অসম কাৰ্বি আংলং আদা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসম কাৰ্বি আংলং আদা (ইংৰাজী: Assam Karbi Anglong Ginger) হৈছে অসমকাৰ্বি আংলং জিলাত উৎপাদিত মছলাজাতিয় উদ্ভিদ। ই Zingiberaceae পৰিয়ালৰ অন্তৰ্গত Zingiber গণৰ একপ্ৰকাৰৰ সপুশ্পক উদ্ভিদ, বৈজ্ঞানিক নাম হৈছে Zingiber officinale Rosc। অসম কাৰ্বি আংলং আদাৰ কেইবাটাও প্ৰকাৰভেদ আছে। ইয়াৰ ভিতৰত নদীয়া আৰু ভোলা অতি জনপ্ৰিয় প্ৰকাৰ, আইজল নামৰ আন এক প্ৰকাৰৰ আদাৰ খেতিও কাৰ্বি আংলঙৰ কৃষকে কৰে।

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

কাৰ্বি আংলং হৈছে অসমৰ আদা উৎপাদন কৰা অঞ্চলসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অঞ্চল। এই জিলাৰ ৰিডুং, ওমালফেৰ আৰু সিংহাসন পাহাৰৰ প্ৰায় পাঁচ সহস্ৰাধিক কৃষকে বছৰি ছল্লিশ হাজাৰ মেট্ৰিকটন আদা উৎপাদন কৰে। আদা খেতিৰ অনুকুল সিংহাসন পাহাৰৰ জলবায়ু আৰু কৃষিভূমিত অতি ফন্নত মানৰ আদা উৎপাদিত হয়। 24°03′N 89°25′E / 24.05°N 89.42°E / 24.05; 89.42 আৰু 28°00′N 96°00′E / 28.00°N 96.00°E / 28.00; 96.00 ভৌগোলিক স্থানাংকৰ ভিতৰত কাৰ্বি আংলং আদাৰ উৎপাদন হয়।

প্ৰকাৰভেদ[সম্পাদনা কৰক]

অসম কাৰ্বি আংলং আদৰ কেইবাটাও প্ৰকাৰভেদ আছে। ইয়াৰ ভিতৰত নদীয়া আৰু ভোলা অতি জনপ্ৰিয় প্ৰকাৰ।

নদীয়া প্ৰকাৰ আদাৰ ৰূপান্তৰিত কাণ্ড মধ্যমৰ পৰা শকত, পাতল মটীয়া বৰণৰ, তীক্ষ্ণ সোৱাদ তথা গন্ধযুক্ত হয়।

ভৌগোলিক স্বীকৃতি[সম্পাদনা কৰক]

২০১৫ চনৰ ৩১ মাৰ্চত চেন্নাইস্থিত ভৌগোলিক স্বীকৃতি প্ৰদানকাৰী মূখ্য কাৰ্যালয়ৰ পৰা উত্তৰ-পূৱৰ অন্য আঠ বিধ উৎপাদৰ সৈতে অসম কাৰ্বি আংলং আদায়ে ভৌগোলিক স্বীকৃতি লাভ কৰে।[1] ভৌগোলিক স্বীকৃতি লাভ কৰা উত্তৰ পূৱৰ অন্য আঠ বিধ উৎপাদ হৈছে অসমৰ তেজপুৰ লিচু (অসম), খাছী মেণ্ডাৰিণ (মেঘালয়), লাৰ্জ কাৰ্ডামম (চিকিম), চৰাই চকুৱা জলকীয়া (মিজোৰাম), কচাই নেমু (মণিপুৰ), কুইন মাটিকঠাল (ত্ৰিপুৰা), অৰুণাচল কমলা (অৰুণাচল প্ৰদেশ) আৰু নাগালেণ্ড গছ আলু (নাগালেণ্ড)।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]