শঁকা সাপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শঁকা সাপ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
উপপৰ্ব: Vertebrata
শ্ৰেণী: Reptilia
বৰ্গ: Squamata
উপবৰ্গ: Serpentes
পৰিয়াল: Elapidae
গণ: Bungarus
প্ৰজাতি: B. fasciatus
বৈজ্ঞানিক নাম
Bungarus fasciatus
(Schneider, 1801)
সমাৰ্থক

শঁকা সাপ (ইংৰাজী: banded krait, বৈজ্ঞানিক নাম- Bungarus fasciatus) ভাৰত উপ-মহাদেশ আৰু দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ সাপৰ প্ৰজাতি৷[1] ২.১ মিটাৰ পৰ্যন্ত দৈৰ্ঘ্যৰে ই আটাইতকৈ দীঘল সাপবোৰৰ ভিতৰতো অন্যতম৷

বিৱৰণ[সম্পাদনা কৰক]

শঁকা সাপ ক্ৰমাগতভাৱে থকা কলা-বগা পটি আৰু ত্ৰিভূজাকৃতিৰ শৰীৰ আৰু গোটেই শৰীৰত দীঘলে দীঘলে ওলাই থকা মেৰু ৰজ্জুৰ বাবে সহজতে চিনাক্ত কৰিব পাৰি। মূৰটো বহল আৰু চেপেট। চকু দুটা কলা বৰণৰ।

বিতৰণ[সম্পাদনা কৰক]

শঁকা সাপ মধ্য ভাৰতৰপৰা সমগ্ৰ ম্যানমাৰ, কম্বোডিয়া, থাইলেণ্ড, লাউচ, ভিয়েটনাম, আৰু দক্ষিণ চীন (হংকঙক ধৰি)ৰ পৰা মালয়েছিয়া আৰু মূল ইণ্ডোনেছিয়াৰ দ্বীপ বৰ্ণেও (জাভা দ্বীপ আৰু সুমাত্ৰা), লগতে ছিংগাপুৰলৈকে পোৱা যায়।

ভাৰতত অন্ধ্ৰপ্ৰদেশ,[2] বিহাৰ, ছত্তিছগড়, ঝাৰখণ্ড, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ,[3] উত্তৰ-পূব ভাৰত, ওড়িশা, তামিলনাডু, আৰু পশ্চিমবংগত পোৱাৰ তথ্য আছে। শেহতীয়াকৈ কৰ্ণাটকৰ হাছান জিলাতো পোৱাৰ তথ্য পোৱা হৈছে।[4]

বাসস্থান[সম্পাদনা কৰক]

ম্যানমাৰত সমুদ্ৰপৃষ্ঠৰ পৰা ৫০০০ ফুট উচ্চতাত শঁকা সাপ পোৱা গৈছে। শঁকা সাপ কেনেকুৱা ঠাইত দেখা যায় তাক নিৰ্দিষ্টকৈ ক'ব নোৱাৰি। বনাঞ্চলৰ পৰা আৰম্ভ কৰি কৃষিভূমিলৈকে বিভিন্ন বাসস্থানত শঁকা সাপ দেখা পোৱা যাব পাৰে। জলাশয়ৰ ওচৰত থকা এন্দুৰৰ গাঁত, উই-হাঁফলু আদি শঁকা সাপৰ বাসস্থান। এন্দুৰ, পানী আদি সহজলভ্য হোৱা বাবে ইহঁত সাধাৰণতে জনবসতি থকা ঠাইত, বিশেষকৈ গাঁওবোৰত থাকে। গাঁৱৰ মুকলি ঠাই এইবিধ সাপৰ প্ৰিয়।

আচৰণ[সম্পাদনা কৰক]

শঁকা সাপ লাজকুৰীয়া, সাধাৰণতে দেখা পোৱা নাযায়, আৰু মুখ্যতঃ নিশাচৰ। যেতিয়া উৎপীড়ন কৰা হয়, সিহঁতে সাধাৰণতে মুৰবোৰ সিহঁতৰ কুণ্ডলীৰ তলত লুকুৱাবলৈ চেষ্টা কৰে, আৰু সাধাৰণতে দংশন কৰিবলৈ চেষ্টা নকৰে,[1] যদিও নিশাহে ইহঁত অধিক সক্ৰিয় আৰু বহুলভাৱে অধিক বিপদজনক বুলি গণ্য কৰা হয়।

দিনত, ইহঁত ঘাঁহ, পিট বা নলাত পৰি থাকে। ইহঁত অতি দুৰ্বল, এলেহুৱা প্ৰকৃতিৰ। সাধাৰণতে বৰষুণৰ বতৰত দেখা পোৱা যায়।

খাদ্য[সম্পাদনা কৰক]

শঁকা সাপে মুখ্যতঃ অন্য সাপ ভক্ষণ কৰে, কিন্তু মাছ, বেঙ, নাইপিয়া, আৰু সাপৰ কণীও খোৱা বুলি জনা যায়। শঁকা সাপে ভক্ষণ কৰা সৰ্পবোৰৰ ভিতৰত আছে: -

ইহঁতে চিকাৰটো বিষৰ দ্বাৰা নিষ্ক্ৰিয় কৰাৰ পিছত প্ৰথমে মূৰৰ পৰা গিলি পেলাই।

প্ৰজনন[সম্পাদনা কৰক]

ইহঁতৰ প্ৰজনন অভ্যাসৰ বিষয়ে বৰ বেছি জনা নাযায়। মাৰ্মাৰত, আঠটা কণী ওমনি লৈ থকা এজনী সাপ পোৱা গৈছিল, ইয়াৰে চাৰিটা কণীৰ মে মাহত পোৱালী জগিছিল। জগাৰ সময়ত পোৱালীৰ দৈৰ্ঘ্য ২৯৮ৰ পৰা ৩১১ মিমি জোখৰ হৈছিল। এই সাপ জীৱনৰ তৃতীয় বছৰ বয়সত প্ৰাপ্তবয়স্ক হয় বুলি বিশ্বাস কৰা হয়, সেই সময়লৈকে ইহঁতৰ দৈৰ্ঘ্য আনুমানিক ৯১৪ মিলিমিটাৰ হয়।[5]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Clinical Toxinology-Bungarus fasciatus". http://toxinology.com/fusebox.cfm?fuseaction=main.snakes.display&id=SN0018. 
  2. Srinivasulu, C; D. Venkateshwarlu & M. Seetharamaraju (26 June 2009). "Rediscovery of the Banded Krait Bungarus fasciatus (Schneider 1801) (Serpentes: Elapidae) from Warangal District, Andhra Pradesh, India". Journal of Threatened Taxa খণ্ড 1 (6): 353–354. Archived from the original on 2011-07-28. https://web.archive.org/web/20110728104806/http://www.threatenedtaxa.org/ZooPrintJournal/2009/June/Srini.htm। আহৰণ কৰা হৈছে: 2009-07-19. 
  3. Khaire, NeelimKumar (2008) [2006]. Snakes of Maharashtra, Goa and Karnataka. প্ৰকাশক Pune: Indian Herpetological Society. পৃষ্ঠা. 40. 
  4. http://www.deccanherald.com/content/240673/slithering-wonder-black-yellow.html
  5. Evans, G.H. (1906):Breeding of the banded krait (Bungarus fasciatus) in Burma. J. Bombay nat. Hist. Soc. 16:519-520 as mentioned in Daniels, J.C. (2002), Book of Indian Reptiles and Amphibians References, ser no 28, pg 219.
  • Boulenger, George A., (1890), The Fauna of British India including Ceylon and Burma, Reptilia and Batrachia. Taylor and Francis, London.
  • Daniels, J.C. (2002), Book of Indian Reptiles and Amphibians. BNHS. Oxford University Press. Mumbai.
  • Smith, Malcolm A. (1943), The Fauna of British India, Ceylon and Burma including the whole of the Indo-Chinese Sub-region, Reptilia and Amphibia. Vol I - Loricata and Testudines, Vol II-Sauria, Vol III-Serpentes. Taylor and Francis, London.
  • Whitaker, Romulus. (2002), Common Indian Snakes: A Field Guide. Macmillan India Limited, ISBN 0-333-90198-3.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  1. SPOAR.ORG.IN [1]