মনোজ কুমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মনোজ কুমাৰ

মনোজ কুমাৰ
জন্ম হৰিকৃষ্ণণ গোস্বামী
২৪ জুলাই, ১৯৩৭ (৮৬ বছৰ)
এবোট্টাবাদ, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ, ব্ৰিটিছ ভাৰত
(বৰ্তমানৰ খাইবাৰ পাখটুনখ্বা, পাকিস্তান)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম ভাৰত কুমাৰ
পেচা
  • অভিনেতা
  • চলচ্চিত্ৰ পৰিচালক
  • চলচ্চিত্ৰ প্ৰযোজক
  • চিত্ৰনাট্য লেখক
  • গীতিকাৰ
  • সম্পাদক
  • ৰাজনীতিক
সক্ৰিয় হৈ থকা সময় ১৯৫৭-১৯৯৯
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী শশী গোস্বামী
সন্তান কুণাল গোস্বামীকে ধৰি ২জন

মনোজ কুমাৰ (ইংৰাজী: Manoj Kumar ; জন্ম: হৰিকৃষ্ণণ গোস্বামী; ২৪ জুলাই ১৯৩৭) হিন্দী চলচ্চিত্ৰৰ এজন অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, গীতিকাৰ আৰু সম্পাদক। তেওঁ দেশপ্ৰেমমূলক বিষয়বস্তুৰ ছবি নিৰ্মাণ আৰু অভিনয়ৰ বাবে পৰিচিত। তেওঁক ভাৰত কুমাৰ উপনামেৰে জনা যায়।[upper-alpha 1] কুমাৰে বিভিন্ন শাখাত এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সাতটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ভাৰতীয় চলচ্চিত্ৰ আৰু কলালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ভাৰত চৰকাৰে ১৯৯২ চনত পদ্মশ্ৰী আৰু ২০১৬ চনত দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

কুমাৰৰ ব্ৰিটিছ ভাৰতৰ উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশৰ এখন চহৰ এবটাবাদত (বৰ্তমানৰ খাইবাৰ পখতুনখ্বা, পাকিস্তান) এটা হিন্দু ব্ৰাহ্মণ[1] পৰিয়ালত জন্ম হৈছিল ।[2] তেওঁৰ জন্মৰ নাম হৰিকৃষণ গিৰি গোস্বামী। ১০ বছৰ বয়সত ভাৰত বিভাজনৰ বাবে তেওঁৰ পৰিয়াল জণ্ডিয়ালা শ্বেৰ খানৰ পৰা দিল্লীলৈ প্ৰব্ৰজন কৰে।[3] কুমাৰে ছবিত নিজৰ ভাগ্য পৰীক্ষা কৰাৰ পূৰ্বে হিন্দু কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। সৰুতে তেওঁ অভিনেতা দিলীপ কুমাৰ, অশোক কুমাৰ আৰু কামিনী কৌশলৰ অভিনয়ত মুগ্ধ হৈছিল আৰু ‘’শ্ববনম’’ ছবিৰ দিলীপ কুমাৰৰ চৰিত্ৰৰ নামেৰে নিজৰ নাম মনোজ কুমাৰ ৰখাৰ সিদ্ধান্ত লৈছিল।[2][4]

চলচ্চিত্ৰীয় জীৱন[সম্পাদনা কৰক]

১৯৫৭-১৯৬৪: আত্মপ্ৰকাশ আৰু উত্থান[সম্পাদনা কৰক]

ফেশ্বন ত (১৯৫৭) সামান্য লক্ষণীয় আত্মপ্ৰকাশৰ পিছত আৰু তাৰ পিছত চাহাৰা (১৯৫৮),চান্দ (১৯৫৯) আৰু হনিমুনৰ (১৯৬০) দৰে ছবিত মনত ৰাখিব নলগীয়া চৰিত্ৰত অভিনয় কৰাৰ পিছত তেওঁ কাঞ্চ কি গুড়িয়াত (১৯৬১) প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰে। ইয়াৰ পিছত পিয়া মিলন কী আচ (১৯৬১),সুহাগ সিন্দুৰ (১৯৬১),ৰেশমী ৰুমাল (১৯৬১) আদি ছবিত অভিনয় কৰিছিল, যিবোৰৰ বেছিভাগেই বিশেষ সাঁচ ৰাখি থৈ যাব পৰা নাছিল। প্ৰথম সফলতা আছে ১৯৬২ চনৰ বিজয় ভট্টৰ হাৰিয়ালি ঔৰ ৰাস্তা ছবিৰে, য’ত তেওঁৰ বিপৰীতে অভিনয় কৰিছিল মালা সিনহাই। ছবিখনে সমালোচকৰ প্ৰশংসা পাইছিল আৰু ব্যৱসায়িকভাৱে হিট হৈছিল।[5] ইয়াৰ পিছত ছাদি (১৯৬২),ড° বিদ্যা (১৯৬২) আৰু গৃহস্থী-এ (১৯৬৩) বক্স অফিচত মধ্যমীয়া সফলতা লাভ কৰে।[6] তেওঁ ৰাজ খোছলাৰ ১৯৬৪ চনৰ ৰহস্য থ্ৰিলাৰ ৱহ কৌন থি যোগে বিশেষ অগ্ৰগতি লাভ কৰিছিল । [7] ছবিখন ছুপাৰহিট হয়; ইয়াৰ কাৰণ ছবিখনৰ পানী নসৰকা চিত্ৰনাট্য আৰু লতা মংগেশকাৰৰ কণ্ঠৰ সুৰীয়া গীত যেনে- "লগ যা গলে" আৰু "নেইনা বৰষে ৰিমঝিম" বুলি কোৱা হয়।[7]

১৯৬৫-১৯৮১: তাৰকাত্ব[সম্পাদনা কৰক]

১৯৬৫ চনটো কুমাৰৰ বাবে এটা গুৰুত্বপূৰ্ণ বছৰ আছিল, কিয়নো এইটো বছৰতে তেওঁৰ তাৰকা হিচাপে উত্থানৰ সূচনা হৈছিল।[8] তেওঁৰ প্ৰথম মুক্তি আছিল স্বাধীনতা বিপ্লৱী ভগত সিঙৰ জীৱনৰ আধাৰত নিৰ্মিত দেশপ্ৰেমমূলক ড্ৰামা ছবি শ্বহীদ। ই সমালোচকৰ লগতে ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ পৰাও অতি ইতিবাচক সঁহাৰি লাভ কৰিছিল আৰু বক্স অফিচতো হিট হৈছিল।[9] ইয়াৰ পিছত ব্লকবাষ্টাৰ ছবি ৰোমান্টিক ড্ৰামা হিমালয় কি গোড মেঁ[10] তেওঁক এজন ভৰষাযোগ্য তাৰকা হিচাপে গঢ়ি তুলিছিল।[8] ডিচেম্বৰ মাহত কুমাৰে ৰহস্য থ্ৰিলাৰ গুমনামৰ জৰিয়তে আন এক ডাঙৰ সফলতা লাভ কৰে।[11] ১৯৬৬ চনতো তেওঁ সফলতাৰ ধাৰা অব্যাহত থাকে ৰাজ খোচলাৰ দো বদন ছবিৰ জৰিয়তে, য’ত তেওঁৰ সৈতে আশা পাৰেখে অভিনয় কৰিছিল। এই ছবিখন খোছলাৰ পৰিচালনা, কুমাৰৰ অভিনয় আৰু গীতিকাৰ চাকিল বাদাউনী ৰচিত গীতৰ বাবে স্মৰণ কৰা হয় (লগতে মহম্মদ ৰফীৰ কণ্ঠৰ “ৰহা গৰ্দিছোঁ মে” আৰু লতা মংগেশকাৰৰ কণ্ঠৰ ‘’লো আ গয়ী উনকী য়াদ” গীত দুটাৰ বাবেও)। [12] সেই বছৰ তেওঁ শক্তি সামন্তৰ সাৱন কী ঘাটাশৰ্মিলা ঠাকুৰৰ বিপৰীতে অভিনয় কৰি আন এক হিট ছবি আগবঢ়ায়।[13]

১৯৬৫ চনৰ ভাৰত-পাকিস্তানী যুদ্ধৰ পিছত প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে তেওঁক জনপ্ৰিয় শ্লোগান- “জয় জৱান জয় কিষান”ৰ আধাৰত এখন ছবি নিৰ্মাণ কৰিবলৈ কয়।[2][9] এনেকৈয়ে তেওঁ ১৯৬৭ চনৰ দেশপ্ৰেমমূলক ড্ৰামা উপকাৰৰ যোগেদি পৰিচালনাৰ ক্ষেত্ৰখনত প্ৰবেশ কৰে।[14] সেই বছৰ ছবিখনে বক্স অফিচৰ তালিকাত শীৰ্ষস্থান দখল কৰিছিল আৰু অল টাইম ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হৈছিল।[15] উপকাৰে সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু ইয়াৰ সংগীতো অতি সফল হয়, বিশেষকৈ গণৰাজ্য দিৱস আৰু ভাৰতৰ স্বাধীনতা দিৱসত বজোৱা "মেৰে দেশ কি ধৰতি" গীতটো। উপকাৰৰ যোগেদি তেওঁ দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে প্ৰথম ফিল্মফেয়াৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটাও আজুৰি আনে।[16][17] তেওঁৰ পৰৱৰ্তী মুক্তিপ্ৰাপ্ত ছবি পত্থৰো কে সনম পুনৰ ব্যৱসায়িকভাৱে বৃহৎ সফল হয় যদিও সাধনাৰ বিপৰীতে অভিনয় কৰা অনিতা ছবিখন ফ্লপ হয়।[18] ১৯৬৮ চনত তেওঁ ৰাজ কুমাৰ আৰু ৱাহিদা ৰহমানৰ সৈতে নীল কমল ছবিত অভিনয় কৰে।[19] সেই বছৰতে তেওঁ ৰহমানৰ সৈতে আদমীৰ বাবে পুনৰ মিলিত হয়, য'ত দিলীপ কুমাৰেও মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[20] নীল কমল বক্স অফিচত ছুপাৰহিট বুলি প্ৰমাণ কৰি ১৯৬৮ চনৰ তৃতীয় সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হৈছিল।[21] আদমীয়েও ভাল ব্যৱসায় কৰিছিল আৰু ই ছেমি-হিট হৈছিল।[22] ১৯৬৯ চনত ৰাজেশ খান্নাৰ উত্থান হয়, যিয়ে আৰাধনা আৰু দো ৰাস্তে নামৰ এখনৰ পিছত আনখন ব্লকবাষ্টাৰ ছবিৰে দেশত ধুমুহাৰ সৃষ্টি কৰিছিল।[23]খান্নাৰ উত্থানৰ ফলত বহুতো সুপ্ৰতিষ্ঠিত শিল্পীৰ কেৰিয়াৰৰ অৱনতি ঘটে, কিন্তু কুমাৰ আৰু ধৰ্মেন্দ্ৰ ৰাজেশ খান্না উন্মাদনাৰ দ্বাৰা প্ৰভাৱিত নহ'ল আৰু বিশাল হিট ছবি আগবঢ়াই থাকিল।[24] ১৯৬৯ চনত কুমাৰৰ একমাত্ৰ মুক্তিপ্ৰাপ্ত ছবি আছিল পাৰেখৰ সৈতে অভিনীত সাজন[25] ছবিখন হিট হৈছিল, আৰু সেই বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা ছবিসমূহৰ ভিতৰত দশম স্থানত আছিল।[26]

ৰাজনীতি[সম্পাদনা কৰক]

আন বহু বলীউডৰ তাৰকাৰ দৰে কুমাৰেও অৱসৰৰ পিছত ৰাজনীতিত নামিবলৈ সিদ্ধান্ত লয়। ২০০৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে তেওঁ আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।[27]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ২০১৬-ত ৬৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত মনোজ কুমাৰলৈ দাদাচাহেব ফাল্কে বঁটা আগবঢ়াইছে।
অসাৰিক সন্মান
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
ফিল্মফেয়াৰ বঁটা
  • ১৯৬৮
    • শ্ৰেষ্ঠ চলচ্চিত্ৰ- উপকাৰ
    • শ্ৰেষ্ঠ পৰিচালনা- উপকাৰ
    • শ্ৰেষ্ঠ কাহিনী- উপকাৰ
    • শ্ৰেষ্ঠ সংলাপ- উপকাৰ[31]
  • ১৯৭২
    • শ্ৰেষ্ঠ অভিনেতা- বে-ইমান
    • শ্ৰেষ্ঠ সম্পাদনা- শোৰ[32]
  • ১৯৯৯- জীৱনজোৰা কৃতিত্ব বঁটা[33]

তথ্যউৎস[সম্পাদনা কৰক]

টোকা[সম্পাদনা কৰক]

  1. Bharat is an alternative name for India.

উদ্ধৃতি[সম্পাদনা কৰক]

  1. "10 interesting facts about Manoj Kumar - Times of India". https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/10-interesting-facts-about-manoj-kumar/articleshow/21302138.cms. 
  2. 2.0 2.1 2.2 Verghis, Shana Maria (8 May 2011). "'I left behind a can of marbles in Abbotabad after Partition'". http://dailypioneer.com/336876/%E2%80%98I-left-behind-a-can-of-marbles-in-Abbotabad-after-Partition%E2%80%99.html. 
  3. Vijayakar, Rajiv. "A patriot at heart". DHNS. http://www.deccanherald.com/content/487441/a-patriot-heart.html. 
  4. "How Manoj Kumar got his name and whom does he thank for that?" (Hindi ভাষাত) (video). youtube.com. https://www.youtube.com/shorts/2EBrx1Q856I. 
  5. "Box Office 1962". Archived from the original on 14 October 2013. https://web.archive.org/web/20131014080632/http://www.boxofficeindia.com/showProd.php?itemCat=168&catName=MTk2Mg==। আহৰণ কৰা হৈছে: 20 October 2009. 
  6. BoxOffice India.com Archived 22 September 2012 at the Wayback Machine
  7. "Archived copy". Archived from the original on 3 November 2011. https://web.archive.org/web/20111103185138/http://www.boxofficeindia.co.in/worth-their-weight-in-gold/। আহৰণ কৰা হৈছে: 17 November 2015. 
  8. 8.0 8.1 "Top Actors". Box Office India. Archived from the original on 23 March 2008. https://web.archive.org/web/20080323030211/http://www.boxofficeindia.com/cpages.php?pageName=top_actors&PHPSESSID=7ad4adadd9d256d7d66d404f22e56d40। আহৰণ কৰা হৈছে: 24 April 2020. 
  9. 9.0 9.1 "Boxofficeindia.com". 2012-02-10. Archived from the original on 2013-10-23. https://web.archive.org/web/20131023101129/http://boxofficeindia.com/showProd.php?itemCat=171&catName=MTk2NQ==। আহৰণ কৰা হৈছে: 2020-11-02. 
  10. "Himalay Ki God Mein". https://www.rottentomatoes.com/m/himalay-ki-god-mein. 
  11. "Yodha Monday Box Office Collections". 19 March 2024. https://boxofficeindia.com/report-details.php?articleid=8384. 
  12. "From Dharmendra's Phool Aur Patthar To Manoj Kumar's Do Badan – Top Bollywood Box Office Grossers Of 1966". 8 May 1966. https://www.koimoi.com/box-office/highest-grossers/from-dharmendras-phool-aur-patthar-to-manoj-kumars-do-badan-top-bollywood-box-office-grossers-of-1966/. 
  13. "Worth Their Weight in Gold! - Box Office India : India's premier film trade magazine". Archived from the original on 3 November 2011. https://web.archive.org/web/20111103185138/http://www.boxofficeindia.co.in/worth-their-weight-in-gold/। আহৰণ কৰা হৈছে: 24 October 2015. 
  14. "Upkar — film born of churn in newly-Independent India gave Bollywood a hit formula". 15 August 2021. https://theprint.in/feature/upkar-film-born-of-churn-in-newly-independent-india-gave-bollywood-a-hit-formula/714560/. 
  15. "Sajid Nadiadwala Joins An Elite List With Kick". 7 August 2014. https://boxofficeindia.com/report-details.php?articleid=584. 
  16. The Times of India, Entertainment. "National Awards Winners 1967: Complete list of winners of National Awards 1967". timesofindia.indiatimes.com. Archived from the original on 24 March 2020. https://web.archive.org/web/20200324034914/https://timesofindia.indiatimes.com/entertainment/movie-awards/national-awards-winners/1967/108। আহৰণ কৰা হৈছে: 11 August 2021. 
  17. "Filmfare Awards Winners from 1953 to 2020". https://www.filmfare.com/awards/filmfare-awards/winners. 
  18. "From Dilip Kumar's Ram Aur Shyam To Manoj Kumar's Patthar Ke Sanam – Top Box Office Grossers Of 1967". 7 May 1967. https://www.koimoi.com/box-office/highest-grossers/from-dilip-kumars-ram-aur-shyam-to-manoj-kumars-patthar-ke-sanam-top-box-office-grossers-of-1967/. 
  19. Neel Kamal. indiancine.ma.
  20. "Aadmi (1968)". The Hindu. 18 March 2010. http://www.thehindu.com/arts/cinema/article257195.ece. 
  21. "From Dharmendra's Aankhen To Kishore Kumar's Padosan – Top Bollywood Box Office Grossers Of 1968". 6 May 1968. https://www.koimoi.com/box-office/highest-grossers/from-dharmendras-aankhen-to-kishore-kumars-padosan-top-bollywood-box-office-grossers-of-1968/. 
  22. "Aadmi (1968)". 18 March 2010. https://www.thehindu.com/features/cinema/Aadmi-1968/article16576648.ece. 
  23. "India's First Superstar – Retiring Room: Rajesh Khanna". MSN. 14 July 2010. Archived from the original on 18 July 2010. https://web.archive.org/web/20100718220056/http://entertainment.in.msn.com/gallery.aspx?cp-documentid=4155691&page=4। আহৰণ কৰা হৈছে: 21 September 2010. 
  24. "From artistes to brands". 23 February 2013. https://www.deccanherald.com/content/314356/from-artistes-brands.html. 
  25. Parekh, Asha and Mohammed, Khalid. The Hit Girl. New Delhi: Om Books International (2017), p. 130
  26. "Worth Their Weight in Gold! - Box Office India : India's premier film trade magazine". Archived from the original on 2011-11-03. https://web.archive.org/web/20111103185138/http://www.boxofficeindia.co.in/worth-their-weight-in-gold/। আহৰণ কৰা হৈছে: 2017-12-18. 
  27. "Manoj Kumar, Apra Mehta join BJP". www.rediff.com. https://www.rediff.com/election/2004/mar/08bjp.htm। আহৰণ কৰা হৈছে: 2019-03-26. 
  28. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: July 21, 2015. 
  29. "15th National Film Awards". Directorate of Film Festivals. http://dff.nic.in/images/Documents/100_15thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 2 September 2020. 
  30. Kumar, Anuj (2016-03-10). "Know your Bharat" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. http://www.thehindu.com/features/friday-review/know-your-bharat/article8337316.ece. 
  31. "Filmfare Awards Winners from 1953 to 2020". https://www.filmfare.com/awards/filmfare-awards/winners. 
  32. Reuben, Bunny (2005). ...and Pran: A Biography. HarperCollins and Living Media. পৃষ্ঠা. 265–267. ISBN 978-81-72234-66-9. 
  33. Bhatt, SC; Bhargava, Gopal K. (2006). Land and People of Indian States and Union Territories (in 36 Volumes). 16. Kalpaz Publications. পৃষ্ঠা. 685. ISBN 81-7835-372-5. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]