অসমৰ বনৌষধি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পনৌনৱাৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

নিমৰ বেয়াগুন পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত। পৃথিৱীৰ প্ৰায়বোৰ দেশতে এইবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতেই প্ৰতিষ্ঠিত। এই বিশ্বাস এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ লিখিত বা মৌখিকভাৱে হস্তান্তৰ হৈ আহিছে। চীনাসকলেই প্ৰথমে ঔষধি উদ্ভিদৰ উপকাৰিতাৰ সদ্ব্যৱহাৰ জানিছিল আৰু এই বিষয়ে অধ্যয়ন কৰিছিল। ভাৰততো প্ৰায় ৫,০০০ বছৰৰ পূৰ্বৰপৰাই বেমাৰৰ চিকিৎসাৰ ক্ষেত্ৰত উদ্ভিদৰ ব্যৱহাৰ হৈ আহিছে। প্ৰায় ৮,০০০ বিধ উদ্ভিদৰপৰা তৈয়াৰী আৰোগ্য পদ্ধতি(remedies) আয়ুৰ্বেদীয় পদ্ধতিত নথিভুক্ত(codify) কৰা হৈছে আৰু এইবোৰৰ ব্যৱহাৰ বৰ্তমানলৈকে চলি আছে।[1]

অসমৰ হাবি-বন, বাৰী আদিতো নানা ধৰণৰ বনৌষধি পোৱা যায়। প্ৰাথমিক চিকিৎ্সা হিচাপে অসমৰ বিভিন্ন স্থানৰ মানুহ, এই বনৌষধি বিলাকৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। বনৌষধি সমূহৰ পাৰ্শক্ৰিয়া কম।

তেজমুই[সম্পাদনা কৰক]

তেজমুই গছ

তেজমুই (Zanthoxylum nitidum)

তেজমুই হৈছে লতাচানেকীয়া এজোপা কাঁইটীয়া গছ।

ঔষধি গুণঃ

(১) ইয়াৰ ঠাৰিৰে দাঁত মাজিলে দাঁত ভালে থাকে। (2) কষ্টকৰ ঋতুস্ৰাৱ বা বাধক বেদনা উপশম কৰিবলৈ তেজমুই ছালৰ ৰসৰ লগত মৌ মিহলি কৰি খাব লাগে। (৩) ফেৰেণজাইটিচ হ'লে ইয়াৰ ছালৰ ৰসেৰে কুলকুলি কৰিলে ভাল

মধুসোলেং[সম্পাদনা কৰক]

মধুসোলেং আৰু ইয়াৰ ফুল

মধুসোলেং(Carl Linnaeus[2])

ঔষধি গুণঃ

  1. ডিচেণ্ট্ৰি, পেটৰ জ্বলা-পোৰা, চৰ্দিজনিত ডিঙিৰ বিষ আদি ৰোগৰ ঔষধি হিচাপে ব্যৱহাৰ কৰে।[3]

টেঙেচি[সম্পাদনা কৰক]

টেঙেচি গছ

টেঙেচি (Oxalis corniculata)

টেঙেচি এবিধ মাটিত বগাই যোৱা তৃণজাতীয় উদ্ভিদ। ই সাধাৰণতে জেকা বালিচহীয়া মাটিত হয়।

ঔষধি গুণঃ

(১)টেঙেচি বটি বেচু(Eczema) হোৱা ঠাইত লগালে সুফল পোৱা যায়। (২)টেঙেচি পাতত দি খালে স্মৃতিশক্তি প্ৰখৰ হয়। (৩)চিকাই কামুৰিলে টেঙেচিৰ ৰস খাব লাগে। (৪)টেঙেচিৰ ৰসে স্নায়ু সবল কৰে। (৫)গ্ৰহণী, কুষ্ঠ ৰোগত ই সুপথ্য।


চালকুঁৱৰী[সম্পাদনা কৰক]

ছাল কুঁৱৰী

চালকুঁৱৰী (বৈজ্ঞানিক নাম Aloe barbadensis miller[4])

চালকুঁৱৰী সাধাৰণতে শুকান আৰু উষ্ণ অঞ্চলত জন্মা এবিধ ৰসাল গা-গছৰ ঔষধি গছ। যিকোনো ধৰণৰ টাব অথবা মাটিৰ পাত্ৰত ই সহজে হয়।

ঔষধি গুণঃ

  1. চালকুঁৱৰী মানুহৰ বিভিন্ন প্ৰকাৰৰ উদৰ ৰোগ , মূত্ৰদোষ, শুক্ৰ দোষ, কৃমি আদি বেমাৰত ব্যৱহাৰ কৰা হয়।
  2. টাইফয়ড, নিউমোনিয়া আদিত জ্বৰৰ প্ৰকোপ কমাবলৈ চালকুঁৱৰী বটি মূৰত ভৰণ হিচাবে দিয়া হয়।
  3. অৰ্শ, জুয়ে পোৰা , মোচোকা খোৱা আদিতো চালকুঁৱৰী বটি প্ৰলেপ দিলে যথেষ্ট উপশম হয়।
  4. উচ্চ ৰক্তচাপ, বায়ুৰোগ আৰু মূৰৰ বিষতো চালকুঁৱৰীৰ প্ৰলেপ দিলে উপকাৰ হয়।
  5. বিভিন্ন প্ৰকাৰৰ ছালৰ ৰোগ যেনে আৰ্দ্ৰতা,শালমইনা,সূৰ্যৰ প্ৰভাৱত ছাল জ্বলা(Sun Burn) আদিত চালকুঁৱৰীৰ ৰস সানিলে ভাল ফল পোৱা যায়।

শেৱালি[সম্পাদনা কৰক]

শেৱালি

শেৱালি (Nyctanthes arbor-tristis )

শেৱালি এবিধ ৰাতি ফুলা ফুল। ইয়াৰ ফুলবোৰ ৰাতি ফুলে আৰু ৰাতিপুৱা সৰি পৰে। সৰা ফুল সাধাৰণতে পূজাত ব্যৱহাৰ নহয়, কিন্তু শেৱালি ফুল পূজাত ব্যৱহাৰ হয়। ই এক সুগন্ধি ফুল।

ঔষধি গুণঃ

(১)টকৌৱে খোৱা ৰোগত ইয়াৰ গুটি পিহি লগাব লাগে। (২)জ্বৰ, কাঁহ আদিৰ বাবে ইয়াৰ পাতৰ ৰস উপকাৰী। (৩)ইয়াৰ পাত আৰু ফুলৰ ৰস ক্ৰীমিনাশক।

তুলসী[সম্পাদনা কৰক]

তুলসী

তুলসী (Ocimum sanctum)

তুলসী ভাৰতৰ প্ৰসিদ্ধ আৰু পবিত্ৰ গছ। ক'লা আৰু বগা দুটা জাতৰ তুলসী সাধাৰণতে দেখিবলৈ পোৱা যায়।

ঔষধি গুণঃ

(১) তুলসী পাতৰ তেল বীজাণু আৰু কীট-পতংগ নাশক। (২)পাতৰ ৰস ব্ৰনকাইটিছ, সৰ্দি, কাঁহ আৰু অজীৰ্ণতাৰ বাবে উপকাৰী। (৩)বিহ খালে, বিহৰ প্ৰকোপ কমাবলৈ পেট ভৰাই তুলসীৰ ৰস খুৱাব লাগে। (৪) অণ্ডকোষ টনটনালে বা তেজ প্ৰস্ৰাব হ'লে তুলসী পাতৰ ৰসৰ লগত মিচিৰি মিহলি কৰি খাব লাগ। (৫) গাত বগা চোম পৰিলে তুলসী পাতৰ ৰস, কেঁচা হালধিৰ ৰস, মৌ মিহলি কৰি সানিব লাগে। (৬) দেহৰ কোনো অংশত কলা দাগ পৰিলে কলীয়া তুলসীৰ লগত নেমু মিহলি কৰি সানিব লাগে।


মছন্দৰী[সম্পাদনা কৰক]

মছন্দৰী


মছন্দৰী (Houttuynia cordata Thunb)

মছন্দৰী বহল পাতেৰে মটিত বগুৱাবাই যোৱা এবিধ লতাজাতীয় উদ্ভিদ।

ঔষধি গুণঃ

(১)গ্ৰহণী, পেটচলা, পেট খামোচা মৰা ৰোগত ইয়াৰ পাত পাতত দি খালে উপকাৰ হয়। (২)ইয়াক নিয়মিয়াকৈ খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়। (৩)ইয়াৰ ব্যৱহাৰে ৰক্ত কণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আটিল কৰে।


মানিমুনি[সম্পাদনা কৰক]

সৰু মানিমুনি

মানিমুনি (বৈজ্ঞানিক নাম Centella Asiatica[5])

মানিমুনি এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গাঁঠিয়ে গাঁঠিয়ে সৰু সৰু চুলিৰ নিচিনা শিপা ওলাই আৰু ইয়াৰ সহায়ত ই মাটিত খামোচ মাৰি থাকে। মানিমুনি সাধাৰণতে জেকা ঠাইত হয়।


ঔষধি গুণঃ

(১)অৰুচি গুচাবলৈ মানিমুনিৰ ৰস খাব লাগে। (২)গ্ৰহণী, কুষ্ঠ ৰোগ, ৰক্তপিত্ত' উচ্চ ৰক্তচাপ, স্নায়বিক দুৰ্বলতা, অনিদ্ৰা, ৰোগত মনিমুনিৰ ৰস উপকাৰী। (৩)গোধ(Elephatiasis) ৰোগত ইয়াৰ পাত খুন্দি প্ৰলেপ দিলে উপকাৰ হয়। (৪)মানিমুনি শাক ৰাতিপুৱা ৰান্ধি খালে দিনটোৰ কাৰণে শৰীৰৰপৰা ওলোৱা দুৰ্গন্ধ আঁতৰ হয়।

জালুক[সম্পাদনা কৰক]

চিত্ৰ:জালুক

জালুক (Piper nigrum L.)[6]

জালুক এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ ফলবোৰ থোপাবান্ধি লাগে। ফলৰ সোৱাদ জ্বলা।

'ঔষধি গুণঃ

(১) জালুক ৪/৫টা পিহি গৰুৰ ঘিওঁৰ সৈতে লগালে সকলো প্ৰকাৰৰ খজুৱতী নাইকিয়া হয়। (২) জ্বৰ, কাঁহ, নিউমোনিয়া আদিৰ বাবে জালুক উপকাৰী। (৩) ই গাৰ বিষ উপশম কৰে। (৪)জালুকে স্মৃতিশক্তি প্ৰখৰ কৰে।

নাহৰ[সম্পাদনা কৰক]

নাহৰ

নাহৰ (Mesua ferrea)

নাহৰ এজোপা ডাঙৰ ওখ গছ। ইয়াৰ কাঠ বৰ টান। সেয়ে খেতিয়কসকলে ইয়াৰ কাঠেৰে নাঙল সজা দেখা য়ায়।

ঔষধি গুণঃ

সাপে কামোৰিলে নাহৰ পাত আৰু ফুল খাব লাগে আৰু পিহি কামোৰা ঠাইত লগাব লাগে।

টেঙামৰা[সম্পাদনা কৰক]

টেঙামৰা

টেঙামৰা (Hibiscus sabdarifa)

টেঙামৰা এবিধ জোপোহা জাতীয় গছ। গছজোপা প্ৰায় ৫/৬ ফুট ওখ হয়।

ঔষধি গুণঃ

(১)টেঙামৰা পাতৰ ৰসে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। (২)টেঙামৰা পাতৰ ৰসে পেটৰ বিষ উপশম কৰে। (৩)টেঙামৰা বীজৰ ৰসে আভোক দূৰ কৰে। (৪)টেঙামৰা শাক নিয়মীয়াকৈ খালে স্নায়ু সবল হয়, দৃষ্টিশক্তি বাঢ়ে, হৃদৰোগ প্ৰতিৰোধ কৰে ,গাৰ ছাল নিমজ হয়।


লাইজাবৰি[সম্পাদনা কৰক]

লাইজাবৰি

লাইজাবৰি (Drymaria cordata)

ঔষধি গুণঃ

(১)বিছাই ডাকিলে লাই জাবৰি এমুঠি খুন্দি এমুঠি খুন্দি তাৰ ৰস লগালে তৎক্ষণাৎ তাৰ নোম ওলাই আহে। (২) শিশু জ্বৰ মূৰত উঠিলে লাইজাবৰি এমুঠি খুন্দি প্ৰলেপ দিব লাগে। (৩) শিশুৰ পঁয়া লগা ৰোগত লাইজাবৰিৰ ৰসেৰে মালিচ কৰিব লাগে।

যম লাখুটি[সম্পাদনা কৰক]

যম লাখুটি

যম লাখুটি (costus speciosus )

ঔষধি গুণঃ

(১)ইয়াৰ শিপা সাৰ বেমাৰ বা কামলা (jaundice) , মূত্ৰঘাত ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। (২) আঘাতলাগি কোনো অংশ ফুলি উঠিলে বা ঘা লাগি পুঁজ-পানী ওলোৱা পুৰণি ঘা ইয়াৰ পাত পিহি প্ৰলেপ দিলে আৰোগ্য হয়।


মান কচু[সম্পাদনা কৰক]

মান কচু

মান কচু (Alocasia indica ) পাতবোৰ আন কচুতকৈ বহল। ঠাৰিবোৰ শকত।

ঔষধি গুণঃ

(১)মানকচুৰ শিপা পুৰি তাৰ ছাই মৌজোলৰ লগত মিহলি কৰি জিভাৰ ঘা হোৱা ঠাইত সানিলে জিভাৰ ঘা ভাল হয়। (২) যকৃত, সন্নিপাত, গ্ৰহণী ৰোগত মান কচু সুপথ্য। (৩) মান কচুৰ পাতত অলপ মিঠাতেল লৈ তাক ধান খেৰৰ জুইত সেক দি জিভাত ঘঁহিলে জিভাৰ অৰুচি গুচে।


ভেকুৰী তিতা[সম্পাদনা কৰক]

ভেকুৰী তিতা

ভেকুৰী তিতা (Solanum torvum)

বহল পাতেৰে গুল্ম জাতীয় উদ্ভিদ।

ঔষধি গুণঃ

(১)ভেকুৰীৰ শিপা, জালুক আৰু নিমখ দি এমাহ দিন দিনে এবাৰকৈ ৰান্ধি খালে বহুদিনীয়া পিত্ত ৰোগ ভাল হয়। (২) পাথৰি ৰোগত ইয়াৰ শিপাৰ ৰস খাব লাগে। (৩)টকৌৱে খোৱা ৰোগত ভেকুৰী তিতাৰ পাত খুন্দি মূৰত প্ৰলেপ দিলে সুফল পোৱা যায়। (৪) দুষ্টবৰ্ণ (septic ulcer) , কুষ্ঠ, হাঁপানি ৰোগত ভেকুৰী সুপথ্য। (৫) বমি ভাব বন্ধ কৰিবলৈ ভেকুৰী তিতাৰ ৰস খাব লাগে।

পনৌনৱা[সম্পাদনা কৰক]

পনৌনৱা

পনৌনৱা (ইংৰাজী নাম tar vine)

(বৈজ্ঞানিক নাম paperomia pellucid)

(গোত্ৰ Nyctaginaceae)

পনৌনৱা এবিধ ঔষধিযুক্ত বনশাক। পাতৰ আকাৰ সৰু পাণৰ দৰে কোমল।

ঔষধি গুণঃ

পাতৰ ৰসে অনিদ্ৰা দূৰ কৰাত সহায় কৰে। ইয়াৰ ৰসত এষ্ট্ৰ’জেন আৰু অক্সিট’ছিন পোৱা যায়। ই ব্ৰংকাইটিছ আৰু নিম্ন ৰক্তচাপৰ বাবেও উপকাৰী। ইয়াক শাক হিচাবেও ব্যৱহাৰ কৰা হয়। সাধাৰণতে গ্ৰীষ্ম আৰু বসন্ত এই শাকবিধ গজে আৰু শীতকালত মৰি যায়। কপাহী মাটিত ইয়াৰ খেতি কৰা হয়।

চজিনা[সম্পাদনা কৰক]

চজিনা (Moringa oleifera Lam )

চজিনা


চজিনা প্ৰায় ৩০-৪০ ফুট ওখ চনকা ডাল-পাতৰ এজোপা গছ। ইয়াৰ পাতবোৰ অধোমুখী আৰু ডিম্বাকাৰ। শীতকালত পাত সৰি লঠঙা হয় আৰু বসন্তৰ আগমনৰ লগে লগে ফুলৰ লগতে পাতো ওলাবলৈ ধৰে। ইয়াৰ ফলবোৰ দীঘলীয়া। ইয়াৰ ফল আৰু পাত দুয়োটাকে পাচলি হিচাবে ব্যৱহাৰ কৰা হয়।

ঔষধি গুণঃ

(১) চজিনাৰ শিপাৰ ২৫ গ্ৰাম ৰস সম পৰিমাণৰ মৌৰ লগত মিহলি কৰি খালে শৰীৰৰ ভিতৰত হোৱা ফোঁহা নষ্ট হয়। (২) উশাহ-নিশাহৰ অসুখ যেনে- ব্ৰংকাইটিছ, এজমা, যক্ষ্মা আদি ৰোগৰ বাবে চজিনা উপকাৰী। (৩) ইয়াৰ কোমল পাত শাক হিচাবে বসন্ত কালত খালে বসন্ত ৰোগৰপৰা হাত সাৰি থাকিব পাৰি। তদুপৰি পানীলগা জ্বৰ, কাহ, যকৃত ৰোগ, কৃমি ৰোগত ইয়াক ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। (৪) কোনো আঘাতৰ ফলত শৰীৰৰ কোনো অংশ ফুলি উঠি বিষ হ’লে চজিনাৰ পাত পিহি অকণমান গৰম কৰি লেপন দিলে আৰাম পোৱা যায়।


ভেদাই লতা[সম্পাদনা কৰক]

ভেদাই লতা

ভেদাই লতা (Paederia scandens[7]) কেচেমা গোন্ধৰ দীঘল পাতৰ লতাজাতীয় এজোপা গছ।

ঔষধি গুণঃ

(১)হাড় ভগা আৰু জোৰা লৰা ৰোগত ভেদাই লতাৰ প্ৰলেপ দি বান্ধিব লাগে আৰু ভেদাই লতাৰ ৰস খাব লাগে। (২) শিৰা সংকোচন হ’লে ভেদাই লতাৰ ৰস তিল তেলৰ লগত মিহলাই সিৰা সংকোচন হোৱা স্থানত সানিলে বিষ নাইকিয়াহয়। (৩) ইয়াৰ ৰসৰ তৰকাৰী ৰান্ধ খালে বাত বিষ ভাল হয়। (৪)প্ৰমেহ(Gonorrhoea), কেঁচুমূৰীয়া, অতিসাৰ বা পেটচলা ৰোগত ভেদাই লতা সুপথ্য। (৫)দাঁত বিষত ভেদাই লতাৰ গুটিৰে দাঁত মাজিল বিষ কমে। (৬) আমবাত বা এলাৰ্জি ৰোগত ভেদাই লতাৰ ৰস সানিলে আৰাম পোৱা যায়। (৭)একাংগী (paralysis) ৰোগত ভেদাই লতাৰ ৰস খোৱাৰ উপৰিও ইয়াৰ ৰসেৰে মালিচ কৰিব লাগে।

ব্ৰাহ্মী শাক[সম্পাদনা কৰক]

ব্ৰাহ্মী শাক

ব্ৰাহ্মী(Bacopa monnieri) জেকা মাটিত হয়। বগাই যায়। সোৱাদ অলপ তিতা।

ঔষধি গুণঃ

(১) মাতভঙা বা স্বৰভংগ ৰোগত ব্ৰাহ্মী শাকৰ ৰস মৌজোলৰ লগত খাব লাগে। (২) ব্ৰাহ্মী শাকৰ ৰস ১৫/২০ গ্ৰামৰ লগত অলপ গাখীৰ মিহলি কৰি খালে স্মৃতিশক্তি বৃদ্ধি হয়। (৩) স্নায়বিক দুৰ্বলতা নাশ কৰিবলৈ ব্ৰাহ্মীশাক আঞ্জা হিচাবে বা গাখীৰৰলগত দিনে ১০০ গ্ৰামকৈ খাব লাগে। (৪)উন্মাদ , ধাতু দুৰ্বল ৰোগত ব্ৰাহ্মী শাকৰ ৰস খালে সুফল পোৱা যায়। (৫) উচ্চ ৰক্তচাপ, মৃৰ্গী ৰোগত ব্ৰাহ্মী শাক উপকাৰী।

দুপৰ টেঙা / পাতেগজা[সম্পাদনা কৰক]

দুপৰ টেঙা(Kalanchoe pinnata)

দুপৰ টেঙা

পাতৰ পৰাই বংশ বৃদ্ধি হয় বাবে পাতে গজা(Bryophyllum) বুলিও কোৱা হয়।

ঔষধি গুণঃ

(১)বৃক্কৰ দোষত কঁকালৰ বিষ হ’লে দুপৰ টেঙাৰ পাত খালে আৰাম পোৱা যায়। (২) মূৰত ওকণি হ’লে দুপৰ টেঙাৰ পাত খুন্দি চুলিত প্ৰলেপ দিলে ওকণি মৰে। (৩) কেঁচুমূৰীয়া বা অৰ্শ ৰোগত দুপৰ টেঙাৰ পাত খুন্দি প্ৰলেপ দিব লাগে। (৪)পাথৰি, প্ৰমেহ, মুত্ৰকৃচ্চ (strongury) ৰোগত দুপৰ টেঙা সুপথ্য। (৫)মুত্ৰাঘাত (Retention of urine) ৰোগত দুপৰ টেঙৰ পাত ৫/৬খন খুন্দি তাৰ ৰস খালে প্ৰসাৱ নিয়মীয়া হয়।

চতিয়না[সম্পাদনা কৰক]

চতিয়না(Alstonia scholaris )

চতিয়না এজোপা ওখ চিৰসেউজীয়া গছ।

চতিয়না

ঔষধি গুণঃ

(১)চতিয়না গছৰ আঠা লগালে দুষ্টবৰ্ণ ভাল হয়। (২) চতিয়না গছৰ বাকলিৰ ৰস সম পৰিমাণৰ এৱা গাখীৰৰ লগত মিহলি কৰি নিয়মিয়াকৈ কিছুদিন লগালে বাতৰক্ত ৰোগত সুফল পোৱা যায়। (৩) চতিয়না গছৰ বাকলিৰ ৰস বা ইয়াৰ গুৰা ২৫ গ্ৰামকৈ দিনে তিনিবাৰকৈ তিনিদিন খালে মেলেৰীয়া ৰোগ ভাল হোৱাত সহায় হয়। (৪) শিৰা ৰোগ বা অণ্ডকোষ বৃদ্ধি (Hydrocele) ৰোগত আদা আৰু চতিয়না গছৰ গুটি ভালদৰে খুন্দি অণ্ডকোষত লগালে এই ৰোগ উপশম হয়।

অৰ্জুন গছ[সম্পাদনা কৰক]

এজোপা অৰ্জুন গছ

অৰ্জুন গছ(Terminalia arjuna)

মেলাহি ডাল, দীঘলীয়া পাতেৰে এজোপা ডাঙৰ গছ।

ঔষধি গুণঃ

(১) অৰ্জুন গছৰ শুকান ছাল গুৰি কৰি বাসক পাতৰ ৰসৰ লগত তিয়াই ৰ’দত শুকুৱাই চেনি বা মৌৰ লগত দৈনিক ব্যৱহাৰ কৰিলে যহ্মা ৰোগত সুফল পোৱা যায়। (২) হাড় ভগা আৰু জোৰা লৰা ৰোগত অৰ্জুন গছৰ কেঁচা ছাল খুন্দি গাখীৰৰ লগত তাৰ ৰস সিজাই খাব লাগে আৰু অৰ্জুন গছৰ ছাল থেতেলিয়াই বান্ধি থব লাগে। (৩) অৰ্জুন গছৰ ছালৰ ৰসে হৃদৰোগ নিৰাময় কৰে।

নগা টেঙা[সম্পাদনা কৰক]

নগা টেঙা (Rhussemialata Mur)

ঔষধি গুণ:

  1. খাদ্যপ্ৰাণ 'গ' যুক্ত ফল বাবে ই দাঁতৰ আলু আৰু ছালৰ বাবে ভাল।
  2. 'কফ' উলিওৱাত সহায় কৰে।

মিৰিকা টেঙা[সম্পাদনা কৰক]

মিৰিকা টেঙা (Rasiflora Edulis)

১০০ গ্ৰাম মিৰিকা টেঙাত -

  1. খাদ্যপ্ৰাণ 'খ' -- ১.৬ মিলিগ্ৰাম
  2. খাদ্যপ্ৰাণ 'গ' -- ৩০ মিলিগ্ৰাম

ঔষধি গুণ Scurvy ৰোগ দূৰ কৰে আৰু ছালখন নিমজ কৰে।

শিলিখা[সম্পাদনা কৰক]

শিলিখা (Myrobalam)

ই এবিধ খাৰ (alkaline) জাতীয় ফল।

ঔষধি গুণ

  1. শুকান শিলিখা ১২ ঘণ্টামান পানীত তিয়াই থৈ পানীখিনি খালে পেটৰ বিভিন্ন অসুখ দূৰ হয়।
  2. শুকান শিলিখা এজমা,অৰ্শ,পেলুৰ বাবে ভাল।
  3. শিলিখাই ভোক বঢ়ায়।

ডিমৰু[সম্পাদনা কৰক]

ডিমৰু (Ficum Carica)

১০০ গ্ৰাম ডিমৰুত থকা খাদ্যপ্ৰাণ -

খাদ্যপ্ৰাণ পৰিমাণ
প্ৰটিন ৪ গ্ৰাম
খাদ্যপ্ৰাণ 'ক' ১০০ আই ইউ (International Unit)
খাদ্যপ্ৰাণ 'খ' ০.১০ মিলিগ্ৰাম

ঔষধি গুণ

  1. ইয়াত এবিধ "Benzaidehyde" নামৰ ৰসায়ন থাকে যি টেমুনা ৰোধ কৰিব পাৰে।
  2. ই শৌচ খোলোচা আৰু পেলু নিধন কৰিব পৰা ক্ষমতা আছে।

কুঁজি থেকেৰা[সম্পাদনা কৰক]

কুঁজি থেকেৰা (Garicimic Cowaeroxb) ই এবিধ অম্লযুক্ত ফল।

ঔষধি গুণ গ্ৰহণী,পেটৰ গুৰগুৰণি,পেটফুলাৰ বাবে বৰ ভাল ঔষধ।

ঔ টেঙা[সম্পাদনা কৰক]

ঔ টেঙা (Elephant Fruit)

ইয়াত প্ৰটিন,খাদ্যপ্ৰাণ 'গ' আৰু আঁহ (fiber)যথেষ্ট পৰিমাণে থাকে।

ঔষধি গুণ

  1. শৌচ খোলোচা ৰাখে।
  2. ঔ টেঙাৰ ৰস চেনি মিহলাই পানীয় ৰূপত খাই শৰীৰৰ শক্তি বঢ়াব পাৰি।


বিভিন্ন ৰোগ আৰু বন-দৰবৰ দ্বাৰা ইয়াৰ প্ৰতিকাৰ[সম্পাদনা কৰক]

পৃথিৱীৰ বিভিন্ন দেশৰ লগতে অসমৰ বনাঞ্চল সমূহত আৰু অসমীয়াৰ ঘৰতে পোৱা বহু গছ-লতা, ফল-ফুল আদিৰ পৰা তৈয়াৰী বিভিন্ন বন-দৰবে মানুহৰ ৰোগ নিৰাময়ত কিদৰে সহায় কৰিব পাৰে তাৰেই এটি চমু আলোচনাৰে লেখাটি প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হৈছে।

বন-দৰবৰ দ্বাৰা ৰোগৰ পৰা উপশম পাবলৈ তলত দিয়া উপাই সমূহ প্ৰয়োজনীয়ঃ-

১) কাহ:- ৰোগৰ লক্ষণঃ-ডিঙি শুৰশুৰায়, বুকুৰ বিষ হয়, ডিঙি চেৰচেৰাই, হাঁচি আহে, নাকেদি পানী ওলায় আৰু শৰীৰ দুৰ্বল হৈ পৰে। কফ দেৰিকৈ বাহিৰ ওলায়।

বনদবৰ:- ১) ২০টোপালমান নহৰু ৰসৰ লগত মাটিকঁঠালৰ ৰস অলপ মিহলাই চৰবত কৰি খালে সকলো কাহ ভাল হয়। ২) পুৰণি কাহত এচামুচ কেঁচা হালধিৰ ৰসত ২চামুচ মৌ মিহলাই দিনে তিনিবাৰকৈ খাব লাগে। ৩) শিশুৰ কাহ হলে ৪,৫টা দোৰোণ ফুল পিহি ১চামুচ মৌজোলেৰে সৈতে মিহলি কৰি খুৱালে ৰোগ সহজে আৰোগ্য হয়। ৪) তৰুৱা কদমৰ ৫০গ্ৰাম পাতৰ ৰস ২চামুচ পানী আৰু ৫গ্ৰাম চেনি মিশ্ৰণ কৰি খালে উত্তম ফল পোৱা যায়। ৫) কুঁহিয়াৰৰ ৰস ১০০মিঃলিঃমান দিনে ২বাৰকৈ খালে শুকান কাহ ভাল হয়। ৬) একাপ গৰম পানীত ৫চামুচ কেঁচা হালধিৰ ৰস মিহলাই তাত অলপ নিমখ দি খাব লাগে। ৭) কেঁচা মূলাৰ ১২চামুচ ৰসত কুঁহিয়াৰৰ ৰস ৮চামুচ মিহলি কৰি দিনে ২বাৰকৈ খালে কাহ ভাল হয়। ৮) ৩,৪টা বাদাম চোবাই মুখত ৰাখিলে শুকান কাহ ভাল হয়। ৯) তুলসী পাতৰ লগত মৌজোল মিহলাই খালেও কাহ ভাল হয়। ১০) সিজু গছৰ পাত ছিঙি অলপ গৰম কৰিলে যি ৰস ওলাই তাৰে ১কাপমানত অলপ খাব পৰাকৈ নিমখ দি দিনে ২ বাৰ মান খালে কাহ ভাল হয়। ১১) বজাৰৰ পৰা অলপ মিঠৈ বা গুৰ আনি চচপেন এটাত লৈ তাত সামন্য পানী মিহলাই উতলালে আঠাৰ দৰে (কুঁহিয়াৰৰ পকা ৰসৰ দৰে) হলেই সেইখিনি গৰমে গৰমে সহ্য কৰিব পৰাকৈ পি খাই দিলেও কাহৰ পৰা ৰক্ষা পাব পাৰি।

২)দাঁতৰ বিষঃ- ৰোগৰ লক্ষণঃ- প্ৰথমে পানী খালে দাঁতৰ গুৰি শিৰশিৰাই আৰু পিছলৈ দাঁতৰ গুৰিত বিষ হয়।

বন-দৰবঃ- ১) ৫টা লং পিহি নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে দাঁতৰ বিষ নাইকিয়া হয়। নাইবা ৫টা লং পিহি এগিলাচ পানীত মিলাই মুখ কুলকুলিয়ালে দাঁতৰ বিষ কমে। ২) সৰিয়হ তেল, নেমুৰ ৰস আৰু অলপ নিমখ মিহলি কৰি দাঁত মাজিলে দাঁত পৰিষ্কাৰ হয়, দাঁতৰ বীজাণু নাশ হয় আৰু দাঁতৰ বিষ দূৰ হয়। ৩) কুমলীয়া এছাৰি (জাতি বাঁহৰ) জুইত সেকি দাঁতেৰে কামুৰি ধৰি থাকিলে বিষ নাইকিয়া হয়। ৪) বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ বিষ আৰু দাঁতৰ যিকোনো ৰোগ ভাল হয়। ৫) ৫টা বাদাম খাব লাগে আৰু বাদাম, আদা আৰু মিশ্ৰণ পিহি বিষোৱা দাঁতৰ মাজত ৰাখিলে দাঁতৰ বিষ নাইকিয়া হয়। ৬) মধুৰিআমৰ পাতৰ ৰস, কেঁহৰাজ, মহানিমৰ ছাল পুৰি সেই ছাইৰে দাত ঘহিলে দাঁতৰ বিষৰ পৰা উপশম পোৱা যায়। ৭) আদা এটুকুৰা নিমখ লগাই চোবাই খালেও দাঁতৰ বিষ কম পোৱা যায়।

৩)পায়োৰিয়া ৰোগঃ- ৰোগৰ লক্ষণঃ- দাঁতৰ গুৰিয়েদি যেতিয়াই তেতিয়াই তেজ ওলাই। বিষ নাথাকে। মুখ বেয়া গোন্ধ কৰে।

বন-দৰবঃ- ১) কৰ্দৈ টেঙাৰ শিপা আৰু কেঁহৰাজৰ শিপা ভালদৰে পিহি দাঁতৰ গুৰিত লগালে তেজ ওলোৱা বন্ধ হয়। ২) দিনে ৩,৪বাৰকৈ বকুল গছৰ বাকলিৰ ৰসেৰে কিছুদিন মুখ কুলকুলি কৰিলে তেজ ওলোৱা বন্ধ হয়। ৩) দুৱৰিবন এমুঠি পিহি মুখত ভৰাই দাঁতেৰে কামুৰি কিছু সময় ধৰি থাকিব লাগে। ৪) বঙালী এৰাৰ ঠাৰিৰে ভালদৰে নিয়মীয়াকৈ দাঁত ঘহিব লাগে। ৫) ২০টা মান মধুৰী আমৰ পাত এগিলাচ পানীত উতলাই তাত নিমখ দি মুখ কুলকলিয়াব লাগে। ৬) আমলখি ২টামান চোবালে দাঁতৰ তেজ ওলোৱা নাইকিয়া হয়।

৪) টকৌৱে খোৱাঃ- ৰোগৰ লক্ষণঃ- চুলিৰ গুৰিত অলপ খজুৱাই, চুলিবিলাক একোছা একোছাকৈ সৰাৰ ফলত তালু ওলাই পৰে।

বন-দৰবঃ- ১) পিঁয়াজ (আকাৰত সৰু, বেছি জ্বলা) এটা ফালি তাক মূৰত এনেদৰে ঘঁহিব লাগে যাতে পিঁয়াজডোখৰ গৰম হৈ পৰে। ২) টকৌৱে খোৱা অংশত নতুন বেজি এটাৰে সামান্য খুচি সেই স্থানত কেইটামান লাটুমণি গুটি পিহি প্ৰলেপ দিব লাগে। ৩) নহৰু কেইফুটামান ভালদৰে পিহি ঘঁহিব লাগে। ৪) হাতীদাঁতৰ ভস্ম তিল তেলৰ লগত মিহলাই কিছু সময় প্ৰলেপ দিব লাগে। ৫) শেৱালি ফুলৰ গুটি ভালদৰে খুন্দি মূৰত ঘঁহিলে চুলি গজে। ৬) ভেঁকুৰী ৮,১০টা মান খুন্দি তাত মৌজোল মিহলাই ৪,৫ ঘণ্টামান মূৰত প্ৰলেপ দি ধুব লাগে। ৭) ভোমোৰা ফলৰ বাকলি গুডি কৰি টকৌৱে খোৱা ঠাইত সানিব লাগে। ৮) জেতুকা গুটি পিহি মূৰত সানিব লাগে[8]

৫) উচ্চ ৰক্তচাপঃ- ৰোগৰ লক্ষণঃ-এই ৰোগত মূৰৰ বিষ আৰু মূৰৰ কামোৰণি হয়। বুকুৰ বিষ আৰু শৰীৰ দুৰ্বল হয। চকুৰে জলক-তবক দেখা পাই। খুব গৰম লাগি থাকে আৰু ঘামি থাকে। টোপনি কম হয়, গা জিন-জিনায়, উত্তেজনা,উদ্বেগ আদি লক্ষণে দেখা দিয়ে। সাধাৰণ কথাতে খং উঠে।

বন-দৰবঃ- ১) কেঁচা নহৰু ২ফুটাকৈ দিনে ভাতৰ লগত একেৰাহে একমাহ মান খালে উচ্চৰক্ত চাপ স্বাভাবিক অৱস্থালৈ আহে। ২) সৰ্পগন্ধাৰ ৰস ২চামুচকৈ দিনে ২ বাৰকৈ খাব লাগে। ৩) চালকুঁৱৰীৰ পাত খুন্দি মূৰত প্ৰলেপ দিলে ৰোগ আৰোগ্য হয়। ৪) কলীয়া তুলসীৰ ১০চামুচ ৰসৰ লগত ৮চামুচ কেঁচা হালধিৰ ৰস মিহলাই দিনে ২বাৰৈ খাব লাগে। ৫) বিলাহীৰ ৰস ২০০মিঃলিঃ প্ৰতিদিনে খাব লাগে। ৬) আমলখি ৭,৮টামান খুন্দি তাক মিছিৰিৰ লগত খালে ৰক্তচাপ কমে। ৭) চজিনাৰ কুঁহিপাত আঞ্জা কৰি নিয়মীয়াকৈ খালে এই ৰোগ ভাল হয়। ৰাতিপুৱা খালি পেটত চজিনাৰ পাতৰ ৰস ৫০মিঃলিঃ খাব লাগে। ৮) মানিমুনি বা ব্ৰাহ্ম শাকৰ ৰস ৭,৮চামুচকৈ মৌজোলৰ লগত মিছি, ৰি মিহলি কৰি একেৰাহে ১৫,২০ দিন খাব লাগে। ৯)নেফাফুৰ কুমলীয়া আগ ৪টা, ৪ফুটা নহৰুৰ সৈতে পাতত দি ৰাতিপুৱা শুদা পেটত খাব লাগে। ১০) জেতুকাৰ পাত খুন্দি মূৰত আৰু ভৰিৰ তলুৱাত প্ৰলেপ দিব লাগে। ১১) ভাতৰ লগত সদায় এফুটামান পকা তেঁতেলী খালে ৰক্তচাপ স্বাভাবিক অৱস্থালৈ আহে।

৬) নিম্ন ৰক্তচাপঃ- ৰোগৰ লক্ষণঃ-শৰীৰ দুৰ্বল হয়, শৰীৰৰ উত্তাপ কমি যায়, মাজে মাজে মূৰ-ঘূৰণি হয়।

বন-দৰবঃ- ১) পনৌনোৱা শাক দিনে ১০০গ্ৰাঃ মানকৈ কিছুদিন খালে নিম্ন ৰক্তচাপ ৰোগ আৰোগ্য হোৱাত সহায় হয়। ২) ভীমকলৰ কলদিল দিনে ২বাৰকৈ একেৰাহে ২,৩দিন ৰান্ধি খোৱা ভাল। ৩) আধা লিটাৰ গাখীৰৰ লগত কেইটুকুৰামান গাজৰ কাটি এটা পাত্ৰত উতলাই গৰম কৰি খালে শৰীৰত যথেষ্ট শক্তি পোৱা যায়। ৪) আহাৰৰ লগত দিনে ২ ফালমান কেঁচা পিঁয়াজ আৰু কুকুৰা কণী খাব পাৰিলে ভাল। ৫) পাৰৰ মাংসৰ লগত কলডিল খালেও এইৰোগ স্বাভাবিক অৱস্থালৈ আহে। ৬) কলীয়া কচুৰ থোৰ কেইটামান জালুক দি ৰান্ধি খাব লাগে।

৭) খৰঃ- ৰোগৰ লক্ষণঃ-শৰীৰৰ যিকোনো ঠাইত এইৰোগে দেখা দিব পাৰে। ছালৰ ওপৰ ভাগত ৰঙা বা কজলা বৰণ হৈ সৰু সৰু ফোঁহা হয় আৰু চকলা চকল হৈ থাকে। ফোঁহা বিলাক হোৱা ঠাইত খজুৱতি হয় আৰু খজুৱাই দিয়াৰ লগে লগে তাৰ পৰা আঠা জাতীয় পানী ওলায়। এই আঠা জাতীয় পানী পিন্ধা কাপোৰ বা দেহৰ আন অংশত লাগিলে সেই স্থানতো খৰ হোৱাৰ সম্ভাৱনা থাকে।

বন-দৰবঃ- ১) কেঁচা হালধি পিহি দিনত ৩বাৰ আৰু ৰাতি শোৱাৰ আগতে এবাৰ খৰ হোৱা স্থানত খজুৱাই লগালে খৰ ভাল হয়। ২) নহৰু ৪,৫ফুটা খুন্দি খৰ হোৱা স্থানত লগালে খৰ সহজে ভাল হয়। ৩)মাখিয়তি গছৰ ঘাই শিপাজালৰ ৩ইঞ্চি মানকৈ তিনি টুকুৰা কৰি ভালকৈ খুন্দি খৰ হোৱা ঠাইত লগালে বহু পুৰণি খৰো ভাল হয়। ৪) কলীয়া তুলসীৰ পাত কেইটামান মোহাৰি সামান্য নিমখ দি খৰ হোৱা ঠাইত খজুৱাই দিনে ২,৩বাৰকৈ লগালে খৰ ভাল হয়। ৫) অমিতাৰ আঠা খৰ হোৱা ঠাইত খজুৱাই লগালে ভাল হয়।

৮)কৃমিঃ- ৰোগৰ লক্ষণঃ-টোপনিত দাঁত কৰচে, নাক খজুৱায়, শৌচৰদ্বাৰ পিৰপিৰায়, শৌচ কঠিন হয়, টোপনি কমে, টোপনিতে প্ৰস্ৰাৱ হয়, মিঠা বস্তু খাবলৈ মন যায়, আঙুলিৰ বিষ হয়, গাঁঠি উখহি পৰে, জিভাৰ পানী ওলাই থাকে আৰু ৰক্তহীনতাও হ'ব পাৰে।

বন-দৰবঃ- ১) নেমুৰ গুটি ৫টা খুন্দি পানীৰ সৈতে খালি পেটত খালে কৃমি নাশ হয়। ২) টুবুকী লতাৰ পাতৰ ৰস নাইবা পিঁয়াজৰ ৰস এচামুচ খুৱালে শিশুৰ কৃমি মৰে। ৩) ১গ্ৰাঃ মিঠৈ বা গুৰত আধা গ্ৰাম কেঁচা হালধিৰ ৰস মিহলি কৰি খুৱালে শিশুৰ কৃমি নাশ হয়। ৪) তিতাবাহক আঞ্জা কৰি ৰান্ধি খুৱালেও কৃমি নাশ হয়। ৫) দুটোপাল ধঁতুৰা পাতৰ ৰস ৫চামুচমান গুৰ মিহিলি কৰি খালে কৃমি মৰে। ৬) দিনে ৪চামুচমানকৈ আমলখিৰ ৰস একেৰাহে ৫দিনমান খালে কৃমি নাশ হয়। ৭) আনাৰসৰ কোঁহ পাত পিহি তাৰ লগত অলপ চেনি মিহলাই শুদা পেটত খাব লাগে। ৮) নেমুৰ বাকলি কেঁচাই কেঁচাই চোবাই খালেও কৃমি নাশ হয়। ৯) ৫ফুটা নহৰুৰ লগত আধা কাপ গাখীৰ সিজাই খুৱালে কৃমি নাইকিয়া হয়।

৯)বেচুঃ- ৰোগৰ লক্ষণঃ- ছাল ৰঙা পৰে আৰু সেই ঠাইত ফোঁহাৰ দৰে হয়। ফোঁহা ফাটি ৰস বাহিৰ হয আৰু তাত ঘা হয়। বেচু ৰোগ দুবিধ, এবিধ শুকান বেচু আৰু আনবিধ পানী বেচু।

বন-দৰবঃ- ১) টেঙেচি টেঙা বটি বেচু হোৱা ঠাইত লগালে ভাল হয়। ২) এৰাপাত ১খিলা খুন্দি বেচু হোৱা ঠাইত প্ৰলেপ দিলে ভাল। ৩)পচতীয়াৰ শিপা আৰু পাত খুন্দি তিলৰ লগত মিহলাই প্ৰলেপ দিব লাগে। ৪) বেচু হোৱা ঠাইত খজুৱাই নেমুৰ ৰস লগালে বেচু ভাল হয়। ৫)নিমৰ তেলেৰে মালিচ কৰিলে বেচু ভাল হয়। ৬) ধঁতুৰাৰ ২,৩টা পাত খুন্দি তাক বেচু হোৱা ঠাইত কিছু সময় প্ৰলেপ দি ৰাখিব লাগে। ৭) ৰজনীগন্ধাৰ আলু পিহি এৰাতি বান্ধি ৰাখিব লাগে।

১০)হাঁপানিঃ- ৰোগৰ লক্ষণঃ-কাহ হয়। উশাহ-নিশাহ লোৱাত কষ্ট হয়। উশাহ-নিশাহ লওঁতে ঘেৰ-ঘেৰণি শব্দ হয়। শেষ ৰাতি টোপনি নহয়। ৰোগী উঠি বহে। শৰীৰ দুৰ্বল হৈ পৰে। ৰোগ পুৰণা হলে ৰোগীৰ অৱস্থা শোচনীয় হৈ পৰে।

বন-দৰবঃ- ১) এটা নেমুৰ ৰসৰ লগত ১০গ্ৰাম মৰণা আদা খুন্দি খুৱালে যথেষ্ট উপকাৰ পোৱা যায়। ২) কলীয়া তুলসীৰ ৰস, মৌজোল আৰু মৰণা আদাৰ ৰস সমপৰিমাণৰ লৈ ৰাতিপুৱা আৰু গধূলি দিনে দুবাৰকৈ কিছুদিন খালে হাঁপানি ৰোগ ভাল হোৱা দেখা যায়। ৩) সৰিয়হ তেলত নিমখ মিহলৈ কৰি বুকুত মালিচ কৰিব লাগে। ৪) যেষ্ঠিমধু আৰু ৰঙা চন্দন পিহি প্ৰত্যেকৰ ১চামুচকৈ লৈ আধাকাপ নিয়মীয়াকৈ ১৯দিন খালে হাঁপানি ৰোগীয়ে যথেষ্ট আৰাম পায়। ৫) পুৰণি গুড় (অতি কমেও ৩বছৰীয়া হলে ভাল) ৩০ গ্ৰামৰ লগত সৰিয়হৰ তেলৰ ২চামুচ মিহলি কৰি খাব লাগে। ৬) পুৰণি ঘিঁউ আকণৰ পাতত লগাই সেই পাত জুইত সেকি বুকুত ৰাখিব লাগে। ৭) আকণৰ শিপাৰ ছাল প্ৰথমে খুন্দি গুড়ি কৰি তাক আকণৰ আঠাত তিয়াই ৰাখি শুকুৱাই বিড়িৰ দৰে খালে শ্বাস, কাহ বা হাঁপানি ৰোগ উপশম হয়। ৮) দৈনিক ১০,১৫টাকৈ ভেঁকুৰী গুটি খুন্দি বা চোবাই খালে পুৰণি হাঁপানি ৰোগো ভাল হোৱা দেখা যায়। ৯) ৰবাব টেঙাৰ শিপা ২৫গ্ৰাম, শিলিখা ৫টা, আদা ২০গ্ৰাম ভালদৰে খুন্দি তাত অলপ সৈন্ধব লোণ মিহলি কৰি দিনে ২বাৰ ৰাতিপুৱা আৰু গধূলি খাব লাগে। ১০) বগা পদুম ফুল আৰু জালুক ১২গ্ৰামকৈ পিহি কেইদিনমান খালেই হাঁপানি ৰোগ ভাল হয়। ১১) ২টা জালুক আৰু ১০০গ্ৰাম পৌননৌৱা শিপাৰ ৰসত সামান্য গঙ্গাজল মিহলি কৰি এনেদৰে দিনে ২বাৰকৈ একেৰাহে ১২ দিন খালেই হাঁপানি ৰোগ ভাল হয়।

বনৌষধি গছৰ ছবিসমূহ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "লোক ঔষধ পদ্ধতি"- লেখক, ড. ৰবীন্দ্ৰ নাথ বৰুৱা
  2. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; POWO_60433516-2 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  3. Tanaka, Yoshitaka; Van Ke, Nguyen (2007). Edible Wild Plants of Vietnam: The Bountiful Garden. Thailand: Orchid Press. পৃষ্ঠা. 121. ISBN 9745240893. 
  4. Surjushe, Amar; Vasani, Resham; Saple, D G (2008). "ALOE VERA: A SHORT REVIEW". Indian J Dermatol খণ্ড 53 (4): 163–166.. 
  5. "Centella Asiatica (Pennywort, Indian Pennywort, Artayniya-E Hindi, Jal Brahmi)". http://www.4to40.com/ayurveda/herbs/centella-asiatica-pennywort-indian-pennywort-artayniya-e-hindi-jal-brahmi/. 
  6. "Taxon: Piper nigrum L.". https://npgsweb.ars-grin.gov/gringlobal/taxonomydetail.aspx?id=28589. 
  7.  This species was first described botanically and published in Mantissa Plantarum 1: 52. 1767. "Name - Paederia foetida L.". Tropicos. প্ৰকাশক Saint Louis, Missouri: Missouri Botanical Garden. http://www.tropicos.org/Name/27902990। আহৰণ কৰা হৈছে: August 9, 2010. 
  8. সহজলভ্য বন-দৰবৰ গুণ', লেখক-গুণাৰাম খনিকৰ


বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  1. Assam Plants.com ৱেবছাইটত থকা অসমৰ বনৌষধিসমূহৰ নামৰ তালিকা
  2. ৱিকিস্পেচীচ অভিধান