সমললৈ যাওক

জাঁইফল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জাঁইফল আৰু জাঁইপত্ৰীৰ পৰা পুনঃনিৰ্দেশিত)
জাঁইফল
Myristica fragrans
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Magnoliids
বৰ্গ: Magnoliales
পৰিয়াল: Myristicaceae
গণ: Myristica
Gronov.
Species

See text

জাঁইফল (ইংৰাজী: nutmeg; বৈজ্ঞানিক নাম: Myristica Fragrans; শ্ৰেণী: Myristicaceae) হৈছে এবিধ সুগন্ধি মছলা। জাঁইফল মছলাবিধ উদ্ভিদজোপাৰ গুটিৰ শাহ আৰু জাঁইপত্ৰী হ'ল গুটিটোক আৱৰি থকা ৰেটিকুলেট এৰিল অংশ। এই গুটি আৰু এৰিলক আৱৰি এটা প্ৰায় ১.২৫ ছেণ্টিমিটাৰ ডাঠ পেৰিকাপ অংশ থাকে।[1]

উৎপত্তিস্থল

[সম্পাদনা কৰক]

জাঁইফলৰ খেতি প্ৰধানত মালয়েছিয়া, ইণ্ডোনেছিয়া, ৱেষ্ট ইণ্ডিজ, ভাৰতবৰ্ষ, শ্ৰীলংকা আদিত কৰা হয়। পৃথিৱীৰ মুঠ জাঁইফল উৎপাদনৰ শতকৰা ৮৫ ভাগ ইণ্ডোনেছিয়া আৰু গ্ৰিনেদাই উৎপন্ন কৰে। ভাৰতবৰ্ষত ইয়াৰ খেতি তামিলনাডু, কেৰালা, কৰ্ণাটক, গোৱা আৰু মহাৰাষ্ট্ৰত কৰা হয়। সাধাৰণতে উত্তৰ আৰু সেমেকা জলবায়ু অঞ্চলত জাঁইফলৰ খেতি ভাল হয়।[1]

চিৰসেউজী, সুগন্ধিবিশিষ্ট এই মছলা উদ্ভিদজোপা সাধাৰণতে ৯ ৰ পৰা ১২ মিটাৰ পৰ্যন্ত ওখ হোৱা দেখা যায় যদিও প্ৰায় ২০ মিটাৰ পৰ্যন্তও ওখ গছ আছে। ইয়াৰ ফলবিলাক পকিলে হালধীয়া বৰণৰ হয় আৰু নিজে নিজে সোঁমাজেৰে দীঘলীয়াকৈ ফাটি যায়। তেতিয়া ৰঙচুৱা বৰণৰ এৰিলে আৱৰা জাঁইফলটো আকৰ্ষণীয়ভাৱে দৃশ্যভূত হয়। জাঁইফল উদ্ভিদজোপাৰ পাতবোৰ ৫-১৫ ছেণ্টিমিটাৰ দীঘল আৰু ২-৭ ছেণ্টিমিটাৰ বহল হয়।[1]

খাদ্য সংযুতি

[সম্পাদনা কৰক]

প্ৰতি ১০০ গ্ৰাম জাঁইফলত থকা খাদ্য সংযুতি:[1]

খাদ্যপ্ৰাণপৰিমাণ
পানী১৪.৩ গ্ৰাম
প্ৰটিন৭.৫ গ্ৰাম
ফেট৩৬.৪ গ্ৰাম
কাৰ্বহাইড্ৰেট২৮.৫ গ্ৰাম
ফাইবাৰ১১.৬ গ্ৰাম
খনিজ পদাৰ্থ১.৭ গ্ৰাম
কেলছিয়াম১২০ মিলিগ্ৰাম
ফছফৰাছ১৪০ মিলিগ্ৰাম
আইৰন৪.৬ মিলিগ্ৰাম
ভিটামিন B1০.৩৩ মিলিগ্ৰাম
ভিটামিন B2০.০১ মিলিগ্ৰাম
নায়োছিন১.৪ মিলিগ্ৰাম

আলোকচিত্ৰৰ ভঁৰাল

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 ড॰ অখিল বৰুৱা (জুলাই ২০০০). "মছলাৰ কাহিনী (জাঁইফল আৰু জাঁইপত্ৰী)". অকনিহঁতৰ বিজ্ঞান আলোচনী (নতুন আৱিষ্কাৰ) খণ্ড ১৩ (৭ম সংখ্যা): পৃষ্ঠা ২৯-৩০. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; অবৈধ নাম, যেনে- বহুসংখ্যক