পি জয়ৰাজ
পাইদী জয়ৰাজ | |
---|---|
জন্ম | ২৮ ছেপ্টেম্বৰ, ১৯০৯ ছিৰছিলা, হায়দৰাবাদ ষ্টেট, বৃটিছ ভাৰত (বৰ্তমানৰ তেলেংগানা)[1] |
মৃত্যু | ১১ আগষ্ট, ২০০০ (৯০ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ |
শিক্ষানুষ্ঠান | নিজাম কলেজ |
সক্ৰিয় হৈ থকা সময় | ১৯২৯-১৯৯৫ |
দাম্পত্যসঙ্গী | সাবিত্ৰী (বি. ১৯৪০) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | দাদা চাহেব ফাল্কে বঁটা (১৯৮০) |
পাইদী জয়ৰাজ (ইংৰাজী: Paidi Jairaj ; জন্ম ২৮ ছেপ্টেম্বৰ ১৯০৯ – ১১ আগষ্ট ২০০০) এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু প্ৰযোজক, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰৰ বাবে বিশেষভাবে পৰিচিত। তেওঁ মাৰাঠী, গুজৰাটী, তেলেগু ভাষাৰ চলচ্চিত্ৰ আৰু তেলেগু থিয়েটাৰৰ সৈতেও জড়িত আছিল। [2] টকী বা সবাক চলচ্চিত্ৰৰ আগমণৰ সময়তে ১৯৩১ চনত তেওঁ উৰ্দু আৰু ইংৰাজী ভাষাত নিৰ্মিত চিকাৰী ছবিখনেৰে টকীত অভিনয় জীৱন আৰম্ভ কৰে। পৰৱৰ্তী সময়ত ভি শান্তাৰাম, অশোক কুমাৰ, পৃথ্বীৰাজ কাপুৰ, মতিলাল আদিৰ সৈতে প্ৰায় দুটা দশক ধৰি তেওঁ অন্যতম আগশাৰীৰ অভিনেতা হিচাপে পৰিগণিত হয়। প্ৰায় ১৭০ খন পূৰ্ণদৈৰ্ঘ্য ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰে। তেওঁ মোহৰ, মালা (১৯৪৩),প্ৰতিমা, ৰাজঘৰ, সাগৰ (১৯৫১) আদি কেইখনমান ছবি পৰিচালনা কৰিছিল, যি কেইখনৰ প্ৰযোজকো তেৱেঁ আছিল। ১৯৮০ চনত তেওঁলৈ ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা- দাদাচাহেব ফাল্কে বঁটা আগবঢ়োৱা হয়। [3] [4]
কৰ্মজীৱন
[সম্পাদনা কৰক]নিজাম কলেজত স্নাতক মহলাত অধ্যয়ন কৰি থকাৰ সময়ততে জয়ৰাজৰ থিয়েটাৰ আৰু চলচ্চিত্ৰৰ প্ৰতি আগ্ৰহ জন্মে আৰু ১৯২৯ চনত বম্বেলৈ ৰাওনা হয়।[5] ১৯২৯ চনত ষ্টাৰ ক্লিং ইউথ নামৰ নিৰ্বাক ছবিখনৰ জৰিয়তে তেওঁ অভিনয় জগতত আত্মপ্ৰকাশ কৰে। তাৰ পিছত তেওঁ ট্ৰাইএংগল অৱ লাভ, মাথ্ৰু ভূমি, অল ফৰ লাভাৰ, মহাসাগৰ মোথি, ফ্লাইট ইনটু ডেথ, মাই হিৰো আদি প্ৰায় এঘাৰখন নিৰ্বাক ছবিত অভিনয় কৰে।[2][3]
বাচকবনীয়া ছবিৰ ভিতৰত তেওঁ অমৰ সিং ৰাথোৰ (১৯৫৭), পৃথ্বীৰাজ চৌহান ৯১৯৫৯), আৰু মহাৰাণা প্ৰতাপৰ (১৯৬০) চৰিত্ৰত অভিনয় কৰিছিল। শ্বাহজাহান (১৯৪৭),টিপু চুলতান (১৯৫৯) আৰু হাইদৰ আলীৰ (১৯৬২) চৰিত্ৰতো তেওঁ অভিনয় কৰিছিল। বিশিষ্ট অভিনয় কৰা তেওঁৰ আন আন ছবিসমূহ হ’ল- চাছি পুন্নু (১৯৪৭), হাতেমতাই (১৯৫৬), চন্দ্ৰশেখৰ আজাদ (১৯৬৩), দুৰ্গাদাস (১৯৬৪) আদি । জয়ৰাজে ১৯৪০ আৰু ১৯৫০-ৰ দশকত সুৰাইয়াৰ সৈতে ছখন ছবি কৰিছিল; ইয়াৰে পাঁচখন- হামাৰী বাত (১৯৪৩),ছিংগাৰ (১৯৪৯),অমৰ কাহানী (১৯৪৯),ৰাজপুত (১৯৫১) আৰু ৰেশমত (১৯৫২) তেওঁৰ নায়ক হিচাপে আৰু ষষ্ঠখন ছবি লাল কুঁৱৰত (১৯৫২) দ্বিতীয় নায়ক হিচাপে অভিনয় কৰিছিল। ১৯৫২ চনত তেওঁ নিজাববীয়াকৈ সাগৰ পৰিচালনা আৰু প্ৰযোজনা কৰে। কিন্তু ছবিখন দৰ্শকে ভালদৰে গ্ৰহণ কৰা নাছিল।[6]
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]অভিনেতা ৰূপে
[সম্পাদনা কৰক]- জগমগাতি জৱানী (১৯৩০)
- চিকাৰী (১৯৩২)
- মায়াজাল (১৯৩৩)
- পতিত পাৱন (১৯৩৩)
- ঔৰত কা দিল (১৯৩৩)
- মজদুৰ (১৯৩৪)
- শেৰ দিল ঔৰত (১৯৩৫)
- জীৱন নাটক (১৯৩৫)
- তুফানী খাজানা (১৯৩৭)
- ভাবী (১৯৩৮)
- মধুৰ মিলন (১৯৩৮)
- জুগাৰী (১৯৩৯)
- ফৰজন্দে বতন (১৯৩৯)
- চম্বে দি কালি (১৯৪০)
- প্ৰভাত (১৯৪১)
- মালা (১৯৪১)
- স্বামী (১৯৪১)
- নয়ী দুনীয়া (১৯৪২)
- খিলোনা (১৯৪২)
- তামান্না (১৯৪২)
- নয়ী কহানী (১৯৪৩)
- হামাৰী বাত (১৯৪৩)
- প্ৰেম সংগীত (১৯৪৩)
- পান্না (১৯৪৪)
- ৰাহত (১৯৪৫)
- চাহজাহান (১৯৪৬)
- চালগীৰা (১৯৪৬)
- ৰাজপুতানী (১৯৪৬)
- মনমানী (১৯৪৭)
- সাজন কা ঘৰ (১৯৪৮)
- অঞ্জুমন(১৯৪৮)
- আজাদী কী ৰাহ পৰ (১৯৪৮)
- দাৰোগাজী (১৯৪৯)
- ৰুমাল (১৯৪৯)
- শিংগাৰ (১৯৪৯)
- অমৰ কহানী (১৯৪৯)
- ৰাজপুত (১৯৫১)
- সাগৰ (১৯৫১)
- লাল কুঁৱৰ (১৯৫২)
- ৰেশম (১৯৫২)
- বাদবান (১৯৫৪)
- তীৰন্দাজ (১৯৫৫)
- ইনাচানিয়ত (১৯৫৫)
- পৰিৱাৰ (১৯৫৬)
- হাতিম তাই (১৯৫৬)
- মুমতাজ মহল (১৯৫৭)
- পৰদেশী (১৯৫৭)
- চাৰ দিল চাৰ ৰহেঁ (১৯৫৯)
- মিঃ চুপাৰমেন কী ৱাপছী (১৯৬০)
- লালকিল্লা (১৯৬০)
- বীৰ দুৰ্গাদাস (১৯৬০)
- চম্বে কী কালী (১৯৬০, পাঞ্জাবী)
- ৰাজিয়া চুলতান (১৯৬১)
- আচ কা পঞ্চি (১৯৬১)
- জয় চিতোড় (১৯৬১)
- পিক পকেট (১৯৬২)
- নাইন আৱাৰছ্ টু ৰাম (১৯৬২)
- গু-এ-বকৱালী (১৯৬২)
- খুফিয়া মহল (১৯৬৪)
- বাগী হাচিনা (১৯৬৫)
- মুজৰিম কৌন খুনী কৌন (১৯৬৫)
- মায়া (১৯৬৬)
- বহাৰো কে স্বপ্নে (১৯৬৭)
- নীল কমল (১৯৬৮)
- গুনাহ ঔৰ কানুন (১৯৭০)
- জীৱন মৃত্যু (১৯৭০)
- নাদান (১৯৭১)
- চোটি বহু (১৯৭১)
- চিংগাৰী (১৯৭১)
- ছাহজাদা (১৯৭২)
- গেহৰী চাল (১৯৭৩)
- সুৰজ ঔৰ চন্দা (১৯৭৩)
- চালিয়া (১৯৭৩)
- নাগ মেৰা সাথী (১৯৭৩)
- চোৰ চোৰ (১৯৭৪)
- ফাচলা (১৯৭৪)
- শোলে (১৯৭৫)
- কালা সোণা (১৯৭৫)
- ধৰ্মাত্মা (১৯৭৫)
- যোদীদাস খুমান (১৯৭৫)
- হিমালয় সে উচাঁ (১৯৭৫)
- তুফান (১৯৭৫)
- হেৰাফেৰী (১৯৭৬)
- ছৰচ (১৯৭৬)
- বৈৰাগ (১৯৭৬)
- নাগচম্পা (১৯৭৬)
- চালিয়া বাবু (১৯৭৭)
- কাচ্চা চোৰ (১৯৭৭)
- মুকদ্দৰ কা ছিকন্দৰ (১৯৭৮)
- ডন (১৯৭৮)
- আখৰী ডাকু (১৯৭৮)
- খুন কা বদলা খুন (১৯৭৮)
- অহিংসা (১৯৭৯)
- খানদান (১৯৭৯)
- নাগিন ঔৰ সুহাগন (১৯৭৯)
- জ্যোতি বনে জ্বালা (১৯৮০)
- চুনোতি (১৯৮০)
- জজবাত (১৯৮০)
- শিৱশক্তি (১৯৮০)
- ফিফটি ফিফটি (১৯৮১)
- খুন ঔৰ পানী (১৯৮১)
- ক্ৰান্তি (১৯৮১)
- অৰ্দ্ধসত্য (১৯৮৩)
- মাচুম (১৯৮৩)
- কৰাটে (১৯৮৩)
- পুকাৰ (১৯৮৩)
- পাঁচৱী মঞ্জিল (১৯৮৩)
- বিন্দিয়া চমকেগি (১৯৮৪)
- উচিঁ উড়ান (১৯৮৪)
- জিন্দা লাচ (১৯৮৬)
- খুন ভৰী মাংগ (১৯৮৮)
- লম্বু দাদা (১৯৯২)
- মেৰী আন (১৯৯৩)
- বেতাজ বাদশাহ (১৯৯৪)
- গড এণ্ড গান (১৯৯৫)
বঁটা
[সম্পাদনা কৰক]- দাদা চাহেব ফাল্কে বঁটা - ১৯৮০
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ Paithari, Raghu. "Sircilla-born Jairaj still remains unsung in film industry" (en-US ভাষাত). Telangana Today. https://telanganatoday.com/sircilla-born-jairaj-still-remains-unsung-in-film-industry। আহৰণ কৰা হৈছে: 2020-09-20.
- ↑ 2.0 2.1 "rediff.com, Movies: Jairaj's son asked to vacate father's flat". http://www.rediff.com/entertai/2000/jul/24jai.htm.
- ↑ 3.0 3.1 Luminaries of 20th Century, Potti Sreeramulu Telugu University, Hyderabad, 2005
- ↑ "::DIRECTORATE OF FILM FESTIVALS::". http://www.dff.nic.in/dadasahebphalke.asp। আহৰণ কৰা হৈছে: 28 April 2016.
- ↑ "Paidi Jairaj 105 Jayanthi Utsavam". http://www.cinejosh.com/telugu-andhra-others-photos/18765/5/19/paidi-jairaj-105-jayanthi-utsavam.html.
- ↑ Mahajan, Vidya. "Paidi Jairaj - The Invincible Celluloid Man". Archived from the original on 2017-10-20. https://web.archive.org/web/20171020135441/https://www.saddahaq.com/the-inevitable-celluloid-man। আহৰণ কৰা হৈছে: 2023-08-08.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- P. Jairaj সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Talkie Star from the Silent Era(by B. Sumangal)
ৱিকিমিডিয়া কমন্সত পি জয়ৰাজ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |