নলবাৰী মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নলবাৰী মহাবিদ্যালয়
মূলমন্ত্ৰ विद्यया विन्दते अमृतम्
স্থাপিত ১৯৪৫
ধৰণ মহাবিদ্যালয়
অধ্যক্ষ ড° কমল নাৰায়ণ পাটোৱাৰী
স্থান নলবাৰী, অসম, ভাৰত ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট nalbaricollege.org

নলবাৰী মহাবিদ্যালয় (ইংৰাজী: Nalbari College) অসমনলবাৰী চহৰৰ পৰা এক কিঃমিঃ দূৰত জাপাৰকুছি গাঁৱত অৱস্থিত অৱস্থিত এক শৈক্ষিক প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল ১৯৪৫ চনত। ইয়াৰ প্ৰতিস্থাপক অধ্যক্ষ আছিল ত্ৰৈলোক্য নাথ গোস্বামী। বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এই মহাবিদ্যালয়খন ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (ইংৰাজী: National Assessment and Accreditation Council) ৰ দ্বাৰা 'B+' শ্ৰেণীৰ মহাবিদ্যালয় হিচাপে চিহ্নিত হৈছে[কেতিয়া ?][1][2]

সংক্ষিপ্ত ইতিহাস[সম্পাদনা কৰক]

ভাৰতে স্বাধীনতা লাভৰ দুবছৰ আগেয়ে ৪ জুলাই, ১৯৪৫ত নলবাৰী মহাবিদ্যালয় প্ৰতিস্থাপিত হয়। সেই সময়ত মঙলদৈৰ পৰা বঙাইগাঁৱলৈ ইয়েই একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আছিল। প্ৰথমতে ই কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আছিল যদিও ১৯৪৮ত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হোৱাত এইখনো গুঃবিঃৰ অন্তভুক্ত হয়। ১৯৫৮ চনত এই মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি হোৱাত ইয়াৰ ইতিহাসত এক নতুন পৃষ্ঠা সংযোজিত হয়। মাত্ৰ ২৮ জন শিক্ষাৰ্থীৰে আৰম্ভ হোৱা এই মহাবিদ্যালয় বৰ্তমান এক বৃহৎ শিক্ষানুষ্ঠান।[1]

সা-সুবিধাসমূহ[সম্পাদনা কৰক]

নলবাৰী মহাবিদ্যালয়ৰ এটা অংশ

এই মহাবিদ্যালয়খনৰ মাটিকালি ১৬.১০ একৰ (আনুমানিক)। ইয়াত কলা আৰু বিজ্ঞান শাখাত শিক্ষাদানৰ বাবে বহুকেইটা ভৱন আছে। স্নাতক পৰ্যায়ত ইয়াত পোন্ধৰটা বিভাগে চৈধ্যটা বিষয়ক প্ৰধান বিষয় হিচাপে শিক্ষাদান কৰে। লগতে ইয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অসমীয়াত স্নাতকোত্তৰ শিক্ষা লাভৰো সুবিধা আছে। এই মহাবিদ্যালয়ত থকা আন আন সা-সুবিধাসমূহ হ'ল-এটা স্থায়ী পুথিভঁৰাল, এটা ছাত্ৰাবাস, এটা ছাত্ৰীনিবাস, এখন উদ্ভিদ বিজ্ঞান বাগিচা (Botanical Garden), community information center, কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, মহাবিদ্যালয় কেণ্টিন, এক বৃহৎ খেলপথাৰ (নলবাৰী মহাবিদ্যালয় খেলপথাৰ) আদি। তদুপৰি বৰ্তমান এক ইনড'ৰ ষ্টেডিয়াম নিৰ্মাণৰো যোঁ-জা চলি আছে।

বিভিন্ন শাখা আৰু বিভাগসমূহ[সম্পাদনা কৰক]

নলবাৰী মহাবিদ্যালয়ত অসমীয়া আৰু ইংৰাজী উভয় মাধ্যমতে পাঠগ্ৰহণৰ সুবিধা আছে।

১) কলা শাখা

  • অ) দুবছৰীয়া উচ্চ মাধ্যমিক পাঠ্যক্ৰম
  • বাধ্যতামূলক বিষয় :
    • ক) ইংৰাজী
    • খ) আধুনিক ভাৰতীয় ভাষা (অসমীয়া)
  • ঐচ্চিক বিষয় (যিকোনো চাৰিটা):
    • ক) অৰ্থনীতি
    • খ) ৰাজনীতি বিজ্ঞান
    • গ) ইতিহাস
    • ঘ) তৰ্ক আৰু দৰ্শন
    • ঙ) ঐচ্চিক অসমীয়া
    • চ) গণিত
    • ছ) সংস্কৃত
    • জ) ভূগোল
    • ঝ) পৰিসংখ্যা বিজ্ঞান
    • ঞ) পৰিচয়মূলক কম্পিউটাৰ বিজ্ঞান
  • আ) তিনি বছৰীয়া স্নাতক পাঠ্যক্ৰম
  • বাধ্যতামূলক বিষয় :
    • ক) ইংৰাজী
    • খ) আধুনিক ভাৰতীয় ভাষা (অসমীয়া)
  • ঐচ্চিক বিষয় (যিকোনো দুটা)
    • ক) অৰ্থনীতি
    • খ) ইতিহাস
    • গ) ৰাজনীতি বিজ্ঞান
    • ঘ) দৰ্শন
    • ঙ) গণিত
    • চ) সংস্কৃত
    • ছ) ভূগোল
    • জ) কম্পিউটাৰ
    • ঝ) পৰিসংখ্যা বিজ্ঞান
    • ঞ) ঐচ্চিক অসমীয়া
  • প্ৰধান (Major) বিষয়:
    • ক) অসমীয়া
    • খ) ইংৰাজী
    • গ) অৰ্থনীতি
    • ঘ) ইতিহাস
    • ঙ) ৰাজনীতি বিজ্ঞান
    • চ) সংস্কৃত
    • ছ) দৰ্শন
    • জ) ভূগোল
    • ঝ) গণিত
  • ই) অসমীয়া আৰু ইংৰাজী বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম

২) বিজ্ঞান শাখা

  • অ) দুবছৰীয়া উচ্চ মাধ্যমিক পাঠ্যক্ৰম
  • বাধ্যতামূলক বিষয় :
    • ক)ইংৰাজী
    • খ) অসমীয়া/বিকল্প ইংৰাজী
  • ঐচ্চিক বিষয় (যিকোনো চাৰিটা):
    • ক) পদাৰ্থ বিজ্ঞান
    • খ) ৰসায়ন বিজ্ঞান
    • গ) গণিত
    • ঘ) জীৱ বিজ্ঞান
    • ঙ) ভূগোল
    • চ) পৰিসংখ্যা বিজ্ঞান
    • ছ) তৰ্ক আৰু দৰ্শন
    • জ) কম্পিউটাৰ বিজ্ঞান
  • আ) তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰম
  • বাধ্যতামূলক বিষয় :
    • ক) ইংৰাজী
  • ঐচ্চিক বিষয়
    • ক) পদাৰ্থ বিজ্ঞান
    • খ) ৰসায়ন বিজ্ঞান
    • গ) উদ্ভিদ বিজ্ঞান
    • ঘ) প্ৰাণী বিজ্ঞান
    • ঙ) গণিত
    • চ) ভূগোল
    • ছ) পৰিসংখ্যা বিজ্ঞান
    • জ) অৰ্থনীতি
    • ঝ) কম্পিউটাৰ বিজ্ঞান
  • প্ৰধান (Major) বিষয় :
    • ক) উদ্ভিদ বিজ্ঞান
    • খ) পদাৰ্থ বিজ্ঞান
    • গ) ৰসায়ন বিজ্ঞান
    • ঘ) জীৱ বিজ্ঞান
    • ঙ) ভূগোল
    • চ) গণিত
    • ছ) অৰ্থনীতি[3]

শিক্ষকবৃন্দ[সম্পাদনা কৰক]

ক্ৰমিক নং নাম বিষয় অৰ্হতা
শ্ৰীমতী সত্যভামা দাস আহমেদ অসমীয়া এম.এ. , এম.ফিল
ড০ দ্বিজেন দাস অসমীয়া এম.এ. , Ph.D
ড০ বিমল মজুমদাৰ অসমীয়া এম.এ. (ডাবল্), Ph.D
শ্ৰী পংকজ দত্ত বৰুৱা অসমীয়া এম.এ. ,এম.ফিল.
শ্ৰী বন্দনা দাস অসমীয়া এম.এ. ,এম.ফিল.
শ্ৰী প্ৰবোধ শৰ্মা উদ্ভিদবিজ্ঞান এম.এচ ছি. ,এম.ফিল.,Ph.D
শ্ৰীমতী ধনদা ডেকা উদ্ভিদবিজ্ঞান এম.এচ.ছি. ,এম.ফিল.
ড০ গৌতম কুমাৰ সন্দিকৈ উদ্ভিদবিজ্ঞান এম.এচ.ছি. ,Ph.D
শ্ৰী কন্দৰ্প কলিতা উদ্ভিদবিজ্ঞান এম.এচ.ছি
১০ শ্ৰী গুণজিৎ কলিতা উদ্ভিদবিজ্ঞান এম.এচ.ছি ,বি.এড.
১১ শ্ৰীমতী নমিতা দেৱী উদ্ভিদবিজ্ঞান এম.এচ.ছি
১২ ড০ প্ৰাণ কৃষ্ণ দাস ৰসায়ন বিজ্ঞান এম.এচ.ছি ,Ph.D
১৩ শ্ৰী মদন চন্দ্ৰ মেধি ৰসায়ন বিজ্ঞান এম.এচ.ছি
১৪ শ্ৰী ধীৰাজ তালুকদাৰ ৰসায়ন বিজ্ঞান এম.এচ.ছি
১৫ শ্ৰী নৱজ্যোতি ডেকা ৰসায়ন বিজ্ঞান এম.এচ.ছি.
১৬ শ্ৰীমতী ধঞ্জুমনি পাঠক ৰসায়ন বিজ্ঞান এম.এচ.ছি.
১৭ ড০ বীৰেণ চক্ৰৱৰ্তী অৰ্থনীতি এম.এ.,Ph.D
১৮ শ্ৰী সুব্ৰত বৰ্মণ অৰ্থনীতি এম.এচ.ছি.
১৯ শ্ৰী বিষ্ণু ভট্টাচাৰ্য্য অৰ্থনীতি এম.এ.
২০ শ্ৰী অমৰ কুমাৰ নায়ক ইংৰাজী এম.এ.
২১ শ্ৰীমতী কাকলি দত্ত ইংৰাজী এম.এ.
২২ শ্ৰীমতী ৰঞ্জনা ভট্টাচাৰ্য্য ইংৰাজী এম.এ.
২৩ শ্ৰী কৰুণা কান্ত মুদিয়াৰ ভূগোল এম.এচ.ছি. ,এম.ফিল.
২৪ শ্ৰী দিনমণি ভাগৱতী ভূগোল এম.এ. ,এম.ফিল.
২৫ শ্ৰী দীপক গোস্বামী ভূগোল এম.এ.
২৬ শ্ৰী ফটিক বৰ্মণ ভূগোল এম.এ.
২৭ শ্ৰী হিতেশ ঠাকুৰীয়া ভূগোল এম.এ.
২৮ শ্ৰী পুলক জ্যোতি তালুকদাৰ ইতিহাস এম.এ.
২৯ শ্ৰী প্ৰদ্যুম্ন শৰ্মা ইতিহাস এম.এ.
৩০ শ্ৰী গিৰিন্দ্ৰ নাৰায়ণ পাটোৱাৰী গণিত এম.এচ.ছি.
৩১ শ্ৰী ধীৰেণ ৰাজবংশী গণিত এম.এচ.ছি.
৩২ শ্ৰীমতী ছৈয়দা পিৰোজা বেগম গণিত এম.এচ.ছি.
৩৩ শ্ৰী গৌতম শৰ্মা গণিত এম.এচ.ছি.
৩৪ শ্ৰীমতী ঊষা গোস্বামী দৰ্শন এম.এ.
৩৫ শ্ৰীমতী গীতিমা বুজৰবৰুৱা দৰ্শন এম.এ.
৩৬ শ্ৰীমতী পূৰৱী তালুকদাৰ দৰ্শন এম.এ.
৩৭ ড০ প্ৰতিভা দাস পদাৰ্থ বিজ্ঞান এম.এচ.ছি. ,Ph.D
৩৮ শ্ৰী মহাদেৱ দাস পদাৰ্থ বিজ্ঞান এম.এচ.ছি.
৩৯ শ্ৰী হংসধৰ ৰাজবংশী পদাৰ্থ বিজ্ঞান এম.এচ.ছি.
৪০ শ্ৰী অনন্ত ৰাজবংশী পদাৰ্থ বিজ্ঞান এম.এচ.ছি.
৪১ শ্ৰী সুৰজিৎ শৰ্মা পদাৰ্থ বিজ্ঞান এম.এচ.ছি.
৪২ ড০ নিপন মজুমদাৰ পদাৰ্থ বিজ্ঞান এম.এচ.ছি.,Ph.D
৪৩ শ্ৰী গজেন ভঁৰালী ৰাজনীতি বিজ্ঞান এম.এ.
৪৪ শ্ৰী এল. হেংচিং ৰাজনীতি বিজ্ঞান এম.এ.
৪৫ ড০ উপমা বৰ্মণ ডেকা সংস্কৃত এম.এ.(ডাবল),Ph.D
৪৬ ড০ মণি শৰ্মা সংস্কৃত এম.এ.,এম.ফিল.,Ph.D,ব্যাকৰণ শাস্ত্ৰী
৪৭ শ্ৰী প্ৰণৱ চৌধুৰী পৰিসংখ্যা বিজ্ঞান এম.এচ.ছি.(ডাবল্)
৪৮ ড০ পূৰৱী দাস পৰিসংখ্যা বিজ্ঞান এম.এচ.ছি.,(ডাবল্)
৪৯ শ্ৰী দিলিপ ডেকা পৰিসংখ্যা বিজ্ঞান এম.এচ.ছি.
৫০ ড০ অশোক শৰ্মা জীৱবিজ্ঞান এম.এচ.ছি.,D.Stat,Ph.D
৫১ শ্ৰী ৰাজকুমাৰ মিশ্ৰা জীৱবিজ্ঞান এম.এচ.ছি.,বি.এড.
৫২ শ্ৰীমতী মঞ্জুলা দত্ত ৰায় বৰুৱা জীৱবিজ্ঞান এম.এচ.ছি.
৫৩ শ্ৰী দীপক কলিতা জীৱবিজ্ঞান এম.এচ.ছি.
৫৪ শ্ৰী কুমুদ চন্দ্ৰ ৰাভা জীৱবিজ্ঞান এম.এচ.ছি.

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "Nalbari College". Nalbari.nic.in. 1945-07-04. http://www.nalbaricollege.org/about_us.php। আহৰণ কৰা হৈছে: 2013-02-24. 
  2. NAAC | url=http://www.nalbaricollege.org/naac.php | আহৰণ কৰা হৈছে=১৬ মে ২০২০
  3. "Nalbari College". Nalbari.nic.in. 1945-07-04. http://www.nalbaricollege.org/course_study.php। আহৰণ কৰা হৈছে: 2013-02-24.