জাঁইফল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
জাঁইফল
Myristica fragrans
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Magnoliids
বৰ্গ: Magnoliales
পৰিয়াল: Myristicaceae
গণ: Myristica
Gronov.
Species

See text

জাঁইফল (ইংৰাজী: Nutmeg ) বৈজ্ঞানিক নাম - Myristica Fragrans ৷ শ্ৰেণী - Myristicaceae ৷ জাঁইফল আৰু এবিধ সুগন্ধি মছলা৷ জাঁইফল মছলাবিধ উদ্ভিদজোপাৰ গুটিৰ শাহ আৰু জাঁইপত্ৰী হ'ল গুটিটোক আৱৰি থকা ৰেটিকুলেট এৰিল অংশ৷ এই গুটি আৰু এৰিলক আৱৰি এটা প্ৰায় ১.২৫ ছেণ্টিমিটাৰ ডাঠ পেৰিকাপ অংশ থাকে৷ [1]

উৎপত্তিস্থল[সম্পাদনা কৰক]

জাঁইফলৰ খেতি প্ৰধানত মালয়েছিয়া,ইণ্ডোনেছিয়া,ৱেষ্টইণ্ডিজ,ভাৰতবৰ্ষ,শ্ৰীলংকা আদিত কৰা হয়৷ পৃথিৱীৰ মুঠ জাঁইফল উৎপাদনৰ শতকৰা ৮৫ ভাগ ইণ্ডোনেছিয়া আৰু গ্ৰিনেদাই উৎপন্ন কৰে৷ ভাৰতবৰ্ষত ইয়াৰ খেতি তামিলনাডু,কেৰেলা,কৰ্ণাটক,গোৱা আৰু মহাৰাষ্ট্ৰত কৰা হয়৷ সাধাৰণতে উত্তৰ আৰু সেমেকা জলবায়ু অঞ্চলত জাঁইফলৰ খেতি ভাল হয়৷ [1]

আকাৰ[সম্পাদনা কৰক]

চিৰসেউজী,সুগন্ধিবিশিষ্ট এই মছলা উদ্ভিদজোপা সাধাৰণতে ৯ ৰ পৰা ১২ মিটাৰ পৰ্যন্ত ওখ হোৱা দেখা যায় যদিও প্ৰায় ২০ মিটাৰ পৰ্যন্তও ওখ গছ আছে৷ ইয়াৰ ফলবিলাক পকিলে হালধীয়া বৰণৰ হয় আৰু নিজে নিজে সোঁমাজেৰে দীঘলীয়াকৈ ফাটি যায়৷ তেতিয়া ৰঙচুৱা বৰণৰ এৰিলে আৱৰা জাঁইফলটো আকৰ্ষনীয়ভাৱে দৃশ্যভূত হয়৷ জাঁইফল উদ্ভিদজোপাৰ পাতবোৰ ৫-১৫ ছেণ্টিমিটাৰ দীঘল আৰু ২-৭ ছেণ্টিমিটাৰ বহল হয়৷ [1]

খাদ্য সংযুতি[সম্পাদনা কৰক]

প্ৰতি ১০০ গ্ৰাম জাঁইফলত থকা খাদ্য সংযুতি -


খাদ্যপ্ৰাণ পৰিমাণ
পানী ১৪.৩ গ্ৰাম
প্ৰটিন ৭.৫ গ্ৰাম
ফেট ৩৬.৪ গ্ৰাম
কাৰ্বহাইড্ৰেট ২৮.৫ গ্ৰাম
ফাইবাৰ ১১.৬ গ্ৰাম
খনিজ পদাৰ্থ ১.৭ গ্ৰাম
কেলছিয়াম ১২০ মিলিগ্ৰাম
ফছফৰাছ ১৪০ মিলিগ্ৰাম
আইৰন ৪.৬ মিলিগ্ৰাম
ভিটামিন B1 ০.৩৩ মিলিগ্ৰাম
ভিটামিন B2 ০.০১ মিলিগ্ৰাম
নায়োছিন ১.৪ মিলিগ্ৰাম

|} [1]

ঔষধি গুণ[সম্পাদনা কৰক]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 ড° অখিল বৰুৱা (জুলাই ২০০০). "মছলাৰ কাহিনী (জাঁইফল আৰু জাঁইপত্ৰী)". অকনিহঁতৰ বিজ্ঞান আলোচনী (নতুন আৱিষ্কাৰ) খণ্ড ১৩ (৭ম সংখ্যা): পৃষ্ঠা ২৯-৩০.