অধিবৰ্ষ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
(লীপ ইয়েৰ ৰ পৰা পুনঃনিৰ্দেশিত)

অধিবৰ্ষ বা লিপ ইয়েৰ হৈছে পঞ্জিকাৰ এটা অতিৰিক্ত দিন৷ যি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আহে৷ জ্যোতিৰ্বিজ্ঞানৰ মতে, জাৰকালি বা জহকালি যিয়েই নহওক এটা দিনত ২৪ ঘণ্টাই থাকে৷ সেইদৰে ৩৬৫ দিনত এবছৰ হয়৷ কিন্তু প্ৰকৃততে পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণৰূপে এবাৰ প্ৰদক্ষিণ কৰিবলৈ ৩৬৫ দিনঘণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড সময় লাগে৷ গতিকে ৩৬৫ দিনীয়া এটা বছৰত ৫ ঘ্ণ্টা ৪৯ মিনিট ১২ ছেকেণ্ড ৰাহি হৈ গৈ থাকে৷ এইদৰে চাৰিটা বছৰৰ মূৰত সম্পূৰ্ণ এটা দিন অতিৰিক্তভাৱে ওলাই আহে৷ গতিকে যিটো বছৰত এই অতিৰিক্ত দিনটো সংযোগ হয় তাক অধিবৰ্ষ বোলা হয়৷[1]

২০১২ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত লিপ ইয়েৰ দেখুওৱা এখন কেলেণ্ডাৰৰ দৃশ্য

সূচী

[সম্পাদনা কৰক] গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ

বিশ্বৰ আটাইতকৈ মান্য কেলেণ্ডাৰ গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰ অনুসৰি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে লিপ ইয়েৰ হয়৷ এই অধিবৰ্ষত ফেব্ৰুৱাৰী মাহটোত ২৮ দিনৰ বিপৰীতে এটা অতিৰিক্ত দিন সংযোগ কৰি ২৯ দিন কৰা হয়৷[2]

[সম্পাদনা কৰক] জন্মদিন

যিসকল মানুহে এই দিনটোত জন্মগ্ৰহন কৰে, সেইসকল ইংৰাজীত "leapling" বা "leaper" বুলি কোৱা হয়৷[3] তেখেতসকলে এই জন্মদিনটো চাৰিবছৰৰ পাছতহে পুনৰ পালন কৰিব পাৰে, সেইদিশৰ পৰা চালে এই দিনত জন্ম হোৱা মানুহৰ প্ৰতি চাৰি বছৰৰ পাছতহে এটা জন্মদিন আহে| আনহাতে কিছুমানে এই অসুবিধাৰ বাবে ২৮ ফেব্ৰুৱাৰী নাইবা ১ মাৰ্চত নিজৰ জন্মদিন পালন কৰে৷

এই দিনটোত জন্মগ্ৰহন কৰা কেইজনমান বিখ্যাত ব্যক্তিৰ নাম:-

  1. মোৰাৰজী দেশাই :- ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী৷


[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. [1] আজিৰ দৈনিক বাতৰি, সংগ্ৰহৰ সময়- ২৯ ফেব্ৰুৱাৰী ২০১২
  2. [2] Leap Year Explained, সংগ্ৰহৰ সময়- ২৯ ফেব্ৰুৱাৰী ২০১২
  3. Hall, C. (February 29, 2008). Leap year babies hop through hoops of joy, pain of novelty birthday. Detroit Free Press. Retrieved February 29, 2008.[সংযোগবিহীন উৎস]

[সম্পাদনা কৰক] বাহ্যিক সংযোগ


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত