সমললৈ যাওক

ফৰিষ্টা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ফৰিষ্টা বা ফৰিস্তা বা ফেৰেস্তা (আৰবীক: ملائكة , Malāʾikah; (singular) ملاك Malāk) হ'ল ইছলাম ধৰ্মাম্বলম্বীসকলৰ বিশ্বাসমতে স্বৰ্গীয় দূত। আৰবীত ফৰিষ্টাক একবচনত মালাইক আৰু বহুবচনত মালাক বোলা হয়। ফৰিষ্টাৰ প্ৰতি বিশ্বাস ইছলাম ধৰ্ম বিশ্বাসৰ এটা মূল নীতি। খ্ৰীষ্টান ধৰ্ম , ইহুদী আনকি হিন্দু ধৰ্মতো ফৰিষ্টা তথা স্বৰ্গীয় দূতসকলৰ অস্তিত্ত্বৰ কথা কোৱা হৈছে। ফৰিষ্টাসকল মানুহৰ ন্যায় আল্লাহৰ আৰু এক সৃষ্টি। সিহঁতে নভোমণ্ডল আৰু ভূমণ্ডলৰ মাজত যোগাযোগ ৰক্ষা কৰে। ফৰিষ্টাত তেওঁলোকৰ সংখ্যা অগণন। ইছলামত তেওঁলোকৰ কোনো শ্ৰেণীবিন্যাস কৰা নহলেও চাৰিজন ফৰিষ্টাক প্ৰাধান্য দিয়া হৈছে: সেই কেইজন হল-

  1. জিব্ৰাইল (আলাইহিছ ছালাম)
  2. মিকাইল (আলাইহিছ ছালাম)
  3. ইছৰাফিল (আলাইহিছ ছালাম)
  4. মালাক আল-মাউত (আলাইহিছ ছালাম)

এওঁ আল্লাহৰ দূত আৰু সৰ্বশ্ৰেষ্ঠ ফৰিষ্টা। এই ফৰিষ্টাৰ নাম তিনিবাৰ কোৰআনত উল্লেখ কৰা হৈছে।[1]কোৰআনৰ এঠাইত জিব্ৰাইল ফৰিষ্টাক পাকৰূহবা ৰুহুল কুদ্দুছ বোলা হৈছে।[2] আল্লাহৰ আদেশ-নিষেধ আৰু সংবাদ আদান-প্ৰদান যিবোৰ ফৰিষ্টাৰ দায়িত্ব, জিব্ৰাইল তেওঁলোকৰ প্ৰধান। জিব্ৰাইলেই আল্লাহনবীসকলৰ কাষত গমনাগমন কৰে।

কোৰআনৰ এটা আয়াতত এই ফৰিষ্টাৰ নাম উল্লেখ কৰা হৈছে।[3] এওঁ বৃষ্টি আৰু খাদ্য উৎপাদনৰ দায়িত্বপ্ৰাপ্ত।

এই ফৰিষ্টাই কিয়ামত বা বিশ্বপ্ৰলয় ঘোষণা কৰিব। তেওঁৰ কথা কোৰআনত নাথাকিলেও হাদিছত উল্লেখ কৰা হৈছে।

হজৰত আজৰাইল (আঃ) বা মালাক আল-মাউত

[সম্পাদনা কৰক]

এওঁ মৃত্যুৰ ফৰিষ্টা আৰু প্ৰাণ হৰণ কৰে।

অন্যান্য

[সম্পাদনা কৰক]
  1. ইয়াৰ উপৰিও বিশেষ দুজন ফৰিষ্টা কিৰামুন আৰু কাতিবুনে প্ৰতিজন মানুহৰ ভাল বেয়া কামৰ হিচাব ৰাখে।
  2. কবৰত মুনকিৰ আৰু নাকিৰ নামেৰে দুজন ফৰিষ্টাই মানুহক সিহঁতৰ কৃতকৰ্মবোৰৰ খতিয়ান লয়।
  3. মালিক নামেৰে ফৰিষ্টাই নৰক বা জহন্নামৰ ৰক্ষণাবেক্ষণ কৰে। আকৌ ৰিদওয়ান নামেৰে আৰু এজন ফৰিষ্টাই স্বৰ্গ বা বেহেস্তাৰ চোৱাচিতা কৰে।

ইছলাম, খ্ৰীষ্টান আৰু ইহুদী ধৰ্মৰ বাদে হিন্দু ধৰ্মতো ফৰিষ্টা তথা স্বৰ্গীয় দূতসকলৰ অস্তিত্ত্বৰ কথা কোৱা হৈছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. [কোৰআনঃ ২/৯৭; ৯৮, ৬৬/৪]
  2. [কোৰআনঃ ১৬/১০২]
  3. [কোৰআনঃ ২/৯৭]