আধুনিক পদাৰ্থবিজ্ঞান
আধুনিক পদাৰ্থবিজ্ঞান বুলিলে নিউটনৰ পৰৱৰ্তী কালছোৱাত বিকশিত হোৱা পদাৰ্থবিজ্ঞানৰ ধাৰণাসমূহক বুজোৱা হয় । আচলতে ভৌতিক পৰিঘটনাসমূহক ধ্ৰুপদী তত্ত্বৰে ব্যাখ্যা আগবঢ়াবলৈ যাওতে কিছুমান আসোঁৱাহ ৰৈ গৈছিল । সেইবাবে প্ৰকৃতিৰ নীতি-নিয়মসমূহ সঠিকভাৱে বুজিবলৈ নিউটনৰ দিনৰ ধ্ৰুপদী তত্ত্বক অতিক্ৰম কৰি কিছুমান নতুন বিকশিত তত্ত্বৰ প্ৰয়োজন হৈছিল । প্ৰকৃতিৰ গূঢ়াৰ্থ বুজিবলৈ কোৱান্টাম বলবিজ্ঞান, আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্ব অথবা দুয়োটাৰে আৱশ্যক হৈছিল । দৰাচলতে আধুনিক পদাৰ্থবিজ্ঞান বুলিলে কুৰি শতিকাৰ প্ৰথমভাগত জন্ম হোৱা তত্ত্ব বা ইয়াৰ প্ৰভাৱত পৰৱৰ্তী সময়ছোৱাত বিকশিত পদাৰ্থবিজ্ঞানৰ যিকোনো ক্ষেত্ৰকে বুজোৱা হয় ।
কম বেগ আৰু দীৰ্ঘ দূৰত্ব হৈছে ধ্ৰুপদী পদাৰ্থবিজ্ঞানৰ এক অবিচ্ছেদ্য অংগ । কিন্তু আধুনিক পদাৰ্থবিজ্ঞানে একেবাৰে চূড়ান্ত অৱস্থাবোৰহে বিশ্লেষণ কৰে । উদাহৰণস্বৰূপে কোৱান্টাম পৰিঘটনাসমূহ পৰমাণুৰ পৰ্যায়ৰ আকাৰতহে (প্ৰায় ১০−৯ মিটাৰ) দৃশ্যমান হয় । আনফালে আপেক্ষিকতাবাদৰ প্ৰভাৱসমূহ একেবাৰে পোহৰৰ বেগৰ পৰ্য্যায়তহে (প্ৰায় ৩ × ১০৮ মিটাৰ/ছেকেণ্ড) দৃষ্টিগোচৰ হয় । সাধাৰণতে কোৱান্টাম আৰু আপেক্ষিক প্ৰভাৱসমূহ যিকোনো পৰ্য্যায়ৰ স্কেলতে বিৰাজমান, কিন্তু দৈনন্দিন জীৱনত সিহঁতৰ প্ৰভাৱ প্ৰায় নগণ্য ।
থূলমূল আভাস[সম্পাদনা কৰক]
আক্ষৰিক অৰ্থৰে চাবলৈ গ'লে আধুনিক পদাৰ্থবিজ্ঞান হৈছে সময়ৰ লগত খাপ খোৱা পদাৰ্থবিজ্ঞান । এইটো অৰ্থত ধ্ৰুপদী পদাৰ্থবিজ্ঞানৰ কিছু অংশও আধুনিক । কিন্তু প্ৰায় ১৮৯০ চনৰ পিছৰ কালছোৱাত আৱিষ্কৃত কোৱান্টাম বলবিজ্ঞান, আপেক্ষিকতাবাদ আদি তত্ত্বই মানুহৰ দৃষ্টিভংগীৰ ব্যাপক পৰিৱৰ্তন ঘটাইছে । সেইবাবে পদাৰ্থবিজ্ঞানৰ যিবোৰ অংশত কোৱান্টাম বলবিজ্ঞান বা আপেক্ষিকতাবাদৰ প্ৰভাৱ পৰিছে, সেইবোৰকহে আধুনিক পদাৰ্থবিজ্ঞানৰ আওতাত ৰখা হয় । আৰু এইটো অৰ্থতে 'আধুনিক পদাৰ্থবিজ্ঞান' শব্দটো ব্যৱহাৰ কৰা হয় ।
চূড়ান্ত (extreme) পৰিস্থিতিবোৰ অধ্যয়ন কৰিবলৈ আধুনিক পদাৰ্থবিজ্ঞানৰ সহায় লোৱা হয় । ক্ষুদ্ৰাতিক্ষুদ্ৰ পৰিস্থিতিবোৰৰ (নিম্ন উষ্ণতা, নিম্ন দূৰত্ব ইত্যাদি) ক্ষেত্ৰত কোৱান্টাম প্ৰভাৱ পৰিস্ফূত হয়, আনফালে বৃহৎ পৰিসৰৰ ক্ষেত্ৰত (অতি উচ্চ বেগ, দীৰ্ঘ দূৰত্ব ইত্যাদি) আপেক্ষিকতাবাদৰ প্ৰভাৱ দেখা যায় । এই দুই চূড়ান্ত পৰিস্থিতিৰ মাজৰ ভাগত ধ্ৰুপদী আচৰণবোৰে প্ৰভাৱ বিস্তাৰ কৰে । উদাহৰণস্বৰূপে কোঠালিৰ উষ্ণতাত গেছ এটাৰ আচৰণ অধ্যয়ন কৰিবলগীয়া হ'লে, বেছিভাগ পৰিঘটনাৰ বাবেই ধ্ৰুপদী তত্ত্ব মেক্সৱেল-ব'ল্টজমেন বিস্তাৰণৰ সহায় লোৱা হ'ব । কিন্তু পৰম শূন্য উষ্ণতাৰ ওচৰত মেক্সৱেল-ব'ল্টজমেন বিস্তাৰণে গেছৰ দৃশ্যমান আচৰণ ব্যাখ্যা কৰিব নোৱাৰে । তাৰ পৰিৱৰ্তে আধুনিক পদাৰ্থবিজ্ঞানৰ তত্ত্ব ফাৰ্মি-ডিৰাক বা ব'স-আইনষ্টাইন বিস্তাৰণহে প্ৰয়োগ কৰিবলগীয়া হয় ।


বহুক্ষেত্ৰত কম বেগ আৰু দীৰ্ঘ দূৰত্বৰ বাবে আধুনিক পদাৰ্থবিজ্ঞানৰ তত্ত্বসমূহ প্ৰয়োগ কৰিও ধ্ৰুপদী পদাৰ্থবিজ্ঞানৰ ফলাফলসমূহ ঘূৰাই পাব পাৰি । ইয়াৰ ফলত লাভ কৰা ফলাফলবোৰক ধ্ৰুপদী সীমা (classical limit) বোলা হয় ।
আক্ষৰিকভাৱে চাবলৈ গ'লে "আধুনিক পদাৰ্থবিজ্ঞান" বুলিলে আজিৰ দিনলৈ পদাৰ্থবিজ্ঞানত যিমানবোৰ জ্ঞান সঞ্চয় হৈছে, গোটেইখিনি সামৰি লোৱা হ'ব । সেই অৰ্থত ১৮৯০ চনৰ পদাৰ্থবিজ্ঞানখিনিও আধুনিক । ১৮৯০ চনৰ ভাল পদাৰ্থবিজ্ঞানৰ পাঠ্যপুথি এখনত অন্তৰ্ভুক্ত খুব কম কথাহে এতিয়া মিছা বুলি আঁতৰাই দিবলগীয়া হ'ব…
আনফালে কিন্তু পদাৰ্থবিজ্ঞানত পিছলৈ প্ৰভূত বিকাশ সাধনো হৈছে । এই প্ৰগতিয়ে কোনো কোনো ক্ষেত্ৰত নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে আৰু কিছুমান সূত্ৰৰ পোনে পোনে বিৰুদ্ধাচৰণ কৰিছে, যিবোৰ সূত্ৰক পূৰ্বে পৰীক্ষালব্ধভাৱে সত্য বুলি ভবা হৈছিল ।
উদাহৰণস্বৰূপে, ১৮৯০ চনৰ সময়ত পোহৰৰ তৰংগ তত্ত্বক সন্দেহ কৰিব বিচৰা মানুহ থাকিলেও, তেনে মানুহ খুব কমহে ওলাব । পূৰ্বৰ কণিকা তত্ত্বক দমন কৰি পোহৰৰ কণিকা তত্ত্বক প্ৰায় চূড়ান্তভাৱে বিজয়ী বুলি ভবা হৈছিল । বিশেষকৈ ১৮৮৭ চনত হাৰ্টজৰ চমৎকাৰী পৰীক্ষাটোৰ পিছত এই বিশ্বাসটো অধিক ঘনীভূত হৈছিল । হাৰ্টজৰ সেই পৰীক্ষাটোৱে মেক্সৱেলে উদ্ভাৱন কৰা পোহৰৰ আলোকবৈদ্যুতিক তত্ত্বক প্ৰায় সন্দেহাতীতভাৱে সত্য বুলি সাৱ্যস্ত কৰিছিল । কিন্তু তাৰ পিছতো হাৰ্টজৰ সেই পৰীক্ষাবোৰেই আলোকবৈদ্যুতিক প্ৰভাৱ নামৰ নতুন পৰিঘটনা এটা উন্মোচন কৰিলে, যিয়ে পিছলৈ কোৱান্টাম তত্ত্ব উদ্ভাৱন হোৱাত ডাঙৰ ভূমিকা লৈছিল । এই নতুন তত্ত্বটোৱে পূৰ্বৰ পোহৰৰ তৰংগ তত্ত্বৰ বিৰুদ্ধে থিয় দিলে । আচলতে কুৰি শতিকাৰ প্ৰথম ভাগত এই দুই পৰস্পৰবিৰোধী তত্ত্বৰ সমন্বয় সাধন কৰাটোৱেই পদাৰ্থবিজ্ঞানীসকলৰ বাবে এটা ডাঙৰ সমস্যা আছিল"
- এফ. কে. ৰিচ্ছমায়াৰ, ই. এইচ. কেনাৰ্ড, টি. লৰিটচেন, ইন্ট্ৰ'ডাকচন টু মডাৰ্ন ফিজিক্স, পঞ্চম সংস্কৰণ (১৯৫৫)
হলমাৰ্ক[সম্পাদনা কৰক]
তলত বিষয়সমূহে আধুনিক পদাৰ্থবিজ্ঞানৰ মূল ভেটিটো গঢ় দিয়া বুলি ক'ব পাৰি ।
- পাৰমাণৱিক তত্ত্ব আৰু পৰমাণু আৰ্হিৰ বিৱৰ্তন
- কৃষ্ণকায় বিকিৰণ
- তেলৰ টোপাল পৰীক্ষা (Oil drop experiment)
- ফ্ৰাংক-হাৰ্টজ্ পৰীক্ষা
- গেইজাৰ-মাৰ্ছডেন পৰীক্ষা (ৰাডাৰফ'ৰ্ডৰ পৰীক্ষা)
- মহাকৰ্ষণীয় লেন্সিং
- মাইকেলছন-মৰ্লি পৰীক্ষা
- আলোকবৈদ্যুতিক প্ৰভাৱ
- কোৱান্টাম তাপগতিবিজ্ঞান
- তেজষ্ক্ৰিয় অৱক্ষয় আৰু আন তেজষ্ক্ৰিয় পৰিঘটনাসমূহ
- Perihelion precession of Mercury
- ষ্টাৰ্ন-গাৰ্লেছ পৰীক্ষা
- তৰংগ-কণিকা দ্বৈত আচৰণ
- কঠিন-অৱস্থাৰ পদাৰ্থবিজ্ঞান (Solid-state physics)
লগতে চাওক[সম্পাদনা কৰক]
- পদাৰ্থবিজ্ঞানৰ ইতিহাস
- ধ্ৰুপদী পদাৰ্থবিজ্ঞান
- কোৱান্টাম বলবিজ্ঞান
- আপেক্ষিকতাবাদ তত্ত্ব
- কোৱান্টাম ক্ষেত্ৰ তত্ত্ব
- একীকৃত ক্ষেত্ৰ তত্ত্ব
তথ্যসূত্ৰ[সম্পাদনা কৰক]
অতিৰিক্ত পঠনসামগ্ৰী[সম্পাদনা কৰক]
- A. Beiser (2003). Concepts of Modern Physics (6th সম্পাদনা). McGraw-Hill. ISBN 978-0-07-123460-3.
- P. Tipler, R. Llewellyn (2002). Modern Physics (4th সম্পাদনা). W. H. Freeman. ISBN 978-0-7167-4345-3.