পিনক'ড
অৱয়ব
(পিন নংৰ পৰা পুনঃনিৰ্দেশিত)
ডাক সূচকাংক বা পিনক'ড বা পিন নং (ইংৰাজী: Postal Index Number চমুকৈ PIN) ভাৰতীয় ডাক বিভাগৰ ডাকঘৰ সূচোৱা ব্যৱস্থা। প্ৰতিটো পিনক'ডত ৬টা সংখ্যা থাকে। পিনক'ড ব্যৱস্থা ১৯৭২ চনৰ ১৫ আগষ্টত প্ৰৱৰ্ত্তন কৰা হৈছিল।
গঠন
[সম্পাদনা কৰক]ভাৰতত ৮টা অসামৰিক আৰু ১টা সামৰিক পিনক'ড অঞ্চল আছে। পিনক'ডৰ প্ৰথম সংখ্যাটোৱে এই ৯টা অঞ্চলৰ কোন অঞ্চলত ঠিকনাটো অৱস্থিত তাক সূচায়। দ্বিতীয় সংখ্যাটোৱে মূখ্য অঞ্চলৰ উপ-অঞ্চলৰ অৱস্থিতি দেখুৱায়। তৃতীয় সংখ্যাটোৱে ডাক-জিলাৰ অৱস্থান আৰু শেষৰ তিনিটা সংখ্যাই বিশেষ এটা ডাকঘৰ সূচায়।
পিনক'ড আৰু ডাক চক্ৰৰ তালিকা
[সম্পাদনা কৰক]পিনক'ডৰ প্ৰথম ২/৩ টা সংখ্যা | ডাক চক্ৰ |
---|---|
১১ | দিল্লী |
১২ আৰু ১৩ | হাৰিয়ানা |
১৪ আৰু ১৫ | পঞ্জাব |
১৬ | চণ্ডিগড় |
১৭ | হিমাচল প্ৰদেশ |
১৮ আৰু ১৯ | জম্মু আৰু কাশ্মীৰ |
২০ৰ পৰা ২৮ | উত্তৰ প্ৰদেশ/উত্তৰাখণ্ড |
৩০ৰ পৰা ৩৪ | ৰাজস্থান |
৩৬ৰ পৰা ৩৯ | গুজৰাট |
৪০ | গোৱা |
৪০ৰ পৰা ৪৪ | মহাৰাষ্ট্ৰ |
৪৫ৰ পৰা ৪৮ | মধ্যপ্ৰদেশ |
৪৯ | ছত্তীসগড় |
৫০ৰ পৰা ৫৩ | অন্ধ্ৰপ্ৰদেশ |
৫৬ৰ পৰা ৫৯ | কৰ্ণাটক |
৬০ৰ পৰা ৬৪ | তামিলনাডু |
৬৭ৰ পৰা ৬৯ | কেৰালা |
৬৮২ | লক্ষদ্বীপ |
৭০ৰ পৰা ৭৪ | পশ্চিমবংগ |
৭৪৪ | আন্দামান নিকোবৰ দ্বীপপুঞ্জ |
৭৫ৰ পৰা ৭৭ | উৰিষ্যা |
৭৮ | অসম |
৭৯ | অৰুণাচল প্ৰদেশ |
৭৯৩, ৭৯৪, ৭৮৩১২৩ | মেঘালয় |
৭৯৫ | মণিপুৰ |
৭৯৬ | মিজোৰাম |
৭৯৯ | ত্ৰিপুৰা |
৮০ৰ পৰা ৮৫ | বিহাৰ আৰু ঝাৰখণ্ড |