বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়
স্থাপিত ২০২১
ধৰণ ৰাজহুৱা
আচাৰ্য জগদীশ মুখী (অসমৰ ৰাজ্যপাল)
উপাচাৰ্য ডঃ জ্যোতি প্ৰসাদ শইকীয়া
স্থান গোলাঘাট জিলা, অসম
ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ
ৱেবছাইট www.bssrv.ac.in

বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় অসমগোলাঘাট জিলাত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় খন অসম চৰকাৰে ২০২০ চনৰ ২ ছেপ্টেম্বৰত গৃহীত কৰা বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় বিধেয়ক, ২০২০ৰ অধীনত স্থাপন কৰিছে।[1] ২০২১ চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে অধ্যাপক ডঃ জ্যোতি প্ৰসাদ শইকীয়াক বিশ্ববিদ্যালয়খনৰ প্ৰথম গৰাকী উপাচাৰ্য হিচাপে দুইবছৰৰ বাবে নিযুক্ত কৰে।[2] চুতীয়া ৰাজ্যৰ শেষ ৰাণী বীৰাংগনা সতী সাধনীৰ প্ৰতি সন্মান জনাই এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছে।[3]

তথ্য উৎস[সম্পাদনা কৰক]