ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংক (ইংৰাজী: Public Sector Bank; চমুকৈ PSB) হৈছে ভাৰত চৰকাৰৰ মালিকানাধীন আৰু পৰিচালিত বেংক। ইয়াক ৰাষ্ট্ৰীয়কৃত বেংক (Nationalised Bank) বুলিও কোৱা হয়।[1] বেংকিং উদ্যোগ নিয়ন্ত্ৰণ আৰু বিত্তীয় অন্তৰ্ভুক্তিক প্ৰসাৰিত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে ১৯৬৯ চনত এই বেংকসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা হয়।[1] ভাৰতীয় অৰ্থনীতিৰ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত বিশেষকৈ গ্ৰাম্য আৰু কম সেৱা লাভ কৰা অঞ্চলসমূহলৈ বেংকিং সেৱা প্ৰদানৰ ক্ষেত্ৰত পি এছ বিসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।[2]

এই বেংকসমূহত সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব (অৰ্থাৎ ৫০%তকৈ অধিক) ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয় নতুবা ভাৰতৰ বিভিন্ন ৰাজ্য চৰকাৰৰ ৰাজ্যিক বিত্ত মন্ত্ৰালয়ৰ হাতত থাকে। এই ৰাজহুৱা খণ্ডৰ বেংকসমূহক শ্বেয়াৰ ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কৰা হয়।[3]

ৰাষ্ট্ৰীয়কৃত বেংকৰ তালিকা[সম্পাদনা কৰক]

২০২৩ চনৰ ১ মাৰ্চলৈকে ১২টা ৰাষ্ট্ৰীয়কৃত বেংক আছে।

বেংকৰ নাম স্থাপিত মুখ্য কাৰ্যালয় চৰকাৰৰ
অংশ
শাখাৰ সংখ্যা
বেংক অৱ বৰোদা ১৯০৮ বডোদৰা, গুজৰাট ৬৩.৯৭% ৮,৩১০
বেংক অৱ ইণ্ডিয়া ১৯০৬ মুম্বাই, মহাৰাষ্ট্ৰ ৮১.৪১% ৫,০৮৪
বেংক অৱ মহাৰাষ্ট্ৰ ১৯৩৫ পুনে, মহাৰাষ্ট্ৰ ৯০.৯৭% ২,০২২
কানাড়া বেংক ১৯০৬ বেংগালুৰু, কৰ্ণাটক ৬২.৯৩% ১০,৪১৬
চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়া ১৯১১ মুম্বাই, মহাৰাষ্ট্ৰ ৯৩.০৮% ৪,৬০৮
ইণ্ডিয়ান বেংক ১৯০৭ চেন্নাই, তামিলনাডু ৭৯.৯০% ৫,৭৪৪
ইণ্ডিয়ান অভাৰচিজ বেংক ১৯৩৭ চেন্নাই, তামিলনাডু ৯৬.৩৮% ৩,২১৭
পঞ্জাৱ এণ্ড সিন্ধ বেংক ১৯০৮ নতুন দিল্লী, দিল্লী ৯৭.০৭% ১,৫২৭
পঞ্জাৱ নেচনেল বেংক ১৮৯৪ নতুন দিল্লী, দিল্লী ৭৩.১৫% ১০,৭৬৯
ষ্টেট বেংক অৱ ইণ্ডিয়া ১৯৫৫ মুম্বাই, মহাৰাষ্ট্ৰ ৫৭.৬২% ২২,২১৯
ইউকো বেংক ১৯৪৩ কলকাতা, পশ্চিমবংগ ৯৫.৩৯% ৩,০৮৭
ইউনিয়ন বেংক অৱ ইণ্ডিয়া ১৯১৯ মুম্বাই, মহাৰাষ্ট্ৰ ৮৩.৪৯% ৯,৩১৫

আঞ্চলিক গ্ৰাম্য বেংক[সম্পাদনা কৰক]

অন্ধ্ৰ প্ৰদেশ

  • অন্ধ্ৰ প্ৰগতি গ্ৰামীনা বেংক
  • চৈতন্য গোদাবৰী গ্ৰামীন বেংক
  • সপ্তগিৰি গ্ৰামীন বেংক

অৰুণাচল প্ৰদেশ

  • অৰুণাচল প্ৰদেশ ৰুৰেল বেংক

অসম

  • অসম গ্ৰামীণ বিকাশ বেংক

বিহাৰ

  • দক্ষিণ বিহাৰ গ্ৰামীন বেংক
  • উত্তৰ বিহাৰ গ্ৰামীন বেংক

ছত্তীশগড়

  • ছত্তীশগড় ৰাজ্য গ্ৰামীন বেংক

গুজৰাট

  • বৰোদা গুজৰাট গ্ৰামীন বেংক
  • সৌৰাষ্ট্ৰ গ্ৰামীন বেংক

হাৰিয়ানা

  • সৰ্ব হাৰিয়ানা গ্ৰামীন বেংক

হিমাচল প্ৰদেশ

  • হিমাচল প্ৰদেশ গ্ৰামীন বেংক

জম্মু-কাশ্মীৰ

  • জে এণ্ড কে গ্ৰামীন বেংক
  • এলাকুই দেহাতি বেংক

ঝাৰখণ্ড

  • ঝাৰখণ্ড ৰাজ্য গ্ৰামীন বেংক

কৰ্ণাটক

  • কৰ্ণাটক গ্ৰামীন বেংক
  • কৰ্ণাটক বিকাশ গ্ৰামীনা বেংক

কেৰালা

  • কেৰেলা গ্ৰামীন বেংক

মধ্য প্ৰদেশ

  • মধ্যাঞ্চল গ্ৰামীন বেংক
  • মধ্য প্ৰদেশ গ্ৰামীন বেংক

মহাৰাষ্ট্ৰ

  • মহাৰাষ্ট্ৰ গ্ৰামীন বেংক
  • বিদৰ্ভা কোংকন গ্ৰামীন বেংক

মণিপুৰ

  • মণিপুৰ ৰুৰেল বেংক

মেঘালয়

  • মেঘালয় ৰুৰেল বেংক

মিজোৰাম

  • মিজোৰাম ৰুৰেল বেংক

নাগালেণ্ড

  • নাগালেণ্ড ৰুৰেল বেংক

উৰিষ্যা

  • ওড়িশা গ্ৰাম্য বেংক
  • উৎকাল গ্ৰামীণ বেংক

পুডুচেৰী

  • পুডুবাই ভৰতীয়াৰ গ্ৰামা বেংক

পঞ্জাৱ

  • পঞ্জাৱ গ্ৰামীন বেংক

ৰাজস্থান

  • বৰোদা ৰাজস্থান ক্ষেত্ৰীয় গ্ৰামীন বেংক
  • ৰাজস্থান মৰুধৰা গ্ৰামীন বেংক

তামিলনাডু

  • তামিলনাডু গ্ৰামা বেংক

তেলেংগানা

  • তেলেংগানা গ্ৰামীনা বেংক

অন্ধ্ৰ প্ৰদেশ

  • অন্ধ্ৰ প্ৰদেশ গ্ৰামীণা বিকাশ বেংক

ত্ৰিপুৰা

  • ত্ৰিপুৰা গ্ৰামীন বেংক

উত্তৰ প্ৰদেশ

  • আৰ্যৱৰ্ত বেংক
  • প্ৰথমা ইউ পি গ্ৰামীন বেংক
  • বৰোদা ইউ পি বেংক

উত্তৰাখণ্ড

  • উত্তৰাখণ্ড গ্ৰামীন বেংক

পশ্চিম বংগ

  • পশ্চিম বংগ গ্ৰামীন বেংক
  • বঙ্গীয় গ্ৰামীণ বিকাশ বেংক
  • উত্তৰবংগ ক্ষেত্ৰীয় গ্ৰামীন বেংক

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Nationalised Banks: ভাৰতৰ ৰাষ্ট্ৰীয়কৃত বেংকসমূহ". অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/general-knowledge/nationalised-banks. 
  2. "কেন্দ্ৰীয় বেংক". dailyassam.com. https://www.dailyassam.com/2021/07/blog-post_20.html. 
  3. "Class 12 | Banking | Chapter 1 | ভাৰতবৰ্ষত বাণিজ্যিক বেংক". devlibrary.in. https://devlibrary.in/class-12-banking-chapter-1-solutions/2/.