মাৰাট লংৰি অভয়াৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰাট লংৰি অভয়াৰণ্য (Marat Longri Wildlife Sanctuary
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
মানচিত্ৰত মাৰাট লংৰি অভয়াৰণ্য (Marat Longri Wildlife Sanctuaryৰ অৱস্থিতি
অৱস্থান অসম, ভাৰত
নিকটতম চহৰ কাৰ্বি আংলং
মাটিকালি ৪৫১ sq. km[1]
কৰ্তৃপক্ষ অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগ


মাৰাট লংৰি অভয়াৰণ্য (ইংৰাজী: Marat Longri Wildlife Sanctuary) অসমকাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত। ধনশিৰি-লাংডিং হস্তী প্ৰকল্পৰ ই এক উল্লেখযোগ্য অংশ। ডিফুৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত অৱস্থিত মৰাট লংৰি বন্যপ্ৰাণী অভয়াৰণ্য প্ৰায় ৪৫১ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত। এই সংৰক্ষিত বনাঞ্চলখন ২০০৩ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়।

ভৌগিলিক বিৱৰণ[সম্পাদনা কৰক]

মাৰাট লংৰি অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৪৫১ বৰ্গকিলোমিটাৰ। ই ডিফু ৰেলৱে ষ্টেচনৰ পৰা মাথোঁ ৮ কিমি দুৰত্বত অৱস্থিত।[2]

জলবায়ু[সম্পাদনা কৰক]

শীত কালত উষ্ণত ৬°চে ৰ পৰা ১২ °চে আৰু গ্ৰীষ্ম কালত ২৩ °চে ৰ পৰা ৩২ °চে লৈ হয়। গড় বাৰ্ষিক বৃষ্টিপাত ২৪১৬ মিমি।[3]

জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]

উদ্ভিদ:

প্ৰাণী: হাতী, ঢেঁকীয়াপতীয়া বাঘ, বনৰীয়া মেকুৰী, কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি ইত্যাদি।[4]

চৰাই-চিৰিকটি: হাড়গিলা, পাটিশগুণ, বৰটোকোলা, হাইঠা ইত্যাদি।

সৰীসৃপ: ফেঁটীসাপ, পাইথন, কাছ ইত্যাদি।[5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]