অমৃতা সিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Amrita Singhৰ পৰা পুনঃনিৰ্দেশিত)
অমৃতা সিং

২০১৭ চনত সিং
জন্ম অমৃতা সিং ভিৰ্ক
৯ ফেব্ৰুৱাৰী, ১৯৫৮ (৬৬ বছৰ)
হাডালী, পশ্চিম পাকিস্তান
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৮৩–১৯৯৩
২০০২-বৰ্তমানলৈকে
দাম্পত্যসঙ্গী ছৈয়ফ আলী খান
(১৯৯১-২০০৪, বিবাহ-বিচ্ছেদ)
সন্তান ২ (ছাৰা আলী খান আৰু ইব্ৰাহীম)
বঁটা, সন্মান, পুৰস্কাৰ আদি ফিল্মফেয়াৰ

অমৃতা সিং (ইংৰাজী: Amrita Singh; জন্ম: ৯ ফেব্ৰুৱাৰী, ১৯৫৮)[1] হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ বেটাব আৰু মৰ্দৰ দৰে ছবিত অভিনয় কৰি খ্যাতি আৰু সমাদৰ লাভ কৰা অমৃতা সিং আশীৰ দশকত এগৰাকী আগশাৰীৰ তাৰকালৈ উন্নীত হয়৷ নবৈৰ দশকৰ আৰম্ভণিতে তেখেতে ছবিৰ পৰা বিৰতি লয়৷ প্ৰায় দশকজোৰা বিৰতিৰ পাছত তেখেত ২০০২ চনত পুনৰ ছবিজগতলৈ ঘূৰি আহে৷ বৰ্তমান তেখেতে সহযোগী অভিনেত্ৰী হিচাপে কাম কৰিছে৷ ২০০৫ চনত তেখেতে টেলিভিছনৰ পৰ্দাতো ভুমুকি মাৰে৷

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

অমৃতা সিঙৰ জন্ম হৈছিল পশ্চিম পাকিস্তানৰ অন্তৰ্গত হাডালী নামৰ ঠাইত৷ তেখেতৰ মাতৃ হৈছে পাঞ্জাৱী মুছলিম সম্প্ৰদায়ৰ ৰুখছানা চুলতানা৷[2] পিতৃ হৈছে পাঞ্জাৱী জট শিখ সম্প্ৰদায়ৰ শিৱিন্দৰ সিং বীৰ্ক৷ তেখেত আছিল এগৰাকী আৰ্মি বিষয়া৷[3] ১৯৭০ৰ দশকৰ জৰুৰীকালিন অৱস্থাৰ সময়ত সঞ্জয় গান্ধীৰ এগৰাকী ৰাজনৈতিক সহযোগী হিচাপে অমৃতা সিঙৰ মাতৃয়ে দায়িত্ব পালন কৰিছিল৷[4][5][6][7] [8]

অমৃতা সিঙে নতুন দিল্লীস্থ মডাৰ্ণ স্কুলৰ পৰা শিক্ষাগ্ৰহণ কৰে৷ তেখেতৰ হিন্দী, পাঞ্জাৱী আৰু ইংৰাজী ভাষাত দখল আছে৷[9]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৮৩-১৯৯৩[সম্পাদনা কৰক]

১৯৮৩ চনত মুক্তিপ্ৰাপ্ত হিন্দী ভাষাৰ কথাছবি বেটাবৰ জৰিয়তে অমৃতা সিঙে বলিউডত পদাৰ্পণ কৰে৷ এইখন ছবিত তেখেতৰ বিপৰীতে অভিনয় কৰিছিল ছানী দেউলে৷ ইয়াৰ পিছত তেখেতে অভিনয় কৰা বহুকেইখন ছবিয়েই বক্স অফিচত সফলতা লাভ কৰে৷ বিশেষকৈ ১৯৮৫ চনত মুক্তি লাভ কৰা মৰ্দ নামৰ ছবিখন বৰ্ষটোৰ সৰ্বশ্ৰেষ্ঠ হিট হিচাপে পৰিগণিত হয়৷ অমৃতা সিঙে জীতেন্দ্ৰ, বিনোদ খান্না, ৰাজ বাব্বৰ, অনিল কাপুৰ, অমিতাভ বচ্চনৰ দৰে আগশাৰীৰ অভিনেতাৰ লগত অভিনয় কৰিছিল৷ [10]

১৯৯৩ চনত মুক্তি লাভ কৰা আইনা নামৰ ছবিখন আছিল অমৃতা সিঙৰ কেৰিয়াৰৰ এখনি উল্লেখযোগ্য ছবি৷ এইখন ছবিত অভিনয় কৰিয়েই তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷[11]

২০০২-বৰ্তমানলৈকে[সম্পাদনা কৰক]

দীৰ্ঘদিনীয়া বিৰতিৰ অন্ত পেলাই ২০০২ চনত অমৃতা সিঙ পুনৰ চিনেজগতলৈ উভতি আহে৷ তেখেতে একবিংশ শতিকাত অভিনয় কৰা প্ৰথমখন চিনেমা আছিল-২৩ মাৰ্চ ১৯৩১:শ্বহীদ৷ ছবিখনত তেখেতে ভগৎ সিঙৰ মাতৃৰ চৰিত্ৰটো ৰূপায়ন কৰে৷ ভগৎ সিঙৰ চৰিত্ৰত ববী দেউলে অভিনয় কৰে৷ ২০০৫ চনত অমৃতা সিঙে টেলিভিছনৰ জগতত পদাৰ্পণ কৰে৷ ষ্টাৰ প্লাছযোগে সম্প্ৰচাৰিত হোৱা একতা কাপুৰৰ পৰিয়ালকেন্দ্ৰিক ধাৰাবাহিক কাব্যাঞ্জলিত তেখেতে অভিনয় কৰে৷ ঋণাত্মক চৰিত্ৰত অভিনয় কৰি তেখেতে দৰ্শকৰ পৰা সমাদৰ লাভ কৰে৷[12] সেইটো বছৰতে মুক্তিপ্ৰাপ্ত হিন্দী ছবি কলিযুগতো এটা নেতিবাচক চৰিত্ৰ ৰূপায়ন কৰে আৰু দৰ্শক-সমালোচকৰ পৰা প্ৰশংসা আৰ্জে৷ পৰৱৰ্তী সময়ত অমৃতা সিঙে শ্বুটআউট এট লোখনৱালা (২০০৭), দাশ কাহানিয়াৰ দৰে ছবিত অভিনয় কৰে৷

২০১৪ চনত অমৃতা সিঙে ধৰ্মা প্ৰডাকছনৰ ছবি টু ষ্টেটছ্ নামৰ ছবিখনত অভিনয় কৰে৷ ছবিখনত তেখেতে অৰ্জুন কাপুৰৰ মাতৃৰ ভূমিকাত অৱতীৰ্ণ হয়৷ ছবিখন বছৰটোৰ ১৪ এপ্ৰিলত মুক্তি হয়৷ [13] ২০১৬ চনত তেখেতে ফ্লায়িং ঝট, ২০১৭ চনত হিন্দী মিডিয়াম, ২০১৯ চনত বদলা নামৰ ছবিখনত অভিনয় কৰে৷ উল্লেখ্য, যে বদলাত তেখেতে প্ৰায় ১৮টা বছৰৰ পিছত অমিতাভ বচ্চনৰ লগত অভিনয় কৰিছে৷

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৯১ চনৰ জানুৱাৰী মাহত অমৃতা সিঙৰ লগত বলিউদৰ তাৰকা অভিনেতা ছৈয়ফ আলী খানৰ বিবাহ সম্পন্ন হয়৷ শিখ হিচাপে প্ৰতিপালিত হোৱা ছৈয়ফ আলী খানে বিবাহৰ পূৰ্বে ইছলাম ধৰ্ম গ্ৰহণ কৰে আৰু তেওঁলোকৰ বিবাহখনো ইছলামীয় পৰম্পৰাৰে সম্পন্ন হয়৷[14] বিবাহৰ পাছত অমৃতা সিঙে ছবিত অভিনয় কৰিবলৈ এৰি দিয়ে৷ ২০০৪ চনত তেওঁলোকৰ বিবাহ-বিচ্ছেদ হয়৷[15]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Film Actress Amrita Singh — Bollywood Star Amrita Singh — Amrita Singh Biography — Amrita Singh Profile". http://www.iloveindia.com/bollywood/actresses/amrita-singh.html। আহৰণ কৰা হৈছে: 21 April 2016. 
  2. Varma, Anuradha (14 June 2009). "In Bollywood, everyone's related!". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/In-Bollywood-everyones-related/articleshow/4654411.cms। আহৰণ কৰা হৈছে: 21 April 2016. 
  3. "Rare Pictures & Interesting Facts about 80s B-town Sensation Amrita Singh". Dailybhaskar.com. 10 February 2016. http://daily.bhaskar.com/news-rec/ENT-CELE-amrita-singh-rare-pictures-interesting-facts-5244695-PHO.html?seq=2। আহৰণ কৰা হৈছে: 21 April 2016. 
  4. Das, Veena. (Editor); Tarlo, Emma (2000). Violence and subjectivity (9th printing. সম্পাদনা). প্ৰকাশক Berkeley: University of California Press. পৃষ্ঠা. 266. ISBN 978-0-520-21608-2. https://books.google.com/books?id=7KsEcQnb2VIC&q=sultana&pg=PA242। আহৰণ কৰা হৈছে: 10 May 2018. 
  5. Tarlo, Emma (2001). Unsettling memories : narratives of the emergency in Delhi. প্ৰকাশক Berkeley: University of California Press. পৃষ্ঠা. 38–39, 143. ISBN 978-0-520-23122-1. https://books.google.com/books?id=3IO1WB2H8UUC&q=sultana&pg=PR5। আহৰণ কৰা হৈছে: 13 February 2017. 
  6. Gwatkin, Davidson R. "Political will and family planning: the implications of India's emergency experience." Population and Development Review (1979): 29-59.
  7. French, Patrick (2011). India : a portrait (1st U.S. সম্পাদনা). প্ৰকাশক New York: Alfred A. Knopf. পৃষ্ঠা. 43. ISBN 978-0-307-27243-0. https://archive.org/details/isbn_9780307272430। আহৰণ কৰা হৈছে: 13 February 2017. "rukhsana sultana ." 
  8. "#1975Emergency रुखसाना सुल्ताना : एक मुस्लिम सुंदरी जिसे देखते ही मुस्लिम मर्दों की रूह कांप जाती थी". http://satyagrah.scroll.in/article/12147/emergency-sterilization-rukhsana-sultana?। আহৰণ কৰা হৈছে: 28 June 2016. 
  9. rafflesia. "Saif Ali Khan and Amrita Singh". http://saifamrita.blogspot.co.uk/। আহৰণ কৰা হৈছে: 21 April 2016. 
  10. "Bollywood Actress: Amrita Singh's Biography". Archived from the original on 6 May 2008. https://web.archive.org/web/20080506222937/http://www.desicommunityguide.com/gallery/AMRITHASINGH/profile.asp। আহৰণ কৰা হৈছে: 21 April 2016. 
  11. https://www.imdb.com/title/tt0106203/
  12. "Amrita Singh". Archived from the original on 5 May 2016. https://web.archive.org/web/20160505131053/http://www.kaneesha.com/amrita-singh। আহৰণ কৰা হৈছে: 21 April 2016. 
  13. "2 States: Amrita Singh to play Arjun Kapoor's punjabi mother with an expert polish the role seemed totally typical or original in tone. On the other hand, Revati of south-indian films, as Alia's mother gave a skilled acting performance that was a pleasure for viewers.Also the unmatched relation with Ronit Roy's character was a strong feeling scene for viewers. Amrita was fabulous in 2 States.". the times of india. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news-interviews/2-States-Amrita-Singh-to-play-Arjun-Kapoors-mother/articleshow/17950738.cms। আহৰণ কৰা হৈছে: 18 March 2014. 
  14. "No one changes their religion in order to get married: Saif Ali Khan speaks about 'love jihad'". The Express Tribune. 24 April 2015. http://tribune.com.pk/story/875213/no-one-changes-their-religion-in-order-to-get-married-saif-ali-khan-speaks-about-love-jihad/। আহৰণ কৰা হৈছে: 21 April 2016. 
  15. Iyer, Meena (3 November 2014). "Bollywood has a low divorce rate". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Bollywood-has-a-low-divorce-rate/articleshow/45012318.cms। আহৰণ কৰা হৈছে: 21 April 2016.