শ্যাম বেনেগাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্যাম বেনেগাল

মুম্বাইৰ নিজৰ কাৰ্যালয়ত বেনেগাল
জন্ম ১৪ ডিচেম্বৰ, ১৯৩৪ (৮৯ বছৰ)
তিৰুমংগলগিৰি, হায়দৰাবাদ ষ্টেট, বৃটিছ ভাৰত
(বৰ্তমান তেলেংগানাত)
পেচা চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্য লেখক
দাম্পত্যসঙ্গী নীৰা বেনেগাল
সন্তান
আত্মীয়-স্বজন গুৰু দত্ত (সম্বন্ধীয় ভাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি ১৯৭৯ পদ্মশ্ৰী
১৯৯১ পদ্মভূষণ
২০০৫ দাদাচাহেব ফাল্কে বঁটা
২০১৩ এ এন আৰ ৰাষ্ট্ৰীয় বঁটা
শ্যাম বেনেগাল
ৰাজ্যসভাৰ সাংসদ
কাৰ্যকাল
১৬ ফেব্ৰুৱাৰী ২০০৬ – ১৫ ফেব্ৰুৱাৰী ২০১২

শ্যাম বেনেগাল (ইংৰাজী: Shyam Benegal ; জন্ম: ১৪ ডিচেম্বৰ ১৯৩৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁক সমান্তৰাল চলচ্চিত্ৰৰ এজন অন্যতম পথ প্ৰদৰ্শক আৰু ১৯৭০-ৰ দশকৰ পৰৱৰ্তী কালৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে বহুলভাৱে গণ্য কৰা হয়।[1] তেওঁ আঠাইশটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা ফিল্মফেয়াৰ বঁটা আৰু এটা নন্দী বঁটাকে ধৰি বিভিন্ন বঁটা-বাহন লাভ কৰিছে। ২০০৫ চনত লাভ কৰে ভাৰতীয় চলচ্চিত্ৰ ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা। শিল্প-কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অন্যবদ্য বৰঙণিৰ বাবে ১৯৭৬ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু ১৯৯১ চনত তেওঁক তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ[2] প্ৰদান কৰে।

ফটোগ্ৰাফীৰ ক্ষেত্ৰখনৰ বিশিষ্ট ব্যক্তিত্ব শ্ৰীধৰ বি বেনেগালৰ হায়দৰাবাদৰ ঘৰত শ্যাম বেনেগালৰ জন্ম হৈছিল।[3] কপিৰাইটাৰ হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰা বেনেগালে ১৯৬২ চনত গুজৰাটী ভাষাত ঘেৰ বেঠা গংগা নামেৰে প্ৰথমখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। বেনেগালৰ প্ৰথম চাৰিখন পূৰ্ণদৈৰ্ঘ্য ছবি অংকুৰ (১৯৭৩), নিশান্ত (১৯৭৫), মন্থন (১৯৭৬) আৰু ভূমিকাই (১৯৭৭) তেওঁক সেই সময়ৰ নতুন ঢৌৰ চলচ্চিত্ৰ আন্দোলনৰ পথ প্ৰদৰ্শক কৰি তুলিছিল।[4] বেনেগালৰ মুছলমান মহিলা ত্ৰিল’জী ছবি- মাম্মো (১৯৯৪), চৰ্দাৰী বেগম (১৯৯৬) আৰু জুবেইদাই (২০০১) হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[5] বেনেগালে ৭বাৰ হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণগৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। ২০১৮ চনত তেওঁক ‘ভি শান্তাৰাম জীৱনজোৰা সাধনা বঁটা’ৰে সন্মানিত কৰা হৈছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৩৪ চনৰ ১৪ ডিচেম্বৰত হায়দৰাবাদৰ কোংকণীভাষী[6] চিত্ৰপুৰ সাৰস্বত ব্ৰাহ্মণ পৰিয়ালত[7] শ্যাম সুন্দৰ বেনেগাল নামেৰে তেওঁৰ জন্ম হয়।[6] তেওঁৰ পিতৃ কৰ্ণাটকৰ পৰা আহিছিল।[7] তেওঁৰ ফটোগ্ৰাফাৰ পিতৃ শ্ৰীধৰ বি বেনেগালে দিয়া কেমেৰাৰে বাৰ বছৰ বয়সত তেওঁ প্ৰথমখন ছবি নিৰ্মাণ কৰিছিল। হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ উপাধি লয়।[8] তাতেই তেওঁ হায়দৰাবাদ ফিল্ম ছ’চাইটি প্ৰতিষ্ঠা কৰে।

চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা গুৰু দত্তৰ মাকৰ ফালৰ পৰা আইতাক আৰু বেনেগালৰ দেউতাকৰ ফালৰ আইতাক বাই-ভনী আছিল,। সেয়েহে দত্ত বেনেগালৰ সম্বন্ধীয় ভাতৃ।[9]

কৰ্মজীৱন[সম্পাদনা কৰক]

প্ৰাৰম্ভিক কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৫৯ চনত তেওঁ মুম্বাইস্থিত লিন্টাছ এডভাৰটাইজিং নামৰ এটা বিজ্ঞাপন সংস্থাত কপিৰাইটাৰ হিচাপে কামত সোমায় আৰু তাৰ পৰাই ক্ৰমাগত উত্থান ঘটি ক্ৰিয়েটিভ হেড হয়। ১৯৬২ চনত তেওঁ গুজৰাটী ভাষাত তেওঁৰ প্ৰথমখন তথ্যচিত্ৰ ঘেৰ বেথা গংগা নিৰ্মাণ কৰে। চিত্ৰনাট্য ৰচনাৰ কামত সোমোৱাৰ পিছত তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবিখন নিৰ্মাণ কৰিবলৈ আৰু এটা দশক অপেক্ষা কৰিবলগীয়া হৈছিল।[8]

১৯৬৩ চনত তেওঁ এ এছ পি (Advertising, Sales and Promotion) নামৰ আন এটা বিজ্ঞাপন সংস্থাত কিছুদিনৰ বাবে কাম কৰে। বিজ্ঞাপনৰ সৈতে জড়িত থকা সময়চোৱাত তেওঁ ৯০০ৰো অধিক স্পনছৰ্ড তথ্যচিত্ৰ আৰু বিজ্ঞাপন ছবি পৰিচালনা কৰিছিল।

১৯৬৬ চনৰ পৰা ১৯৭৩ চনৰ ভিতৰত বেনেগালে পুনেৰ ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটত অধ্যাপনা কৰিছিল আৰু ১৯৮০–৮৩ আৰু ১৯৮৯–৯২ বৰ্ষত দুবাৰকৈ প্ৰতিষ্ঠানটোৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইতিমধ্যে তেওঁ তথ্যচিত্ৰ নিৰ্মাণ আৰম্ভ কৰিছে। তেওঁৰ প্ৰাৰম্ভিক তথ্যচিত্ৰসমূহৰ অন্যতম এ চাইল্ড অৱ দ্য ষ্ট্ৰীটছয়ে (১৯৬৭) বহুল প্ৰশংসা লাভ কৰে।[9] তেওঁ ৭০খনতকৈও অধিক তথ্যচিত্ৰ আৰু চুটিছবি নিৰ্মাণ কৰিছে।[10]

চলচ্চিত্ৰীয় জীৱন[সম্পাদনা কৰক]

মুম্বাইলৈ উভতি অহাৰ পিছত তেওঁ স্বতন্ত্ৰ বিত্তীয় সাহায্য লাভ কৰে আৰু অৱশেষত ১৯৭৩ চনত অংকুৰ নিৰ্মিত হয়। এয়া আছিল তেওঁৰ গৃহ ৰাজ্য তেলেংগানাৰ অৰ্থনৈতিক আৰু যৌন শোষণৰ বাস্তৱভিত্তিক এখন ছবি, যিখনে তেওঁলৈ খ্যাতি কঢ়িয়াই আনিছিল আৰু ই ১৯৭৫ চনত সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। অংকুৰত কৰা অভিনয়ৰ বাবে শ্বাবানা আজমীয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু এইখন আছিল তেওঁৰ প্ৰথম ছবি।

১৯৭০-ৰ দশক আৰু ১৯৮০-ৰ দশকৰ আৰম্ভণিতে নতুন ধাৰাৰ ভাৰতীয় চলচ্চিত্ৰই যি সফলতা অৰ্জন কৰিছিল, তাত শ্যাম বেনেগালৰ চাৰিখন ছবি- অংকুৰ (১৯৭৩), নিশান্ত (১৯৭৫), মন্থন (১৯৭৬) আৰু ভূমিকাৰ (১৯৭৭) বহুলাংশে অংশীদাৰিত্ব আছিল। বেনেগালে মূলতঃ এফ টি আই আই আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ওলোৱা নতুন অভিনেতাক, যেনে নাছিৰুদ্দিন শ্বাহ, ওম পুৰী, স্মিতা পাটিল, শ্বাবানা আজমী, কুলভূষণ খাৰবান্দা আৰু অমৰীশ পুৰী সুযোগ দিছিল। . বেনেগালৰ পৰৱৰ্তী ছবি নিশান্তত (১৯৭৫) এগৰাকী শিক্ষকৰ পত্নীক চাৰিজন জমিদাৰে অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰে; কিন্তু প্ৰশাসনযন্ত্ৰই স্বামীৰ কোনো আৰ্জি নুশুনে। মন্থন (১৯৭৬) গ্ৰাম্য সবলীকৰণৰ ওপৰত নিৰ্মিত ছবি আৰু গুজৰাটৰ নৱজাত দুগ্ধ উদ্যোগৰ পটভূমিত নিৰ্মিত। গুজৰাটৰ পাঁচ লাখতকৈ অধিক[11] কৃষকে ২ টকাকৈ আগবঢ়োৱা বৰঙণিৰে ছবিখন প্ৰযোজনা কৰা হৈছিল। মুক্তিৰ পিছতে ট্ৰাকত কৃষকসকলে "তেওঁলোকৰ" ছবিখন চাবলৈ আহিছিল, যাৰ ফলত ই বক্স অফিচত সফল হয়।[12] গ্ৰামীণ নিস্পেষণৰ এই ত্ৰিলজীৰ পিছত বেনেগালে ১৯৪০ চনৰ এক আড়ম্বৰপূৰ্ণ আৰু অগতানুগতিক জীৱন কটোৱা, সুপৰিচিত মাৰাঠী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী হন্সা ৱাডকাৰৰ জীৱনৰ ওপৰত আধাৰিত এখন বায়’পিক ছবি ভূমিকা (১৯৭৭) নিৰ্মাণ কৰে। স্মিতা পাটিলে অভিনয় কৰা মূল চৰিত্ৰটোৱে আত্মপৰিচয় আৰু পৰিপূৰ্ণতাৰ সন্ধান কৰিছে, লগতে পুৰুষৰ শোষণৰ সৈতেও যুঁজিছে।[13]

১৯৭০-ৰ দশকৰ আৰম্ভণিতে বেনেগানে ইউনিচেফৰ পৃষ্ঠপোষকতাত চেটেলাইট ইনষ্ট্ৰাকচনেল টেলিভিছন এক্সপেৰিমেণ্টৰ (SITE) বাবে ২১টা চলচ্চিত্ৰ মডিউল নিৰ্মাণ কৰিছিল। ইয়াৰ ফলত তেওঁ বহুতো শিশু আৰু লোকশিল্পীৰ সৈতে মত বিনিময়ৰ সুবিধা পাইছিল। অৱশেষত তেওঁ ১৯৭৫ চনত লোককথাৰ আধাৰত নিৰ্মিত চৰণদাস চোৰ ছবিত এই শিশুসকলৰ বহুতকে ব্যৱহাৰ কৰিছিল।

বঁটা-বাহন[সম্পাদনা কৰক]

অসামৰিক সন্মান
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (অনা-কাহিনী চলচ্চিত্ৰ)
  • ১৯৮৪: শ্ৰেষ্ঠ ঐতিহাসিক পুনৰ্গঠন/সংকলন চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- নেহৰু
  • ১৯৮৫: শ্ৰেষ্ঠ জীৱনীমূলক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- সত্যজিত ৰায়
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ)
  • ১৯৭৫, ২০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- অংকুৰ
  • ১৯৭৬, ২১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- নিশান্ত
  • ১৯৭৭, ২২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- মন্থন
  • ১৯৭৮, ২৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ চিত্ৰনাট্য- ভূমিকা
  • ১৯৭৯, ২৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- জুনুন
  • ১৯৮২, ২৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- আৰোহন
  • ১৯৮৬: শ্ৰেষ্ঠ পৰিচালক- ত্ৰিকাল
  • ১৯৯৩: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- সুৰজ কা সাতৱা ঘোঁৰা
  • ১৯৯৫: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- মাম্মো
  • ১৯৯৬: ইংৰাজী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- দ্য মেকিং অফ মহাত্মা
  • ১৯৯৭: উৰ্দু ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- চৰ্দাৰী বেগম
  • ১৯৯৯: সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- সমৰ
  • ১৯৯৯: পৰিয়াল কল্যাণ শিতানত শ্ৰেষ্ঠ ছবি- হৰিভাই
  • ২০০১: হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি- জুবেইদা
  • ২০০৫: দাদাচাহেব ফাল্কে বঁটা
  • ২০০৫: ৰাষ্ট্ৰীয় সংহতিৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বাবে নাৰ্গিছ দত্ত বঁটা- নেতাজী সুভাষ চন্দ্ৰ বোস: দ্য ফৰগটেন হিৰো
  • ২০০৯, ৫৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: অন্যান্য সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- ৱেলডান আব্বা
ফিল্মফেয়াৰ বঁটা
মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • ১৯৮১, ১২তম মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ: গোল্ডন প্ৰাইজ- কলয়ুগ[14]

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

  • Benegal on Ray: Satyajit Ray, a Film, by Shyam Benegal, Alaknanda Datta, Samik Banerjee. Seagull Books, 1988. আই.এচ.বি.এন. 81-7046-021-2.
  • Shyam Benegal's the Churning (Manthan): Screenplay, by, Vijay Tendulkar, Shyam Benegal, Samik Banerjee. Seagull Books, 1984. আই.এচ.বি.এন. 0-86132-070-0.

তথ্যউৎস[সম্পাদনা কৰক]

  1. "Shyam-e-ghazal". 29 January 2006. https://m.tribuneindia.com/2006/20060129/spectrum/main4.htm. 
  2. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 
  3. Rathor, Swati (26 January 2018). "Picture perfect: A 'flash' from the past, but 'focus' on future". The Time of India. https://timesofindia.indiatimes.com/business/india-business/picture-perfect-a-flash-from-the-past-but-focus-on-future/articleshow/62666517.cms। আহৰণ কৰা হৈছে: 14 September 2021. 
  4. "Google". www.google.com. http://www.google.com/। আহৰণ কৰা হৈছে: 5 January 2020. 
  5. Hudson, Dale (9 October 2012). "NYUAD Hosts Shyam Benegal Retrospective". New York University Abu Dhabi. https://nyuad.nyu.edu/en/news/latest-news/arts-and-culture/2012/october/nyuad-hosts-shyam-benegal-retrospective.html। আহৰণ কৰা হৈছে: 14 September 2021. 
  6. "Shyam Benegal" (en ভাষাত). Encyclopedia Britannica. https://www.britannica.com/biography/Shyam-Benegal। আহৰণ কৰা হৈছে: 5 March 2023. "Benegal’s father was a professional photographer originally from Karnataka, and, as a result, Benegal grew up speaking mostly Konkani and English." 
  7. "'Book'ed for a cause". The Times of India. 15 October 2008. http://timesofindia.indiatimes.com/Goa/Booked_for_a_cause/articleshow/3595496.cms। আহৰণ কৰা হৈছে: 1 August 2012. 
  8. 8.0 8.1 Shyam Benegal at ucla.net South Asia Studies, University of California, Los Angeles.
  9. 9.0 9.1 "Google". www.google.com. http://www.google.com/। আহৰণ কৰা হৈছে: 5 January 2020. 
  10. সাঁচ:Usurped The Hindu, 17 January 2003.
  11. NDTV movies Archived 29 September 2007 at the Wayback Machine NDTV.
  12. ""In search of Shyam Benegal," LA Weekly, 29 August 2007". http://www.laweekly.com/film+tv/film/in-search-of-shyam-benegal/17126/। আহৰণ কৰা হৈছে: 5 January 2020. 
  13. "Shyam Benegal - Director - Films as Director:, Publications". www.filmreference.com. http://www.filmreference.com/Directors-Be-Bu/Benegal-Shyam.html। আহৰণ কৰা হৈছে: 5 January 2020. 
  14. "12th Moscow International Film Festival (1981)". MIFF. http://www.moscowfilmfestival.ru/miff34/eng/archives/?year=1981। আহৰণ কৰা হৈছে: 27 January 2013. 

অধিক জানিবলৈ পঢ়ক[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]