মীমাংসা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মীমাংসা
( The Verdict...)

চলচ্চিত্ৰখনৰ এটা স্ক্ৰীনশ্বট
পৰিচালক সঞ্জীৱ হাজৰিকা
ৰচনা ৰঞ্জিত শৰ্মা
কাহিনী জয় পৰাজয় গল্পৰ আধাৰত
প্ৰযোজক জয়ন্ত হাজৰিকা,
মহাদেৱ বৰকটকী
অভিনয়ত ইন্দ্ৰ বণিয়া
বিদ্যুৎ চক্ৰৱৰ্তী
মনামী বেজবৰুৱা
ৰেণু বৰুৱা
চিত্ৰগ্ৰহণকাৰী মৃণাল কান্তি দাস
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক শ্বেৰ চৌধুৰী
মুক্তি
১৯৯৮,
২৩ ফেব্ৰুৱাৰী ১৯৯৭ (দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমত)
দৈৰ্ঘ্য
১২২ মিনিট
দেশ  ভাৰত
ভাষা অসমীয়া

মীমাংসা (ইংৰাজী: Mimanxa, The Verdict...) হৈছে সঞ্জীৱ হাজৰিকাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰনিৰ্মালী আৰ্টছৰ বেনাৰত নিৰ্মাণ সম্পন্ন হোৱা ছবিখন ১৯৯৪ চনত ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হৈছিল। ছবিখনৰ কাহিনী লিখিছিল সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে। ছবিখনে ১৯৯৮ চনত মুক্তি লাভ কৰে। আনহাতে ১৯৯৭ চনৰ ২৩ ফেব্ৰুৱাৰীত ছবিখন দূৰদৰ্শনযোগে সম্প্ৰচাৰিত হয়। [1]

কাহিনী[সম্পাদনা কৰক]

ছবিৰ কাহিনী সুশীলা নামৰ এগৰাকী অশিক্ষিত বিধৱাৰ। গাঁৱৰ ধনী মানুহ হৰেকৃষ্ণ বৰুৱাই তেওঁক নিৰ্যাতন কৰাৰ প্ৰতিবাদকল্পে সুশীলাই নিম্ন আদালতত এটা গোচৰ তৰে। কিন্তু ভাৰতীয় আইনী ব্যৱস্থাৰ জটিলতাই সুশীলাক বিভ্ৰান্ত কৰে। ইপিনে প্ৰতিশোধ লোৱাৰ মানসেৰে নিৰ্যাতনকাৰী হৰেকৃষ্ণ বৰুৱাইও সুশীলাৰ বিৰুদ্ধে গোচৰ তৰে আৰু উপায়ন্তৰ হৈ সুশীলাই জামিন বিচাৰিবলৈ বাধ্য হয়। কিন্তু সুশীলাক জামিনত মোকলাই অনা ব্যক্তিজনে তেওঁক শাৰীৰিকভাৱে নিৰ্যাতন কৰে আৰু কৰ্তৃত্ব চলোৱাৰ অপচেষ্টা কৰে। পিছে সুশীলাই নিজৰ সাহস আৰু দৃঢ়তা প্ৰদৰ্শন কৰি নিজাববীয়া যুঁজ চলাই যায়; যিখন যুঁজত হৰেকৃষ্ণ বৰুৱাৰ লগত থকা বিক্ৰম নামৰ যুৱকজনৰ লগত আন একাংশ ভাল মানুহেও সহায় কৰিবলৈ ওলাই আহে। [1]

অভিনয়-শিল্পী[সম্পাদনা কৰক]

ছবিখনত অভিনয় কৰা কেইগৰাকীমান শিল্পী হৈছে-

অন্যান্য কলা-কুশলী[সম্পাদনা কৰক]

  • বেনাৰ- নিৰ্মালী আৰ্টছ
  • কাহিনী- নিৰুপমা বৰগোহাঞি
  • পৰিচালনা- সঞ্জীৱ হাজৰিকা
  • প্ৰযোজনা- জয়ন্ত হাজৰিকা, মহাদেৱ বৰকটকী
  • চিত্ৰনাট্য, সংলাপ- ৰঞ্জিত শৰ্মা
  • সংগীত- শ্বেৰ চৌধুৰী
  • সম্পাদনা- এ শ্ৰীকৰ প্ৰসাদ
  • চিত্ৰগ্ৰহণ- মৃণাল কান্তি দাস
  • শব্দগ্ৰহণ- কৌশিক নাথ, তৰুণ বৰা
  • কলা নিৰ্দেশনা- ফটিক বৰুৱা

সন্মান[সম্পাদনা কৰক]

ছবিখন ১৯৯৪ চনৰ ভাৰতীয় পেনোৰামাৰ কাহিনীচিত্ৰ শাখালৈ নিৰ্বাচিত হৈছিল।[2]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 দাস, অৰুণলোচন (নৱেম্বৰ, ২০১৩). এশ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. প্ৰকাশক গুৱাহাটী: শিশু-শশী প্ৰকাশন. পৃষ্ঠা. ৪১৭, ৪১৮. 
  2. https://docs.google.com/spreadsheets/d/1cLKgr_S6HVny5viqtpfSCAkSk5dgzwua2G5SreiJLdI/edit#gid=0