বাৰ ভূঞা
বাৰ ভূঞা মধ্যযুগীয় অসম আৰু বংগৰ এচাম শাসনকৰ্তা আৰু জমিদাৰ আছিল। ভূঞাৰ অৰ্থ ভূঁই বা ভূমিৰ অধিকাৰী। তেওঁলোকে আনৰ পৰা প্ৰায় স্বাধীনতা বজাই ৰাখি নিজ মাজতে গোট কৰিছিল। এই ভূপতিসকল কোনো বিশেষ জনগোষ্ঠী, ধৰ্ম বা জাতিৰ নাছিল।[1]
বাহিৰা শক্তিয়ে আক্ৰমণ কৰিলে তেওঁলোকে সাধাৰণতে একেলগে তাৰ বিৰুদ্ধে যুঁজ কৰিছিল। শান্তিৰ সময়ত সকলোৱে নিজা নিজা সাৰ্বভৌমত্ব বজাই ৰাখিছিল। তাৰ মাজতে শক্তিশালী ৰজাৰ আৱিৰ্ভৱ হ'লে তেওঁলোকে আনুগত্য প্ৰকাশ কৰিছিল।[2] তেওঁলোকে চকলা নামৰ গাঁৱৰ সমষ্টিত শাসন কৰিছিল আৰু তেওঁলোকৰ সকলোতকৈ প্ৰতাপীজনে নিজকে ৰজা বুলিছিল।[3] সিবিলাকৰ বাৰজন বাৰ ঠাইত প্ৰখ্যাত হৈ উঠিছিল; সেই কাৰণে সিবিলাকক "বাৰভূঞা" বোলা যায়। বাৰঘৰ কায়স্থ ভূঞা বাদেও দুঘৰ বামুণ ভূঞা আছিল।[4] আন বুৰঞ্জীবিদৰ মতে শাসনকৰ্তাৰ সংখ্যা বাৰজনতকৈ বেছি আহিল আৰু বাৰ শব্দই "বহুতো" বুজাইছিল।[5] গতিকে ভূঞা-ৰাজ বুলিলে নিজা নিজা শাসন বুজাইছিল, আৰু বাৰ ভূঞা বুলিলে তেওঁলোকৰ বিশেষ গোটক বুজাইছিল।[6] বংগত তেওঁলোকে ভাটিৰ অঞ্চলক বাৰটা প্ৰাশাসনিক গোট বা দ্বাদশ বাংলাত ভগাইছিল।[7] বৰ্তমানৰ অসম, উত্তৰ বংগ আৰু বাংলাদেশৰো সৰহভাগেৰে গঠিত কামৰূপ ৰাজ্যৰ ভাঙোনৰ সময়ছোৱাতে বাৰ ভূঞাৰ উৎপত্তি হৈছিল। শালস্তম্ভ বংশৰ নৱম শতিকাৰ ৰজা বলবৰ্মন (তৃতীয়)ৰ ৰাজত্বকালতে মাটি ভগাই লোৱাৰ কাৰ্য খুব দেখিবলৈ পোৱা হৈছিল।[8] মধ্য কামৰূপৰ পতন হোৱাৰ পাছত সৰু সৰু দলপতিৰ প্ৰথা অব্যাহত থাকে।

অসমত বাৰভূঞাসকলে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে কছাৰী ৰাজ্যৰ পশ্চিমফালে আৰু উত্তৰপাৰে চুতীয়া ৰাজ্যৰ পশ্চিমৰ অঞ্চল অধিকাৰ কৰিছিল। ইয়াত নগাঁও, দৰং আৰু শোণিতপুৰ অন্তৰ্ভুক্ত আছিল। বংগৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে তেওঁলোকে অস্ত্ৰ ধৰিছিল আৰু ১৪৯৮ চনৰ পাছত আলাউদ্দিন হুছেইন শ্বাহৰ প্ৰশাসনৰ বাকী ৰোৱা অংশক পৰাস্ত কৰিছিল। তেওঁলোকে কোচ ৰাজ্যৰ উত্থানতো বাধা দিছিল যদিও ব্যৰ্থ হয়। তাৰ পাছত দক্ষিণপাৰে তেওঁলোকৰ অঞ্চল কচাৰী ৰাজ্য আৰু কমতা ৰজ্যৰ মাজৰ সংকুচিত হৈ পৰে। উত্তৰ পাৰতো আহোম ৰাজ্যৰ প্ৰভাৱ বাঢ়ি আহিবলৈ ধৰে। বংগত বৰিসালৰ চন্দ্ৰদ্বীপ ৰাজ্য বসু ৰাজ পৰিয়ালে শাসন কৰিছিল। ইয়াৰ শেষৰজন ৰজা ৰবীন্দ্ৰ নাৰায়ণ বসুৱে বংগৰ বিভাজনৰ সময়ত কলকাতালৈ পলাই যায়। তেওঁলোকৰ স্থান ইতিমধ্যেই জমিদাৰলৈ অৱনমিত হৈছিল।l
ইতিহাস
অসমৰ বাৰ-ভূঞা
অসমৰ বাৰ-ভূঞা সকলক দুটা ভাগত বিভক্ত কৰিব পৰা যায়। প্ৰথমটো ভাগ হৈছে আদি বা পুৰণি ভূঞা আৰু আনটো হৈছে ১৪-১৫ শতিকাত অহা বাৰ-ভূঞা। শংকৰদেৱৰ আদি পুৰুষ এই দ্বিতীয় ভাগৰ আছিল।
আদি ভূঞা
- আদি-চৰিতৰ তথ্য :
আদি ভূঞা বা পুৰণি ভূঞাসকলৰ উৎপত্তি সম্পৰ্কে নিশ্চিত ঐতিহাসিক তথ্য সীমিত। তেওঁলোকৰ উৎপত্তিৰ একমাত্ৰ আখ্যান আদি চৰিত নামৰ এখন বিতৰ্কিত গ্ৰন্থখনত পোৱা যায়। গ্ৰন্থখনৰ ৰচনাৰ পৰম্পৰাগত তাৰিখ ১৫৮৬ শকাব্দ (১৬৬৪ খ্ৰীষ্টাব্দ) বুলি উল্লেখ কৰা হয়[9] যদিও ইয়াৰ প্ৰকৃত ৰচনাকাল আৰু লেখকত্ব সম্পৰ্কে সন্দেহ আছে। ২০১৮ চনৰ স্বদেশ অধ্যয়ন পাঠ্যপুথিত গ্ৰন্থখনক কাল্পনিক ৰচনা আখ্যা দি ১৮ শতিকাৰ শেষভাগৰ পৰা ১৯ শতিকাৰ আৰম্ভণিৰ ভিতৰত ৰচিত হোৱা বুলি বিশ্বাস কৰা হয় বুলি উল্লেখ কৰিছে। পাঠ্যপুথিখনৰ মতে, গ্ৰন্থখন মাধৱদেৱৰ নামত ৰচনা কৰা হৈছিল।[10] ইতিহাসবিদ প্ৰাঞ্জল ভূঞায়ো আদি চৰিতক ১৮ আৰু ১৯ শতিকাত পূৰ্বৰ বৈষ্ণৱ ধৰ্মগুৰুসকলৰ নামত ৰচিত একাধিক অপ্ৰামাণিক জীৱনীমূলক গ্ৰন্থৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে। তেওঁৰ মতে, এনে গ্ৰন্থসমূহত প্ৰতিদ্বন্দ্বী বৈষ্ণৱ সম্প্ৰদায়ৰ ধৰ্মগুৰুসকলৰ বিৰুদ্ধে নিন্দাসূচক বৰ্ণনা পোৱা যায়।[11] বহু ইতিহাসবিদে এই গ্ৰন্থখনক পৰবৰ্তী কালৰ জালি ৰচনা বুলি গণ্য কৰে[12][13][14] আৰু বাৰভূঞাসকলৰ শুদ্ধ ইতিহাস হিচাপে গ্ৰহণ নকৰে।[15][10]
গ্ৰন্থখনত উল্লেখ কৰা মতে আদি-ভুঞা সকলৰ উৎপত্তি নামনি অসমৰ ৰজা আৰিমত্তৰ[16] ৰাজসভাৰ সমুদ্ৰ নামৰ মন্ত্ৰী এজনৰ পৰা হৈছিল। প্ৰতাপপুৰা (কামৰূপৰ বুৰঞ্জী মতে প্ৰতাপসিংহ/ৰামচন্দ্ৰ) নামৰ এজন ৰজাই ৰত্নপীঠৰ (যোগিনী তন্ত্ৰৰ মতে কামৰূপ ৰাজ্যৰ পশ্চিম অংশ) ৰত্নপুৰত ৰাজত্ব কৰিছিল। তেওঁৰ পুত্ৰ মায়ামত্তয়ে নিজৰ ৰাজ্যখন দুয়ো পুত্ৰ নাগমত্ত আৰু আৰিমত্তৰ মাজত ভাগ কৰি দিছিল। আৰিমত্তয়ে ৰাজ্যৰ পুব ভাগ শাসন কৰিছিল, যʼত তেওঁৰ মন্ত্ৰী সমুদ্ৰয়ে তেওঁৰ বাবে এখন নতুন ৰাজধানী নিৰ্মাণ কৰি দিছিল। নাগমত্তেয়ে ৰত্নপীঠৰ ৰত্নপুৰৰ পৰা পশ্চিম ভাগ ৰাজত্ব কৰিছিল। কিছু বছৰৰ পাছত নাগমত্তৰ মৃত্যু হয় আৰু আৰিমত্তয়ে নিজৰ পিতৃক হত্যা কৰি সমগ্ৰ ৰাজ্য নিজৰ অধীনলৈ লয়। প্ৰচলিত লোককথা জনশ্ৰুতিৰ ওপৰত আধাৰিত "কামৰূপৰ বুৰঞ্জী" নামৰ গ্ৰন্থখনৰ পৰা জনা যায় যে আৰিমত্তয়ে কমতাপুৰৰ ৰজা দুৰ্ল্লভেন্দক পৰাস্ত কৰি কমতাপুৰৰ ৰজা হৈছিল আৰু পুনৰ কামৰূপলৈ আহি পিতৃক সত্যা কৰি বৈদ্যৰগড় নামে এখন পাট নিৰ্মাণ কৰিছিল। তাৰ পাছত তেওঁ বিশ্বনাথৰ প্ৰতাপ গড়ৰৰ লৈকে ৰাজ্য বিস্তাৰ কৰি কামৰূপ লৈ ঘূৰি আহি ৰাজপাট খাইছিল।[17] বহু ইতিহাসবিদে কিন্তু আৰিমত্তৰ এই কাহিনীটো গ্ৰহণ কৰিবলৈ অসুবিধা পায় আৰু ইয়াক কিংবদন্তি বুলি আখ্যা দিয়ে।[18][19][20]
যিয়ে নওক গ্ৰন্থ খনৰ পাছৰ অংশৰ মতে আৰিমত্তয়ে সমুদ্ৰক ৰাজ্যৰ এটা অংশ ৰাজত্ব কৰিবলৈ দিছিল আৰু সমুদ্ৰৰ পুত্ৰ মনোহৰক আন অংশ। সমুদ্ৰ আৰু মনোহৰৰ মৃত্যুৰ পাছত সমগ্ৰ অঞ্চলটো মনোহৰৰ পুত্ৰী লক্ষ্মীৰ হাতলৈ গৈছিল। লক্ষ্মীৰ দুই পুত্ৰ আছিল, সান্তনো আৰু সুমন্ত [21]। সান্তনো আৰু সুমন্ত দুয়োৰে বাৰজন পুত্ৰ আছিল। এই সকলকে বৰ বাৰ-ভূঞা (লস্কৰ, কাব্যশী, পদ্ম, ৰাই, সলাল, চুকা/সকা, টেটন, ধ্বজ/ধয়া, উজীৰ, সৰল, ৰমাই আৰু তমাই) আৰু সৰু বাৰ-ভূঞা (কন্বজ্বৰা/কনৌজ্বৰা, ৰঘূ, মুকুন্দ,কদম্ব, সুৰথ, সুন্দৰা,সুশামা, গৌড়বাজ, ৰত্ন, মহাৰথ, লেপ আৰু কেপ) কোৱা হৈছিল। সৰু বাৰ-ভূঞা সকল ৰামপুৰলৈ(বৰ্তমানৰ নগাঁৱত অৱস্থিত) স্থানান্তৰিত হৈছিল। বৰ বাৰ-ভূঞা সকল পূৰ্বৰ ঠাইতে থাকি সেই ঠাইক নিজৰ মাতৃৰ নামত লক্ষ্মিপুৰ/লক্ষিমপুৰ( বৰ্তমানৰ দৰঙত অৱস্থিত) দিয়ে। পুৰ্বতে এই ঠাইক ৰঙ্গ-গ্ৰাম কোৱা হৈছিল[22]। এই বংশাৱলীত সুমন্তৰ জ্যেষ্ঠ পুত্ৰ কন্বজ্বৰক শংকৰদেৱৰ পূৰ্বপুৰুষ চণ্ডীবৰৰ সৈতে সংযোগ কৰি আদি ভূঞাসকলক শংকৰদেৱৰ পৰিয়ালৰ সৈতে একে বংশসূত্ৰত বান্ধিবলৈ চেষ্টা কৰা হৈছে। কিন্তু মহেশ্বৰ নেওগৰ মতে শংকৰদেৱৰ পৰিয়ালৰ বংশতালিকাত কন্বজ্বৰ নামৰ কোনো ব্যক্তি পোৱা নাযায়।[23]
গ্ৰন্থখনত উল্লেখ থকাৰ মতে আদি ভূঞা সকলে চুতীয়া আৰু কছাৰী দুয়ো ৰাজ্যৰ লগত যুদ্ধ কৰি নিজৰ ভূমি ৰক্ষা কৰিছিল। গ্ৰন্থখনত দিয়াৰ মতে এবাৰ বৰ বাৰ-ভূঞায়ে আহোম ৰাজ্য আক্ৰমণ কৰিছিল, কিন্তু যুদ্ধত পৰাস্ত হৈ বাৰজন বৰ-ভূঞাক বন্দী কৰি শদিয়াৰ শ্যামা কালিৰ মন্দিৰলৈ(তাম্ৰেশ্বৰী মন্দিৰ) বলি দিবলৈ পঠিওৱা হৈছিল। কিন্তু, কাহিনীটোৰ মতে, গোসানীয়ে ভূঞা সকলৰ বলি ল'বলৈ অস্বীকাৰ কৰিলে আৰু সেই বাবে আহোম ৰজাই সকলোকে সপত কোৱাই এৰি দিলে। গ্ৰন্থখনৰ মতে ইয়াৰ পাছত বাৰ ভূঞাৰ সহযোগত আহোম ৰজায়ে কছাৰী ৰজা আৰু চুতীয়া ৰজা, ধীৰনাৰায়ণক পৰাস্ত কৰি হত্যা কৰিবলৈ সক্ষম হৈছিল।
অৱশ্যে এই ঘটনাটো সত্য প্ৰমাণিত নহয় বুলি ভবা হয় কাৰণ চুতীয়া ৰজাক ১৫২৪ চনত পৰাস্ত কৰাৰ পাছত হে শদিয়াখন বা শদিয়াৰ কালি মন্দিৰটো আহোম ৰজাৰ অধীনলৈ আহিছিল। হয়টো এই ঘটনা পৰৱৰ্তী কালৰ চুতীয়া বিদ্ৰোহ (১৫২৭-১৫২৯ চনৰ) বা কছাৰী দমন(১৫৩৬ চনৰ) হয়। সম্ভৱতঃ এই বৰ বাৰ-ভূঞাসকলৰ বিদ্ৰোহক দমন কৰি আহোম ৰজাই চুতীয়া বিদ্ৰোহ দমন কৰিবলৈ বা কছাৰী ৰজাক পৰাস্ত কৰিবলৈ এইসকলৰ সহায় লৈছিল। "পুৰণি অসম বুৰঞ্জী" গ্ৰন্থখনত কছাৰীৰ বিৰুদ্ধে আহোম ৰজাই ভূঞা সকলৰ সহায় লোৱাৰ কথা উল্লেখ কৰা হৈছে।[24] আদি-চৰিতত উল্লেখ থকাৰ মতে এই কাৰ্যত প্ৰসন্ন হৈ আহোম ৰজাই বাৰ-ভূঞাসকলক উত্তৰ কোলৰ বাৰখন সৰু প্ৰদেশ(যেনে কলাবাৰী, গহপুৰ, কলংপুৰ, নাৰায়ণপুৰ, ইত্যাদি) আহোমৰ হৈ ৰাজত্ব কৰিবলৈ দিছিল। ইয়াৰে লস্কৰ পৰিয়ালৰ জয় ভূঞা আৰু উজীৰ পৰিয়ালৰ মাহি ভূঞা এসময়ত শক্তিশালী হৈ উঠিছিল আৰু আহোম ৰজা জয়ধ্বজ সিংহই এই সকলৰ সকল চুক্তি কৰিব লগীয়া হৈছিল। গ্ৰন্থখনত লিখা হৈছে যে সৰু বাৰ-ভূঞাসকলে বৰ বাৰ-ভূঞাসকলৰ লগত কল্পতৰু-শাস্ত্ৰ নামৰ এখন গ্ৰন্থৰ বাবে দ্বন্দ্ব কৰি ৰামপুৰৰ দক্ষিণলৈ আঁতৰি আহিছিল।
- কামৰূপৰ বুৰঞ্জীৰ কিংবদন্তি :
কামৰূপৰ বুৰঞ্জীৰ প্ৰথম অধ্যায়তো প্ৰতাপসিংহ, ৰামচন্দ্ৰ আৰু আৰিমত্ত সম্পৰ্কে একাধিক কিংবদন্তিমূলক বিৱৰণ পোৱা যায়। প্ৰথম বিৱৰণত কামৰূপৰ ৰজা ধৰ্মপালৰ পুত্ৰ ৰত্নপাল, তেওঁৰ পুত্ৰ সোমপাল আৰু সোমপালৰ পুত্ৰ প্ৰতাপসিংহৰ কথা উল্লেখ কৰি প্ৰতাপসিংহই কন্যকা গ্ৰামত পাট পাতি কামৰূপৰ উজানিৰ ভূঞাসকলক পৰাস্ত কৰাৰ বৰ্ণনা দিয়া হৈছে।[25] একেখন গ্ৰন্থৰ পৰিশিষ্ট (ক)-ত সংকলিত সৰুণাথ বৰুৱাৰ কামৰূপ পুৰাবৃত্তত সোমপালে কামৰূপৰ উজানিত বিশ্বনাথৰ কাষত কন্যকা গাঁৱত পাট পাতি ৰজা হোৱাৰ কথা উল্লেখ আছে।[26] অৱশ্যে প্ৰথম বিৱৰণত কামৰূপৰ উজানিৰ ভূঞাসকলৰ নিৰ্দিষ্ট অৱস্থান বা তেওঁলোকৰ ৰাজ্যৰ সীমা উল্লেখ কৰা হোৱা নাই।
উল্লেখযোগ্য যে সপ্তদশ শতিকাৰ আহোম ৰজা প্ৰতাপ সিংহ (১৬০৩–১৬৪১)ৰ ৰাজত্বকালতো বিশ্বনাথ অঞ্চলত উত্তৰ পাৰৰ ভূঞাসকলক দমন কৰা হৈছিল। এডৱাৰ্ড গেইটৰ মতে, ১৬২৩ খ্ৰীষ্টাব্দত উত্তৰ পাৰৰ বিশ্বনাথ-লক্ষিমপুৰ অঞ্চলৰ (পূৰ্বতে চুহুংমুঙৰ দিনত মধ্য অসমৰ ৰটা-তেমনি অঞ্চলৰ পৰা স্থানান্তৰিত কৰোৱা)[27] ভূঞাসকলৰ মাজত উদয় নামৰ এজন ভূঞাই স্বাধীনতা ঘোষণা কৰাত প্ৰতাপ সিংহই তেওঁক বন্দী কৰি মৃত্যুদণ্ড দিয়ে আৰু ভূঞাসকলক দমন কৰি তেওঁলোকক ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ স্থানান্তৰ কৰে।[28] প্ৰতাপ সিংহৰ বিশ্বনাথ অঞ্চলত অন্যান্য কাৰ্যকলাপৰো অভিলেখীয় সাক্ষ্য পোৱা যায়। বিশ্বনাথ ঘাটৰ এটা স্তম্ভলিপিত তেওঁৰ নিৰ্দেশত ভাণ্ডাৰী গোহাঁয়ে প্ৰতাপগড় বা শলালগড় নিৰ্মাণ কৰাৰ কথা উল্লেখ আছে।[29] ইয়াৰ উপৰি ১৬১৫–১৬২০ খ্ৰীষ্টাব্দৰ ভিতৰত ক্ষতিগ্ৰস্ত হোৱা বিশ্বনাথ শিৱ মন্দিৰটো তেওঁ মোমাই তামুলী বৰবৰুৱাৰ জৰিয়তে পুনৰ নিৰ্মাণ কৰাইছিল।[30]
একেখন গ্ৰন্থৰ আন এটা বিৱৰণত ৰামচন্দ্ৰক কামৰূপৰ ৰজা হিচাপে উল্লেখ কৰা হৈছে। এই কাহিনী অনুসৰি আৰিমত্তই কমতাপুৰৰ ৰজাক পৰাস্ত কৰাৰ পাছত কামৰূপলৈ আহি ৰামচন্দ্ৰ ৰজাক হত্যা কৰি বৈদ্যগড়ত পাট পাতিছিল। পৰৱৰ্তী সময়ত তেওঁ বিশ্বনাথৰ উত্তৰে প্ৰতাপপুৰ নামেৰে এটা গড় নিৰ্মাণ কৰি পুনৰ কামৰূপলৈ উভতি আহি ৰাজত্ব কৰিছিল।[31] এই বিৱৰণৰ সৈতে প্ৰথম বিৱৰণৰ বংশাৱলীৰ পাৰ্থক্য আছে। প্ৰথমটোত প্ৰতাপসিংহক আৰিমত্তৰ পিতৃ হিচাপে উল্লেখ কৰাৰ বিপৰীতে আনটোত ৰামচন্দ্ৰৰ বংশৰ সৈতে আৰিমত্তৰ উৎপত্তি জড়িত কৰা হৈছে। বিৱৰণ কেইটাৰ মতে পৰৱৰ্তী সময়ত কামৰূপ পুনৰ ভূঞাসকলৰ শাসনলৈ আহে।[32]
আৰিমত্তৰ ৰাজত্বৰ ভৌগোলিক অৱস্থান সম্পৰ্কেও বিভিন্ন পৰম্পৰাত মতভেদ আছে। এডৱাৰ্ড গেইটে উল্লেখ কৰিছে যে আৰিমত্তই ক'ত ৰাজত্ব কৰিছিল সেয়া নিশ্চিত নহয়, যদিও অধিকাংশ বিৱৰণে তেওঁৰ ৰাজ্য নামনি অসমত অৱস্থিত বুলি কয়। গেইটৰ মতে, পৰম্পৰাগতভাৱে তেওঁৰ ৰাজধানী কামৰূপৰ বেত্নাৰ ওচৰৰ বৈদ্যগড়ত আছিল। এই কিংবদন্তিসমূহত কমতাপুৰৰ ৰজা ফেংগুৱাৰ সৈতে আৰিমত্তৰ সংঘৰ্ষৰ কথাও উল্লেখ আছে।[19]
কামৰূপৰ বুৰঞ্জীৰ সম্পাদক সূৰ্যকুমাৰ ভূঞাই গ্ৰন্থখনৰ প্ৰথম অধ্যায়ক কামৰূপৰ কিংবদন্তিমূলক বিৱৰণ বুলি অভিহিত কৰিছে। তেওঁ জনোৱা মতে, অধ্যায়টোৰ সমল বিভিন্ন পাণ্ডুলিপিৰ পৰা সংগ্ৰহ কৰা হৈছিল। আনহাতে পৰিশিষ্ট (ক)-ৰ কামৰূপ পুৰাবৃত্ত আছিল কামৰূপৰ চমতাৰ সৰুণাথ বৰুৱাই সংকলন কৰা পৰৱৰ্তী যুগৰ গ্ৰন্থ। বৰুৱাই কামৰূপৰ আঞ্চলিক জনশ্ৰুতি আৰু বিভিন্ন ঐতিহাসিক সংকলনৰ সমল ব্যৱহাৰ কৰিছিল।[33]
- আহোম বুৰঞ্জীৰ তথ্য :
আহোম যুগৰ বুৰঞ্জীসমূহৰ অনুসৰি চুতীয়া ৰাজ্যৰ পতনৰ পাছত আহোম ৰজা চুহুংমুঙে সকলো আদি ভূঞাক বস কৰি সিহঁতক অধিকাংশক উজনি অসমৰ উত্তৰ কোললৈ(বৰ্তমানৰ লক্ষিমপুৰ, বিশ্বনাথ জিলা) স্থানান্তৰিত কৰিছিল। হৰকান্ত বৰুৱাৰ "আসাম বুৰঞ্জী" আৰু কাশীনাথ তামুলী ফুকনৰ "আসাম বুৰঞ্জী পুথি"ৰ অনুসৰি চুতীয়াক পৰাস্ত কৰাৰ পাছত বাৰ-ভূঞাক বস কৰি চুহুংমুঙে সিহঁতৰ ল'ৰা কিছুমানক তামুলী আৰু পাচনী পাতি লৈছিল।[34][35] "সাতসৰী বুৰঞ্জী"ৰ মতে চুহুংমুঙ ৰজাই প্ৰথমতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰৌটা ভাঙি ভূঞাক দমন কৰি বিস্তৰ মানুহ পাই ভূঞা সকলক নিবন্ধ কৰি মেলি দিছিল। তাৰ পাছত সলাত গড় (বৰ্তমানৰ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ বিশ্বনাথ-কুকুৰাকতা অঞ্চল) বান্ধি উত্তৰ-দক্ষিণৰ ৰাজ(ভূঞা) মাৰি লৈছিল।[36][37] এই তথ্য টাই ভাষাৰ "আহোম বুৰঞ্জী" আৰু "দেওধাই অসম বুৰঞ্জী"তো উল্লেখ কৰা হৈছে[38][39]। ইয়াৰ পাছত উল্লেখ কৰা হৈছে যে ভূঞা সকলে ৰজাৰ ৰাজচʼৰালৈ অহা যোৱা কৰি আছিল আৰু উত্তৰ-কোল, দিহিং, ইত্যাদি অঞ্চলত থাকি পুখুৰী, দৌল, ইত্যাদি নিৰ্মাণ কৰি থৈ গৈছিল।[40] "পুৰণি অসম বুৰঞ্জী" খনত উল্লেখ থকাৰ মতে দিহিঙীয়া ৰজায়ে ৰটা-টেমনি মাৰি বাৰভূঞাক উত্তৰ কোলত পাতিছিল। এই ভূঞা সকলৰ মাজত বাৰ মুখ্য ভূঞা আছিল উতৈ, তমাই, ৰাই, সঁকাই, কৌষিক, উজিৰ, লস্কৰ, চোমদাৰ, সনাতন, কেহো, ৰামভট আৰু ভকতভূঞা। এই সকলৰ তলত চাৰিজন কৈ সৰু মূৰীয়া ভূঞা আছিল।[27] "অসম বুৰঞ্জী (SM)"ৰ অনুসৰি এই সকল ভূঞাৰ উতৈ আৰু তমাই নামৰ দুই ভূঞায়ে বগা হাতীত উঠি নিজকে ৰজা ঘোষণা কৰাত, আহোম ৰজাই দুয়োকে ধৰি দেওঘৰলৈ নি কাটিলে আৰু অন্য ভূঞাৰ (লস্কৰ, লালোয়া, উতাবৰ, কহিক/কৌষিক, চোমদাৰ, উজীৰ, তমাই, চপা, সোণাবৰ, ভেদাই) ভাই-ভতিজাক খাটনীয়াৰৰূপে ভেঁটাই ল'লে[41]।
"পুৰণি অসম বুৰঞ্জী" খনত উল্লেখ থকাৰ মতে চুহুংমুঙৰ ৰজাৰ ৰাজত্ব কালৰ শেষৰ ফালে তুৰ্বকক পৰাস্ত কৰাৰ পাছত ৰটা-টেমনিত বাকি থকা কিছু ভূঞায়ে(মদনগিৰি, ধৰ্ম্মাই, ৰামচন্দ্ৰগিৰি, দন্দৰ দলৈ, তামূলীদলৈ, বৰচোমদাৰ, দলিদখান) আহোম ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল আৰু কলং নৈৰ ওচৰত গোট খাই যুদ্ধলৈ সাজু হৈছিল। কিন্তু চুহুংমুঙ আৰু পাছলৈ তেওঁ পুত্ৰ চুক্লেংমুঙে এই সকলৰ বিদ্ৰোহ দমন কৰিছিল আৰু সকলোকে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ লয় অনা হৈছিল। [42][43][44]
পৰৱৰ্তী বাৰ-ভূঞা
পৰৱৰ্তী বাৰ-ভূঞাসকলে প্ৰথম অৱস্থাত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে পূবে কছাৰী ৰাজ্য আৰু পশ্চিমে কমতা ৰাজ্যৰ মাজৰ অঞ্চলত আধিপত্য স্থাপন কৰিছিল। মহেশ্বৰ নেওগৰ মতে, এই গোটৰ শিৰোমণি চণ্ডীবৰ মূলতঃ কনৌজৰ এজন শাসক আছিল। তেওঁ কনৌজ এৰি ধৰ্মনাৰায়ণৰ অধীনস্থ গৌড়লৈ আহিছিল।[45]
গৌড়ৰ ধৰ্মনাৰায়ণ আৰু কমতাৰ ৰজা দুৰ্লভনাৰায়ণৰ মাজত হোৱা এক সন্ধিৰ ফলত চণ্ডীবৰৰ নেতৃত্বত সাতঘৰ কায়স্থ আৰু সাতঘৰ ব্ৰাহ্মণ পৰিয়ালক বৰ্তমানৰ গুৱাহাটীৰ পৰা কেইমাইলমান উত্তৰে অৱস্থিত লেঙামাগুৰিত সংস্থাপন কৰা হৈছিল।[46] অৱশ্যে বাণীপ্ৰসন্ন মিশ্ৰই শংকৰদেৱৰ পৰম্পৰাগত ১৪৪৯ খ্ৰীষ্টাব্দৰ জন্ম-তাৰিখক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁৰ জন্ম আনুমানিক ১৪৭৯–১৪৮৪ খ্ৰীষ্টাব্দৰ ভিতৰত হোৱা বুলি মত প্ৰকাশ কৰিছে। এই সংশোধিত কালক্ৰম অনুসৰি দুৰ্লভনাৰায়ণৰ ৰাজত্ব আৰু চণ্ডীবৰৰ অসম আগমনৰ সময়ো পূৰ্বে ধাৰণা কৰা চতুৰ্দশ শতিকাৰ মাজভাগতকৈ যথেষ্ট পৰৱৰ্তী—সম্ভৱতঃ চতুৰ্দশ শতিকাৰ অন্তিম বা পঞ্চদশ শতিকাৰ আৰম্ভণিৰ সময়ৰ হ’ব পাৰে।[47]
লেঙামাগুৰিত থকা কালত শস্য চপোৱাৰ সময়ত ভূটীয়াসকলে অঞ্চলটো আক্ৰমণ কৰি লুটপাত কৰিছিল। এনে এক আক্ৰমণত তেওঁলোকে চণ্ডীবৰৰ পুত্ৰ ৰাজধৰক বন্দী কৰি নিয়ে। চণ্ডীবৰে তেওঁলোকক মাগুৰি—বৰ্তমানৰ চাংসাৰিৰ ওচৰৰ অঞ্চল—আৰু দেৱাংগিৰিৰ মাজত অৱস্থিত দৈমাৰালৈকে খেদি গৈ কেইবাজনো আক্ৰমণকাৰীক হত্যা কৰি ৰাজধৰক উদ্ধাৰ কৰে। ইয়াৰ চাৰি-পাঁচ বছৰৰ পাছত প্ৰতিশোধ ল’বলৈ অহা ভূটীয়াসকলে চণ্ডীবৰক বৰ্তমানৰ ওদালগুৰি জিলাৰ ৰৌতা লৈকে খেদি যায় যদিও বাৰ-ভূঞাসকলৰ হাতত পৰাস্ত হয়।[48]
নিৰাপদ আশ্ৰয়ৰ সন্ধানত চণ্ডীবৰ আৰু তেওঁৰ অনুগামীসকলে লেঙামাগুৰি ত্যাগ কৰি দুৰ্লভনাৰায়ণৰ সহায়ত বৰ্তমানৰ নগাঁও জিলাৰ বৰদোৱাত বসতি স্থাপন কৰে। চণ্ডীবৰৰ বংশধৰসকলৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱ অন্যতম আছিল। চণ্ডীবৰৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ ৰাজধৰ বাৰ-ভূঞাসকলৰ নেতা হয় আৰু পাছলৈ আন পাঁচজন ভূঞাও এই গোটত যোগ দিয়ে।[46]
১৪৯৮ খ্ৰীষ্টাব্দত আলাউদ্দিন হুছেইন শ্বাহে খেন বংশৰ ৰজা নীলাম্বৰক পৰাস্ত কৰাৰ পাছত তেওঁৰ শাসন বৰনদীলৈকে বিস্তাৰ কৰে। এই অভিযানত তেওঁ দুৰ্লভনাৰায়ণে বাউসীত সংস্থাপন কৰা দ্বিতীয় ভূঞা গোটৰ গন্ধৰ্বৰায়ৰ বংশধৰ হৰূপ নাৰায়ণকো পৰাস্ত কৰিছিল। পৰৱৰ্তী সময়ত বাৰ-ভূঞাসকলে প্ৰত্যাক্ৰমণ কৰি হুছেইন শ্বাহৰ পুত্ৰ দানিয়েলৰ অধীনত থকা বংগৰ শাসনৰ অৱসান ঘটোৱাত উল্লেখযোগ্য ভূমিকা লয়।[49]
কিন্তু তাৰ পাছতেই কমতাত বিশ্বসিংহৰ উত্থানে কামৰূপত পৰৱৰ্তী বাৰ-ভূঞাসকলৰ আধিপত্য নষ্ট কৰে। পূবফালে কছাৰীসকল আৰু পশ্চিমফালে উত্থানশীল কোচ শক্তিৰ মাজত চাপত পৰি নগাঁও অঞ্চলৰ ভূঞাসকলে ষোড়শ শতিকাৰ প্ৰথম চতুৰ্থাংশত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ স্থানান্তৰিত হয়। তেওঁলোকে উত্তৰ পাৰত বৰ বাৰ-ভূঞাসকলৰ অঞ্চলৰ পশ্চিমফালে আশ্ৰয় লয়। ক্ৰমবৰ্ধমান কোচ–আহোম প্ৰতিদ্বন্দ্বিতাই পৰৱৰ্তী সময়ত তেওঁলোকৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব অধিক সংকুচিত কৰে।[49]
শংকৰদেৱৰ সময়ত তেম্বুৱানীৰ জলধাৰা বন্ধ কৰিবলৈ বিভিন্ন ভূঞাৰ অধীনৰ লোকসকলক মাতি অনাৰ বৰ্ণনাই তেওঁলোকৰ বসতি আৰু জনসংগঠনৰ ভৌগোলিক পৰিসৰৰ আভাস দিয়ে। ৰামচৰণ ঠাকুৰৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ লীলা-চৰিতত এই পৰিসৰ কপিলীৰ পৰা চামধৰা আৰু শিঙ্গৰীৰ পৰা উত্তৰ সীমালৈ বিস্তৃত বুলি উল্লেখ কৰা হৈছে[50]—
কপিলীৰ হন্তে চামধৰা সীমা কৰি।
শিঙ্গৰীৰ হন্তে উত্তৰৰ সীমা বাৰী॥
টোকা
- ↑ (Nath 1989, পৃষ্ঠা 21)
- ↑ (Neog 1980, পৃষ্ঠা 49)
- ↑ (Neog 1980, পৃষ্ঠা 48)
- ↑ (Barooah 1937, পৃষ্ঠা 19)
- ↑ (Neog 1980:49f)
- ↑ (Guha 1983, পৃষ্ঠা 10)
- ↑ Akbarnama, Volume III, Page 647
- ↑ (Lahiri 1984, পৃষ্ঠা 62)
- ↑ Neog, Maheswar, Early History of the Vaishnavite Faith and Movement in Assam, p. 29, It is supposed to have been written in 1586 saka (1664 AD).
- 1 2 Swadesh Adhyayan: A Text Book for Higher Secondary First Year. Assam Higher Secondary Education Council. 2018. পৃষ্ঠা. 127. https://www.scribd.com/document/657184668/Swadesh-Adhyan-HS-First-Year-English-Medium-27ffb1ab-5014-4489-A0d8-1. "A fictitious text called ‘Adi Charita’ which is believed to have been written during the late 18th and early 19th century"
- ↑ Bhuyan, Pranjal (2022). "Sectarian Divisions of Sankardeva's Neo-Vaishnavism in Assam". International Journal of Scientific Development and Research খণ্ড 7 (5): 335–341. https://ijrti.org/papers/IJRTI2205056.pdf. "It can not , however , be denied that there are a few spurious biographical works written in the names of Madhavdeva, Bhattadeva and Krishna Bharati in the 18th and 19th centuries; they contain vilification against Vaishnavite saints of opposite subsects. Adi-carita, Sat-sampradaya-katha and Santanirnaya , supposed to be written by Madhavdeva , Bhattadeva and Krishna Bharati respectively, contain sectarian vilification which is usually rare in the earlier biographical literature.".
- ↑ Maheswar Neog states that the Adi-carita, ascribed to Madhavadeva, has created much ill feeling among the Vaisnavas of Assam, and has been denounced by the more considerate section of sattra pontiffs and literary men alike.
- ↑ Sarma, Satyendranath (1985). Madhavadeva. Makers of Indian Literature. প্ৰকাশক New Delhi: Sahitya Akademi. পৃষ্ঠা. 25. https://sahitya-akademi.gov.in/publications/pdf/madhavadeva_english.pdf. "Besides the above genuine works, a few more apocryphal works by later writers, viz., Adi-carita, Amulyaratna, Guptamani, and Guptastir are ascribed to Madhavadeva. The language, style and contents of these works clearly expose the spuriousness of these works."
- ↑ Saikia, Baburam (2021). "Marginalisation, Revolt and Adaptation: On Changing the Mayamara Tradition". Journal of Ethnology and Folkloristics খণ্ড 15 (1): 85–102. doi:10.2478/jef-2021-0006. "the present Mayamoria gosain ... disowns the Adi Carit-Puthi as a forged document written by a third-rate poet and not by Madhavadeva"; "Neog ... puts this manuscript in the category of spurious account in his analysis.".
- ↑ Neog, Dimbeswar (1947). Introduction to Assam. পৃষ্ঠা. 72-74. https://archive.org/details/in.ernet.dli.2015.529928. "Like the authorship, the historicity of Adi charita is doubtful. As the composition seems to lack the serenity and classicism of Madhawadew, the accounts also appear to be mainly based on legends and popular traditions, and as such are less than authentic. Arimatta himself is at best a legendary figure..So the Adi Charit cannot be depended on as anything approaching a history of the Bara Bhuyans."
- ↑ Gait, Edward A. (1926). A History of Assam. প্ৰকাশক Calcutta and Simla: Thacker, Spink & Co.. পৃষ্ঠা. 18. https://archive.org/details/in.ernet.dli.2015.45465/page/n38/mode/1up?q=Arimatta. "It is not certain where Arimatta ruled but most accounts place his kingdom in Lower Assam. His capital is said to have been at the Baidargarh, near Betna in Kamrup, where a high embankment forming a square, each side of which is about four miles long, is still in existence. He was attacked by a king named Phengua, of the house of Kamatapur, who advanced with an army of Meches and Koches, armed with bows and arrows, and threw up an embankment ten miles west of the Baidargarh; this embankment is in the Dhumdhuma Mauza and is still known as Phenguagarh."
- ↑ Bhuyan, Surjya Kumar, Kamrupar Buranji, p.4
- ↑ Neog, Dimbeswar (1947). Introduction to Assam. পৃষ্ঠা. 72, 74. https://archive.org/details/in.ernet.dli.2015.529928. "Like the authorship, the historicity of Adi charita is doubtful. As the composition seems to lack the serenity and classicism of Madhawadew, the accounts also appear to be mainly based on legends and popular traditions, and as such are less than authentic. Arimatta himself is at best a legendary figure."
- 1 2 Gait, Edward A. (1926). A History of Assam. প্ৰকাশক Calcutta and Simla: Thacker, Spink & Co.. পৃষ্ঠা. 19. https://archive.org/stream/historyofassam00gait/historyofassam00gait_djvu.txt. "Many legends cluster round Arimatta, but it would serve no useful purpose to discuss them further, as it is quite impossible to unravel the truth from the various conflicting stories that are current amongst the people."
- ↑ Neog, Dimbeswar (1947). Introduction to Assam. পৃষ্ঠা. 72. https://archive.org/details/in.ernet.dli.2015.529928. ""The Arimatta legends are so hopelessly divergent that it will simply be a wild goose chase here to make an attempt to reconcile them.""
- ↑ Neog, Maheswar, Early History of the Vaishnavite Faith and Movement in Assam, p. 52
- ↑ As per Asamar Buranji, Rang-gram(Rangagaon) was renamed as Lakshmipur after their mother Lakshmi
- ↑ Neog, Maheswar, Early History of the Vaishnavite Faith and Movement in Assam, p. 65-66
- ↑ Goswami, Hemchandra, "Purani Assam Buranji, p.28,"ৰটা ভাঙ্গি আনি লাচাম কলিতা ভূঞাৰ ঘৰ নি স্বৰ্গদেৱে বাঁহবাড়িত পাতি এক ভায়েকক সোণাৰি নৈত পাতিলে, এক ভায়েকক পৰ্বতত পাতিলে, এক ভায়েকক খঙ্গিয়া বুলিছিল। এই ঘৰে তিনি ঘৰ হ'ল। যেতিয়া স্বৰ্গদেৱে কছাৰীক মৰঙ্গিৰ পৰা খেদালে, তেতিয়াএ দেৱতায়ে মানুহ দুনুহ দি লাচামক নি তাক টুৰ্পাক নাম দি মৰঙ্গিৰ অধিকাৰ পাতিলে। সেই সময়ৰ পৰাই এই ঘৰক বাঁহবড়িয়া চেতিয়া বোলে। ই পূৰ্ব্বৰ ৰটা মাৰি অনা কলিতা।"
- ↑ Bhuyan, Suryya Kumar, ed (1930). Kamrupar Buranji. প্ৰকাশক Gauhati: Department of Historical and Antiquarian Studies, Assam. পৃষ্ঠা. 2–3. https://archive.org/details/dli.ministry.03465.
- ↑ Barua, Sarunath (1930). "Kamrup-Puravritta". In Bhuyan, Suryya Kumar. Kamrupar Buranji. Department of Historical and Antiquarian Studies, Assam. পৃষ্ঠা. 99. https://archive.org/details/dli.ministry.03465.
- 1 2 Goswami, Hemchandra, "Purani Assam Buranji, p. 27-28, "বাৰ ভুঞা:- আৰু পূৰ্বে দিহীঙ্গিয়া ৰজা দেৱে ৰটাটেমনি মাৰি বাৰভূঞাক উত্তৰ কোলত পাতিলেনি। ভূঞাৰ নাম উতৈ ১,তমাই ১, ৰাই ১, সঁকাই ১, কৌষিক ১, উজিৰ ১, লস্কৰ ১, চোমদাৰ ১, সনাতন ১, কেহো ১, ৰামভট ১, ভকতভূঞা ১। এই বাৰটা মুখ্য ভূঞা। তাৰে চাৰিটাকৈ সৰু মূৰিয়া ভূঞা দুকুড়ি আঠোটা। ৰটা ভাঙি আনি লাচাম কলিতা ভূঞাৰ ঘৰ নি স্বৰ্গদেৱে বাঁহবাড়িত পাতি এক ভায়েকক সোণাৰি নৈত পাতিলে, এক ভায়েকক পৰ্বতত পাতিলে, এক ভায়েকক খঙ্গিয়া বুলিছিল। এই ঘৰে তিনি ঘৰ হ'ল।"
- ↑ Gait, Edward A. (1926). A History of Assam. Thacker, Spink & Co.. পৃষ্ঠা. 119. https://archive.org/details/in.ernet.dli.2015.45465.
- ↑ Kakati, Swapna (2023). "Inscriptions as a Source for the Ahom-Mughal Conflict of Medieval Assam". Journal of Indian History and Culture (32): 110. https://journalcpriir.com/wp-content/uploads/2024/11/32nd-issue-dec-2023-jihc-online.pdf.
- ↑ Boruah, Abhilash Sharma (2021). "Sculptures of Biswanth Area in Assam". Abhidha Journal of Art, Archaeology and Cultural Heritage খণ্ড 1 (1): 125.
- ↑ Bhuyan, Suryya Kumar, ed (1930). Kamrupar Buranji. Department of Historical and Antiquarian Studies, Assam. পৃষ্ঠা. 3–4. https://archive.org/details/dli.ministry.03465.
- ↑ Bhuyan, Suryya Kumar, ed (1930). Kamrupar Buranji. Department of Historical and Antiquarian Studies, Assam. পৃষ্ঠা. 2, 3, 5, 100.
- ↑ Bhuyan, Suryya Kumar, ed (1930). Kamrupar Buranji. প্ৰকাশক Gauhati: Department of Historical and Antiquarian Studies, Assam. পৃষ্ঠা. i–iii. https://archive.org/details/dli.ministry.03465.
- ↑ Tamuli Phukan, Kasinath, Assam Buranji, p. 20, "পাচে চুটিয়া ৰজাৰ পো ভাই সহিতে চুটিয়াক পাকৰি গুৰিত পাতিলে। পাচে লাক্নি কাতকেউ ১৪২৭ সঁকত বাৰভুঁয়াক বৰালে; সিহঁতৰ বচোআল টঙ্গালি হাচটি এইসকলৰ আদৰ্স ললে; সিহঁতৰ ল'ৰা কিচু সৰ্গদেৱে তামুলী পাঁচনিকৈ লগত ল'লে।"
- ↑ Barua, Harakanta Sadaramin, Assam Buranji, p. 24.
- ↑ Bhuyan, S.K., Satsari Buranji,p. 16, "কছাৰী কৰতলীয়া:- দেৱৰগাঁৱত, মৰঙ্গিত কছাৰী আছিল।..পাছে চুহুমফা ৰজাদেৱে সেই কছাৰীক বহুবাৰ যুঁজিলে, আৰু চেং ৰজাক খুনখৰাক ধৰি আনিলে... আমালৈ ঘোঁৰা দিবি ২০, বুঢ়াগোহাঁইলৈ দিবি ৩টা, মৰঙ্গিখোৱালৈ দিবি ১টা, এই নিৱদ্ধ। ভূঞা:- আতপাচে ৰৈয়ত ভাঙ্গি আনিলে। বিস্তৰ ৰাজত মানুহ পাই থানে-থানে পাতি ভূঞাহতক নিৱন্ধ দি মেলি পঠায়। সলাত গড় বান্ধি থৈ উত্তৰে-দক্ষিণে যি ৰাজ পায়, তাক মাৰিবৰ মন কৰিছে।"
- ↑ Bhuyan, S.K., Satsari Buranji, p.135, "দুই বছৰ থাকি দেৱৰগাঞো মৰঙ্গি মাৰিছে, কছাৰী মাৰিছে। দুই বছৰ থাকি উত্তৰ কোলৰ বাৰে-ভূঞাক ধৰিছে। ভূঞাহতক জিনি বচোৱাল টঙালি জমনড়া মমচাট কৌপতীয়া জাপি ল'লে। এক বৎসৰ থাকি সলাত গড় বান্ধিছে। এক বৎসৰ থাকি ৰটা-টেমনি মাৰিছে।"
- ↑ Barua, G.C.,"Ahom Buranji, p. 62, "The heavenly king proceeded to Shaola(Biswanath). He ordered Shenglung, Thaomung Shenba, and some others to go and remain at Teomani-Rowta[Though the English translation says "Teomani", the Ahom language passage on the left says "𑜄𑜢𑜈𑜫-𑜉𑜦𑜧-𑜃𑜣-𑜍𑜈𑜫-𑜄𑜠" or "Teo-ma-ni Ro-ta"]. They did accordingly proceeded to the place and stopped there...The king passed the year Lakni Taomit (1528 AD) in peace. In Lakni Kaken (in 1529 AD), the king, with his son, the Dangarias and followers proceeded to Shaola(Sala). The heavenly king sent a messenger to Shenglung and other directing them to return from Teomani-Rowta. The king then ordered Thaomung Katak and Thaomung Mungklang to cross the Bharali river and plunder the wide country on the other side. Both of them acted as desired and returned with some captives who were produced before the king. Thaomung Katak was placed at Narayanpur."
- ↑ Bhuyan, S.K, Deodhai Asam Buranji,p.21,"ৰজাদেৱে বিশ্বনাথ লৈ গৈ ত্যাওচুংলুং-কংচেং, থাওমুং-চেনব এই দুইক ৰেটাই-টেমনিত থাকিব দিলেগৈ। পাচে থাওমুং-কটকক উজিৰক ধৰিবলৈ পঠালে। উজিৰে এই কথা জানি ভাগি পলাল...লাক্নি কাকেও শকত ৰজাদেৱৰ বাপেক-পুতেক ৰাজ্যে-সমন্বিতে বিশ্বনাথলৈ গৈ কলঙ্গেদি মানুহ পঠাই ৰেটাই-টেমনিৰ পৰা ত্যাওচুংলুং-কংচেঙক লোকজন সহিতে আহিব দিলে। পাচে ৰজাদেৱে থাওমুং-কটক, থাওমুং-মুংক্লাং, এই দুইক ভৰলীয়ে উজাই পঠালে, বোলে-"তহঁতে দুয়ে ভৰলু পাৰ হৈ গৈ যি মানুহ পাৱ ধৰি আনগৈ।" পাচে ইবোলাক দুয়ো গৈ যি মানুহ পালে আনি ৰজাদেৱৰ ঠাইত দিলেহি। পাচে থাওমুং-কটকক নাৰায়ণপুৰত ৰাজ দি তাতে থাকিব দিলে।"
- ↑ Bhuyan, S.K., Satsari Buranji,p. 17, "ভুঞাহঁত আহি গান্ধ, স্বওঁৰ, থঙ্গা ৰজাক ভেটিলেহি। ছমাহ থাকি যায়, অহাযোৱাকৈ থাকে। উত্তৰকোলত ৪ মাহ থাকি পুখুৰী খানি আহিল। দিহিঙ্গত দৌল বান্ধিলে, পুখুৰী খানিলে শিলিখাতলত, পানীচকি দি হাট পাতিলে দলৌগুৰিত। হালধিবাৰীত নগৰ কৰিলে। ভূঞাহঁত আহি থাকে, ৰজায়েৰে কথা হই থাকে। ৰজা বামুণহঁতক বাদ কৰাই ৰঙ্গ চাই থাকে। পুৰ্ব্বে বাৰু নাছিল, ছাৰিব নাজানে, ভূঞাৰ পৰাহে হ'ল।"
- ↑ Bhuyan, S.K.,"Assam Buranji(SM)", p.11-13, "সেই সয়ম উতৈ তমাই দুই ভূঞায়ে হস্তিত চূণ ঘহি কান্ধত চলি, বোলে, -"সৰ্বকালে আমাৰ ৰাজ্য, চুটিয়াক মাৰি বৰ লাই পালে। শুক্ল হস্তীত যি বহে তাৰে ৰাজ্য, আহোমে ক'ত পালে?" এই গৰ্ব্ব শুনি স্বৰ্গদেৱে বোলে-"মোক নাকুৰি নাখামে দিছে কালে পাইছো।" ভূঞা হঁত কোন মানুহ, শুকুলা হস্তিত উঠি যে আমাক অৱগৰ্ব্ব কৰে?" এই বুলি স্বৰ্গদেৱে বৰসন্দিকৈ ডেকাৰজা, দিহিঙ্গীয়া গলমণি পাত্ৰ, চনবন ভঙ্গীয়া হুহামৰা এই তিনি প্ৰধান কাঁড়ী, ৩ বোলে-"আমি ভূঞাহঁতক মাৰি ধৰি আনি দিম; স্বৰ্গদেৱৰ লোণ চাউল খাবৰ কি কাৰণ?" পাচে স্বৰ্গদেৱে বঁটাবাহন দি লোকজন সহিতে পঠাই দিলে। সিবোৰো গৈ কঢ়ামুখৰ দীৰ্ঘ পুখুৰীৰ কোষত ৰʼলগৈ। সেই সময়ত কাৰেকুছীয়া বাসুদেৱ তপসী লস্কৰে বোলে-"আহোমৰ লগত যুদ্ধ কৰিব নোৱাৰি। পোৱালি-খোৱা আহোম, পেটৰ পোৱালিকো চিৰি মাৰে।" এই বুলি ঘোঁৰা ৫টা, ৰূপ ২ চৰু সহিতে মালবৈয়া লস্কৰ পঠাই দিলে, বোলে-"আমি স্বৰ্গদেৱৰ শৰ্ণীয়া হʼলো, আমাক যিৰূপে ক্ৰোদ্ধ এৰিব, তাকে কৰিব।" পাচে ডেকাৰজা প্ৰমুখ্যে গলমণি পাত্ৰে বোলে-"ভাল, আমি মহাৰাজ স্বৰ্গদেৱৰ চৰণত বুজাই সাঞ্চি-পাতি ৰাখিম। তহঁতৰ ভাই-ভতিজা আমাৰ লগত পঠাই দে, খাটনীয়াৰৰূপে স্বৰ্গদেৱৰ চৰণত সেৱা কৰি থাকক গৈ, তেবেসে আমি উলটি যাব পাৰোঁ।" এই কথাত থাকি লালোয়া, উতাবৰ, কহিক, চোমদাৰ, উজীৰ, তমাই, চপা, সোণাবৰ, ভেদাই, এই সকল ভূঞাৰ ভাই-ভতিজাক লগত লৈ সন্দিকৈ প্ৰমুখ্যে ডেকাৰজায়ে খাটনীয়াৰৰূপে ভেঁটাই দিলে। স্বৰ্গদেউ বোলে-"শুকুলা হাতীৰ যে তমাই উঠিছে, সেই হাতী মোলৈ কিয় নানিলিহঁক?" পাচে ভূঞাৰ পুত্ৰ চপা সোণাবৰে বোলে-"হাতীৰ পোৰোগ হৈছিল, সেই কথাতেহে হাতীৰ সকলো গাৱে চূণ ঘহিছিল। শুক্লা হস্তীক স্বৰ্গদেউ নাপায়, আমি বন্দীহঁতে ক'ত পাম?" স্বৰ্গদেউ বোলে-"বন্দীহঁতে টেপাই কৰিব পাই নেকি?" এই বুলি উতৈ তমাই ২ ভূঞাক জুমুধি দেওঘৰৰ কোষত কাটিলে। তাৰ দুই পুতেক খাটনীয়াৰৰ লগতে ৰাখিলে। তাৰেপৰা ভূঞা বোৰ বশ হৈ থাকিল।"
- ↑ Bhuyan, S.K.,"Assam Buranji(SM)", p.29, "আৰু ৰটাটেমনি ভাগি বাৰভূঞা যাই কলঙ্গৰ কোষত ৰহিল। মদনগিৰি, ধৰ্ম্মাই, চোমদাৰ, ৰামচন্দ্ৰগিৰি, দন্দৰ দলৈ, তামূলীদলৈ, বৰচোমদাৰ, দলিদখাঁ, এইসব প্ৰমুখ্যে যুদ্ধক মনে আছে।...পাটত বহি (গড়গঞা ৰজাই) ভূঞাসকলক কাটি তাৰ ভাই-ভতিজাক লগত খাটনিয়াৰ ৰূপে ৰাখি ডেকা ৰাজা দবৰাজা সহিতে কোঁচক ধাৰে সলালৈ খেদি গ'ল।"
- ↑ Goswami, Hemchandra, "Purani Assam Buranji, p. 154, "পাচে মোৰ পুথাও দিহিঙ্গীয়া ৰজা কাচেঙ্গ বড় পাত্ৰগোহাইক সেনাপতি পাতি উপাই কৰি তুৰ্বকক মৰালে। আত পাচে সেই বেলা ৰটাটেমনিৰ বাৰ ভূঞায়াই কলঙৰ কাখৰত ৰলহি। মদনগিৰি, ধৰ্ম্মাই, চোমদাৰ, ৰামচন্দ্ৰ গিৰি, চন্দ্ৰ দলৈ, তামুলী দলৈ, বাহুদলৈ, বড় চোমদাৰ, এই সকল প্ৰমুখ্যে যুদ্ধক মনে আছে। ...পাচে দিহিঙ্গীয়া ৰজা বড় সন্দিকৈ সকলো বোৰে ভূঞায় যুদ্ধলৈ সলালৈ, আহিল। পাচে ভূঞাৎ সলা মাৰিলে। প্ৰথমে ৰনভঙ্গ হৈ আমাৰ হুহুকি আহি পৌষ মাস ১৪৬৩ শকত দুদিন পাচে যুদ্ধ কৰি ভূঞাক ভঙ্গাই মূৰ আনি মথাডাঙ্গত থলে। দুটা দৌল বান্ধিলে। ৰামচন্দ্ৰ গিৰি, দলিদখাঁ, প্ৰমুখো ভূঞা সকল সলাত লোকজন সহিতে দান্তে ধৰি দিহিঙ্গীয়া ৰজাত সৰণাগত হ'ল; লস্কৰো পৰিল ১৬, কটোয়াল পৰিল ১২, ঘোড়া পালে ৩০০, সেনা অনেক পৰিল। বজৰা নাও ৬০ পালে। সেই ভূঞা সকলক পুথাও দিহিঙ্গীয়া স্বৰ্গদেৱৰ আজ্ঞাএ বড় চেতিয়ায়ে উত্তৰ কোনে পাতিলে।"
- ↑ Barua, G.C.,"Ahom Buranji, p. 79.,"The Bara Bhuiyas paid their homage to the heavenly king(Suklengmung) on the side of the Kapili river.
- ↑ Neog, Maheswar (1980). Early History of the Vaisnava Faith and Movement in Assam. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 41.
- 1 2 Neog, Maheswar (1980). Early History of the Vaisnava Faith and Movement in Assam. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 51.
- ↑ Misra, Baniprasanna (2016). Sankardeva and His Times: Some Further Historical Probings. প্ৰকাশক Tezpur: Centre for Assamese Studies, Tezpur University. পৃষ্ঠা. 19–23.
- ↑ Neog, Maheswar (1980). Early History of the Vaisnava Faith and Movement in Assam. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 65–66.
- 1 2 Neog, Maheswar (1980). Early History of the Vaisnava Faith and Movement in Assam. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 53–55.
- ↑ ৰামচৰণ ঠাকুৰ (1977). দত্তবৰুৱা, হৰিনাৰায়ণ. ed (as ভাষাত). শ্ৰীমন্ত শঙ্কৰদেৱৰ লীলা-চৰিত (তৃতীয় সম্পাদনা). প্ৰকাশক নলবাৰী: দত্তবৰুৱা এণ্ড কোম্পানী. পৃষ্ঠা. 365. "কপিলীৰ হন্তে চামধৰা সীমা কৰি। শিঙ্গৰীৰ হন্তে উত্তৰৰ সীমা বাৰী॥"
তথ্যসূত্ৰ
- Guha, Amalendu (December 1983). "The Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam (1228–1714)". Social Scientist খণ্ড 11 (12): 3–34. doi:10.2307/3516963.
- Lahiri, Nayanjot (June 1984). "The Pre-Ahom Roots of Medieval Assam". Social Scientist খণ্ড 12 (6): 60–69. doi:10.2307/3517004.
- Nath, D (1989), History of the Koch Kingdom: 1515–1615, প্ৰকাশক Delhi: Mittal Publications
- Gohain Barooah, P (1937), An Illustrated HISTORY OF ASSAM, প্ৰকাশক tezpur: Leela agency
- Neog, M (1992), "Origin of the Baro-Bhuyans", in Barpujari, H. K., The Comprehensive History of Assam, 2, প্ৰকাশক Guwahati: Assam Publication Board, pp. 62–66
- Neog, M (1980), Early History of the Vaisnava Faith and Movement in Assam, প্ৰকাশক Delhi: Motilal Banarasidass
| |||||||||||||||||||||||||||