সমললৈ যাওক

কৰন সিং গ্ৰোভাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৰন সিং গ্ৰোভাৰ

কৰন সিং গ্ৰোভাৰ ২০১৬ চনত
জন্ম ২৩ ফেব্ৰুৱাৰী, ১৯৮২ (৪৪ বছৰ)
দিল্লী, ভাৰত
অন্য নাম কৰন সিং, কৰন গ্ৰোভাৰ, কে এছ জি
পেচা অভিনেতা, মডেল
সক্ৰিয় হৈ থকা সময় ২০০৪–বৰ্তমানলৈ
দাম্পত্যসঙ্গী শ্ৰদ্ধা নিগম (২০০৮-২০০৯, বিবাহ বিচ্ছেদিত)
জেনিফাৰ উইংগেট (২০১২-২০১৪, বিবাহ বিচ্ছেদিত)[1]
বিপাশা বসু (২০১৬-বৰ্তমান)

কৰন সিং গ্ৰোভাৰ (জন্ম, ফেব্ৰুৱাৰী ২৩, ১৯৮২) এজন ভাৰতীয় টেলিভিছনৰ অভিনেতা আৰু মডেল। এম টিভি ইণ্ডিয়াকিতনী মস্তি হ্যে জিন্দেগীৰ যোগেদি তেওঁ নিজৰ টেলিভিছন কেৰিয়াৰ আৰম্ভ কৰে। .[2] ষ্টাৰ ৱান চেনেলৰ দিল মিল গয়েৰ ড॰ অৰমান মালিক আৰু জী টিভিৰ ধাৰাবাহিক কবুল হ্যেৰ আছাদ আহমেদ খান নামৰ জনপ্ৰিয় চৰিত্ৰ দুটিত কৰা অভিনয়ৰ বাবে কৰন বিখ্যাত।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

কৰন সিং গ্ৰোভাৰৰ জন্ম হৈছিল ১৯৮২ চনৰ ২৩ ফেব্ৰুৱাৰীত ভাৰতদিল্লীত, মূলতঃ হাৰিয়ানাঅম্বালাৰ এক পঞ্জাবী শিখ পৰিয়ালত। তেওঁৰ সৰু ভায়েকৰ নাম ইস্মিত সিং। ল’ৰালিকালত কৰনে তেওঁৰ পৰিয়ালৰ সৈতে চৌদি আৰৱআল্ খোবৰত থাকিবলৈ লয়। তেওঁ ইণ্টাৰনেশ্যনেল ইণ্ডিয়ান স্কুল ডামামত শিক্ষা গ্ৰহণ কৰে। ২০০০ চনত, তেওঁ পুনৰ মুম্বাইলৈ ঘূৰি যায় আৰু আই এইচ্ এম মুম্বাইৰ পৰা হোটেল মেনেজমেণ্টৰ ডিগ্ৰী অৰ্জন কৰে, দাদৰ কেটাৰিং কলেজ.[3] কলেজীয়া দিনবোৰত তেওঁ থাউজেণ্ড ডেচিবেলছ্ নামৰ বেণ্ড এটাত আছিল। ডিগ্ৰী সমাপ্ত কৰি কৰন, মাস্কাট, ওমানত থাকিবলৈ লয়, য’ত তেওঁৰ পৰিয়াল আছিল আৰু শ্বেৰাটন হোটেলত প্ৰায় এবছৰৰ কাৰণে মাৰ্কেটিং এক্সিউটিভ হিচাপে কাম কৰে। পাছত তেওঁ মডেলিংৰ কেৰিয়াৰ গঢ়িবলৈ ভাৰতলৈ ঘূৰি আহে আৰু ২০০৪ চনত গ্লাডৰাগচ মেগা মডেল মেনহাণ্ট কণ্টেষ্টত অংশগ্ৰহণ কৰে। তাত তেওঁ মোস্ত পপুলাৰ মডেলপুৰস্কাৰটি পায়। ২০০৮ৰ ২ ডিচেম্বৰত, গোৱাত শ্ৰদ্ধা নিগমৰ সৈতে কৰন বিবাহপাশতআবদ্ধ হয় কিন্তু ২০০৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছদ হয়।[4][5]। ২০১২ৰ ৯এপ্ৰিলত এক ব্যক্তিগত অনুষ্ঠানত তেওঁ তেওঁৰ বান্ধৱী আৰু দিল মিল গয়ে ধাৰাবাহিকৰ সহতাৰকা জেনিফাৰ উইংগেটৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[1]

পেছাদৰী জীৱন

[সম্পাদনা কৰক]

টেলিভিছনত অভিনয় কেৰিয়াৰ আৰম্ভ কৰাৰ আগতে কৰনে বহুতো মডেলিং, ৰেম্প অনুষ্ঠান, বিজ্ঞাপনৰ কাম কৰিছিল আৰু এক ৰেডিঅ’ অনুষ্ঠানো পৰিৱেশন কৰিছিল। পাছত, তেওঁ ২০০৪ চনত গ্লাডৰাগচ মেগা মডেল মেনহাণ্ট কনটেষ্টত অংশগ্ৰহণ কৰে আৰু মোস্ত পপুলাৰ মডেল পুৰস্কাৰ পায়। এক দেশব্যাপী প্ৰতিভাসন্ধানী প্ৰতিযোগিতাৰ দ্বাৰা তেও, আন পাঁচজনৰ সৈতে এম টিভিৰ অনুষ্ঠান কিতনী মস্তি হ্যে জিন্দেগীত প্ৰধান ভূমিকা অভিনয় কৰাৰ বাবে মনোনীত হয় আৰু পাছত প্ৰিনচেছ ডলী অউৰ উচকা মেজিক বেগ ধাৰাবাহিকত অভিনয় কৰে।

কচৌটি জিন্দেগী কে ধাৰাবাহিকত তেওঁক ঋণাত্মক চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। এইখন ধাৰাবাহিকৰ দ্বাৰা তেওঁ তেওঁৰ প্ৰশংসকসকলৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ধাৰাবাহিকখনৰ তেওঁৰ চৰিত্ৰটিৰ বাবে তেওঁ এতিয়াও স্মৰণিত। ইয়াৰ পাছত তেওঁ চাহাৰা ওৱান চেনেলৰ ষোলহ শিংগাৰ ধাৰাবাহিকত অভিনয় কৰিছিল আৰু লগতে সীমিত সময়ৰ বাবে চি.আই.ডি. (ইণ্ডিয়ান টেলিভিছন ছিৰিজ) আৰু পৰিৱাৰত অভিনয় কৰিছিল। পাছত তেওঁ দিল মিল গয়ে ধাৰাবাহিকত অভিনয় কৰা ড॰ অৰমান মালিক চৰিত্ৰটিৰ দ্বাৰা প্ৰখ্যাত হয়, যিটো বহুলভাৱে জনপ্ৰিয় হৈ পৰে আৰু তেওঁ একাংশ প্ৰশংসক মণ্ডলী অৰ্জন কৰে। দিল মিল গয়ে ধাৰাবাহিকৰ লগতে তেওঁ ষ্টাৰ ৱানৰ ৰিয়েলিটী অনুষ্ঠান ঝৰা নাচকে দিখা ৰ প্ৰথম ছিজন আঁত ধৰিছিল। তেওঁ ৰিয়েলিটী নৃত্যানুস্থান ঝলক দিখলা যাৰ তৃতীয় ছিজনৰ দ্বিতীয় ৰানাৰ আপ আছিল।

২০০৯ চনত কালাৰ্চ টিভিৰ সংগীতানুস্থান আইডিয়া ৰকচ ইণ্ডিয়াৰ আঁত ধৰিছিল। ২০১০ চনত তেওঁ ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ী (ছিজন ৩)ত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল। ২০১১ চনত তেওঁ চেনেল ভিৰ পাৰফেক্ট কাপল নামৰ ৰিয়েলিটী পৰিভ্ৰমণানুস্থানটি আঁত ধৰিছিল। তেওঁ চেনেল ভি ৰ ধাৰাবাহিক দিল দোস্তি ডান্স ত অতিথী শিল্পী হিচাপে, প্ৰফেছাৰ কৰন মালিক ৰূপেও অভিনয় কৰিছিল। তেওঁ ২০১২ চনৰ আগষ্টত ষ্টাৰ প্লাচ ৰ ধাৰাবাহিক টেলিফিল্ম তেৰি মেৰি লাভ ষ্টোৰীজত অভিনয় কৰিছিল। বৰ্তমান কৰন জী টিভিৰ এখন নতুন জনপ্ৰিয় ধাৰাবাহিক কবুল হ্যেত আছাদ আহমেদ খান চৰিত্ৰটিত অভিনয় কৰি আছে।

টেলিভিছন

[সম্পাদনা কৰক]
বৰ্ষধাৰাবাহিকচৰিত্ৰচেনেলটোকা
২০০৪–২০০৫কিতনী মস্তি হ্যে জিন্দেগীঅৰ্ণৱ দেওলএম টিভি ইণ্ডিয়াকৰনে অভিনয় কৰা প্ৰথম ধাৰাবাহিক। পঞ্চী বৰা, বৰ্খা বিষ্ট আৰু মানসী পাৰেখৰ বিপৰীতে অন্যতম প্ৰধান ভূমিকা।
২০০৫প্ৰিনচেছ ডলী অউৰ উচকা মেজিক বেগ অমনষ্টাৰ প্লাচকাল্পনিক অনুষ্ঠান। তেওঁ কৰিশ্মা ৰনদেৱাৰ বিপৰীতে মূল চৰিত্ৰ ডলীৰ লাভ ইণ্টাৰেষ্টৰ চৰিত্ৰটিত অভিনয় কৰিছিল।
2005-2006কচৌটি জিন্দেগী কেশৰদ গুপ্তাষ্টাৰ প্লাচপ্ৰাৰম্ভণিত জেনিফাৰ উইংগেটৰ বিপৰীতে ধনাত্মক চৰিত্ৰ, তেওঁলোকৰ চৰিত্ৰদুটাৰ বিবাহৰ পাছত তেওঁৰ চৰিত্ৰটি ঋণাত্মক চৰিত্ৰলৈ পৰিৱৰ্তিত হয়।
২০০৬–২০০৭ষোলহ শিংগাৰঅভিমন্যুচাহাৰা ওৱানপ্ৰাৰম্ভণিত, এইটো মীৰাৰ চৰিত্ৰত অভিনয় কৰা আকাঙ্ছা ৰাৱতৰ বিপৰীতে প্ৰধান চৰিত্ৰ আছিল। কিন্তু, পাছত কাহিনী সলনি হয়, যেতিয়া মীৰাৰ বিবাহ হয়। তেওঁৰ চৰিত্ৰটি ২০০৭ৰ মধ্যভাগত কিছু সময়ৰ বাবে পুনঃপ্ৰৱেশ কৰে আৰু ২০০৭ৰ আগষ্টত প্ৰস্থান কৰে।
২০০৭ চি.আই.ডি.ৰাহুল আৰু সমীৰ(চিড)ছোনী টিভিমাত্ৰ দুটা খণ্ডত, ৰাহুল ৰূপে “কেছ অৱ দ্য ইনভিজিবল কিলাৰ”ত আৰু চিড ৰূপে “বডী ইন মিড এয়াৰ”ত।
২০০৭পৰিৱাৰঅধিৰাজ শ্বেৰগিলজী টিভিদিল মিল গয়েৰ মূল চৰিত্ৰত অভিনয় কৰিবৰ বাবে মাত্ৰ এসপ্তাহ থাকি এইখন ধাৰাবাহিকৰ পৰা বিদায় লয় আৰু চৰিত্ৰৰ মুখ সলনি হয়।
২০০৭–২০১০দিল মিল গয়ে ছিজন ১আৰু ২ড॰ অৰমান মালিকষ্টাৰ ৱানশিল্পা আনন্দ, সুকৃতি কান্দপাল আৰু জেনিফাৰ উইংগেটৰ বিপৰীতে ছিজন ১ত ইণ্টাৰ্ণ ৰূপে আৰু ছিজন ২ত জ্যেষ্ঠ চিকিৎসক ৰূপে মূল চৰিত্ৰত।
২০০৮নাচ বলিয়ে ৩স্বয়ংষ্টাৰ প্লাচএটা খণ্ডত শ্ৰদ্ধা নিগমৰ সৈতে বিশেষ নৃত্য পৰিৱেশন।
২০০৮দ্য গ্লোবেল ইণ্ডিয়ান ফিল্ম এণ্ড টেলিভিছন ওনাৰ্চস্বয়ংনাইন এক্সশিল্পা আনন্দৰ সৈতে বিশেষ নৃত্য পৰিৱেশন।
২০০৮ঝৰা নাচকে দিখা ছিজন ১পৰিৱেশকষ্টাৰ ৱানশ্বেতা গুলাতীৰ সৈতে অনুষ্ঠানটিৰ প্ৰথম ছিজন আঁত ধৰিছিল।
২০০৯ঝলক দিখলা যা ছিজন ৩স্বয়ংছোনী টিভিৰিয়েলিটী নৃত্যানুস্থান ছিজন ৩ৰ দ্বিতীয় ৰানাৰ আপ।
২০০৯আইডিয়া ৰকচ ইণ্ডিয়াপৰিৱেশককালাৰ্চ টিভিৰিয়েলিটী নৃত্যানুস্থান মানসী পাৰেখৰ সৈতে আঁত ধৰিছিল।
২০১০ফিয়েৰ ফেক্টৰ – খতৰো কে খিলাড়ী তৃতীয় লেভেলস্বয়ংকালাৰ্চ টিভিঅনুষ্ঠানটিৰ তৃতীয় ছিজনৰ প্ৰতিযোগী ব্ৰাজিল
২০১১পাৰফেক্ট কাপলআঁত ধৰোঁতাচেনেল ভিৰিয়েলিটী পৰিভ্ৰমণানুস্থানটিৰ আঁত ধৰোঁতা।
২০১১গ্লাডৰাগচ মেগা মডেল মেনহাণ্টস্বয়ংচেনেল ভিঅতিথী বিচাৰক ৰূপে দুটা খণ্ডত।
২০১১দিল দোস্তি ডান্সপ্ৰফেছাৰ কৰন মালিকচেনেল ভিষ্টুডেণ্ট কাউন্সেলৰ ৰূপে প্ৰায় এমাহৰ বাবে অতিথী চৰিত্ৰত।
২০১২তেৰি মেৰি লাভ ষ্টোৰীজৰঘূৱীৰষ্টাৰ প্লাচএক নেনো চী লাভ ষ্টোৰীশিৰোনামৰ তৃতীয় টেলিফিল্ম, অনিতা হাচানন্দনীৰ বিপৰীতে মূল ভূমিকা।
২০১২–বৰ্তমানলৈকবুল হ্যেআছাদ আহমেদ খানজী টিভিমুছলিম পৰিয়ালক ভিত্তি কৰা ধাৰাবাহিকখনত সুৰভি জ্যোতিৰ বিপৰীতে প্ৰধান অভিনেতা।
২০১২জী ৰিস্তে এৱাৰ্ডছস্বয়ংজী টিভিসুৰভি জ্যোতি আৰু ৰিষভ সিনহাৰ সৈতে বিশেষ নৃত্য পৰিৱেশন।

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বৰ্ষশিৰোনামচৰিত্ৰটোকা
২০০৮ভ্ৰমসৰু চৰিত্ৰকাৰ্লটন ৰূপে, মূল চৰিত্ৰটিৰ অন্যতম বন্ধু।
২০১২আই এম ২৪সৰু চৰিত্ৰঅমন সিং ৰূপে, ২০০৮ৰ পৰা সম্পূৰ্ণ, ২০১২ৰ ৩০ আগষ্টত মুক্তি লাভ, সৰু ধেমেলীয়া চৰিত্ৰ।
২০১২লৰী/দ্য লাভিং ডলপ্ৰধান পুৰুষঅৰ্জুন কাপুৰ ৰূপে, বৰ্তমান পোষ্ট প্ৰডাকচনত, সহ-তাৰকা ডায়েনা হেডেন আৰু নিৰ্দেশক পৱন কৌল।[6]

পুৰস্কাৰ আৰু মনোনয়ন

[সম্পাদনা কৰক]
বৰ্ষপুৰস্কাৰফলাফলপুৰস্কাৰ অনুষ্ঠানটোকা
২০০৪মোস্ত পপুলাৰ মডেলবিজয়ীগ্লাডৰাগচ মেনহাণ্ট কনটেষ্ট[7]
২০০৭মোস্ত প্ৰমিজিং এক্টৰবিজয়ীকলাকাৰ এৱাৰ্ডছকলাকাৰ এৱাৰ্ডছ ফাউণ্ডেশ্বন কলিকতা।
২০০৮গ্ৰেট ফেচ মেল অৱ দ্য ইয়াৰমনোনীতইণ্ডিয়ান টেলিভিছন একাডেমী এৱাৰ্ডছআই টি এ এৱাৰ্ডছ (ইণ্ডিয়ান টেলিভিছন একাডেমী এৱাৰ্ডছ) দিল মিল গয়েৰ বাবে ড॰ অৰমান হিচাপে।
২০০৮বেষ্ট এক্টৰ(মেল)মনোনীতদিল মিল গয়েদিল মিল গয়েৰ বাবে ড॰ অৰমান হিচাপে।
২০০৮বেষ্ট এংকৰমনোনীতইণ্ডিয়ান টেলী এৱাৰ্ডছঝৰা নাচকে দিখা ছিজন১ শ্বেতা গুলাতীৰ সৈতে।
২০১০মোষ্ট ফিট এক্টৰ(মেল)বিজয়ীজী গোল্ড এৱাৰ্ডছ
২০১২ফেৱৰিট নয়া সদস্যবিজয়ীজী ৰিস্তে এৱাৰ্ডছকবুল হ্যেৰ বাবে আছাদ আহমেদ খান হিচাপে।
২০১২ফেৱৰিট ভাইবিজয়ীজী ৰিস্তে এৱাৰ্ডছকবুল হ্যেৰ বাবে আছাদ আহমেদ খান হিচাপে ৰিষভ সিনহাৰ সৈতে।
২০১৩টিভি পাৰচনেলিটী অৱ দ্য ইয়াৰবিজয়ীইণ্ডিয়ান টেলী এৱাৰ্ডছ
বৰ্ষঅনুষ্ঠানটোকা
২০১০বৰোপ্লাচ গোল্ড এৱাৰ্ডছজেনিফাৰ উইংগেটৰ সৈতে পুৰস্কাৰ প্ৰদান।
২০১০পাৰ্ল ৱেভ ২ কনচাৰ্টৰশ্মি দেশাইক পুৰস্কাৰ প্ৰদান।
২০১১ঝলক দিখলা যা ৪অতিথী শিল্পী ৰূপে এটা খণ্ডত চেংগক সমৰ্থন কৰে।
২০১২জী ৰিস্তে এৱাৰ্ডছসুৰভি জ্যোতি আৰু ৰিষভ সিনহাৰ সৈতে বিশেষ নৃত্য পৰিৱেশন।
২০১৩হোলী লড়কপন কীহোলি বিশেষ হিচাপেসুৰভি জ্যোতিৰ সৈতে বিশেষ নৃত্য পৰিৱেশন।
২০১৩ইণ্ডিয়ান টেলী এৱাৰ্ডছজেনিফাৰ উইংগেটৰ সৈতে দুটা পুৰস্কাৰ প্ৰদান।

বিজ্ঞাপন

[সম্পাদনা কৰক]
বৰ্ষবিজ্ঞাপনটোকা
২০০৯ৰূপা ফ্ৰণ্টলাইনৰাজপাল যাদৱৰ সৈতে ৰূপা গেঞ্জীৰ বিজ্ঞাপন।
২০০৯Cleartrip.comCleartrip.com টিভি বিজ্ঞাপন।
২০০৯ইণ্ডিয়ান জেম এণ্ড জুৱেলাৰীপুৰুষৰ জুৱেলাৰী কোম্পানীৰ বাবে প্ৰিণ্ট বিজ্ঞাপন।
২০১০ৰূপা ফ্ৰণ্টলাইনৰশ্মি দেশাইৰ সৈতে ৰূপা গেঞ্জীৰ বিজ্ঞাপন।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]