯৪৬ চনৰ ফুটবল বিশ্বকাপ বাতিল হয়।

দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ বিশ্বকাপসমূহ[সম্পাদনা কৰক]

১৯৫০ চনত পোন প্ৰথম বাৰৰ বাবে ব্ৰীটিছ দলসমূহে বিশ্বকাপত ভাগ লয়, তাৰ আগতে ১৯২০ চনৰ বিশ্বকাপত ব্ৰীটিচ দলসমূহে ফিফাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছিল, ইয়াৰ এটা কাৰণ আছিল তেওঁলোক সেই সময়ত নিজৰ দেশৰ সৈতে যুদ্ধ বিগ্ৰহত লিপ্ত দেশ সমূহৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হ’বলৈ অমান্তি আছিল আন এটা কাৰণ আছিল ফুটবলে বিদেশী কৰ্তৃত্বৰ বিপক্ষে প্ৰতিবাদ।[14] (ফিফাৰ অনুৰোধমৰ্মে ১৯৪৬ত ব্ৰীটিছ দলসমূহে বিশ্বকাপত পুনৰ ভাগ লয়)[15] অৱশ্যে এই বিশ্বকাপত পূৰ্বৰ দুবাৰৰ বিজয়ী দল ঊৰুগুৱেই পুনৰ বিশ্বকাপত ভাগ লয় তাৰ আগৰ দুখন বিশ্বকাপ ঊৰুগুৱেই বৰ্জন কৰিছিল। এই বিশ্বকাপত ঊৰুগুৱেই আয়োজক দল ব্ৰাজিলক 'মাৰাকানাজ’ নামেৰে বিখ্যাত চুড়ান্ত খেলখনত পৰাস্ত কৰি পুনৰ চেম্পিয়নো হৈছিল।

Map of countries' best results

১৯৩৪ চনৰ পৰা ১৯৭৮ চনলৈকে হোৱা বিশ্বকাপসমূহৰ (১৯৩৮ আঋ ১৯৫০ চনৰ বিশ্বকাপক বাদ দি) প্ৰত্যেকখনতে ১৬টাকৈ দলে অংশগ্ৰহণ কৰে, ১৯৩৮ চনৰ বিশ্বকাপত অষ্ট্ৰিয়া নাজী জাৰ্মানী দলত চামিল হোৱাত ১৫টা দলেহে প্ৰতিযোগিতাত ভাগ লয়, আকৌ ১৯৫০ চনৰ বিশ্বকাপত ভাৰত, স্কটলেণ্ড আৰু তুৰ্কীয়ে নাম প্ৰত্যাহাৰ কৰাৰ বাবে মাত্ৰ ১৩টা দলেহে সেই প্ৰতিযোগিতাত ভাগ লয়। [16] এই সমূহ বিশ্বকাপত অংশগ্ৰহণ কৰা সৰহ সংখ্যাক দলেই আছিল ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ মাত্ৰ কিছু সংখ্যাক দলহে উত্তৰ আমেৰিকা, আফ্ৰিকা, এচিয়া বা ওচেনিয়াৰ আছিল,এই দল সমূহক ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ দলসমূহে খুব সহজেই পৰাস্ত কৰিব পাৰিছিল। ১৯৮২ চনলৈকে ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ বাহিৰৰ দল হিচাপে প্ৰথম ঘূৰণ(ৰাউণ্ড) পাৰ হোৱা দলসমূহ আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ (১৯৩০চনত চেমি ফাইনেল), কিউবা (১৯৩৮ চনত কোৱাৰ্টাৰ ফাইনেল), কোৰিয়া (১৯৬৬ত কোৱাৰ্টাৰ ফাইনেল) আৰু মেস্কিকো (১৯৭০ চনত কোৱাৰ্টাৰ ফাইনেল)।

৩২ টা দললৈ প্ৰসাৰ[সম্পাদনা কৰক]

১৯৮২ৰ বিশ্বকাপত দলৰ সংখ্যা বৃদ্ধি কৰি ২৪টা কৰা হয়।,[17] আৰু পাছত ১৯৯৮ চনৰ পৰা দলৰ সংখ্যা ৩২ টালৈ উন্নীত কৰা হয়।[18] ফলত আফ্ৰিকা, এছিয়া আৰু উত্তৰ আমেৰিকা আৰু বেছি দলে অংশগ্ৰহণৰ সুযোগ পায়। এইক্ষেত্ৰত ওচেনিয়া মহাদেশ অৱশ্যে ব্যতিক্ৰম, এই পৰ্যন্ত ওচেনিয়াৰ কোনো দলে বিশ্বকাপত সুযোগ খেলাৰ সুযোগ পোৱা নাই। সাম্প্ৰতিক বছৰসমূহৰত আফ্ৰিকা, এছিয়া আৰু উত্তৰ আমেৰিকাৰ দলসমূহে তুলনামূলক ভাবে বেছি সফলতা পোৱা দেখা গৈছে। এইসমূহ এলেকাৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল পৰ্যায় পৰ্যন্ত আগবঢ়া দলসমূহৰ হলঃ মেক্সিকো(১৯৮৬ চনত কোৱাৰ্টাৰ ফাইনেল), কেমেৰুণ (১৯৬০ চনত কোৱাৰ্টাৰ ফাইনেল), কোৰিয়া গণৰাজ্য (২০০২ চনত চতুৰ্থ স্থান), চেনেগাল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ (২০০২ চনৰ কোৱাৰ্টাৰ ফাইনেল), ঘানা (২০১০ চনৰ কোৱাৰ্টাৰ ফাইনেল)। আনহাতেদি ১৯৯৪, ১৯৯৮ আৰু ২০০৬ চনৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল খেলা সকলো দেশ ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ আছিল।

২০০২ চনৰ বিশ্বকাপৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ বাবে ২০০টা দল নিৰ্বাচিত হৈছিল, ইয়াৰে ১৯৮টাই মূল পৰ্বত খেলাৰ বাবে পৰস্পৰৰ লগত প্ৰতিদ্বণ্ডিতা কৰে, আনহাতেদি ২০০৬ চনত অভিলেখ সংখ্যাক ২০৪টা দলে প্ৰাৰম্ভিক ৰাউণ্ডত ভাগ লয়।[19]

অন্যান্য ফিফা প্ৰতিযোগিতাসমূহ[সম্পাদনা কৰক]

মহিলাৰ বাবে সমমানৰ প্ৰতিযোগিতা ফিফা মহিলা বিশ্বকাপ, প্ৰথম অনুষ্ঠিত হয় ১৯৯১ চনত চীনত।[20] মহিলা বিশ্বকাপৰ পৰিধি সৰু আৰু পুৰুষৰ প্ৰতিযোগিতাতকৈ ইয়াৰ গুৰুত্ব অনেক গুণে কম। বৰ্তমানে এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী দলেৰ সংখ্যা ক্ৰমাত বৃদ্ধি পাইছে। ২০০৭ চনৰ প্ৰতিযোগিতাত ১২০ টা দলে অংশ গ্ৰহণ কৰিছি যিটো ১৯৯১ চনতৰ প্ৰতিযোগীৰ সংখ্যাৰ দুগুণ।

১৮৯৬ আৰু ১৯৩২ চনৰ অলিম্পিকক বাদ দি সকলোবোৰ অলিম্পিকতে ফুটবলক স্থান দিয়া হৈছে, আন বহুবোৰ প্ৰতিযোগিতাৰ বিপৰীতে অলিম্পিকৰ পুৰুষ ফুটবলক ঊচ্চ পৰ্যায়ৰ প্ৰতিযোগিতা বুলি গণ্য কৰা নহয়। ১৯৯২ চনৰ পৰা অলিম্পিকৰ প্ৰতিটো ফুটবলৰ দলত তিনিজন জেষ্ঠ খেলুৱৈ (২৩বছৰৰ ঊৰ্ধৰ) খেলুৱৈকো খেলাৰ অনুমতি দিয়া হয়।[21] ১৯৯৬ চনত পোন প্ৰথম বাৰৰ বাবে মহিলা ফুটবল অলিম্পিকত অন্তৰ্ভুক্ত হয়, এই প্ৰতিযোগিতাত কোনো বয়সৰ সীমা নাই।

ফিফা কনফেডাৰেচনচ কাপ হৈছে মূল বিশ্বকাপৰ আগে আগে হোৱা এখন আখৰা (মূল বিশ্বকাপৰ বাবে) প্ৰতিযোগিতা এইখন বিশ্বকাপৰ এবছৰ আগত আয়োজক দেশতে অনুষ্ঠিত হয়। ছটা কনফেডাৰেচনৰ বিজয়ী, আয়োজক দেশ আৰু বৰ্তমান বিজয়ী দলে এই প্ৰতিযোগিতাত অংশ লয়।[22]

ইয়াৰ ওপৰি ফিফাই অন্যান্য যুব প্ৰতিযোগিতাও আয়োজন কৰে । যেনে ফিফা ২০ বছৰ অনুৰ্ধ বিশ্বকাপ, ফিফা ১৭ বছৰ অনুৰ্ধ বিশ্বকাপ, ফিফা ২০ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপ, ফিফা ১৭ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপ, ফিফা ক্লাব বিশ্বকাপ, আৰু ফুটবলেৰ অন্যান্য ধাৰা যেনে, ফিফা ফুটচল বিশ্বকাপ (FIFA Futsal World Cup) আৰু ফিফা বিচ (beach) ছ’কাৰ বিশ্বকাপ।

ট্ৰফী[সম্পাদনা কৰক]

১৯৩০ চনৰ পৰা ১৯৭০ চনলৈ বিশ্বকাপ বিজয়ী দলক 'জুলে ৰিমে ট্ৰফী'(Jules Rimet Trophy) প্ৰদান কৰা হৈছিল। প্ৰথমতে ইয়াক কেৱল বিশ্বকাপ বুলিহে জনা গৈছিল, কিন্তু ১৯৪৬ চনত প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল অনুস্থিত কৰিবলৈ উদ্যোগ লোৱা ফিফাৰ সভাপতি জুলে ৰিমে (Jules Rimet)ৰ নামেৰে নামাকৰণ কৰা হয়। ১৯৭০ চনত ব্ৰাজিলে তৃতীয় বাৰৰ বাবে বিজয়ী হৈ এই ট্ৰফী স্থায়ীভাৱে লাভ কৰে।১৯৮৩ চনত এই ট্ৰফী চুৰি হৈ যায়, আৰু অনেক প্ৰচেষ্টাৰ পাছতো ইয়াৰ উদ্ধাৰ কৰিব পৰা নগল; আশংকা কৰা হয়, চোৰে এই ট্ৰফীটো গলাই বিক্ৰী কৰি দিয়ে।[23]

১৯৭০ চনৰ পিছত 'ফিফা বিশ্বকাপ ট্ৰফী'(FIFA World Cup Trophy) নামেৰে এটা নতুন ট্ৰফী তৈয়াৰ কৰা হয়। সাতখন দেশৰ পৰা ফিফাৰ বি‍শেষজ্ঞ সকলে অহা মুঠ ৫৩ টা প্ৰতিৰূপ পৰীক্ষা কৰি, শেষত ইটালিৰ শিল্পী ‘চিলভিঅ’ গাঝানিয়া’ ৰ (Silvio Gazzaniga) ৰ নমুনাটো চূড়ান্ত ভাৱে নিৰ্বাচন কৰে। ৩৬ চে. মি. (১৪.২ ইঞ্চি)ওখ আৰু সম্পূৰ্ণ ১৮ কেৰেট সোণেৰে নিৰ্মিত, এই নতুন ট্ৰফীটোৰ ওজন ৬.১৭৫ কে.জি. ।ইয়াৰ ভেঁটিটো দুই তৰপীয়া মেলাচাইট নামৰ ধাতুৰে গঢ়া, আৰু ইয়াত ১৯৭৪ চনৰ পৰা বিজয়ী হোৱা দল বিলাকৰ নাম খোদিত কৰা আছে। .‘গাঝানিয়া’ই এই ট্ৰফীৰ বিৱৰণ এনেদৰে দিছে “ইয়াৰ ভেঁটিৰ পৰা বসন্তৰ ৰেখা সৰ্পিল গতিৰে আগুৱাই সমগ্ৰ বিশ্বকে আকোৱালি লব খোজে।গতিশীলতাৰে প্ৰভাৱিত ইয়াৰ সুগঠিত গা-অংশই, শীৰ্ষাংশত বিজয়ক্ষণত দুজন এথলিটৰ মূৰ্তি তুলি ধৰে।“[24]

এই নতুন ট্ৰফীটো কোনো দলকে স্থায়ী ভাৱে দি দিয়া নহব। বিজয়ী দলে পৰবৰ্তী প্ৰতিযোগীতালৈকে এই ট্ৰফী ৰাখিব পাৰে, আৰু পাছত তেঁওলোকক প্ৰকৃত সোণৰ ট্ৰফীটোৰ ঠাইত, সোণপানী চৰোৱা এটা প্ৰতিৰূপ প্ৰদান কৰা হয়। [25]

বৰ্তমান, শীৰ্ষস্থানৰ তিনিটা দলৰ সকলো সদস্যকে ( খেলুৱৈ, প্ৰশিক্ষক আৰু প্ৰৱন্ধক সকল) বিশ্বকাপ ট্ৰফীৰ ছৱি খচিত মেডেল দিয়াৰ ব্যৱস্থা আছে, বিজয়ী দলে সোণ, ৰানাৰ্চ আপ দলে ৰূপ আৰু তৃতীয় স্থান প্ৰাপ্ত দলে ব্ৰঞ্জৰ মেডেল লাভ কৰে। ২০০২ চনৰ বিশ্বকাপত আয়োজক দেশ দক্ষিণ কোৰিয়াক চতুৰ্থ স্থানৰ বাবেও মেডেল দিয়া হৈছিল। ১৯৭৮ চনৰ আগতে কেৱল ফাইনেল আৰু তৃতীয় স্থানৰ বাবে হোৱা খেলৰ একেবাৰে শেষলৈকে খেলা ১১ জন খেলুৱৈকহে মেডেল দিয়াৰ নিয়ম আছিল। .২০০৭ চনৰ নৱেম্বৰত ফিফাই ঘোষণা কৰে যে ১৯৩০ চনৰ পৰা ১৯৭৪ চনলৈকে বিজয়ী হোৱা দলবিলাকৰ সকলো সদস্যকে পূৰ্বব্যাপী ভাৱে মেডেল প্ৰদান কৰা হব।[26][27][28]

বিন্যাস[সম্পাদনা কৰক]

যোগ্যতা নিৰ্ণয়[সম্পাদনা কৰক]

ফাইনেল খেলৰ আকাৰ সৰু কৰিবৰ বাবে ১৯৩৪ চনৰ দ্বিতীয় ফুটবল বিশ্বকাপৰ পাছৰ পৰা যোগ্যতা নিৰ্ণায়ক খেল পতাত নিয়ম আৰম্ভ হ’ল।[29] ফিফাৰ ছটা মহাদেশীয় এলেকাত, সন্দৰ্ভিত কনফেডাৰেচন বিলাকৰ তত্বাৱধানত(আফ্ৰিকা, এচিয়া, উত্তৰ আৰু মধ্য আমেৰিকা আৰু কেৰিবিয়ান দ্বীপপুঞ্জ, দক্ষিণ আমেৰিকা আৰু ইউৰোপ)এই যোগ্যতা নিৰ্ণায়ক খেল সমূহ অনুস্থিত কৰা হয়। ইয়াত কিমানখনকৈ খেল ক’ত পতা হব, এই কথাবিলাক কোনো এলেকাৰ দল সমূহৰ শক্তিৰ ওপৰত ভিত্তি কৰি ফিফাই আগতীয়াকৈ নিৰ্ধাৰণ কৰি দিয়ে।

এই যোগ্যতা নিৰ্ণয়কাৰী খেল বিলাক বিশ্বকাপৰ প্ৰায় তিনি বছৰ আগৰপৰাই আৰম্ভ হয় আৰু দুবছৰলৈ চলি থাকে। এই খেলসমূহৰ বিন্যাস কনফেডাৰেচন অনুযায়ী বেলেগ বেলেগ হয়। আন্তৰ্মহাদেশীয় ছুড়ান্ত খেল[:en: play-off|( play-off)]]বিলাকত বিজয়ী সকলক সাধাৰণতে এটা বা দুটা স্থান দি দিয়া হয়। উদাহৰণ স্বৰূপে অচেনিয় এলেকাৰ বিজয়ী আৰু এচিয় এলেকাৰ ৫ম স্থান প্ৰাপ্ত দল দুটা ২০১০ চনৰ বিশ্বকাপৰ বাবে য়োগ্যতা লাভৰ বাবে “play-off” খেলত অবতীৰ্ণ হৈছিল।[30]১৯৩৮ চনৰ বিশ্বকাপৰ পৰা আয়োজক দেশখনে আপোনা আপুনি বিশ্বকাপ খেলাৰ যোগ্যতা অৰ্জন কৰাৰ নিয়ম প্ৰচলিত হয়। ১৯৩৮ চনত পৰা ২০০২ চনলৈ আগৰবাৰৰ বিজয়ী দলতোকো যোগ্যতা অৰ্জনকাৰী খেল সমূহ নেখেলাকৈয়ে মূল বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ দিয়াৰ নিয়ম আছিল, কিন্তু সদ্যহতে ২০০৬ চনৰ পৰা এই নিয়ম বাতিল কৰা হয়। ২০০২ চনৰ বিজয়ী ব্ৰাজিল পোন প্ৰথমবাৰৰ বাবে ২০০৬ চনৰ বাবে যোগ্যতা নিৰ্ণায়ক খেল অংশগ্ৰহণ কৰা দল হিচাপে পৰিগণিত হয়।[31]

মূল বিশ্বকাপ[সম্পাদনা কৰক]

আজিকালি মূল বিশ্বকাপত আয়োজক দেশখন (কোনোক্ষেত্ৰত দেশকেইখন) ধৰি ৩২ টা দলে অংশগ্ৰহণ কৰে। খেলসমূহ দুটা পৰ্যায়ত খেলোৱা হয়, গ্ৰুপ পৰ্যায় আৰু নক-আউট পৰ্যায়।[32]

গ্ৰুপ পৰ্যায়ত দলসমূহ চাৰিটাকৈ মূঠ আঠটা গোটত ভগাই লোৱা হয়।আয়োজক দেশকে ধৰি আঠটা দলক চিডেদ (যোগ্যতাৰ দিশৰ পৰা প্ৰথম) বুলি ঘোষণা কৰা হয়, আৰু বাকী দলসমূহৰ স্থান ফিফাৰ বিশ্ব ৰেংকিং ব্যৱস্থা (FIFA World Rankings) আগৰ বিশ্বকাপ সমূহত প্ৰদৰ্শনৰ ভিত্তিত থিৰাং কৰা হয়।[33]এই চিড বা স্থানপ্ৰাপ্ত দলবিলাক লৈ এটা এটাকৈ গোটত বিভক্ত কৰা হয় । বাকী দলসমূহক সাধাৰণতে ভৌগোলিক অৱস্থানৰ ওপৰত ভিত্তি কৰি যাদৃচ্ছিক ভাৱে (randomly) এই গোটসমূহত অন্তৰ্ভুক্ত কৰা হয়। ১৯৯৮ চনৰ পৰা বলবৎ হোৱা নিয়ম মতে কোনো গোটতে দুটাতকৈ বেছি ইউৰোপীয় বা এটাতকৈ বেছি আন কনফেডাৰেচনৰ দল থাকিব নোৱাৰে।[34]

প্ৰাথমিক প্ৰৰ্য্যায়ৰ খেলসমুহ ৰাউণ্ড ৰবিন নিয়ম মতে খেলোৱা হয়, অৰ্থাৎ প্ৰত্যেক দলেই নিজৰ গোটৰ আন তিনিটা দলৰ বিৰূদ্ধে তিনিখনকৈ খেল খেলে।অন্তিম তিনিখন খেল একে সময়তে পতা হয় যাতে চাৰিওটা দলেই সমান সুবিধা লাভ কৰে।[35]প্ৰত্যেক গোটৰ শীৰ্ষ স্থান পোৱা দুটাকৈ দলে নক-আউট পৰ্য্যায়ত খেলাৰ সুযোগ লাভ কৰে। এই শীৰ্ষ স্থান বাছনিৰ বাবে পইণ্ট বা অংক ব্যৱস্থা প্ৰয়োগ কৰা হয়।.১৯৯৪ চনৰ পৰা, বিজয়ী হলে ৩, ড্ৰ ৰাখিলে ১ আৰু পৰাজিত হ’লে শূণ্য অংক পোৱাৰ ব্যৱস্থা প্ৰচলিত হয়। ( আগতে বিজয়ী দলে ২ অংক লাভ কৰিছিল।

শীৰ্ষস্থান বাচনিৰ বাবে তলত দিয়া ধৰণৰ হিচাপ কৰা হয়:[36]

  1. গ্ৰুপ পৰ্য্যায়ত লাভকৰা সৰ্বাধিক অংক
  2. গ্ৰুপ পৰ্যায়ত সৰ্বাধিক গ’লৰ ব্যৱধান
  3. গ্ৰুপ পৰ্য্যায়ত কোনো দলে কৰা সৰ্বাধিক গ’ল
  4. ইয়াৰ পাছতো যদি দুটা বা ততোধিক দল একে স্থানত থাকে, তেন্তে তলত উল্লেখ কৰা উপায়েৰে তেওলোকৰ স্থান নিৰ্ধাৰণ কৰা হয়
    1. দলবিলাকে পৰস্পৰৰ বিৰূদ্ধ অৰ্জন কৰা অংক
    2. পৰস্পৰৰ বিৰূদ্ধে কৰা গ’লৰ ব্যৱধান
    3. পৰস্পৰৰ বিৰূদ্ধে কৰা গ’লৰ সংখ্যা
  5. ইয়াৰ পাছতো সমাধান নোলালে, লটাৰী যোগে যোগ্যতা অৰ্জন কাৰী দল নিৰ্বাচন কৰাৰ ব্যৱস্থা আছে।

নক-আউট পৰ্য্যায় হ’ল কোনো এখন খেল হাৰিলেই বাহিৰ হৈ যোৱা ব্যৱস্থা।প্ৰত্যেক খন মেছতেই পৰাজিত দলটো প্ৰতিযোগীতাৰ পৰা বাহিৰ হব লগা পৰে; ফলাফল নিৰ্ধাৰণ কৰিবলৈ ‘অতিৰিক্ত সময়’ আৰু ‘পেনাল্টী ছুট-আউট’ ব্যৱহাৰ কৰা হয়। ১৬ টা দলেৰে এই নক-আউট পৰ্য্যায়ৰ খেলসমূহ আৰম্ভ কৰা হয়( ইয়াক দ্বিতীয় ৰাউণ্ড বুলিও কোৱা হয়), যত প্ৰত্যেক গোটৰ বিজয়ী দলটোৱে আন এটা গোটৰ ৰানাৰ্চ –আপ দলৰ সৈতে খেলত অৱতীৰ্ণ হয়। ইয়াৰ পাছত কোৱাৰ্টাৰ ফাইনেল, চেমি ফাইনেল, তৃতীয় স্থানৰ বাবে খেল ( চেমি ফাইনেলত পৰাজিত দল দুটাৰ মাজত) আৰু সৰ্বশেষত ফাইনেল খেল অনুষ্ঠিত হয়।[32]

আয়োজক দেশসমুহ[সম্পাদনা কৰক]

নিৰ্বাচন প্ৰক্ৰিয়া[সম্পাদনা কৰক]

আগৰ বিশ্বকাপ বিলাক স্থান নিৰ্বাচনৰ কামতো ফিফা কংগ্ৰেছৰ সভা বিলাকতে সম্পন্ন কৰা হৈছিল। কিন্তু স্থান বিলাকক লৈ বহুত বিতৰ্ক হোৱা দেখা গৈছিল, কাৰণ ফুটবলৰ কেন্দ্ৰ হিচাপে চিহ্নিত ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰৰ মাজত যাতায়তৰ নাৱেৰে বাবে ৩ সপ্তাহ মান সময়ৰ প্ৰয়োজন হৈছিল। উদাহৰণ স্বৰূপে প্ৰথম বিশ্বকাপ উৰুগুৱেত অনুষ্ঠিত কৰা বাবে মাত্ৰ চাৰিখন ইউৰোপীয় দেশেহে তাত অংশ লৈছিলগৈ।[37]তাৰ পৰৱৰ্তী দুয়ুখন বিশ্বকাপ ইউৰোপত অনুষ্ঠিত কৰা হৈছিল।তৃতীয় বিশ্বকাপ ফ্ৰান্সত অনুষ্ঠিত কৰা বাবে দক্ষিণ আমেৰিকাৰ বহুতো দেশে অসন্তুস্তি প্ৰকাশ কৰিছিল কাৰণ তেঁওলোকে অনুমান কৰি লৈছিল যে তেঁওলোক আৰু ইউৰোপৰ মাজত সলনা সলনিকৈ বিশ্বকাপ আয়োজন স্থান নিৰ্বাচন কৰা হব। আৰ্জেণ্টিনা আৰু উৰুগুৱে দুয়ুখন দেশেই ১৯৩৮ চনৰ বিশ্বকাপ বৰ্জন কৰিছিল।[38]

১৯৫৮ চনৰ পৰা এই বিতৰ্ক আৰু বৰ্জন বিলাক পৰিহাৰ কৰি চলিবলৈ ফিফাইউৰোপ আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত সলনা সলনিকৈ বিশ্বকাপ আয়োজন কৰাৰ সিদ্ধান্ত লয়, আৰ ১৯৯৮ চনলৈকে এনেদৰেই চলি থাকে। ২০০২ চনত বিশ্বকাপ দক্ষিণ কোৰিয়া আৰু জাপানে যুটীয়া ভাৱে অনুস্থিত কৰে, এইয়া এচিয়াত হোৱা প্ৰথম বিশ্বকাপ আৰু আজলিলৈকে একমাত্ৰ য়ুটীয়াভাৱে অনুষ্ঠিত বিশ্বকাপ।[39] ২০১০ চনত দক্ষিণ আফ্ৰিকা বিশ্বকাপ অনুষ্ঠিত কৰা প্ৰথম আফ্ৰিকীয় দেশ হিচাপে পৰিগণিত হয়।হয়। ২০১৪ চনত ব্ৰাজিলত হব লগা বিশ্বকাপ, ১৯৭৮ চনৰ পাছত প্ৰথম দক্ষিণ আমেৰিকাত পতা বিশ্বকাপ হব[40], আৰু প্ৰথম বাৰৰ বাবে একেৰাহে দুবাৰ ইউৰোপৰ বাহিৰত বিশ্বকাপ অনুষ্ঠিত কৰাৰ উদাহৰণ হব।

আজিকালি ফিফাৰ কাৰ্যকৰী সমিতিত ভোট যোগে আয়োজক দেশ নিৰ্বাচন কৰা হয়।এই ভোটদানএকধৰণৰ “ সম্পূৰ্ণ বেলট” (exhaustive ballot) প্ৰক্ৰিয়াৰে সম্পন্ন কৰা হয়।বিশ্বকাপ আয়োজন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা দেশসমূহৰ জাতীয় ফুটবল সংস্থাবিলাকে ফিফাৰ পৰা এখন “আয়োজন চুক্তি”(Hosting Agreement) পায়, যত আয়োজনৰ বাবে লব লগা পদক্ষেপ আৰু আৱশ্যকতা সমূহ লিখা থাকে। তাৰোপৰি তেঁওলোকে একোখনকৈ প্ৰপত্ৰও লাভ কৰে, যিখন দাখিল কৰাৰ অৰ্থ হ’ল আয়োজক হিচাপে প্ৰাৰ্থীত্ব আধিকাৰিক ভাৱে নিশ্চিত কৰা। ইয়াৰ পাছত ফিফাৰ এক কতৃত্বশীল প্ৰতিনিধিমণ্ডলে নিৰ্দিষ্ট দেশখন ভ্ৰমণ কৰে আৰু দেশ খনৰ বিশ্বকাপ আয়োজন কৰাৰ সক্ষমতাৰ চাক্ষুস প্ৰমাণ লয়।তাৰ পাছত তেঁওলোকে ফিফাৰ কাৰ্যালয়ত এক প্ৰতিবেদন দাখিল কৰে। চূড়ান্ত ভাৱে নিৰ্বাচিত আয়োজক দেশখনৰ নাম প্ৰতিযোগীতাৰ ৬ বা ৭ বছৰ আগতেই ঘোষণা কৰা হয়। কেতিয়াবা ভৱি‍ষ্যতৰ দুই বা তাতোধিক বিশ্বকাপৰ আয়োজক দেশৰ নাম একেলগে ঘোষণা কৰা হয়, যেনে ২০১৮ আৰু ২০২২ চনৰ বিশ্বকাপ আয়োজনৰ সুযোগ ক্ৰমে ৰাছিয়া আৰু কাটাৰক দিয়া হৈছে।

২০১০ আৰু ২০১৪ চনৰ বিশ্বকাপ দুখন কনফেডাৰেচনৰ মাজত ভগাই দিয়া হৈছিল ( ২০১০ত আফ্ৰিকা আৰু ২০১৪ দক্ষিণ আমেৰিকা), যাতে সেই কনফেডাৰেচন মাজৰ পৰা কেৱল আয়োজক দেশখন নিৰ্বাচন কৰিলেই হয়। ২০০৬ চনৰ আয়োজনৰ বাবে জাৰ্মানী দক্ষিণ আফ্ৰিকাৰ বিৰূদ্ধে ভোটত জয়ী হোৱাত এই ভগাই দিয়া পদ্ধতিয়ে যথেষ্ট বিতৰ্কৰ সূচনা কৰে।. অৱশ্যে এই কনফেডাৰেচনৰ মাজত ভগাই দিয়া প্ৰক্ৰিয়া ২০১৪ চনৰ পাছত বন্ধ কৰি দিয়া হব। গতিকে ২০১৮ চনৰ পৰা আগৰ দুবাৰ আয়োজনৰ সুবিধা পোৱা কনফেডাৰেচনৰ দেশসমূহৰ বাদে যিকোনো দেশেই আয়োজনৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াব পাৰিব।[41] ২০১৪ চনৰ বাবে ব্ৰাজিল আধিকাৰিক ভাৱে একমাত্ৰ প্ৰাৰ্থী আছিল, এই পৰিস্থিতি আকৌ নহবৰ বাবেই এনে ব্যৱস্থা ৰখা হৈছে। ,

কৃতকাৰ্যতা[সম্পাদনা কৰক]

বিশ্বকাপৰ আজি পৰ্যন্ত আঠটা বিজয়ী দলৰ ভিতৰত ছটা দলেই নিজৰ দেশত খেলি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে, অৱশ্যে তাৰ অন্যথাও নোহোৱা নহয়, ১৯৫০ চনত ব্ৰাজিল নিজ দেশত ফাইনেলত পৰাস্ত হয়, ১৯৮২ত স্পেইন কেৱল দ্বিতীয় ৰাউণ্ডলৈকেহে যাবলৈ সক্ষম হয়। ইংলেণ্ড ( ১৯৬৬ চন) আৰু ফ্ৰান্স (১৯৯৮) কেৱল নিজৰ মাটিত খেলিহে চেম্পিয়ন হৈছে।উৰুগুৱে(১৯৩০), ইটালী(১৯৩৪) আৰু আৰ্জেণ্টিনা (১৯৭৯)নিজৰ দেশত খেলি প্ৰথমবাৰ বিজয়ী হোৱাৰ পাছত আনদেশতো বিজয়ী হৈছে, আনহাতে জাৰ্মানীয়ে পূৰ্বতে আনদেশত জয়ী হোৱাৰ পাছত দ্বিতীয় বাৰৰ বাবে নিজৰ দেশত সফলতা লাভ কৰিছে।

বিশ্বকাপত আয়োজক দেশ বিলাকৰ সফলতা মন কৰিবলগীয়া। চুইডেন( ১৯৫৮ চনত ৰানাৰ্চ আপ), চিলি(১৯৬২ চনত তৃতীয় স্থান), কোৰিয়া প্ৰজাতন্ত্ৰ(২০০২ চনত চতুৰ্থ স্থান), আৰু মেক্সিক’(১৯৭০ আৰু ১৯৮৬ ত কোৱাৰ্টাৰ ফাইনেল) আদি দেশে নিজে আয়োজন কৰোতেহে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হৈছে।এতিয়ালৈকে দক্ষিণ আফ্ৰিকাই একমাত্ৰ আয়োজক দেশ যি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লব লগা হৈছিল।

সংগঠন আৰু মেডিয়া কভাৰেজ[সম্পাদনা কৰক]

১৯৫৪ চনত বিশ্বকাপ পোনপ্ৰথম বাৰৰ বাবে দুৰদৰ্শন যোগে সম্প্ৰচাৰ কৰা হয়, আৰু বৰ্তমান ই দুৰদৰ্শনৰ দৰ্শকৰ সংখ্যাৰ হিচাপত অলিম্পিককো পিছ পেলাই সকলোতকৈ জনপ্ৰিয় ক্ৰীড়া হিচাপে পৰিগণিত হৈছে।২০০৬ চনৰ বিশ্বকাপৰ খেল সমূহ সকলো মিলাই প্ৰায় ২৬.২৯ বিলিয়ন দৰ্শকে উপভোগ কৰে।[1] এই বিশ্বকাপৰ ফাইনেল খেলখন চোৱা দৰ্শকৰ সংখ্যা প্ৰায় ৭১৫.১ মিলিয়ন, ( পৃথিৱীৰ জনসংখ্যাৰ এক নৱমাংশ)।আনকি এই বিশ্বকাপত দলসমূহ আঠটা গোটত বিভক্ত কৰা অনুষ্ঠান টোও ৩০০ মিলিয়ন দৰ্শকে উপভোগ কৰে।[42]

১৯৬৬ চনৰ পৰা প্ৰত্যেক বিশ্বকাপৰে নিজাকৈ একোটা মেস্কট বা শুভংকৰ ৰখা হৈছে। ১৯৬৬ চনৰ ‘ৱৰ্ল্ড কাপ ৱিলি’ (World Cup Willie) বিশ্বকাপৰ প্ৰথম শুভংকৰ (World Cup mascot).[43]আধুনিক বিশ্বকাপ কেইখনত' সুকীয়াকৈ নিৰ্মাণ কৰা"আধিকাৰিক বিশ্বকাপ বল"(official match balls) ব্যৱহাৰ কৰাৰো পৰম্পৰা দেখা গৈছে।

দৰ্শক[সম্পাদনা কৰক]

বৰ্ষ আৰু আয়োজক মুঠ দৰ্শক মুঠ খেল দৰ্শকৰ গড় উপস্থিতি % সলনি
উৰুগুৱে ১৯৩০ ৪,৩৪,৫০০ ১৮ ২৪,১৩৯ --
ইটালী ১৯৩৪ ৩,৫৮,০০০ ১৭ ২১,০৫৯ --
ফ্ৰান্স ১৯৩৮ ৪,৮৩,০০০ ১৮ ২৬,৮৩৩ --
ব্ৰাজিল ১৯৫০ ১০,৪৩,৫০০ ২২ ৪৭,৪৩২ --
ছুইজাৰলেণ্ড ১৯৫৪ ৮,৮৯,৫০০ ২৬ ৩৪,২১২ --
ছুইডেন ১৯৫৮ ৯,১৯,৫৮০ ৩৫ ২৬,২৭৪ --
চিলি ১৯৬২ ৮,৯৯,০৭৪ ৩২ ২৮,০৯৬ --
ইংলেণ্ড ১৯৬৬ ১৬,৩৫,০০০ ৩২ ৫১,০৯৪ --
মেক্সিকো ১৯৭০ ১৬,০৩,৯৭৫ ৩২ ৫০,১২৪ --
জাৰ্মানী ১৯৭৪ ১৭,৭৪,০২২ ৩৮ ৪৬,৬৮৫ --
আৰ্জেণ্টিনা ১৯৭৮ ১৫,৪৬,১৫১ ৩৮ ৪০,৬৮৮ --
স্পেইন ১৯৮২ ২১,০৯,৭২৩ ৫২ ৪০,৫৭২ --
মেক্সিকো ১৯৮৬ ২৩,৯৩,০৩১ ৫২ ৪৬,০২০ --
ইটালী ১৯৯০ ২৫,১৬,৩৪৮ ৫২ ৪৮,৩৯১ --
মাৰ্কিন যুক্তৰাষ্ট্ৰ ১৯৯৪ ৩৫,৮৭,৫৩৮ ৫২ ৬৮,৯৯১ --
ফ্ৰান্স ১৯৯৮ ২৭,৮৫,১০০ ৬৪ ৪৩,৫১৭ --
জাপানদক্ষিণ কোৰিয়া ২০০২ ২৭,০৫,১৯৭ ৬৪ ৪২,২৬৯ --
জাৰ্মানী ২০০৬ 3,359,439 ৬৪ ৫২,৪৯১ --
দক্ষিণ আফ্ৰিকা ২০১০ ৩১,৭৮,৮৫৬ ৬৪ ৪৯,৬৭০ --
ব্ৰাজিল ২০১৪ -- ৬৪ -- --
ৰাছিয়া ২০১৮ -- ৬৪ -- --

টোকা:

ফলাফল[সম্পাদনা কৰক]

বৰ্ষ আয়োজক বিজয়ী গ’ল সংখ্যা ৰানাৰ্চ আপ তৃতীয় স্থান গ’ল সংখ্যা চতুৰ্থ স্থান মুঠ দলৰ সংখ্যা
১৯৩০
 উৰুগুৱে
উৰুগুৱে
৪-২
আৰ্জেণ্টিনা

মাৰ্কিন যুক্তৰাষ্ট্ৰ
[note 1] সাঁচ:Country data Kingdom of Yugoslavia ১৩
১৯৩৪
 ইটালী
ইটালী
২-১
(অ.স.)

চেক’শ্লভাকিয়া

জাৰ্মানী
৩–২
অষ্ট্ৰিয়া
১৬
১৯৩৮
 ফ্ৰান্স
ইটালী
৪-২
হাংগেৰী

ব্ৰাজিল
৪-২
ছুইডেন
১৬/১৫

[note 2]

১৯৫০
 ব্ৰাজিল
উৰুগুৱে
[note 3]
ব্ৰাজিল

ছুইডেন
[note 3]
স্পেইন
১৬/১৩

[note 4]

১৯৫৪
 ছুইজাৰলেণ্ড
পশ্চিম জাৰ্মানী
৩-২
হাংগেৰী

অষ্ট্ৰিয়া
৩-১
উৰুগুৱে
১৬
১৯৫৮
 ছুইডেন
ব্ৰাজিল
৫-২
ছুইডেন

ফ্ৰান্স
৬-৩
পশ্চিম জাৰ্মানী
১৬
১৯৬২
 চিলি
ব্ৰাজিল
৩-১
চেক’শ্লভাকিয়া

চিলি
১-০
য়ুগোশ্লভিয়া
১৬
১৯৬৬
 ইংলেণ্ড
ইংলেণ্ড
৪-২
(অ.স.)

পশ্চিম জাৰ্মানী

পৰ্তুগাল
২-১
ছোভিয়েট ইউনিয়ন
১৬
১৯৭০
 মেক্সিকো
ব্ৰাজিল
৪-১
ইটালী

পশ্চিম জাৰ্মানী
১-০
উৰুগুৱে
১৬
১৯৭৪
Details
 পশ্চিম জাৰ্মানী
পশ্চিম জাৰ্মানী
২-১
নেদাৰলেণ্ড

প'লেণ্ড
১-০
ব্ৰাজিল
১৬
১৯৭৮
 আৰ্জেণ্টিনা
আৰ্জেণ্টিনা
৩-১
(অ.স.)

নেদাৰলেণ্ড

ব্ৰাজিল
২-১
ইটালী
১৬
১৯৮২
 স্পেইন
ইটালী
৩-১
পশ্চিম জাৰ্মানী

প'লেণ্ড
৩-২
ফ্ৰান্স
২৪
১৯৮৬
 মেক্সিকো
আৰ্জেণ্টিনা
৩-২
পশ্চিম জাৰ্মানী

ফ্ৰান্স
৪-২
(অ.স.)

বেলজিয়াম
২৪
১৯৯০
 ইটালী
পশ্চিম জাৰ্মানী
১-০
আৰ্জেণ্টিনা

ইটালী
২-১
ইংলেণ্ড
২৪
১৯৯৪
 মাৰ্কিন যুক্তৰাষ্ট্ৰ
ব্ৰাজিল
০-০
(৩–২প)

ইটালী

ছুইডেন
৪–০
বুলগেৰিয়া
২৪
১৯৯৮
 ফ্ৰান্স
ফ্ৰান্স
৩-০
ব্ৰাজিল

ক্ৰয়েছিয়া
২-১
নেদাৰলেণ্ড
৩২
২০০২
 দক্ষিণ কোৰিয়া
&  জাপান

ব্ৰাজিল
২-০
জাৰ্মানী

তুৰ্কী
৩-২
দক্ষিণ কোৰিয়া
৩২
২০০৬
 জাৰ্মানী
ইটালী
১-১
(৫–৩প)

ফ্ৰান্স

জাৰ্মানী
৩-১
পৰ্তুগাল
৩২
২০১০
 দক্ষিণ আফ্ৰিকা
স্পেইন
১-০
(অ.স.)

নেদাৰলেণ্ড

জাৰ্মানী
৩–২
উৰুগুৱে
৩২
  • অ.স.: অতিৰিক্ত সময়
  • : পেনাল্টি শ্বুট আউট
টোকা
  1. ১৯৩০ চনৰ বিশ্বকাপত কোনো তৃতীয় স্থান নিৰ্ণয়কাৰী খেল হোৱা নাছিল, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু যুগ’শ্লভিয়া চেমি ফাইনেলত পৰাস্ত হৈছিল, পাছত ফিফাই প্ৰতিযোগিতাখনৰ সামগ্ৰিক প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি আমেৰিকাক তৃতীয় স্থানৰ দল বুলি ঘোষণা কৰে।[44]
  2. প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পাছত জাৰ্মানীৰ লগত হোৱা চামিলকৰণ(Anschluss)ৰ বাবে নাম প্ৰত্যাহাৰ কৰে, কিছুসংখ্যাক অষ্ট্ৰীয়াৰ খেলুৱৈএ জাৰ্মান দলত যোগদান কৰে, ফলত প্ৰতিযোগিতাৰ মুঠ দল ১৫টা হয়গৈ।
  3. 3.0 3.1 ১৯৫০ চনৰ বিশ্বকাপত কোনো আধিকাৰীক চুড়ান্ত খেল হোৱা নাছিল।[45] চুড়ান্ত বিজয়ী ৰাউণ্ড ৰ’বিন পদ্ধতিৰে শীৰ্ষ চাৰিটা দল উৰুগুৱে, ব্ৰাজিল, চুইডেন আৰু স্পেইনৰ মাজৰ পৰা নিৰ্বাচন কৰা হৈছিল, প্ৰতিযোগিতা খনৰ শেষৰ দুখন খেলৰ এখন শীৰ্ষস্থানত থকা দুটা দলৰ মাজতে অনুষ্ঠিত হৈছিল, সেয়েহে এই খনকে এই বিশ্বকাপৰ চুড়ান্ত খেল বুলি কোৱা হয়। এই খেলত উৰুগুৱেই ব্ৰাজিলক ২-১ত পৰাস্ত কৰে।[46] আনহাতেদি একে সময়তে হোৱা চুইডেন আৰু স্পেইনৰ খেল খন তৃতীয় স্থানৰ খেলৰ দৰে হয়, যিখন খেলত চুইডেনে স্পেইনক ৩-১ত পৰাস্ত কৰে।
  4. ১৯৫০ চনৰ বিশ্বকাপত মাত্ৰ ১৩টা দলেহে ভাগ লয়।[47] প্ৰথমে ১৬টা দলক চুড়ান্ত কৰা হৈছিল এই প্ৰতিযোগিতাৰ বাবে, পাছত দ্ৰ(draw)ৰ আগে আগে তুৰ্কী আৰু স্কটলেণ্ডে নিজৰ নাম প্ৰত্যাহাৰ কৰে, তেতিয়া বিকল্প দল হিচাপে ফ্ৰান্সক নিমন্ত্ৰণ কৰা হয়, হলত দৰৰ সংখ্যা হয় ১৫, আকৌ দ্ৰ(draw)ৰ পাছৰ ফ্ৰান্স আৰু ভাৰতে নাম প্ৰত্যাহাৰ কৰাত ১৩টা দলেহে প্ৰতিযোগিতাত ভাগ লয়।

এতিয়ালৈকে সৰ্বমুঠ ৭৬খন দেশে কমেও এবাৰ হ’লেও বিশ্বকাপ খেলিছে[48] , ইয়াৰে আঠটা দলে বিশ্বকাপৰ খিটাপ দখল কৰিছে। বিশ্বকাপত বিজয়ী দলসমূহে নিজৰ নিজৰ বেজ (badge) সমূহত তৰাৰ চিহ্ন লগোৱাৰ সন্মান পায়, কোনো দলে বিশ্বকাপ যিমান টা জিকিছে সিমান সংখ্যাক তৰা নিজৰ বেজত লগাব পাৰে। অৱশ্যে ঊৰুগুৱেই নিজৰ বেজত চাৰিটা তৰা লগায় (ইয়াৰে দুটা প্ৰথম দুটা অলিম্পিকৰ স্বৰ্ণ পদকৰ বাবে, আৰু দুটা বিশ্বকাপৰ বাবে)।

পাচঁবাৰৰ বিজয়ী ব্ৰাজিল বিশ্বকাপৰ সবাটোতকৈ সফল দল, তাৰোপৰি ব্ৰাজিল এতিয়ালৈকে অনুষ্ঠিত হোৱা সকলোবোৰ বিশ্বকাপ খেলা একমাত্ৰ দেশ।[49] ২০১৪চনৰ ২০ত্বম বিশ্বকাপ ব্ৰাজিলে আয়োজন কৰিব। ইটালী (১৯৩৪ আৰু ১৯৩৮) আৰু ব্ৰাজিল (১৯৫৮ আৰু ১৯৬২) হৈছে ক্ৰমাগত দুখন বিশ্বকাপ খিটাপ দখল কৰা দল। তাৰোপৰি পশ্চিমা জাৰ্মানী আৰু ব্ৰাজিল হৈছে ক্ৰমাগত তিনিখন বিশ্বকাপৰ চুড়ান্ত খেল খেলা দল। জাৰ্মানীয়ে সৰ্বাধিক সংখ্যাক বাৰ (১২ বাৰ) শীৰ্ষ চাৰিটা স্থানৰ ভিতৰত স্থান পাইছে। আনহাতেদি জাৰ্মানী আৰু ব্ৰাজিলে সৰ্বাধিক সংখ্যাক (৭) বাৰ প্ৰথম দুটা স্থাৰ ভিতৰত এটা দখল কৰিছে।

শীৰ্ষস্থানত থকা ৪ টা দ’ল[সম্পাদনা কৰক]


দ’ল শীৰ্ষক দ্বিতীয় স্থান তৃতীয় স্থান চতুৰ্থ স্থান Total finishes in top four
 ব্ৰাজিল ৫ (১৯৫৮, ১৯৬২, ১৯৭০, ১৯৯৪, ২০০২) ২ (১৯৫০*, ১৯৯৮) ২ (১৯৩৮, ১৯৭৮) ১ (১৯৭৪) ১০
 ইটালী ৪ (১৯৩৪*, ১৯৩৮, ১৯৮২, ২০০৬) ২ (১৯৭০, ১৯৯৪) ১ (১৯৯০*) ১ (১৯৭৮)
 জাৰ্মানী^ ৩ (১৯৫৪, ১৯৭৪*, ১৯৯০) ৪ (১৯৬৬, ১৯৮২, ১৯৮৬, ২০০২) ৪ (১৯৩৪, ১৯৭০, ২০০৬*, ২০১০) ১ (১৯৫৮) ১২
 আৰ্জেণ্টিনা ২ (১৯৭৮*, ১৯৮৬) ২ (১৯৩০, ১৯৯০)
 উৰুগুৱে ২ (১৯৩০*, ১৯৫০) ৩ (১৯৫৪, ১৯৭০, ২০১০)
 ফ্ৰান্স ১ (১৯৯৮*) ১ (২০০৬) ২ (১৯৫৮, ১৯৮৬) ১ (১৯৮২)
 ইংলেণ্ড ১ (১৯৬৬*) ১ (১৯৯০)
 স্পেইন ১ (২০১০) ১ (১৯৫০)
 নেদাৰলেণ্ড ৩ (১৯৭৪, ১৯৭৮, ২০১০) ১ (১৯৯৮)
 চেক’শ্লভাকিয়া# ২ (১৯৩৪, ১৯৬২)
 হাংগেৰী ২ (১৯৩৮, ১৯৫৪)
 ছুইডেন ১ (১৯৫৮*) ২ (১৯৫০, ১৯৯৪) ১ (১৯৩৮)
 প'লেণ্ড ২ (১৯৭৪, ১৯৮২)
 অষ্ট্ৰিয়া ১ (১৯৫৪) ১ (১৯৩৪)
 পৰ্তুগাল ১ (১৯৬৬) ১ (২০০৬)
 মাৰ্কিন যুক্তৰাষ্ট্ৰ ১ (১৯৩০)
 চিলি ১ (১৯৬২*)
 ক্ৰয়েছিয়া ১ (১৯৯৮)
 তুৰ্কী ১ (২০০২)
 য়ুগোশ্লভিয়া# ২ (১৯৩০, ১৯৬২)
 ছোভিয়েট ইউনিয়ন# ১ (১৯৬৬)
 বেলজিয়াম ১ (১৯৮৬)
 বুলগেৰিয়া ১ (১৯৯৪)
 দক্ষিণ কোৰিয়া ১ (২০০২*)
* =আয়োজক দেশ

মহাদেশীয় অঞ্চল হিচাপে শ্ৰেষ্ঠ প্ৰদৰ্শন[সম্পাদনা কৰক]

আজলৈকে বিশ্বকাপৰ ফাইনেলত কেৱল ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহেহে প্ৰতিদ্বন্দিতা কৰিছে; ইউৰোপে ১০ বাৰ আৰু দক্ষিণ আমেৰিকাই ৯ বাৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে।এই দুই মহাদেশৰ বাহিৰৰ দলবোৰৰ ভিতৰত দুটা দলেহে চেমি-ফাইনেল পৰ্যন্ত আগুৱাবলৈ সক্ষম হৈছে, ১৯৩০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ (উত্তৰ, মধ্য আমেৰিকা আৰুকেৰিবিয়ান দ্বীপপূঞ্জৰ পৰা)) আৰু ২০০২ চনত কোৰিয়া ( এচিয়াৰ পৰা)।এই পৰ্যন্ত আফ্ৰিকাৰ শ্ৰেষ্ঠ প্ৰদৰ্শন হ’ল ১৯৯০ চনত কেমেৰুন, ২০০২ চনত চেনেগাল আৰু ২০১০ চনত ঘানাই কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত অগ্ৰসৰ হোৱা। অচেনিয়াৰ পৰা একমাত্ৰ যোগ্যতা অৰ্জন কাৰী দল অষ্ট্ৰেলিয়া, ২০০৬ চনত ২য় ৰাউণ্ডলৈ আগবাঢ়িবলৈ সক্ষম হয়।[50]

ব্ৰাজিল, আৰ্জেণ্টিনা আৰু স্পেইন কেৱল এনে দেশ, যি নিজৰ কনফেদডাৰেচনৰ বাহিৰতো বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছে;ব্ৰাজিল ইউৰোপ(১৯৫৮), উত্তৰ আমেৰিকা(১৯৭০ আৰু ১৯৯৪) আৰুএচিয়া(২০০২)ত বিজয়ী হয়। আৰ্জেণ্টিনাই ১৯৮৬ চনত উত্তৰ আমেৰিকাত বিজয়ী হয়। আনহাতে স্পেইন ২০১০ চনৰ একমাত্ৰ আফ্ৰিকীয় বিশ্বকাপত চেম্পিয়ন হয়। কেৱল তিনিবাৰহে একে মহাদেশৰ দলে একেৰাহে দুটা বিশ্বকাপ জয় কৰিছে, ব্ৰাজিলে দুবাৰকৈ; ১৯৩৮ আৰু ১৯৬২ চনত নিজৰ খিতাপ ধৰি ৰাখিবলৈ সক্ষম হয়, আনহাতে ২০০৬ আৰু ২০১০ চনত ইউৰোপইটালী আৰু স্পেইন ক্ৰমাগত ভাৱে বিজয়ী হয়।

পুৰষ্কাৰ সমূহ[সম্পাদনা কৰক]

বিশ্বকাপৰ শেষত, দলৰ চূড়ান্ত স্থানকেইটাৰ উপৰিও আন কেইটামান পুৰষ্কাৰ দিয়া হয় । বৰ্তমানে ৬ টা তেনেধৰণৰ পুৰষ্কাৰ আছে।:[51]

  • সোণালী বল (Golden Ball) : প্ৰতিযোগীতাৰ শ্ৰেষ্ঠ খেলুৱৈ জনক এই বঁটা দিয়া হয়, সংবাদ মাধ্যমৰ সদস্য সকলৰ ভোটেৰে এই খেলুৱৈ জনক নিৰ্বাচন কৰা হয় ( প্ৰথম বাৰ ১৯৮২ চনত দিয়া হৈছিল), একেধৰণে দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত দুজনক ক্ৰমে ৰূপালী বল (Silver Ball)আৰু ব্ৰঞ্জৰ বল( Bronze Ball) প্ৰদান কৰা হয়।;[52]
  • সোণালী জোতা (Golden Boot or Golden Shoe) : প্ৰতিযোগীতাত সৰ্বাধিক গ’ল কৰোতাজনক এই পুৰষ্কাৰ দিয়া হয়। ( প্ৰথম ১৯৮২ এই বঁটা প্ৰৱৰ্তন কৰা হয়, কিন্তু ১৯৩০ চনলৈকে সকলোকে পূৰ্বব্যাপী ৰূপত এই বঁটা প্ৰদান কৰা হয়) ।সদ্যহতে দ্বিতীয় আৰু তৃতীয় সৰ্বাধিক গল কৰোতাক ক্ৰমে ৰূপালী আৰু ব্ৰঞ্জৰ জোতা দিয়াৰ নিয়ম প্ৰচলন হৈছে।;[53]
  • সোণালী হাতমোজা ( আগৰ য়াছিন বঁটা)(Golden Glove Award):ফিফাৰ কাৰীকৰী অধ্যয়ন গোটে নিৰ্বাচিত কৰা প্ৰতিযোগীতাৰ সৰ্বশ্ৰেষ্ঠ গলৰক্ষক জনক এই পুৰষ্কাৰ দিয়া হয়। ( ১৯৯৪ চনত প্ৰবৰ্তন)[54]
  • শ্ৰেষ্ঠ যুব খেলুৱৈ পুৰষ্কাৰ (Best Young Player Award): ২১ বছৰ বা তাতকৈ কম বয়সৰ শ্ৰেষ্ঠ খেলুৱৈ জনক ২০০৬ চনৰ পৰা এই বঁটা প্ৰদান কৰা হৈ আহিছে। তেঁওক ফিফাৰ কাৰীকৰী অধ্যয়ন গোটে নিৰ্বাচিত কৰে।[55]
  • ফিফা ফেয়াৰ প্লে বঁটা: (FIFA Fair Play Trophy) সকলোতকৈ ভদ্ৰ খেল প্ৰদৰ্শন কৰা দলটোক, অংক(fair play points) আৰু ফিফাৰ ফেয়াৰ প্লে সমিতিৰ মাপকাঁঠি অনুযায়ী এই পুৰষ্কাৰ প্ৰদান কৰো হয়। এই বঁটা প্ৰথম বাৰ ১৯৭৮ চনত দিয়া হৈছিল।[55]
  • সৰ্বাধিক মনোৰঞ্জন কৰা দল (Most Entertaining Team): দৰ্শকক সকলোতকৈ বেছি আমোদ দিয়া দলটো দৰ্শকৰ ভোটৰে নিৰ্বাচন কৰি এই বঁটা দিয়া হয়।( প্ৰথম দিয়া হৈছিল ১৯৯৪ চনত)[55]

প্ৰতিযোগীতাৰ শেষত সকলো দলৰে শ্ৰেষ্ঠ খেলুৱৈ সকলক লৈ এটা “সৰ্ব তাৰকা দল”[[en: FIFA World Cup awards#All-Star Team|(All-Star Team) ঘোষণা কৰাৰ প্ৰথাও ১৯৯৮ চনৰ পৰা চলি আহিছে।

অভিলেখ আৰু পৰিসংখ্যা[সম্পাদনা কৰক]

সকলোতকৈ বেছি বিশ্বকাপ খেলাৰ অভিলেখ দুজন খেলুৱৈৰ হাতত আছে, মেক্সিক’ৰ এণ্টনিঅ’ কাৰ্বাল (১৯৫০-১৯৬৬) আৰু জাৰ্মানীৰ ল’থাৰ মেথিয়াছ (Lothar Matthäus)(১৯৮২-১৯৯৮) , দুয়ুজনে ৫ খনকৈ বিশ্বকাপত অংশগ্ৰহণ কৰিছে।.[56] মুঠতে ২৫ খন মেট্ছ খেলি মেথিয়াছে বি‍শ্বকাপৰ সকলোতকৈ বেছি খেল খেলাৰ আভিলেখো গঢ়িছে।[57]পশ্চিম জাৰ্মানীৰ ফ্ৰেঞ্জ বেকেনবাউ (Franz Beckenbauer)(১৯৬৬-১৯৭৪) যি সৰ্ব-তাৰকা দলত তিনিবাৰ স্থান পাইছে।

২০০৭ চনৰ নৱেম্বৰত ফিফাই ১৯৩০ চনৰ পৰা সকলো বিজয়ীকে পুৰ্বব্যাপী ভাৱে পদক দিয়াৰ ঘোষণা কৰে।[58] ইয়াৰ ফলত ব্ৰাজিলপেলে সৰ্বাধিক তিনিবাৰ চেম্পিয়ন মেডেল পোৱা খেলুৱৈ ৰূপে পৰিগণিত হয়,(১৯৫৮, ১৯৬২ আৰু ১৯৭০, যদিও তেও আঘাটৰ বাবে ১৯৬২ চনৰ ফাইনেল খেলখন খেলিব পৰা নাছিল)।[59] লগতে ২০ জন খেলুৱৈয়ে দুটাকৈ বিজয়ী মেডেল লাভ কৰে।আজিলৈকে ৬ জন খেলুৱৈয়ে বিশ্বকাপত তিনিও ধৰণৰে মেডেল( চেম্পিয়ন, ৰানাৰ্চ আপ আৰু তৃতীয় স্থানৰ) লাভ কৰিছে, তাৰ ভিতৰত ৫ জন হ’ল ১৯৬৬ চনৰ পৰা ১৯৭৪ চনৰ কালছোৱাৰ পশ্চিম জাৰ্মানী দলটোৰ, ইয়াত বেকেনবাউ(Franz Beckenbauer) ৰ নামো আছে, আৰু একেবাৰে শেহতীয়া ভাৱে ইটালীৰ ফ্ৰেংক’ বৰেছি (Franco Baresi)( ১৯৮২, ১৯৯০ আৰু ১৯৯৪)।

আজিলৈকে বিশ্বকাপত সকলোতকৈ বেছি গ’ল কৰা খেলূৱৈ iহৈছে ব্ৰাজিলৰোনাল্ড’, ১৯৯৮ ৰ পৰা ২০০৬ চনৰ ভিতৰত তেঁও বিশ্বকাপত ১৫ টা গ’ল কৰিছিল।.১৪ টাকৈ গ’লেৰে দ্বিতীয় স্থানত আছে জাৰ্মানীৰ মিৰ’শ্লাভ ক্ল’জ(Miroslav Klose)(২০০২ ৰ পৰা ২০১০ চনলৈ) আৰু পশ্চিম জাৰ্মানীৰ গাৰ্ড মুলাৰ(Gerd Müller)[60]১৩ টা গ’লেৰে চতুৰ্থ স্থানত থকা ফ্ৰান্সৰ জাষ্ট ফণ্টেইনে (Just Fontaine) আকৌ একেখন বিশ্বকাপতে ৯ ১৯৫৮ চন, এই সকলো গ’ল কৰি এক অন্য অভিলেখ সৃষ্টি কৰে।[61]

ব্ৰাজিলৰ মাৰিঅ’ ঝাগাল’ (Mário Zagallo) আৰু পশ্চিম জাৰ্মানীৰ ফ্ৰেঞ্জ বেকেনবাউ (Franz Beckenbauer) এনে দুজন লোক যি, খেলুৱৈ আৰু লগতে মূখ্য প্ৰশিক্ষক হিচাপে বিশ্বকাপ জয় কৰিছে। ঝাগাল’য়ে ১৯৫৮ আৰু ১৯৬২ চনত খেলুৱৈ হিচাপে আৰু ১৯৭০ চনত প্ৰশিক্ষক হিচাপে খিতাপ জয় কৰে[62] আনহাতে বেকেনবাউয়ে ১৯৭৪ চনত অধিনায়ক আৰু ১৯৯০ ত প্ৰশিক্ষক ৰূপে এই বিৰল সন্মানৰ অধিকাৰী হয়।[63]ইটালীৰ ৱিত্তৰিঅ’ পূজ’ (Vittorio Pozzo) একমাত্ৰ মূখ্য প্ৰশিক্ষক যি নিজৰ দলক দুবাৰ জয়ী কৰিছে(১৯৩৪ আৰু ১৯৩৮)।[64]আন এক আকৰ্ষনীয় তথ্য এই যে আজিলৈকে কোনো দলেই বিদেশী প্ৰশিক্ষকৰ সহযোগত বিশ্বকাপ জিকি পোৱা নাই।

জাতীয় দল বিলাকৰ মাজত জাৰ্মানী বিশ্বকাপত সৰ্বাধিক ৯৯[65] খন খেল খেলিছে, আনহাতে ব্ৰাজিলে সৰ্বাধিক ১২০ টা গ’ল কৰিছে।[66] এই দুইটা দল বিশ্বকাপত মাত্ৰ এবাৰেই মূখামূখী হৈছে ( ২০০২ চনৰ ফাইনেলত)

পাদটিকা আৰু সন্দৰ্ভ[সম্পাদনা কৰক]

  1. 1.0 1.1 "2006 FIFA World Cup broadcast wider, longer and farther than ever before". FIFA.com. ফিফা. http://www.fifa.com/aboutfifa/organisation/marketing/news/newsid=111247/index.html। আহৰণ কৰা হৈছে: ১১ অক্টোবৰ ২০১১. 
  2. England National Football Team Match No. 1, England Football Online. Retrieved on November 19, 2007.
  3. "British PM backs return of Home Nations championship". Agence France-Presse. http://www.soccerway.com/news/2007/November/22/british-pm-backs-return-of-home-nations-championship। আহৰণ কৰা হৈছে: December 16 2007. 
  4. Elbech, Søren; Stokkermans, Karel (26 June 2008). "Intermediate Games of the IV. Olympiad". rec.sport.soccer Statistics Foundation. http://www.rsssf.com/tableso/ol1906f.html. 
  5. History of FIFA - FIFA takes shape, FIFA.com. Retrieved on November 19, 2007.
  6. 'The First World Cup'. The Sir Thomas Lipton Trophy. Shrewsbury and Atcham Borough Council (10 October 2003). Retrieved on April 11, 2006.
  7. "History of FIFA – More associations follow". FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/classicfootball/history/fifa/historyfifa3.html। আহৰণ কৰা হৈছে: 19 November 2007. 
  8. Reyes, Macario (18 October 1999). "VII. Olympiad Antwerp 1920 Football Tournament". rec.sport.soccer Statistics Foundation. http://www.rsssf.com/tableso/ol1920f-det.html। আহৰণ কৰা হৈছে: 10 June 2006. 
  9. "History of FIFA – The first FIFA World Cup". FIFA.com. Fédération Internationale de Football Association. 19 November 2007. http://www.fifa.com/classicfootball/history/fifa/historyfifa4.html. 
  10. Molinaro, John F. "Lucien Laurent: The World Cup's First Goal Scorer". CBC. http://www.cbc.ca/sports/worldcup2006/history/events/laurent_lucien.html। আহৰণ কৰা হৈছে: 6 May 2007. 
  11. "FIFA World Cup Origin" (PDF). FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/mm/document/fifafacts/mcwc/ip-201_02e_fwc-origin_8816.pdf। আহৰণ কৰা হৈছে: 19 November 2007. 
  12. "The Olympic Odyssey so far... (Part 1: 1908–1964)". FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/tournaments/archive/tournament=512/edition=8229/news/newsid=92851.html। আহৰণ কৰা হৈছে: 8 January 2008. 
  13. "Los datos más curiosos de la Fiesta del Fútbol - Brasil 1950 [The most curious of the Festival of Football - Brazil 1950]" (in Spanish ভাষাত). cristal.com. http://www.cristal.com.pe/articulo/los-datos-mas-curiosos-de-la-fiesta-del-futbol-brasil-1950। আহৰণ কৰা হৈছে: ‎17 ‎April ‎2012. 
  14. "Scotland and the 1950 World Cup". BBC. http://www.bbc.co.uk/scotland/sportscotland/asportingnation/article/0001/index.shtml। আহৰণ কৰা হৈছে: 13 May 2007. 
  15. Glanville
  16. Glanville, p45
  17. Glanville, p238
  18. Glanville, p359
  19. "Record number of 204 teams enter preliminary competition". FIFA.com. Fédération Internationale de Football Association. Archived from the original on 17 November 2007. http://web.archive.org/web/20071117123621/http://www.fifa.com/worldcup/organisation/media/newsid=122766.html। আহৰণ কৰা হৈছে: 19 November 2007. 
  20. FIFA Women's World Cup, FIFA.com. Retrieved on December 22, 2007.
  21. "Regulations Men's Olympic Football Tournament 2008" (PDF). FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/mm/document/tournament/competition/regulations_olympics_beijing_2008_en_6198.pdf। আহৰণ কৰা হৈছে: 22 December 2007. 
  22. FIFA Confederations Cup, FIFA.com. Retrieved on December 22, 2007.
  23. "Jules Rimet Trophy". FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/classicfootball/history/worldcup/julesrimettrophy.html। আহৰণ কৰা হৈছে: 19 November 2007. 
  24. "FIFA World Cup Trophy". FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/classicfootball/history/worldcup/trophies.html। আহৰণ কৰা হৈছে: 19 November 2007. 
  25. "FIFA Assets – Trophy". FIFA.com. Fédération Internationale de Football Association. Archived from the original on 4 November 2007. http://web.archive.org/web/20071104165903/http://www.fifa.com/aboutfifa/marketingtv/marketing/fifaassets/trophy.html। আহৰণ কৰা হৈছে: 19 November 2007. 
  26. "122 forgotten heroes get World Cup medals". ESPNSoccernet.com (ESPN). 25 November 2007. http://soccernet.espn.go.com/news/story?id=484715&cc=4716. 
  27. "World Cup 1966 winners honoured". BBC Sport. 10 June 2009. http://news.bbc.co.uk/sport2/hi/football/8093891.stm. 
  28. "Jimmy Greaves finally gets his 1966 World Cup medal". Mirror.co.uk (MGN). http://www.mirror.co.uk/news/top-stories/2009/06/11/greavsie-gets-66-medal-115875-21431367/. 
  29. "FIFA World Cup qualifying: Treasure-trove of the weird and wonderful". FIFA. http://www.fifa.com/worldcup/preliminarydraw/news/newsid=576440.html। আহৰণ কৰা হৈছে: 23 December 2007. 
  30. "2010 World Cup Qualifying". ESPNSoccernet.com (ESPN). 26 November 2009. http://soccernet.espn.go.com/print?id=468907&type=story&cc=। আহৰণ কৰা হৈছে: 23 December 2009. 
  31. "History of the FIFA World Cup Preliminary Competition (by year)" (PDF). FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/mm/document/fifafacts/mencompwc/51/97/75/fs-201_19a_fwc-prel-history.pdf. 
  32. 32.0 32.1 "Formats of the FIFA World Cup final competitions 1930–2010" (PDF). FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/mm/document/fifafacts/mcwc/ip-201_04e_fwc_formats_slots_8821.pdf। আহৰণ কৰা হৈছে: 1 January 2008. 
  33. "FIFA World Cup: seeded teams 1930–2010" (PDF). FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/mm/document/fifafacts/mencompwc/82/40/89/fs-201_12a_fwc-seededteams.pdf. 
  34. Previously, due to there being fewer finals places and a bigger ratio of European finalists, there had been several occasions where three European teams were in a single group, for example, 1986 (West Germany, Scotland, and Denmark), 1990 (Italy, Czechoslovakia, and Austria), and 1994 (Italy, Republic of Ireland, and Norway). ("History of the World Cup Final Draw" (PDF). FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/mm/document/fifafacts/mcwc/ip-201_10e-fwcdraw-history_52560.pdf. )
  35. This practice has been installed since the 1986 FIFA World Cup. In some cases during previous tournaments, for example, Argentina 6–0 Peru in Argentina 1978 and West Germany 1–0 Austria in Spain 1982, teams that played the latter match were perceived to gain an unfair advantage by knowing the score of the earlier match, and subsequently obtaining a result that ensured advancement to the next stage. ("1978 Argentina". CBC. http://www.cbc.ca/sports/worldcup2006/history/events/1978.html. ; "1982 Spain". CBC. http://www.cbc.ca/sports/worldcup2006/history/events/1982.html. )
  36. "Regulations of the 2010 FIFA World Cup" (PDF). FIFA.com. Fédération Internationale de Football Association. p. 41. http://www.fifa.com/mm/document/tournament/competition/fifa%5fwc%5fsouth%5fafrica%5f2010%5fregulations%5fen%5f14123.pdf। আহৰণ কৰা হৈছে: 21 June 2010. 
  37. "Uruguay 1930". BBC Sport. 11 April 2002. http://news.bbc.co.uk/sport3/worldcup2002/hi/history/newsid_1632000/1632201.stm। আহৰণ কৰা হৈছে: 13 May 2006. 
  38. "France 1938". BBC Sport. 17 April 2002. http://news.bbc.co.uk/sport3/worldcup2002/hi/history/newsid_1632000/1632206.stm। আহৰণ কৰা হৈছে: 13 May 2006. 
  39. "Asia takes World Cup center stage". CNN. 3 June 2002. http://sportsillustrated.cnn.com/soccer/world/2002/world_cup/news/2002/06/03/au_asia_rb/। আহৰণ কৰা হৈছে: 1 January 2008. 
  40. "Brazil will stage 2014 World Cup". BBC Sport. 10 October 2007. http://news.bbc.co.uk/sport1/hi/football/internationals/7068848.stm। আহৰণ কৰা হৈছে: 1 January 2008. 
  41. "Rotation ends in 2018". FIFA.com. Fédération Internationale de Football Association. Archived from the original on 1 November 2007. http://web.archive.org/web/20071101002817/http://www.fifa.com/aboutfifa/federation/administration/releases/newsid=625122.html। আহৰণ কৰা হৈছে: 10 October 2007. 
  42. "Socceroos face major challenge: Hiddink". ABC Sport. 10 December 2005. Archived from the original on 30 April 2006. http://web.archive.org/web/20060430001531/http://www.abc.net.au/sport/content/200512/s1528128.htm। আহৰণ কৰা হৈছে: 13 May 2006. 
  43. "FIFA Assets – Mascots". FIFA.com. Fédération Internationale de Football Association. Archived from the original on 4 November 2007. http://web.archive.org/web/20071104232128/http://fifa.com/aboutfifa/marketingtv/marketing/fifaassets/mascots.html। আহৰণ কৰা হৈছে: 19 November 2007. 
  44. "1930 FIFA World Cup". FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/worldcup/archive/edition=1/index.html। আহৰণ কৰা হৈছে: 5 March 2009. 
  45. "1950 FIFA World Cup". FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/worldcup/archive/edition=7/overview.html। আহৰণ কৰা হৈছে: 5 March 2009. 
  46. "FIFA World Cup Finals since 1930" (PDF). FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/mm/document/fifafacts/mcwc/ip-301_09a_wc-finals_alltime_8864.pdf। আহৰণ কৰা হৈছে: 5 March 2009. 
  47. "1950 FIFA World Cup". FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/worldcup/archive/edition=7/teams/index.html। আহৰণ কৰা হৈছে: 15 August 2011. 
  48. 48.0 48.1 FIFA considers that the national team of Russia succeeds the USSR, the national team of Serbia succeeds the Yugoslavia/Serbia and Montenegro, and the national team of Czech Republic succeeds the Czechoslovakia. ("Russia". FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/associations/association=rus/index.html. ; "Serbia". FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/associations/association=srb/index.html. ; "Czech Republic". FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/associations/association=cze/index.html. ).
  49. "Brazil". FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/associations/association=bra/index.html. 
  50. Australia's qualification in 2006 was through the Oceanian zone as they were a member of the OFC member during qualifying. However, on 1 January 2006, they left the Oceania Football Confederation and joined the Asian Football Confederation.
  51. "FIFA World Cup awards". FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/mm/document/fifafacts/mcwc/ip-301_03a_fwc-awards_22643.pdf। আহৰণ কৰা হৈছে: 5 March 2009. 
  52. "Golden Ball for Zinedine Zidane". Soccerway. 10 July 2006. http://www.soccerway.com/news/2006/July/10/golden-ball-for-zinedine-zidane/। আহৰণ কৰা হৈছে: 31 December 2007. 
  53. "adidas Golden Shoe – FIFA World Cup Final". FIFA.com. Fédération Internationale de Football Association. http://www.fifa.com/classicfootball/awards/golden/award=gsa/idcup=17/pastcupawards.html। আহৰণ কৰা হৈছে: 4 March 2009. 
  54. "Kahn named top keeper". BBC Sport. 30 June 2002. http://news.bbc.co.uk/sport3/worldcup2002/hi/team_pages/germany/newsid_2075000/2075695.stm। আহৰণ কৰা হৈছে: 31 December 2007. 
  55. 55.0 55.1 55.2 Pierrend, José Luis (18 May 2007). "FIFA Awards". rec.sport.soccer Statistics Foundation. http://www.rsssf.com/miscellaneous/fifa-awards.html। আহৰণ কৰা হৈছে: 8 January 2008. 
  56. Yannis, Alex (10 November 1999). "Matthaus Is the Latest MetroStars Savior". New York Times. http://query.nytimes.com/gst/fullpage.html?res=9C00EFD8103AF933A25752C1A96F958260। আহৰণ কৰা হৈছে: 23 December 2007. 
  57. "World Cup Hall of Fame: Lothar Matthaeus". CNN. http://sportsillustrated.cnn.com/soccer/world/2002/world_cup/hof/matthaeus/। আহৰণ কৰা হৈছে: 23 December 2007. 
  58. ("122 forgotten heroes get World Cup medals". ESPNSoccernet.com, (ESPN). 25 November 2007. http://soccernet.espn.go.com/news/story?id=484715&cc=4716. )
  59. Kirby, Gentry (5 July 2006). "Pele, King of Futbol". ESPN. http://sports.espn.go.com/espn/classic/bio/news/story?page=Pele। আহৰণ কৰা হৈছে: 23 December 2007. 
  60. Chowdhury, Saj (27 June 2006). "Ronaldo's riposte". BBC Sport. http://news.bbc.co.uk/sport1/hi/football/world_cup_2006/teams/brazil/5112982.stm। আহৰণ কৰা হৈছে: 23 December 2007. 
  61. "Goal machine was Just superb". BBC Sport. 4 April 2002. http://news.bbc.co.uk/sport3/worldcup2002/hi/team_pages/france/newsid_1752000/1752740.stm। আহৰণ কৰা হৈছে: 23 December 2007. 
  62. Hughes, Rob (11 March 1998). "No Alternative to Victory for National Coach : 150 Million Brazilians Keep Heat on Zagalo". International Herald Tribune. Archived from the original on 26 February 2008. http://web.archive.org/web/20080226063509/http://www.iht.com/articles/1998/03/11/soccer.t_7.php। আহৰণ কৰা হৈছে: 31 December 2007. 
  63. Brewin, John (21 December 2007). "World Cup Legends – Franz Beckenbauer". ESPNSoccernet.com (ESPN). http://soccernet.espn.go.com/archive/worldcup/editorial/legends_beckenbauer.html। আহৰণ কৰা হৈছে: 31 December 2007. 
  64. "1938 France". CBC. http://www.cbc.ca/sports/worldcup2006/history/events/1938.html। আহৰণ কৰা হৈছে: 31 December 2007. 
  65. "Germany move ahead of Brazil". FIFA.com. Fédération Internationale de Football Association. Archived from the original on 9 July 2010. http://web.archive.org/web/20100709063123/http://www.fifa.com/worldcup/news/newsid=1269182/index.html?। আহৰণ কৰা হৈছে: 6 July 2010. 
  66. "Planet World Cup – All time table". Planet World Cup. http://www.planetworldcup.com/NATIONS/maraton.html। আহৰণ কৰা হৈছে: 26 January 2008. 

গ্ৰন্থসূচী[সম্পাদনা কৰক]

Glanville, Brian (2005). The Story of the World Cup. Faber. পৃষ্ঠা. 44. ISBN 0-571-22944-1. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

পুণঃনিৰ্দেশ সাঁচ:ফিফা বিশ্বকাপ