বুলু ফিল্ম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বুলু ফিল্ম

পৰিচালক হিমাংশু প্ৰসাদ দাস
অভিনয়ত হিমাংশু প্ৰসাদ দাস
প্ৰণামিকা বৰা
মুক্তি
৯ ছেপ্তেম্বৰ, ২০২২
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

বুলু ফিল্ম (ইংৰাজী: Bulu Film) ২০২২ চনত মুক্তি পোৱা, গুৱেৰ্নিকা ক্ৰিয়েটোভিষ্টাৰ বেনাৰত নিৰ্মিত এখন অসমীয়া হাস্য-ব্যংগ কথাছবি। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী হিমাংশু প্ৰসাদ দাসে পৰিচালনা কৰা এইখন চতুৰ্থ ছবি। পৰিচালকগৰাকীয়ে ছবিখনৰ এটা মুখ্য ভূমিকাতো অভিনয় কৰিছে।[1]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

কৰ’না ৰোগ সংক্ৰমণত বাধা দিবলৈ চৰকাৰে ঘোষণা কৰা লকডাউনে সমগ্ৰ দেশৰ লগতে নামনি অসমৰ এখন সাধাৰণ গাঁৱকো বিপৰ্যস্ত কৰি পেলাইছিল। সেইখন গাঁৱৰে তিনিজন যুৱকেও হেৰুৱাবলগীয়া হৈছিল সংস্থাপন। সময় যোৱাৰ লগে লগে তিনিওৰে ঘৰত অভাৱে ভয়ংকৰ ৰূপ ধাৰণ কৰাত তেওঁলোকে উপাৰ্জনৰ বিকল্প বিচাৰি বিচাৰি অৱশেষত গাঁৱতে 'ব্লু-ফিল্ম' নিৰ্মাণৰ পৰিকল্পনা কৰে। সেই ছবি ইণ্টাৰনেটত আপলোড কৰি অজস্ৰ ধন ঘটাৰ সপোন দেখা তিনিওজন যুৱকে অৱশেষত মুখামুখি হয় এক অভাৱনীয় বাস্তৱৰ। মূলতঃ এই বিষয়েৰে নিৰ্মাণ কৰা হৈছে 'বুলু ফিল্ম' নামৰ ছবিখন।[1]

অভিনয় শিল্পী[সম্পাদনা কৰক]

  • প্ৰণামী বৰা
  • হিমাংশু প্ৰসাদ দাস
  • অপূৰ্ব বৰ্মন
  • চাংকু নিৰঞ্জন নাথ
  • অনামিকা শৰণীয়া
  • গৌৰৱজ্যোতি দাস
  • শিখা ঠাকুৰীয়া[1]

তথ্যউৎস[সম্পাদনা কৰক]