আঠমঙলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আঠমঙলা অনুষ্ঠানৰ পৰা পুনঃনিৰ্দেশিত)

আঠমঙলা হৈছে অসমীয়া সংস্কৃতিত বিবাহৰ লগত জড়িত এটা বিশেষ অনুষ্ঠান। সাধাৰণতে বিয়াৰ আঠদিনৰ দিনা দৰাক শহুৰেকৰ ঘৰলৈ খাবলৈ নিমন্ত্ৰণ জনোৱা পৰম্পৰাকে আঠমঙলা বুলি কোৱা হয়।

শব্দৰ উৎস[সম্পাদনা কৰক]

সংস্কৃত অষ্টমংগল শব্দৰপৰা আঠমঙলা শব্দটো অহা।[1]

আনুষ্ঠানিকতা[সম্পাদনা কৰক]

অৱশ্যে বিয়া হোৱা মাহটোৰ সংক্ৰান্তি ৩-৪ দিনত পৰিলে সেই ৩-৪ দিনৰ ভিতৰতে আঠমঙলা অনুষ্ঠান পাতিব লাগে। দৰা, দৰাৰ সখি আৰু অনুজ এজন বা তিনিজন কইনাঘৰলৈ যোৱা নিয়ম। সাধাৰণতে দৰাতকৈ জ্যেষ্ঠজন আঠমঙলালৈ নাযায়। যাব লগা হ'লেও দৰা গৈ পোৱাৰ আগতে তেনেজনে কন্যা ঘৰত খাই-বৈ আহে (অঞ্চল বিশেষে)। দৰা আৰু তেওঁৰ লগত যোৱা কেইজনক কইনাঘৰে পোনতে বিভিন্ন পিঠা-লাড়ু আৰু জলপান খুৱায়। দ্বিতীয়বাৰ আঠখন আঞ্জাৰে ভাত আৰু পায়স খাবলৈ দি তৃতীয়বাৰ লঘু আহাৰ আগবঢ়ায়। কোনো কোনো অঞ্চলত দৰা গৈ পদূলিমুখ পাওঁতে পুনৰ্বাৰ আমন্ত্ৰণ জনাই আনি তৃতীয়বাৰৰ লঘু আহাৰ খাবলৈ দিয়ে। বিয়া নোহোৱা খুলশালী ছোৱালীহঁতে নতুন ভিনদেউক পিঠা-লাডু খুওৱা কালত বিভিন্ন ধৰণৰ নিৰ্দোষ ৰংৰহইচ কৰাটো এটা দস্তুৰ। আঠমঙলাত তিতা-টেঙা দিয়া নিষেধ। সিয়ে শহুৰ-জোঁৱাইৰ সম্পৰ্ক টেঙা-তিতা কৰিব পাৰে বুলি এটি লোকবিশ্বাস আছে।[1]

আঠমঙলাৰ বিভিন্ন ৰূপ[সম্পাদনা কৰক]

নামনি অসম

নামনি অসমত আঠমঙলাক 'নিয়াতা দিয়া' (সং-নিমন্ত্ৰণ) বা নেওতা খুওৱা বোলা হয়।

চাহ জনগোষ্ঠী

চাহ জনগোষ্ঠীৰ মাজত বিয়াৰ আঠদিনৰ দিনা দৰা-কইনাই মাকৰ ঘৰলৈ গৈ আঠমঙলা খোৱাৰ নিয়ম। আঠমঙলাৰ সময়ত কিছু মানুহে কইনাক এমাহ বা তিনিমাহ পৰ্যন্ত দৰাৰ পৰা আঁতৰাই ৰাখে। ইয়াক ‘সংগ ছাড়া’ বুলি কোৱা হয়। চাহ জনগোষ্ঠী সমাজত জাতি বিশেষে বিভিন্ন নীতি-নিয়ম পালন কৰা দেখা যায়।[2]

ইতিহাস[সম্পাদনা কৰক]

অসমত আঠমঙলা খুওৱাটো এটা পুৰণি প্ৰথা। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্ব সিংহৰ পিতৃ হৰিদাসে আঠমঙলা অনুষ্ঠান পতা বুলি জনা যায়।[উদ্ধৃতিৰ প্ৰয়োজন]

অসমীয়া সাহিত্যত আঠমঙলা[সম্পাদনা কৰক]

১৮৯২ চনত প্ৰকাশিত 'The Marriage System of the People of Assam' গ্ৰন্থত হেমচন্দ্ৰ বৰুৱাই আঠমঙলাৰ সবিশেষ উল্লেখ কৰিছে।[3] মিত্ৰদেৱ মহন্তৰ 'কুকুৰীকণাৰ আঠমঙলা' এখনি উল্লেখযোগ্য প্ৰহসন।

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 ৰাজবংশী, ড॰ পৰমানন্দ ‍(সম্পাদক). অসমৰ সংস্কৃতি-কোষ. অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়. ISBN 9789381485736. 
  2. তাঁতী, নিৰুপমা. "চাহ জনগোষ্ঠীৰ বিবাহ অনুষ্ঠান". https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/99a9be9b9-99c9a89979b79cd9a09c09f0-9ac9bf9ac9be9b9-9859a89c19b79cd9a09be9a8। আহৰণ কৰা হৈছে: 12 মে' 2021. 
  3. The Marriage System of the People of Assam. Baruah, Hemchandra.