সমললৈ যাওক

ভাৰতৰ ইতিহাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই লেখাটোত ১৯৪৭ চনত ভাৰত বিভাজনৰ আগৰ ভাৰত উপমহাদেশৰ ইতিহাসৰ বিষয়ে উল্লেখ কৰা হৈছে। ১৯৪৭ চনৰ পিছৰ ভাৰত গণৰাজ্যৰ ইতিহাস জানিবলৈ ভাৰতীয় গণৰাজ্যৰ ইতিহাস প্ৰবন্ধটো চাওক। তদুপৰি পাকিস্তান বা বাংলাদেশৰ ইতিহাস জানিব বিচাৰিলে ক্ৰমে পাকিস্তানৰ ইতিহাস আৰু বাংলাদেশৰ ইতিহাস চাওক। দক্ষিণ ভাৰত, অবিভক্ত বংগ আৰু পশ্চিম বংগৰ ইতিহাস জানিবলৈ ক্ৰমে দক্ষিণ ভাৰতৰ ইতিহাস, বংগৰ ইতিহাস আৰু পশ্চিম বংগৰ ইতিহাস চাওক।

ভাৰতীয় ইতিহাসে মূলতঃ ভাৰতীয় উপমহাদেশৰ প্ৰাচীন-মধ্যযুগীয় আৰু প্ৰাক-আধুনিক ইতিহাসক বুজায়, খ্ৰীষ্টপূৰ্ব ৩য় সহস্ৰাব্দৰ পৰা খ্ৰীষ্টীয় ২০ শতিকাৰ মাজভাগলৈকে। খ্ৰীষ্টৰ জন্মৰ প্ৰায় দহ লাখ(?) বছৰৰ আগৰ দেশত প্ৰথম মানৱ বসতি দেখা যায়। কিন্তু ভাৰতৰ জ্ঞাত ইতিহাস খ্ৰীষ্টপূৰ্ব ৩৩০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১৩০০ চনৰ ভিতৰত ভাৰত উপমহাদেশৰ উত্তৰ-পশ্চিম অংশত সিন্ধু সভ্যতাৰ উত্থান আৰু সম্প্ৰসাৰণৰ পৰা আৰম্ভ হয়। পিছৰ হৰপ্পান যুগৰ সময়ছোৱা খ্ৰীষ্টপূৰ্ব ২৬০০ – ১৯০০ চন। এই ব্ৰঞ্জ যুগৰ সভ্যতা খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দৰ আৰম্ভণিতে পতন ঘটিছিল। সূচনা হয় লো -নিৰ্ভৰশীল বৈদিক যুগৰ। এই সময়ছোৱাতে সমগ্ৰ গংগা সমভূমি অঞ্চলত মহাজনপদ নামেৰে জনাজাত ১৬টা প্ৰধান ৰাজ্য-বসতিৰ সৃষ্টি হয়। এই জনপদবোৰৰ বেছিভাগেই ৰাজতন্ত্ৰিক আছিল যদিও ইয়াৰ ভিতৰত "লিচ্ছিবি" গণতান্ত্ৰিক আছিল। ইয়াৰে উল্লেখযোগ্য জনপদ আছিল মগধ। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত মগধত মহাবীৰ আৰু গৌতম বুদ্ধৰ জন্ম হৈছিল; পিছলৈ যি ভাৰতৰ জনসাধাৰণৰ মাজত শ্ৰমণ ধৰ্মদৰ্শন প্ৰচাৰ কৰিছিল।

ইয়াৰ কিছু সময়ৰ পিছতে উত্তৰ-পূবৰ এই অঞ্চলটো কেইবাটাও বিদেশী শাসনৰ অধীনলৈ আহিল। ইয়াৰে খ্ৰীষ্টপূৰ্ব ৫৪৩ চনৰ আশে-পাশে প্ৰতিষ্ঠিত হাখামানিয়ান পাৰ্চী সাম্ৰাজ্য [1] আৰু খ্ৰীষ্টপূৰ্ব ৩২৬ চনলৈকে মহান আলেকজেণ্ডাৰৰ ৰাজত্বকাল [2] বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ উপৰিও, ভাৰত-গ্ৰীক ৰাজ্য পঞ্জাৱ আৰু গান্ধাৰ অঞ্চলৰ বেক্ট্ৰিয়াৰ প্ৰথম ডেমেট্ৰিয়াছে খ্ৰীষ্টপূৰ্ব ১৮৪ চনত প্ৰতিষ্ঠা কৰিছিল। গ্ৰীক-বৌদ্ধ যুগত প্ৰথম মিনাণ্ডাৰৰ ৰাজত্বকালত এই ৰাজ্যখনে বাণিজ্যিক আৰু সাংস্কৃতিক সমৃদ্ধিৰ শিখৰত উপনীত হয়।

খ্ৰীষ্টপূৰ্ব তৃতীয় আৰু চতুৰ্থ শতিকাত মৌৰ্য সাম্ৰাজ্যৰ অধীনত উপমহাদেশত ৰাজনৈতিক ঐক্য লাভ কৰা হৈছিল। পৰৱৰ্তী দহ শতিকাত ধাৰাবাহিকভাৱে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যই ভাৰতৰ বিভিন্ন প্ৰান্তত শাসন কৰিছিল। খ্ৰীষ্টীয় চতুৰ্থ শতিকাত উত্তৰ ভাৰত পুনৰ একত্ৰিত হয় আৰু গুপ্ত সাম্ৰাজ্যলৈকে পৰৱৰ্তী দুটা শতিকালৈকে এই ঐক্য বজাই ৰখা হয়। এই যুগটোৱেই আছিল হিন্দু ধৰ্ম সংস্কৃতিৰ নৱজাগৰণৰ সময়। ভাৰতীয় ইতিহাসত এই যুগক " ভাৰতৰ সোণালী যুগ " বুলি কোৱা হয়। এই সময়ছোৱাত আৰু তাৰ পিছৰ শতিকাবোৰত চালুক্য, চোল, পল্লৱ আৰু পাণ্ড্য বংশই দক্ষিণ ভাৰতত শাসন কৰিছিল। তেওঁলোকৰ ৰাজত্বকালত দক্ষিণ ভাৰতৰ নিজস্ব এক সোণালী যুগৰ সূচনা হয়। এই সময়ছোৱাতে ভাৰতীয় সভ্যতা, প্ৰশাসন, সংস্কৃতিৰ লগতে হিন্দু আৰু বৌদ্ধ ধৰ্ম এছিয়াৰ বেছিভাগ অঞ্চলতে বিয়পি পৰে। ৭৭ খ্ৰীষ্টাব্দলৈকে কেৰেলাৰ সৈতে ৰোমান সাম্ৰাজ্যৰ সামুদ্ৰিক বাণিজ্যও জনা যায়।

৭১২ খ্ৰীষ্টাব্দত আৰব সেনাপতি মহম্মদ বিন কাছিমে দক্ষিণ পঞ্জাৱৰ সিন্ধ আৰু উত্তৰ পঞ্জাৱৰ মুলতান দখল কৰাৰ সময়ত ভাৰত উপমহাদেশত মুছলমান শাসন আৰম্ভ হৈছিল। [3] এই অভিযানসমূহে দশম আৰু পোন্ধৰ শতিকাৰ ভিতৰত মধ্য এছিয়াৰ পৰা কেইবাটাও অভিযানৰ ভিত্তি স্থাপন কৰিছিল। ইয়াৰ ফলস্বৰূপে ভাৰত উপমহাদেশত দিল্লী চুলতান আৰু মোগল সাম্ৰাজ্যৰ দৰে মুছলমান সাম্ৰাজ্য প্ৰতিষ্ঠা সম্ভৱ হৈ উঠিল। উপমহাদেশৰ প্ৰায় সমগ্ৰ উত্তৰ অংশ মোগল শাসনৰ অধীনত একত্ৰিত হৈছিল। মোগল শাসকে ভাৰতত মধ্যপ্ৰাচ্যৰ শিল্প আৰু স্থাপত্যৰ প্ৰচলন কৰিছিল। মোগল যুগত দক্ষিণ আৰু উত্তৰ-পূব পশ্চিম ভাৰতত বিজয়নগৰ সাম্ৰাজ্য, আহোম ৰাজ্য আৰু বংগ , মাৰাঠা সাম্ৰাজ্য আৰু কেইবাখনো ৰাজপুত ৰাজ্যৰ দৰে কেইবাখনো স্বাধীন ৰাজ্যৰ উত্থান ঘটিছিল। অষ্টাদশ শতিকাৰ আৰম্ভণিতে ক্ৰমান্বয়ে মোগলৰ অৱনতি ঘটিছিল। ফলত আফগান, বেলুচ আৰু শিখসকলে উপমহাদেশখনৰ উত্তৰ-পশ্চিম অংশত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয়। [4] অৱশেষত ব্ৰিটিছে সমগ্ৰ দক্ষিণ এছিয়াত নিজৰ শাসন প্ৰতিষ্ঠা কৰিলে।

অষ্টাদশ শতিকাৰ মাজভাগ আৰু তাৰ পিছৰ শতিকাবোৰত ভাৰত ক্ৰমান্বয়ে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনলৈ আহে। প্ৰথম ভাৰতীয় স্বাধীনতা যুদ্ধ বুলি জনাজাত চিপাহী বিদ্ৰোহৰ পিছত কোম্পানীটোৰ শাসনত অসন্তুষ্ট হৈ ব্ৰিটিছ চৰকাৰে ভাৰতক পোনপটীয়াকৈ ব্ৰিটিছ ৰাজৰ প্ৰত্যক্ষ শাসনৰ অধীনলৈ আনে। এই সময়ছোৱা আছিল ভাৰতৰ আন্তঃগাঁথনি উন্নয়ন আৰু অৰ্থনৈতিক অৱনতিৰ এক অধ্যায়। যদিও পশ্চিমীয়া আধুনিক শিক্ষাৰ প্ৰসাৰে এই সময়ছোৱাত বংগত নৱজাগৰণৰ জন্ম দিছিল।

২০ শতিকাৰ প্ৰথমাৰ্ধত ভাৰতীয় জাতীয় কংগ্ৰেছে দেশজোৰা স্বাধীনতা সংগ্ৰামৰ আহ্বান জনাইছিল। অৱশেষত ১৯৪৭ চনত ভাৰতীয় উপমহাদেশখনে গ্ৰেট ব্ৰিটেইনৰ পৰা বিচ্ছিন্ন হৈ ভাৰতক ধৰ্মীয় পৰ্যায়ত বিভাজন কৰে। উপমহাদেশখনৰ পূব আৰু পশ্চিম অংশৰ মুছলমান প্ৰধান অঞ্চলসমূহক পাকিস্তান আৰু বাকীবোৰ ভাৰত গণৰাজ্য বুলি জনা যায়। পূব পাকিস্তান নামেৰে পৰিচিত পাকিস্তানৰ পূব অংশই ১৯৭১ চনত ৰক্তাক্ত যুদ্ধৰ মাজেৰে নিজকে স্বাধীন বাংলাদেশ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিছিল।

প্ৰাগ-ঐতিহাসিক যুগ

[সম্পাদনা কৰক]

বৈদিক আৰু উত্তৰ-বৈদিক যুগ

[সম্পাদনা কৰক]

মৌৰ্য যুগ

[সম্পাদনা কৰক]

গুপ্ত সাম্ৰাজ্য

[সম্পাদনা কৰক]

ধ্ৰুপদী যুগ

[সম্পাদনা কৰক]

মুছলমান শাসন

[সম্পাদনা কৰক]

মোগলৰ পিছৰ আঞ্চলিক ৰাজ্যসমূহ

[সম্পাদনা কৰক]

ঔপনিৱেশিক যুগ

[সম্পাদনা কৰক]

ভাৰতীয় স্বাধীনতা আন্দোলন

[সম্পাদনা কৰক]

স্বাধীনতা আৰু দেশ বিভাজন

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Achaemenians". Jona Lendering, Livius.org. http://www.livius.org/aa-ac/achaemenians/achaemenians.html। আহৰণ কৰা হৈছে: 2008-01-09. 
  2. Plutarchus, Mestrius; Bernadotte Perrin (trans.) (1919). Plutarch's Lives. প্ৰকাশক London: William Heinemann. পৃষ্ঠা. Ch. LX. ISBN 0674991109. http://www.perseus.tufts.edu/cgi-bin/ptext?lookup=Plut.+Caes.+60.1। আহৰণ কৰা হৈছে: 2008-01-09. 
  3. "History in Chronological Order". Government of Pakistan. Archived from the original on ২০১০-০৭-২৩. https://web.archive.org/web/20100723113602/http://infopak.gov.pk/History.aspx। আহৰণ কৰা হৈছে: 2008-01-09. 
  4. "Pakistan". Library of Congress. http://lcweb2.loc.gov/frd/cs/pktoc.html। আহৰণ কৰা হৈছে: 2008-01-09.