শিমলুগুৰি, লখিমপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিমলুগুৰি
—  গাঁও  —
স্থানাঙ্ক
দেশ  ভাৰত
ৰাজ্য অসম
জিলা লখিমপুৰ
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ক'ড
  • পিনক'ড • 784165
    • যান-বাহনৰ নম্বৰ • AS-07

শিমলুগুৰি হৈছে ভাৰতঅসম ৰাজ্যৰ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমাৰ অন্তৰ্গত নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ এখন গাঁও তথা গাঁও পঞ্চায়ত অঞ্চল। বৃহত্তৰ ৰাজগড় অঞ্চলৰ ই কেন্দ্ৰস্থল। অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত এই গাওঁখনৰ পশ্চিমে শোণিতপুৰ জিলা, উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে ঢলপুৰ আৰু পূবে ৰঙটি অঞ্চল।

জনবসতি[সম্পাদনা কৰক]

মূলতঃ অসমীয়া ভাষী লোকৰ বসতি প্ৰধান শিমলুগুৰিত বড়ো, মিচিং আৰু নেপালী ভাষী লোকো বাস কৰে। এই গাঁৱত বাস কৰা প্ৰধান সম্প্ৰদায় সমূহ হৈছে- আহোম, বড়ো, নেপালী, মিচিং, চাহ জনগোষ্ঠী, বঙালী, বিহাৰী, মাৰোৱাৰী ইত্যাদি। বঙালী, বিহাৰী আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকল ব্যৱসায় সূত্ৰে ইয়ালৈ আহি পাচত নিগাজিকৈ থিতাপি লয়। ধৰ্মীয় ভিত্তিত এই গাঁৱৰ প্ৰধান ধৰ্ম দুটা হৈছে- হিন্দু আৰু খ্ৰীষ্টিয়ান। অন্য ধৰ্মৰ লোকৰ সংখ্যা নগণ্য।

পৰিবহণ[সম্পাদনা কৰক]

স্থলপথ[সম্পাদনা কৰক]

শিমলুগুৰি গাঁওখন উত্তৰ লখিমপুৰ চহৰৰ পৰা প্ৰায় ৬৪ কিলো মিটাৰ আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা প্ৰায় ১০ কিলো মিটাৰ নিলগত অবস্থিত। এই পথচোৱা গড়কপ্তানী বিভাগৰ পথেৰে সংযুক্ত।

ৰেলপথ[সম্পাদনা কৰক]

ইয়াৰ নিকটবৰ্তী ৰেল আস্থান হৈছে পথালি পাহাৰ।

বিমানপথ[সম্পাদনা কৰক]

ইয়াৰ নিকটবৰ্তী বিমান বন্দৰ হৈছে লীলাবাৰী।

উল্লেখযোগ্য প্ৰতিষ্ঠান[সম্পাদনা কৰক]

  • শিমলুগুৰি উচ্চত্তৰ মাধ্যমিক বিদ্যালয়
  • ৰাজগড় মহাবিদ্যালয়
  • শংকৰদেৱ শিশু বিদ্যা নিকেতন
  • ব্ৰহ্মপুত্ৰ একাডেমি ইংৰাজী মাধ্যম বিদ্যালয়