অসমৰ ৰেচম শিল্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা


অসমৰ ৰেচম শিল্প বুলিলে প্ৰধানত পাট, মুগা আৰু এৰীসূতাৰে বোৱা বিভিন্ন সাজপোচাককে বুজায়৷ অসমৰ ৰেচম উদ্যোগ এটি আপুৰুগীয়া শিল্প৷ অসমৰ অৰ্থনীতিৰ দিশটোৰ উপৰিও সাংস্কৄতিক দিশত ইয়াৰ গুৰুত্ব অশেষ[1]৷ আগেয়ে অসমৰ শুৱালকুছিত পাট-মুগাৰ শিল্প কেন্দ্ৰীভূত হৈ আছিল যদিও বৰ্তমান অন্যান্য ঠাইলৈকো এই শিল্পই বিস্তাৰ লাভ কৰিছে৷

ইতিহাস[সম্পাদনা কৰক]

১১শ শতিকাত পাল ৰাজবংশৰ ৰজা ধৰ্মপালে ২৬টা বোৱনী পৰিয়ালক তাঁতীকুছিৰ পৰা শুৱালকুছিলৈ লৈ আহিছিল। ১৭শ শতিকাত মোগলক পৰাস্ত কৰি শানসকলে শুৱালকুছি দখল কৰাৰ পিছত ইয়াত বয়নশিল্প গঢ় লৈ উঠিবলৈ ধৰে। প্ৰায় ১৯৩০ চনমানলৈকে কেৱল তাঁতী জনগোষ্ঠীৰ মাজত সীমাবদ্ধ এই শিল্প লাহে লাহে আনবোৰ জনগোষ্ঠীৰ লোকেও গ্ৰহণ কৰিবলৈ ধৰে।[2] কৌটিল্যৰ অৰ্থশাস্ত্ৰকামৰূপৰ পাট-মুগা শিল্পৰ কথা উল্লেখ আছে[3]

মুগাৰ প্ৰস্তুত প্ৰণালী[সম্পাদনা কৰক]

সোমগছত থকা মুগা পলু

এন্থেহেৰিয়া এছামিনিছিছ (Antheraea assamensis) নামৰ এবিধ পলুৰ পৰা মুগা উৎপাদন কৰা হয়৷ এই পলুবিধে চোম গছৰ পাত খাই জীৱন নিৰ্বাহ কৰে৷

নিৰ্মিত সাজপোচাক[সম্পাদনা কৰক]


অসমৰ ৰেচম শিল্পৰ লগত জড়িত অঞ্চলসমূহ[সম্পাদনা কৰক]

কামৰূপ জিলাৰ অন্তৰ্গত শুৱালকুছি অসমৰ প্ৰধান ৰেচম কেন্দ্ৰ। ইয়াত তৈয়াৰ হোৱা মুগা, এৰী আৰু পাটৰ কাপোৰ বিখ্যাত। এইবোৰ কাপোৰেৰে তৈয়াৰ কৰা মেখেলা চাদৰ আৰু গামোচাৰ অসমৰ বাদেও ভাৰতৰ আন ঠাইতো চাহিদা আছে। শুৱালকুছিত অসংখ্য হাতেবোৱা কাপোৰৰ উদ্যোগ থকা বাবে ইয়াক "অসমৰ মানচেষ্টাৰ" (Manchester of Assam) বুলি কোৱা হয়।[4][2] শুৱালকুছিৰ ৯৯ শতাংশ বাসিন্দাই প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাট-মুগাৰ সৈতে জড়িত হৈ আছে[3]৷ ২০১০ চনৰ পৰিসংখ্যা অনুসৰি অসমত উৎপাদন হোৱা ৮৮ শতাংশ পাট-মুগা বস্ত্ৰ কেৱল শুৱালকুছিতেই উৎপাদন হৈছিল[3]৷ ১৯৩৯ চনত শুৱালকুছিত তিনিশখন তাঁতশাল আছিল যদিও এতিয়া সেই সংখ্যা বাঢ়ি ২৫,৫৩৮ খন হৈছেগৈ[3]

আগেয়ে অসমৰ শুৱালকুছিত পাট-মুগাৰ শিল্প কেন্দ্ৰীভূত হৈ আছিল যদিও বৰ্তমান অন্যান্য ঠাইলৈকো এই শিল্পই বিস্তাৰ লাভ কৰিছে৷

আলোকচিত্ৰ[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Muga Silk". http://www.mapsofindia.com/assam/society/muga-silk.html। আহৰণ কৰা হৈছে: December 28, 2012. 
  2. 2.0 2.1 "Sualkuchi". Assaminfo.com. http://www.assaminfo.com/tourist-places/32/sualkuchi.htm। আহৰণ কৰা হৈছে: অক্টোবৰ ১৭, ২০১২. 
  3. 3.0 3.1 3.2 3.3 "ছাঁতে শুকুৱা মুঠিতে লুকুৱা...". দ্য চানডে ইণ্ডিয়ান. মাৰ্চ ৪, ২০১২. http://www.thesundayindian.com/as/story/%E0%A6%9B%E0%A6%BE%E0%A6%81%E0%A6%A4%E0%A7%87-%E0%A6%B6%E0%A7%81%E0%A6%95%E0%A7%81%E0%A7%B1%E0%A6%BE-%E0%A6%AE%E0%A7%81%E0%A6%A0%E0%A6%BF%E0%A6%A4%E0%A7%87-%E0%A6%B2%E0%A7%81%E0%A6%95%E0%A7%81%E0%A7%B1%E0%A6%BE/25/1272/। আহৰণ কৰা হৈছে: ডিচেম্বৰ ২৮, ২০১২. 
  4. "Sualkuchi - the silk village of Assam". Assam Government. http://kamrup.gov.in/sualkuchi.htm। আহৰণ কৰা হৈছে: December 29, 2012. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]