ৱিকিপিডিয়া:অসম/Selected biography/4

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মামণি ৰয়ছম গোস্বামী

নৱেম্বৰ ২০০৬ত গোস্বামী
জন্ম ১৪ নৱেম্বৰ, ১৯৪২
গুৱাহাটী, অসম
মৃত্যু ২৯ নৱেম্বৰ, ২০১১ (৬৯ বছৰ)[1]
গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়, গুৱাহাটী, অসম, ভাৰত[2]
পেচা লেখক, সম্পাদক, কবি, অধ্যাপিকা আৰু সমাজকৰ্মী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সময় ১৯৫৬-২০১১
ধৰণ অসমীয়া সাহিত্য
উল্লেখনীয় কৰ্মৰাজি -দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা
-চিন্নমস্তাৰ মানুহটো
-তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা
দাম্পত্যসংগী মাধবেন ৰয়ছম আয়েংগাৰ (প্ৰয়াত)

মামণি ৰয়ছম গোস্বামী(১৯৪১-২০১১), ইন্দিৰা গোস্বামী বা সততে মামণি বাইদেউ[3] হিচাবে পৰিচিতা, ভাৰত-ৰ (অসম) এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক। তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণ গৱেষক হিচাবে মাধৱ কন্দলী ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড° গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰে।

গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড° গোস্বামীৰ ৰচনাৰ ভিতৰত অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ আদি উল্লেখযোগ্য উপন্যাস। তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা[4] আৰু ১৯৯৯ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা[5] লাভ কৰে। তেখেত ভাৰতৰ প্ৰথম Principal Prince Claus Laureate (২০০৮)[6] আছিল।

অসমত অত্যন্ত জনপ্ৰিয় লেখিকাগৰাকীয়ে অসমৰ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম (United Liberation Front of Assam: ULFA)-ক অস্ত্ৰ-সম্বৰণ আৰু জনজীৱনলৈ প্ৰত্যাবৰ্তনৰ বাবে আহ্বান জনাই চৰকাৰ আৰু সংগঠনটোৰ আলোচনাৰ জৰিয়তে শান্তি স্থাপনৰ প্ৰচেষ্টাতো জড়িত আছিল।


ভৱিষ্যতে মামণি ৰয়ছম গোস্বামী নামেৰে প্ৰসিদ্ধ হ'বলগীয়া ইন্দিৰা গোস্বামীগুৱাহাটীত জন্ম হৈছিল ১৯৪২ চনত, পিতা উমাকান্ত গোস্বামী|[উদ্ধৃতিৰ প্ৰয়োজন]। তৎকালিন অসমৰ ৰাজধানী শ্বিলঙৰ পাইন মাউণ্ট স্কুল আৰু পিছলৈ গুৱাহাটীতাৰিণী চৰণ উচ্চ মাধ্যমিক বিদ্যালয়ত মামণি ৰয়ছমে শিক্ষা লাভ কৰিছিল। অসমীয়া ভাষা 'মেজৰ' হিচাবে কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তুলসীদাসৰামচৰিতমানস আৰু মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণৰ তুলনামূলক অধ্যয়নৰ বাবে তেখেতে ১৯৭৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে[7]

মামণি ৰয়ছমে অসমৰ গোৱালপাৰা সৈনিক স্কুলত শিক্ষয়ত্ৰী হিচাবে কৰ্মজীৱন আৰম্ভ কৰে। পাচত তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক অসমীয়া সাহিত্যৰ অধ্যাপিকা হিচাবে যোগদান কৰে আৰু ইয়াৰেপৰাই অবসৰ গ্ৰহণ কৰে।

স্বামীৰ মৃত্যু আৰু বৃন্দাবনী জীৱন[সম্পাদনা কৰক]

বিশ্ববিদ্যালয়ৰ পঢ়া শেষ কৰি মামণি ৰয়ছম দক্ষিণ ভা্ৰতীয় অভিযন্তা মাধবন ৰয়চ আয়েংগাৰৰ লগত ১৯৬৬ চনত বিবাহপাশত আবদ্ধ হয় আৰু স্বামীৰ লগত তেওঁৰ কৰ্মক্ষেতৰ কাশ্মীৰলৈ গুচি যায়। পিচে দাম্পত্য সুখ উপভোগ কৰাৰ ১৮ মাহৰ পাচতে এক পট দুৰ্ঘটনাত অকাল মৃত্যু হয়।[8] এই ঘটনাই মামণি ৰয়ছমৰ জীৱন আৰু সাহিত্যত সূদুৰ প্ৰসাৰী প্ৰভাব পেলাব।

বিপৰ্য্যস্ত মামণি ৰয়ছম মানসিকভাবে বিষাদগ্ৰস্ত হৈ পৰে। ১৯৮৮ চনত প্ৰকাশ পোৱা আত্মজীৱনী "আধা লেখা দস্তাবেজত তেওঁ লিখিছে যে হাতাশাত তেওঁ কেতিয়াবা আনকি আত্মহত্যাৰ[9] কথাও ভাবিছিল। তেওঁক শান্ত্বনা দিবলৈ শৈশবৰ স্মৃতি আৰু দেউতাকৰ চিঠিৰ বহিৰে অন্য কোনো সমল নাছিল।[10]

মামণি ৰয়ছমে গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষকতা কৰিবলৈ লয়।কিছুদিন পাচত তেখেতৰ শিক্ষক উপেন্দ্ৰ লেখাৰুৰ পৰামৰ্শক্ৰমে বৃন্দাৱনত থাকিবলৈ গুচি যায়।[11][12] তাতে থকা সময়তে তেখেতে ৰামায়নী সাহিত্যৰ গৱেষণা আৰম্ভ কৰে। বৃন্দাবনৰ বিচিত্ৰ অভিজ্ঞতাৰ ভিত্তিতে মামণি ৰয়ছমে পৰবৰ্তীকালত তেখেতৰ ‌এখন অন্যতম শক্তিশালী উপন্যাস "নীলকণ্ঠী ব্ৰজ" ৰচনা কৰিব। তেখেতৰ অন্য এখন বিখ্যাত উপন্যাস "গংগাৰ পৰা ব্ৰহ্মপুত্ৰ উপন্যাসৰ ভেটিটোও ইয়াতেই গঢ় লৈছিল।[13]

  1. "Jnanpith award winning Assamese litterateur Indira Goswami dies". Times of India. http://timesofindia.indiatimes.com/india/Jnanpith-award-winning-Assamese-litterateur-Indira-Goswami-dies/articleshow/10914222.cms। আহৰণ কৰা হৈছে: November 29, 2011. 
  2. "Mamoni Raisom Goswami passes away". Times of Assam. http://www.timesofassam.com/headlines/mamoni-roisom-goswami-passes-away/। আহৰণ কৰা হৈছে: November 29, 2011. 
  3. http://indiragoswami.blogspot.com/2006/11/intimate-mornings-with-mamoni-baideo.html
  4. Sisir Kumar Das, Sahitya Akademi. "A history of Indian literature: 1800-1910 Western impact: Indian responce". Google Books. http://books.google.co.in/books?id=sHklK65TKQ0C&pg=PA373&lpg=PA373&dq=Indira+Goswami,+Sahitya+Akademi&source=bl&ots=sPDV1j1sTc&sig=DXyp8QEuEWlcqTsRAJoJAFQbSk0&hl=en&ei=kQztSrbeD4OWkAXV29mZDw&sa=X&oi=book_result&ct=result&resnum=7&ved=0CB0Q6AEwBg#v=onepage&q=Indira%20Goswami%2C%20Sahitya%20Akademi&f=false। আহৰণ কৰা হৈছে: December 01, 2011. 
  5. http://www.hindu.com/thehindu/2002/02/25/stories/2002022501991300.htm
  6. http://www.assamtimes.org/hot-news/2432.html Principal Prince Claus Award for Indira Goswami In a rare honour, Dr Indira Goswami (Mamoni Raisom) has been conferred the title of Professor Emeritus by Delhi University on 12th november 2009 and offered the job of teaching at her old Modern Indian Language Department. In an exceptional departure from past practice, the Department of Modern Indian Language and Literary Studies of Delhi University also organised a seminar on works of a living author. ,
  7. [1]Dr Indira Goswami-Assam's fiery pen, By Shehar Bano Khan, আহৰণ ২৯.১১.২০১১
  8. http://indiragoswami.blogspot.com/2008/10/indira-goswami-and-womens-empowerment.html
  9. http://indiragoswami.blogspot.com/2008/10/indira-goswami-and-womens-empowerment.html
  10. http://www.newslivetv.com/topnews/index.php?aID=24348&s=6304039a3ac605e6b09d46998e7950d4&cat=3
  11. http://www.primenewstv.com/news/news.php?aID=1184&cat=4
  12. http://indiragoswami.blogspot.com/2008/10/indira-goswami-and-womens-empowerment.html
  13. http://old.princeclausfund.org/nl/what_we_do/awards/PrinceClasuAwardIndiraGoswami.shtml