সমললৈ যাওক

দেৱদাস (২০০২ চনৰ হিন্দী চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

দেৱদাস হ'ল ২০০২ চনত মুক্তি পোৱা এখন ভাৰতীয় হিন্দী চলচ্চিত্ৰ। শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ বিখ্যাত উপন্যাস দেৱদাসৰ আধাৰত নিৰ্মিত হয় এই ছবিখন। এয়া দেৱদাসৰ কাহিনীৰ তৃতীয় বলীউড (হিন্দী) সংস্কৰণ আৰু হিন্দীত প্ৰথম ৰঙীন চলচ্চিত্ৰ সংস্কৰণ। সঞ্জয় লীলা ভণশালীৰ পৰিচালনাৰে নিৰ্মিত ছবিখনৰ শিৰোনাম চৰিত্ৰত অভিনয় কৰিছে শ্বাহৰুখ খান, মাধুৰী দীক্ষিত আৰু ঐশ্বৰ্য ৰায়ে

দেৱদাস
The theatrical poster of Devdas, featuring the leading cast (Shah Rukh Khan, Aishwarya Rai and Madhuri Dixit). Khan features on the middle, holding a bottle of alcohol, while Rai and Dixit on the right and left of him, respectively.
চিত্ৰগৃহত মুক্তিৰ পোষ্টাৰ
পৰিচালক সঞ্জয় লীলা ভণশালী
ৰচনা
ভিত্তি দেৱদাস
লেখক: শৰৎচন্দ্ৰ চট্টোপাধ্যায়
অভিনয়ত
পৰিবেশক Eros International
মুক্তি
২৩ মে' ২০০২ (2002-05-23) (Cannes Film Festival)
১২ জুলাই ২০০২ (2002-07-12) (India)
দৈৰ্ঘ্য
১৭৪ মিনিট
দেশ ভাৰত
ভাষা হিন্দী
বাজেট ৫০ কোটি[1]
সৰ্বমুঠ আয় ১৬৮ কোটি

দেৱদাসৰ চৰিত্ৰত শ্বাহৰুখ খানৰ অভিনয়ক শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছিল আৰু তেওঁক ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হৈছিল। "দোলা ৰে দোলা" গীতটিত ঐশ্বৰ্য ৰায় আৰু মাধুৰী দীক্ষিতে একেলগে এক অনন্য নৃত্য প্ৰদৰ্শন কৰি বহুত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল।

দেৱদাসৰ মুক্তিৰ সময়লৈকে বলীউডৰ দ্বাৰা নিৰ্মিত আটাইতকৈ ব্যয়বহুল ছবি এইখনেই আছিল। ছবিখনৰ বাজেট আছিল ভাৰতীয় মুদ্ৰাত ৫০ কোটি টকা।

ছবিখন মুক্তি পোৱাৰ কেইদিনমান পিছতে ছটা বিকল্প ভাষাৰ সংস্কৰণ মুকলি কৰা হয়। উক্ত ভাষা কেইটা হ'ল: ইংৰাজী, ফৰাচী, জাৰ্মান, চীনা, থাই আৰু পঞ্জাবী ভাষা।

ঘৰৰ মালিক ছাৰ নাৰায়ণ মুখাৰ্জী (বিজয় কৃষ্ণ) আৰু তেওঁৰ পত্নী কৌশল্য (স্মিতা জাকাৰ)ৰ কথা শুনিছে যে তেওঁলোকৰ সৰু পুত্ৰ দেৱদাস (শ্বাহৰুখ খান) ইংলেণ্ডত পঢ়া-শুনা সমাপ্ত কৰি দহ বছৰৰ পাছত বংগৰ তালছোনাপুৰত থকা গাঁৱৰ ঘৰলৈ উভতি আহিছে। কৌশল্যই যেতিয়া চুবুৰীয়া সুমিত্ৰাক পুত্ৰৰ উভতি অহাৰ কথা ক’লে, সুমিত্ৰাও দেৱদাসৰ মাকৰ দৰেই সুখী হৈছিল। কন্যা পাৰোৰ সৈতে দেৱদাসৰ শৈশৱৰ বন্ধুত্বৰ কথা কওঁতেই কৌশল্যাৰ চকুলো টুকি উঠিল। পাৰোৱে দেৱদাসৰ স্মৃতিত এটা লেম্প জ্বলাই ৰাখে, আৰু কেতিয়াও লেম্পটো নুমুৱাবলৈ নিদিয়ে।

দেৱদাস গাঁৱলৈ উভতি আহোঁতে প্ৰথমে নিজৰ ঘৰৰ সলনি শৈশৱৰ প্ৰেয়সী পাৰোৰ ঘৰলৈ গৈছিল। এই কথাত কৌশল্য বিচলিত হৈ পৰিল। তাৰ পাছত যেতিয়া সুমিত্ৰই দেৱদাসক পাৰোক বিয়া কৰাবলৈ প্ৰস্তাৱ দিলে, তেতিয়া দেৱদাসৰ পৰিয়ালে তেওঁলোকৰ বংশ আৰু আভিজাত্যৰ কথা বিবেচনা কৰি সেই প্ৰস্তাৱ নাকচ কৰিলে। এই কথাত ক্ষুব্ধ হৈ সুমিত্ৰাই পাৰোক দেৱদাসতকৈ ভাল পৰিয়ালত বিয়া কৰাবলৈ প্ৰতিজ্ঞা কৰে। তাৰ পিছত জমিদাৰ ভুবন চৌধুৰীৰ লগত পাৰোৰ বিয়া হৈছিল। ভুৱন চৌধুৰী আছিল এগৰাকী বিধৱা আৰু তিনিটা সন্তানৰ পিতৃ। দেৱদাসে হতাশ হৈ কলকাতালৈ যায় আৰু বন্ধু চুন্নীবাবু (জেকী শ্ৰফ) ৰ সৈতে বেশ্যালয়লৈ যাবলৈ আৰম্ভ কৰে। এই বেশ্যালয়ত তেওঁ চন্দ্ৰমুখী (মাধুৰী দীক্ষিত) নামৰ এগৰাকী বেশ্যাক লগ পায়৷

ইফালে পাৰোৱে শহুৰেকৰ ঘৰত থকা সকলোকে, আনকি মৃত ছাটিনৰ সন্তানকো নিজৰ বুলি লয়। এগৰাকী ভাল গৃহিণীৰ দৰে ঘৰৰ সকলো দায়িত্ব কান্ধত লয়। দেৱদাসে মদ খাবলৈ আৰম্ভ কৰে। ইফালে দেৱদাসৰ পিতৃৰ মৃত্যু হয়। দেৱদাসক চাবলৈ আগ্ৰহী পাৰো দেৱদাসৰ পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ লয়। কিন্তু তাতো দেৱদাসে মদ খাই অভদ্ৰ আচৰণ কৰিছিল। তাৰ পিছত প্ৰচণ্ড মদ্যপান কৰি অসুস্থ হৈ পৰাৰ পিছত দেৱদাসে নিজৰ ঘৰতে থাকিবলৈ আৰম্ভ কৰিলে। কিন্তু দেৱদাসৰ ভনীয়েকে চুৰিৰ অভিযোগ উত্থাপন কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়ে।

পাৰোৱে শুনিছে দেৱদাসৰ মদিৰা আসক্তিৰ কথা। তেওঁ দুৰ্গা পূজাৰ বাবে বেশ্যদ্বাৰামৃতিক সংগ্ৰহ কৰাৰ অজুহাতত চন্দ্ৰমুখীৰ "কোঠা"লৈ গ'ল। চন্দ্ৰমুখীৰ লগত তেওঁৰ কাজিয়া হৈছিল। পিছত তেওঁ বুজি পায় যে চন্দ্ৰমুখীয়েও দেৱদাসক তেওঁৰ দৰেই ভাল পায়। তেতিয়া পাৰোৱে চন্দ্ৰমুখীক ঘৰতে দুৰ্গা পূজালৈ মাতিলে। চন্দ্ৰমুখী পূজা চাবলৈ আহিলে ভুৱন চৌধুৰীৰ জোঁৱায়েকে চন্দ্ৰমুখীৰ পৰিচয় সকলোৰে আগত প্ৰকাশ কৰিলে। ইয়াৰ পৰা দেৱদাসৰ সৈতে পাৰোৰ সম্পৰ্কও পোহৰলৈ আহে। ভুৱনে পাৰোক ঘৰৰ পৰা ওলাই যাবলৈ মানা কৰে।

ইফালে যেতিয়া দেৱদাসৰ অসুখ গুৰুতৰ হৈ পৰে তেতিয়া মেজাজ সলনি হয়। বাটত চুনিবাবুক ট্ৰেইনত লগ পোৱাৰ পিছত বন্ধু দুজনে বহুতো মদ খালে। দেৱদাসৰ স্বাস্থ্যৰ অৱনতি ঘটিল। মৃত্যু আগতীয়া বুলি জানি সি পাৰোৰ শহুৰেকৰ ঘৰৰ সন্মুখত উপস্থিত হ’ল। পাৰো ঘৰৰ পৰা ওলাই আহিব বিচাৰে। কিন্তু তাৰ আগতে ঘৰৰ দুৱাৰখন বন্ধ হৈ গ’ল। ঘৰৰ বাহিৰত মৃত্যু হয় দেৱদাসৰ।

Shah Rukh Khan in 2013.
Aishwarya Rai in 2014.
Madhuri Dixit in 2019.
The lead actors of Devdas: Shah Rukh Khan, Aishwarya Rai, and Madhuri Dixit (l-r)
অভিনেতা/অভিনেত্ৰী ভূমিকা
শ্বাহৰুখ খান দেৱদাস মুখাৰ্জী
ঐশ্বৰ্য ৰায় পাৰ্বতী (পৰো) চক্ৰৱৰ্তী
মাধুৰী দীক্ষিত চন্দ্ৰমুখী
জেকি শ্ৰফ চুন্নীলাল (চুন্নীবাবু)
স্মিতা জয়কৰ কৌশল্যা মুখাৰ্জী
কিৰণ খেৰ সুমিত্ৰা চক্ৰৱৰ্তী
মনোজ যোশী দ্বীজদাস মুখাৰ্জী
অনন্য খাৰে কুমুদ মুখাৰ্জী
মিলিন্দ গুণজী কালিবাবু
দীনা পাঠক ভূৱনৰ মাতৃ
বিজয়েন্দ্ৰ ঘাটে ভূৱন চৌধুৰী
টিকু টালছানিয়া ধৰমদাস
আভা মুখাৰ্জী দেৱৰ ডাঙৰ‌ মাতৃ
জয়া ভট্টাচাৰ্য মনোৰমা
সুনিল ৰাইগে নীলকান্ত চক্ৰৱৰ্তী
বিজয় কৃষ্ণ ছাৰ নাৰায়ণ মুখাৰ্জী
অমৰদ্বীপ ঝা কালিবাবুৰ মাতৃ
অপ্ৰা মেহতা ডাঙৰ বাইদেউ
মুনি ঝা খুৰা
ৰাধিকা সিং যশোমতী

গানসমূহ

[সম্পাদনা কৰক]
নং শিৰোনামকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "সিলসিলা য়ে চাহত কা"  শ্ৰেয়া ঘোষাল ৫:২৬
2. "মাৰ ডালা"  কবিতা কৃষ্ণমূৰ্তি, কে.কে. ৪:৪০
3. "বৈৰী পিয়াজ"  শ্ৰেয়া ঘোষাল, উদিত নাৰায়ণ ৫:২৩
4. "কাহে ছেড়"  বিৰজু মহাৰাজ, মাধুৰী দীক্ষিত, কবিতা কৃষ্ণমূৰ্তি ৫:২৪
5. "ছলক ছলক"  উদিত নাৰায়ণ, বিনোদ ৰাথোৰ, শ্ৰেয়া ঘোষাল ৫:১২
6. "হমেশা তুমকো চাহা"  কবিতা কৃষ্ণমূৰ্তি, উদিত নাৰায়ণ ৬:০২
7. "ৱো চাঁদ জৈসী লড়কী"  উদিত নাৰায়ণ ৪:৩২
8. "মোৰে পিয়া"  জসবিন্দৰ নৰুলা, শ্ৰেয়া ঘোষাল ৫:৪০
9. "ডোলা ৰে ডোলা"  শ্ৰেয়া ঘোষাল, কবিতা কৃষ্ণমূৰ্তি, কে.কে. ৬:৩৫

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ২০০৩ চনৰ অস্কাৰ বঁটাত দেৱদাসে ভাৰতৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ বাবে মনোনয়ন লাভ কৰিছিল।
  • ২০০২ চনৰ কান চলচ্চিত্ৰ মহোৎসৱৰ বাবেও ইয়াক নিৰ্বাচিত কৰা হৈছিল যদিও ই বঁটাৰ বাবে যোগ্য নাছিল।

ফিল্মফেয়াৰ বঁটা

[সম্পাদনা কৰক]
  • ২০০২ চনত দেৱদাসে মুঠ দহটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।
  • বিজয়ী শ্ৰেষ্ঠ ছবি - ভাৰত শ্বাহ
  • বিজয়ী শ্ৰেষ্ঠ অভিনেতা - শ্বাহৰুখ খান
  • বিজয়ী শ্ৰেষ্ঠ অভিনেত্ৰী - ঐশ্বৰ্য ৰায়
  • বিজয়ী শ্ৰেষ্ঠ পৰিচালক - সঞ্জয় লীলা ভণশালী
  • বিজয়ী শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী - মাধুৰী দীক্ষিত
  • বিজয়ী শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী - কবিতা কৃষ্ণমূৰ্তি আৰু শ্ৰেয়া ঘোষাল, গীত "দোলা ৰে দোলা ৰে"।
  • বিজয়ী শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফাৰ - বিনোদ প্ৰধান
  • বিজয়ী শ্ৰেষ্ঠ কলা পৰিচালনা - নীতিন চন্দ্ৰকান্ত দেশাই
  • বিজয়ী শ্ৰেষ্ঠ নৃত্য পৰিচালক - সৰোজ খান
  • বিজয়ী শ্ৰেষ্ঠ দৃশ্য - পাৰ্বতী আৰু চন্দ্ৰমুখী একত্ৰিত হোৱা দৃশ্য।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

[সম্পাদনা কৰক]
  • ২০০২ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত দেৱদাসে মুঠ পাঁচটা শাখাত মনোনীত হৈছিল।
  • মনোনয়ন শ্ৰেষ্ঠ জনপ্ৰিয় ছবি - ২০০২
  • মনোনীত শ্ৰেষ্ঠ কলা পৰিচালনা - নীতিন চন্দ্ৰকান্ত দেশাই
  • মনোনীত শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী - শ্ৰেয়া ঘোষাল
  • মনোনীত শ্ৰেষ্ঠ নৃত্য পৰিচালনা - সৰোজ খান
  • মনোনয়ন শ্ৰেষ্ঠ সাজ-পোছাক ডিজাইন - ২০০২

আই আই এফ এ বঁটা

[সম্পাদনা কৰক]
  • ২০০২ চনত আই আই এফ এ এৱাৰ্ডত দেৱদাসে মুঠ ছটা শাখাত বঁটা লাভ কৰিছিল।
  • বিজয়ী শ্ৰেষ্ঠ ছবি - ভাৰত শ্বাহ
  • বিজয়ী: মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা - শ্বাহৰুখ খান
  • শিৰোনাম চৰিত্ৰত বিজয়ী শ্ৰেষ্ঠ অভিনেত্ৰী - ঐশ্বৰ্য ৰায়
  • বিজয়ী শ্ৰেষ্ঠ পৰিচালক - সঞ্জয় লীলা ভণশালী
  • বিজয়ী শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী - কিৰন খেৰ
  • বিজয়ী IIFA শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী - কবিতা কৃষ্ণমূৰ্তি আৰু শ্ৰেয়া ঘোষাল "দোলা ৰে দোলা ৰে" গীতটিৰ বাবে।

এমটিভি এছিয়া এৱাৰ্ড

[সম্পাদনা কৰক]
  • ২০০৩ চনত দেৱদাসে এছিয়ান ফিল্ম বঁটাৰ বাবে মনোনীত হৈছিল।

ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা

[সম্পাদনা কৰক]
  • দেৱদাসে ২০০৩ চনৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ বাফটা বঁটাৰ বাবে মনোনীত হয়।

বক্স অফিচ

[সম্পাদনা কৰক]

বক্স অফিচত বিৰাট আলোড়নৰ সৃষ্টি কৰিলে দেৱদাসে। ভাৰতীয় মুদ্ৰাত ৮৯ কোটি টকা উপাৰ্জন কৰি বক্স অফিচত ছুপাৰ হিট হৈ ২০০২ চনৰ শ্ৰেষ্ঠ ছবি হিচাপে আত্মপ্ৰকাশ কৰে।

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]

কৰণ জোহৰৰ ৰকি ঔৰ ৰাণী কি প্ৰেম কহানী (২০২৩)ত ৰণবীৰ সিং আৰু টোটা ৰয় চৌধুৰীয়ে পৰিবেশন কৰা নৃত্যৰ ক্ৰম হিচাপে পুনৰ ব্যৱহাৰ কৰা হয় "দোলা ৰে দোলা" গীতটো।[2]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]