"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ৪০ নিযুত প্ৰবন্ধ সম্বলিত ৩০১ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৫০০ নিযুত মানুহে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।
এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।
ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।
নিৰ্বাচিত প্ৰবন্ধ
দ্বিতীয় বিশ্বযুদ্ধ বুলিলে ১৯৩৯ চনৰ পৰা ১৯৪৫ চনৰ কালছোৱাত সমগ্ৰ বিশ্বজুৰি হোৱা যুদ্ধলানিকে বুজা যায়। বিশ্বৰ মহাশক্তি সমূহৰ লগতে প্ৰায় সকলোবোৰ দেশেই জড়িত হৈ পৰা এই যুদ্ধত দুটা বিপৰীত সামৰিক জোঁটৰ সৃষ্টি হয়- মিত্ৰশক্তি আৰু অক্ষশক্তি। এই মহাসমৰক ইতিহাসৰ সকলোতকৈ বিস্তৃত যুদ্ধ বুলি ধৰা হয় য’ত ১০ কোটিতকৈয়ো বেছি লোকে সামৰিক সেৱা আগবঢ়াইছিল। যুদ্ধত আগভাগ লোৱা জাতিসমূহে এই সময়ছোৱাত নিজৰ সকলো অৰ্থনৈতিক, ঔদ্যোগিক আৰু বৈজ্ঞানিক সমল এই যুদ্ধৰ বাবে প্ৰয়োগ কৰিছিল যাৰ বাবে সামৰিক আৰু অসামৰিক সমলসমূহৰ পাৰ্থক্যই নোহোৱা হৈ গৈছিল। হ'ল'কাষ্ট (হিটলাৰৰ দ্বাৰা ৬০ লাখ ইহুদী হত্যা)-কে ধৰি অসামৰিক লোকৰ গণহত্যা, হিৰোচিমা আৰু নাগাচাকিত পাৰমাণৱিক অস্ত্ৰৰ প্ৰয়োগ ইত্যাদিৰ বাবে কুখ্যাত এই যুদ্ধত ৫ পৰা ৭ কোটিমান লোকৰ মৃত্যু হৈছিল। ১৯৪৫ চনত অক্ষশক্তিৰ ওপৰত মিত্ৰশক্তিৰ সম্পূৰ্ণ বিজয়েৰে এই যুঁজৰ সামৰণি পৰে।
(বাকী অংশ পঢ়ক...)