সমললৈ যাওক

সৰু-পকমৌ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰু-পকমৌ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Solanales
পৰিয়াল: Solanaceae
গণ: Solanum
প্ৰজাতি: S. nigrum
বৈজ্ঞানিক নাম
Solanum nigrum
L.
Subspecies

S. nigrum subsp. nigrum
S. nigrum subsp. schultesii

পকমৌ (ইংৰাজী: Black night shade, বৈজ্ঞানিক নাম: Solanum nigrum) হৈছে Solanum গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ উদ্ভিদৰ প্ৰজাতি। ইয়াক স্থানীয়ভাৱে লাচকচি, লাটকচু বা পিচকাটি বুলিও কোৱা হয়। এই উদ্ভিদক সংস্কৃতত কাকামাচি বা কাকমাচি, নেপালীত কালবিহি, তাই আহোম ভাষাত ফাক টেন নামেৰে জনা যায়। পকমৌৰ বৈজ্ঞানিক নাম Solanum nigrum। পৰিয়াল - Solanaceae।[1] পকমৌ ইউৰেছিয়াত স্থানীয়ভাৱে পোৱা যায়। এই উদ্ভিদবিধ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাত নতুনকৈ স্থাপন কৰা হৈছে।[2]

পকমৌ দুই প্ৰকাৰৰ। এটাৰ পাত আৰু কাণ্ড কজলা বৰণৰ। আনটোৰ বগা। কাণ্ড আৰু শাখা উভয়ৰে মিহি আৰু কোমল। দুয়োটাৰে ফুল বগা। ফুল ১.৫ - ২.০ চেণ্টিমিটাৰ ব্যাসৰ।

পকমৌ একবৰ্ষজীৱী, থিয় কোমল উদ্ভিদ। গছজোপা ১ মিটাৰলৈকে ওখ হ'ব পাৰে। ইয়াৰ গুৰিৰ পৰাই ভিন্নমুখী শাখাসমূহ ওলাই গছজোপা দেখাত জোপোহা হৈ পৰে। পাত অকলশৰীয়া, দুয়ো পিঠি মিহি, ঠাৰিযুক্ত, আগ অংশ জোঙা, ২.৫ - ১৩ চেণ্টিমিটাৰ দীঘল, ১.২ - ৫.০ চেণ্টিমিটাৰ বহল। পাতল আকৃতি ডিম্বাকৃতিৰ, আয়তাকাৰ বা উপবৃত্তাকাৰ হয় আৰু কাষ ঢৌ খেলোৱা। কাণ্ড আৰু শাখা উভয়ৰে মিহি আৰু কোমল। দুয়োটাৰে ফুল বগা। ফুল ১.৫ - ২.০ চেণ্টিমিটাৰ ব্যাসৰ।[1]

বিস্তৃতি

[সম্পাদনা কৰক]

পকমৌ পশ্চিম আফ্ৰিকাৰ দেশীয় গছ যদিও ভাৰতৰ প্ৰায়বোৰ ঠাইতে বৰ্তমান পোৱা যায়। ই এবিধ সাধাৰণ বনশাক। সমগ্ৰ ভাৰতবৰ্ষত ২,১০০ মিটাৰ উচ্চতালৈ এই উদ্ভিদ পোৱা যায়। খৰালিকালত এই বনশাক য'তে ত'তে বিশেষকৈ শাকনিবাৰীত গজি উঠা দেখিবলৈ পোৱা যায়। সাধাৰণতে শুকান অঞ্চলত এই উদ্ভিদ বেছিকৈ দেখা যায়।[1]

ব্যৱহাৰ

[সম্পাদনা কৰক]

পকমৌৰ পাতত ৰাইব'ফ্লেবিন, নিক'টিনিক এচিড আৰু ভিটামিন-চি প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ উপৰিও পাতত বিটা কেৰ'টিন আৰু চাইট্ৰিক এচিডো পোৱা যায়। এই বনশাক ভাজি খাবলৈ ভাল। পাতত মৃদু তিতা ভাব থাকে যদিও ৰন্ধাৰ পাছত তিতা ভাব প্ৰায়েই নাথাকে। ইয়াৰ টেঙা জোল ৰান্ধি খাবলৈ ভাল। সিদ্ধ কৰিও এই বনশাক খাব পাৰি। গৰু বিহুৰ দিনা এশ এবিধ শাকৰ লগত এই বনশাক মিহলোৱা হয়। শাক হিচাপে খাৱৰ বাবে ফুল ফুলাৰ আগতেই নিৰ্বাচন কৰিব লাগে। খাবৰ বাবে সাধাৰণতে কুমলীয়া পাত আৰু আগ বাচি লোৱা হয়। ই মূল্যবান হৃদযন্ত্ৰৰ টনিক হিচাপে কামত দিয়ে। গছজোপা গৰু-ছাগলীয়ে নাখায়। পকা ফল কোনো চৰায়ে খোৱা দেখা নাযায়।[1]

পকমৌৰ খাদ্যমূল্য হ'ল (প্ৰতি ১০০গ্ৰামত)

জলীয় বাষ্প ৮২.১%
প্ৰটিন ৫.৯%
চৰ্বী ১.০%
খনিজ দ্ৰব্য ২.১%
কাৰ্ব'হাইড্ৰেট ৮.৯%

এই উদ্ভিদত পোৱা খনিজ পদাৰ্থ আৰু ভিটামিনবোৰ হ'ল কেলচিয়াম, ফছফৰাছ, লো, ৰাইব'ফ্লেভিন, নিয়াচিন আৰু ভিটামিন চি। ইয়াৰ কেলৰি ৮৮।

ঔষধি গুণ

[সম্পাদনা কৰক]

পকমৌৰ আঞ্জা ৰান্ধি খালে জ্বৰ, গ্ৰহণী, পেটৰ অসুখ, পেটফুলা, পেটৰ বিষ, চকুৰ অসুখত উপকাৰ পোৱা যায়। এই আঞ্জাই মূল ক্ষৰণ (secretion) আৰু বৃদ্ধিকাৰক ৰূপেও ক্ৰিয়া কৰে। ড্ৰপচি ৰোগীৰ বাবে ই এবিধ উত্তম বনৌষধি শাক। উতলোৱা ৰস বা শাক উভয় ধৰণে এই ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰিব পাৰি। ই শক্তিবৰ্ধকৰূপেও ক্ৰিয়া কৰে। জলাতংক ৰোগ, লিভাৰ বৃদ্ধি, কেচুমুৰীয়া ৰোগতো এই বনশাক উপকাৰী। বৃক্কজনিত ৰোগত পকমৌৰ শিপা জালুকৰ লগত উতলাই খোৱা হয়। পকমৌৰ শিপা বায়ু নি:সাৰক হিচাপেও প্ৰয়োগ হয়। তদুপৰি ই দাঁতৰ বিষ আৰু কৃমিনাশক ৰূপেও কাৰ্য কৰে। শিপাৰ ৰস মৌজোলৰ লগত খালে হুপিং কাঁহ ভাল হয়। পাতৰ ৰস আদাৰ ৰসৰ লগত খালে বমি বন্ধ হয়। পাতৰ ৰস পিহি খৰ-খজুৱতিত সানিলে ভাল ফল পোৱা যায়। এই ঔষধ ঘামচি আৰু বিষাক্ত পোকে বিন্ধা ঠাইত লগালে ভাল হয়। কটা-ছিঙাত এই ঔষধে এণ্টিছেপটিকৰূপে কামত দিয়ে। গ্ৰহণী ৰোগত আঞ্জা হিচাপে এই বনশাক উত্তম পথ্য হিচাপে ব্যৱহৃত হয়। ই হজম শক্তি বৃদ্ধি কৰে আৰু অৰুচি নাইকিয়া কৰাত সহায় কৰে। ফল ঔষধ হিচাপে ব্যৱহাৰ হয়। ফলবোৰ বলকাৰক তথা জুলাপ হিচাপে খাব পাৰি। ভোক বৃদ্ধিতো ফলে সহায় কৰে। চৰ্মৰোগ - যেনে বেচু, শালমইনা হ'লে পাত আৰু কাণ্ডৰ ৰস সেই ঠাইত সানিব লাগে। শৰীৰৰ কোনো অংশত হোৱা বিষ, ফুলি উঠা, জ্বালা-পোৰা কৰাত পাতৰ প্ৰলেপ সানিব লাগে। চোম পৰিলে কেঁচা ফলৰ প্ৰলেপ সেই ঠাইত সানিব লাগে।[1]

বংশ বৃদ্ধি

[সম্পাদনা কৰক]

বীজৰ জৰিয়তে এই উদ্ভিদৰ বংশ বিস্তাৰ হয়।

আলোকচিত্ৰৰ ভঁৰাল

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 ড॰ অন্নজ্যোতি গগৈ (জুন-জুলাই ২০০৬). "খাদ্য আৰু ঔষধ হিচাপে ( লাচকচি বা পকমৌ )". বিজ্ঞান জেউতি খণ্ড ৪১ (১ম সংখ্যা): পৃষ্ঠা ২৩-২৪. 
  2. Mohy-ud-dint, A., Khan, Z., Ahmad, M., Kashmiri, M.A., Chemotaxonomic value of alkaloids in Solanum nigrum complex, Pakistan Journal of Botany, 42(1): 653-660, 2010.[1]