পদাৰ্থ বিজ্ঞানৰ ইতিহাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
"If I have seen further it is [only] by standing on the shoulders of giants." Isaac Newton.[1]

দৰ্শনৰ পৰা ক্ৰমাত বিজ্ঞানৰ বিভিন্ন ভাগ সমূহ উৎপত্তি হোৱাৰ সময়ত পদাৰ্থ বিজ্ঞান(ফিজিক্স) শব্দটোৱে প্ৰাকৃতিক দৰ্শন বুজাইছিল, অৰ্থাৎ এই বিষয়ত প্ৰকৃতিয়ে কেনেদৰে কাম কৰে তাৰ বিষয়ে অধ্যয়ন কৰা হৈছেল।

প্ৰাচীন ইতিহাস[সম্পাদনা কৰক]

জ্যোতিৰ্বিজ্ঞান, আলোক বিজ্ঞান আৰু বলবিজ্ঞানেই হৈছে পদাৰ্থ বিজ্ঞানৰ প্ৰাচীনতম ভাগ, জ্যামিতিৰ অধ্যয়নৰ সময়ত গাণিতিক ভাবে এই তিনি ভাগক একত্ৰীকৰণ কৰা হয়, বেবীলনীয় আৰু গ্ৰীচ লিখকসমূহ যেনে, আৰ্কিমিডিচ আৰু টলেমিৰ দিনৰ পৰা গণিতৰ বিকাশ আৰম্ভ হয়। সেই সময়তে ফিজিক্স বোলা দৰ্শনৰ ভাগটোত বিভিন্ন পৰিঘটনাৰ ব্যাখ্যা দিয়া আৰম্ভ হয়, আৰু এৰিষ্টটলৰ দিনত এই ভাগটোৰ যুগান্তকাৰী বিকাশ হয়।

গ্ৰীচৰ সভ্যতাৰ প্ৰাচীন যুগত (৬৫০খৃ:পূ:-৪৮০খৃ:পূ:) ছক্ৰেতিচৰ পূৰ্বৰ দাৰ্শনিক সকলে প্ৰকৃতিৰ বিভিন্ন সত্যসমূহক আৱিষ্কাৰ কৰা আৰম্ভ কৰে, খৃষ্ট পূৰ্ব ৬-৭ শতিকাত প্ৰকৃতি সম্পৰ্কে প্ৰচলিত অতিপ্ৰাকৃতিক, অলৌকিক বা ধৰ্মীয় ধাৰণাসমূহক দাৰ্শনিক "থেলাচে" বিজ্ঞানৰ যুক্তিৰে প্ৰত্যাহবান জনাই আৰু গ্ৰহন কৰিবৰ বাবে অস্বীকাৰ কৰে, ইয়াৰ বাবে পৰৱৰ্তী কালত "থেলাচ"ক "বিজ্ঞানৰ পিতা" বোলা হয়, থেলাচে যুক্তি দিয়ে যে প্ৰতিটো পৰিঘটনাৰ অন্তৰালত এক প্ৰাকৃতিক কাৰক লুকাই থাকে। [2] খৃষ্ট পূৰ্ব ৫ম শতিকাত লুচিপাচে পৰমাণুবাদৰ ধাৰণা আগবঢ়াই, পৰমাণুবাদৰ মতে সকলোবোৰ বস্তু কিছুমান অবিভাজ্য আৰু অক্ষয় কণাৰে গঠিত, এই কণাবোৰক পৰমাণু বোলা হয়, পাছত এই মতবাদৰ ডেমক্ৰিটাচে বাখ্যা আগবঢ়াই।

এৰিষ্টটল (৩৮৪–৩২২ খৃ:পূ:)

প্লেটোৰ শিষ্য এৰিষ্টটল (৩৮৪ -৩২২ খৃ:পূ:)এ প্ৰথমে মতপোষন কৰে যে প্ৰাকৃতিক পৰিঘটনাবোৰৰ সুক্ষ্ম পৰ্যবেক্ষণেই এনে পৰিঘটনাৰ বাবে দায়ী প্ৰাকৃতিৰ সুত্ৰসমূহৰ আৱিষ্কাৰত প্ৰধান ভূমিকা ল’ব পাৰে, গ্ৰীচৰ প্ৰাচীন হেলেনীষ্টিয় সভ্যতা (Hellenistic civilization)ৰ সময়ত (খৃ: পূ; ৬ষ্ঠ, ৫ম, ৪ৰ্থ শতাব্দী) প্ৰাকৃতিক দৰ্শনৰ বিকাশ আৰম্ভ হয়, আৰু ই এক ৰোমাঞ্চকৰ আৰু ধাৰাবাহিক অধ্যয়নৰ বিষয় হৈ পৰে।

প্ৰাচীন গ্ৰীচ সভ্যতাৰ আদিভাগতে পৃথিৱী যে গোলাকাৰ সেয়া সকলোৰে মাজত জনাজাত হৈ পৰিছিল। আৰু প্ৰায় ২৪০ খৃ:প: মানত এৰাট’চথেন্সে (খৃ:প: ২৭৬-১৯৪) সঠিক ভাবে পৃথিৱীৰ পৰিসীমা নিৰ্ণয় কৰাত সফল হয়। এৰিষ্টটলৰ জ্যামিতিক দৃষ্টিভংগীৰ বিপৰীতে এৰিষ্টাৰকাচ(খৃ:প: ৩১০-১৯৪)এ পৃথিৱীৰ পৰিৱৰ্তে সূৰ্যক কেন্দ্ৰত ৰাখি সৌৰজগতৰ এক সহজ সৌৰকেন্দ্ৰিক বৰ্ণনা আগবঢ়ালে, এৰিষ্টাৰকাচৰ সৌৰকেন্দ্ৰিক ধাৰণাৰ আন এক বিশ্বাসী চেলেকাচে পৃথিৱীয়ে নিজৰ অক্ষৰ চাৰিওফালে ঘূৰে বুলি যুক্তি আগবঢ়াই, যদিও কালৰ সোঁতত তেওঁ আগবঢ়োৱা যুক্তিসমূহ হেৰাই যায়, অৱশ্যে প্লুটাৰ্কৰ মতে চেলেকাচেই প্ৰথম সৌৰকেন্দ্ৰিক ধাৰণাৰ প্ৰৱৰ্তক।

খৃ:পূ: ৩য় শতিকাত গ্ৰীক গণিতজ্ঞ আৰ্কিমিডিচে পদাৰ্থ বিদ্যাৰ হাইড্ৰ’ষ্টেটিকচ আৰু ষ্টেটিকচ (স্থিৰ হৈ থকা বস্তুৰ বিজ্ঞান) শাখা দূটাৰ সুত্ৰপাত কৰে, পানীত ওপঙা বস্তুৰ ওপৰত তেওঁ অধ্যয়ন কৰি খৃ:পূ: ২৫০ মানত বিখ্যাত প্লাবিতাৰ সুত্ৰ আৱিষ্কাৰ কৰে, ইয়াক আৰ্কিমিডিচৰ সুত্ৰও বোলা হয়। সেই সময়ৰ জ্যোতিৰ্বিদ টলেমিয়ে লিখা আলগামেষ্ট নামৰ জ্যোতিৰ্বিদ্যাৰ পুথি তাৰ বহু পাছৰ বিজ্ঞানৰ বাবে আধাৰ স্ৱৰূপ হোৱা দেখা যায়।

ইবন অল-হাথিম (আলহাজেন), ৯৬৫–১০৩৯, বচৰা

কালৰ গতিত প্ৰাচীন কালত একত্ৰীতহোৱা জ্ঞানপুঞ্জ ক্ৰমাত হেৰাই যায়। জনপ্ৰিয় চিন্তাবিদসকলৰো সৰহ সংখ্যক কামেই এতিয়া পোৱা নায়ায়। হিপাৰকাচে লিখি যোৱা ১৪ খন কিতাপৰ এখনো মূল কিতাপ এতিয়া পোৱা নাযায়, এৰিষ্টটলৰ ১৫০খনৰো অধিক বিখ্যাত কৰ্মৰাজীৰ প্ৰায় ৩০খনহে পোৱা যায়, তাৰোপৰি এৰিষ্টটলৰ শ্ৰেণীত দিয়া টোকাৰ দৰে আন কিছুমান নথি পোৱা যায়। ইচলামীয় খালিফা সকলে এই সময়ৰ বহুবোৰ কৰ্মৰাজী গোটাই লৈ আৰবীয় ভাষালৈ অনুবাদ কৰে। অল-কিণ্ডি, অল-ফৰাবী, অভিচিনা, এভেৰুচ আদিৰ দৰে ইচলামীয় দাৰ্শনিক সকলে গ্ৰীক কৰ্মৰাজীক নিজৰ ধৰণেৰে পুন:ব্যাখ্যা কৰে। ইবন অল-হাথিম আৰু আবু ৰিহান বিৰুণি[3][4] অৱদানো মন কৰিবলগীয়া, তেওঁলোকে পশ্ছিম ইউৰোপত ৰ’জাৰ বেকেন আৰু ৱিটেল’ৰ দৰে শিক্ষাবিদৰ অধীনত গ্ৰহন কৰিছিল।

১২শ শতাব্দীত আৰবীয় ভাষাৰ পৰা লেটিনলৈ পুৰণি কৰ্মৰাজী সমূহ অনুবাদ হোৱাৰ লগে লগে এইবোৰৰ সম্পৰ্কে পশ্ছিমীয়া দেশসমূহত সজাগতা বৃদ্ধি পায়। তেওঁলোকে ইছলামীয় আৰু ইহুদী ধৰ্মবিশ্বাসক সামৰি লৈ নকৈ কৰা ব্যাখ্যাই, মধ্যযুগৰ দাৰ্শনিকসকল (যেনে থ’মাচ একুইনাচ আদি)ৰ ওপৰত গভীৰ প্ৰভাব বিস্তাৰ কৰা দেখা গ’ল।

সময়ৰেখা[সম্পাদনা কৰক]

নাম জীৱনকাল অৱদান
এৰিষ্টটল খৃ:পূ:৩৮৪–৩২২ Physicae Auscultationes
আৰ্কিমিডিচ খৃ:পূ:২৮৭–২১২ ওপঙা বস্তুৰ অধ্যয়ণ
টলেমি ৯০–১৬৮ Almagest, Geography, Apotelesmatika
আলহাজেন ৯৬৫–১০৪০ Book of Optics
ক’পাৰনিকাচ ১৪৭৩–১৫৪৩ ১৫৪৩ চনত মহাকাশৰ গোলকীয় বস্তু সমূহৰ আৱৰ্তনৰ অধ্যয়ণ
গেলিলি ১৫৬৪–১৬৪২ ১৬৩২ চনত Dialogue Concerning the Two Chief World Systems
ডেচকাৰ্টচ ১৫৯৬–১৬৫০ ১৬৪১ চনত Meditations on First Philosophy
নিউটন ১৬৪৩–১৭২৭ ১৬৮৭ চনত Mathematical Principles of Natural Philosophy
ফেৰাডে ১৭৯১–১৮৬৭ ১৮৩৯, ১৮৪৪, Experimental Researches in Electricity, খণ্ড ১ আৰু ২
মেক্সৱেল ১৮৩১–১৮৭৯ ১৮৭৩ চনত: Treatise on Electricity and Magnetism
আইনষ্টাইন ১৮৭৯–১৯৫৫ ১৯০৫ চনত গতিশীল বস্তুৰ বিদ্যুত চুম্বকত্বৰ অধ্যয়ণ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ৰ’বাৰ্ট কুকলৈ লিখা চিঠি (15 February 1676 by Gregorian reckonings with January 1st as New Years Day. equivalent to 5 February 1675 using the Julian calendar with March 25th as New Years Day
  2. চিংগাৰ, চি.. A Short History of Science to the 19th century. ষ্ট্ৰীটাৰ প্ৰেচ, ২০০৮. পৃ ৩৫
  3. গ্লিক, লাইভচে’ & ৱালিচ (২০০৫)
  4. Mariam Rozhanskaya and I. S. Levinova (1996), "Statics", p. 642, in Rashed & Morelon (1996, পৃষ্ঠা 614–642)