বাৰ্তা:অসমীয়া বৰ্ণমালা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া লিপি[সম্পাদনা কৰক]

অসমীয়া লিপি নামৰ প্রবন্ধটোত অসমIয়া আখৰ বুলি এটা অনুচ্ছেদ আছেই। গতিকে এই প্রবন্ধটো তাৰ লগত অন্তৰ্ভূক্ত কৰিব পাৰি বা অসমীয়া লিপিৰ উক্ত অনুচ্ছেদটোত কমাই লিখি ইয়াত (অসমীয়া বৰ্ণমালা) বহলাই লিখিব পাৰি। প্রভাকৰ শৰ্মা নেওগ (talk) 03:51, 7 ছেপ্টেম্বৰ 2012 (UTC)


একমত বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:58, 8 ছেপ্টেম্বৰ 2012 (UTC)
একত্ৰিত কৰি পেলাব লাগে। — গীতাৰ্থ বৰদলৈ (talk) 19:09, 11 ফেব্ৰুৱাৰী 2013 (UTC)
একত্ৰিত কৰা হ’ল, লগতে ইংৰাজী ৱিকিপিডিয়াৰ সৈতে সংগতি মিলাই অসমীয়া লিপি পৃষ্টাটো “দ্বাৰ্থতা দূৰীকৰণ পৃষ্ঠা”লৈ পৰিবৰ্তন কৰা হ’ল। দিব্য দত্ত (বাৰ্তা) 07:37, 14 মে' 2019 (ইউ.টি.চি.)

বৰ্ণ আৰু আখৰ[সম্পাদনা কৰক]

বৰ্ণ আৰু আখৰ একে নহয়। বহু কিতাপত বৰ্ণ আৰু আখৰ দুয়োকে একে অৰ্থত ব্যৱহাৰ কৰা হয় । ইয়াত পাৰ্থক্যটো কোৱা হৈছে বৰ্ণ আৰু আখৰ একে নহয় বুলি কিন্তু আকৌ বৰ্ণ আৰু আখৰ একে অৰ্থতে কিছু ঠাইত বৰ্ণনা কৰা হৈছে ।যেনে --কোৱা হৈছে স্বৰ বৰ্ণ আঠাটা আকৌ এঠাইত স্বৰবৰ্ণ বুলি কওঁতে লিখা হৈছে ১১ টা --অ ৰপৰা ঔ লৈকে ।গতিকে ইয়াক শুদ্ধ কৰাটো প্ৰয়োজন । ব্যঞ্জন বৰ্ণ ক্ষেত্ৰটো একেই অৱস্থা । ব্যঞ্জনবৰ্ণ বুলি ক---ৰ পৰা চন্দ্ৰ বিন্দুৰলৈকে আগবঢ়োৱা হৈছে। সেইদৰে অমসীয়া ভাষাৰ মুঠ বৰ্ণৰ সংখ্যা ৫২ টা বুলি কোৱা হৈছে ।যিটো ভুল । আখৰহে ৫২ টা হ'ব। আৰু বৰ্ণ আৰু আখৰ বৰ্ণনা একে লগে আছে ।যদি দুয়োটা এটা এটা পেজ কৰা হয় নিশ্বয় সুবিধা হ'ব । মিণ্টু দোলাকাষৰীয়া (talk) 03:49, 11 August 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@মিণ্টু দোলাকাষৰীয়া:, বৰ্ণ, অক্ষৰ আৰু আখৰ একে নহয় যদিও তাক প্ৰকাৰান্তৰে একে বুলি ধৰা হয়৷ 'ধ্বনি' নামৰ পেজত এইখিনি কথা উল্লেখ কৰা হৈছে৷ ইয়াত এইখিনি শুধৰণি কৰি দিলে ভাল হয়৷ কুলধৰ ৰাভা (talk) 03:58, 11 August 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

একে বুলি ধৰি ল'ব নোৱাৰি । বহু ভাষাবিদে পূৰ্বৰ মত সলনি কৰি নতুন যুক্তি দিছে। ধ্বনি আৰু বৰ্ণক হ'লে এক বুলি ক'ব পাৰি কিয়নো বিশিষ্ট ধ্বনিয়েই বৰ্ণ কিন্তু আখৰ বৰ্ণক প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা এটা প্ৰতীকহে। এই টোকাটোৰ সংশোধন থকাতো আৰু সুন্দৰকৈ সজোৱাটো নিতান্তই প্ৰয়োজন নহ'লে নব শিকাৰুৱে বিবুদ্ধিত পৰিব।

স্বৰবৰ্ণ যিবোৰ বৰ্ণ উচ্চাৰণৰ সময়ত বাহিৰলৈ ওলাই যোৱা স্বাস বায়ু মুখৰ ভিতৰত কোনোভাৱে বাধাপ্ৰাপ্ত নহয় সেইবোৰক স্বৰবৰ্ণ বোলে। বৰ্তমান অসমীয়া ভাষাত প্ৰচলিত স্বৰবৰ্ণ ১১টা।


ইয়াত স্ববৰ্ণ ১১ টা লিখা হৈছে ।এইটো ভুল কাৰণ স্বৰবৰ্ণ ৮ টাহে। বিশিষ্ট স্বৰধ্বনিকে স্বৰবৰ্ণ বুলি কোৱা হয় । স্বৰ আখৰহে ১১ টা ।গতিকে স্বৰবৰ্ণ ঠাইত স্বৰ আখৰহে লিখিব লাগে । সবিশেষ জানিবৰ বাবে ডক্তৰ অৰ্পণা কোঁৱৰৰ ' অসমীয়া ভাষা চিন্তন' অধ্যয়ন কৰিব পাৰে । পেজটো কেনেকৈ সলনি কৰে মই নাজানো ।জনা হ'লে হ'লনি কৰি দিলোঁহেঁতেন ।

 মই ভাবোঁ আসমীয়া স্বৰ আখৰ আৰু আসমীয়া স্বৰবৰ্ণ পৃথক পৃথককৈ বৰ্ণনা দিব লাগে। বৰ্ণ বুলি এপেজ দি তাত তলৰ বোৰ দিব লাগে ---

১) বৰ্ণৰ সংজ্ঞা ২)বৰ্ণৰ বৈশিষ্ট্য ৩) বৰ্ণৰ প্ৰকাৰ আৰু সেইসমূহৰ বৰ্ণনা --উৎপত্তিৰপৰা আদি কৰি। ৪) আখৰৰ লগত তুলনা ৫) অন্য ভাষাৰ লগত অসমীয়া ভাষাৰ বৰ্ণৰ সাদৃশ্যতা আৰু বৈসাদৃশ্যতা ইত্যাদি ইত্যাদি।

একে দৰে আখৰৰ ক্ষেত্ৰটো তলৰ ভাগবোৰ উল্লেখ কৰি বৰ্ণণা দিব লাগে-- ১) আখৰৰ সংজ্ঞা ২) আসমীয়া আখৰৰ সংখ্যা ৩) উৎপত্তি উৎস ৪)অসমীয়া আখৰৰ বৈশিষ্ট্য ৪) অসমীয়া আখৰৰ উৎপত্তি স্থান ৫) আসমীয়া আখৰৰ বিৰোধ

৬) অসমীয়া ভাষাৰ আখৰৰ প্ৰকাৰ

৭) অন্য ভাষাৰ লগত অসমীয়া ভাষাৰ আখৰৰ সাদৃশ্যতা আৰু বৈসাদৃশ্যতা। যেনে সহজে বাংলা ভাষাৰ লগলে ৰিজালে কিছু তথ্য পোৱা যায়। ইত্যাদি ইত্যাদি টোকাবোৰ স্পষ্টকৈ থাকিলে পঢ়োৱৈ সকলৰ সুবিধা হয়।

 এয়া মোৰ অনুভৱ। এনেকৈ থাকিলে প্ৰয়োজন বোধ হ'লে আন এজনে তথ্য সংযোগ কৰাতো সুবিধা হয় । 
মিণ্টু দোলাকাষৰীয়া (talk) 04:48, 11 August 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অসমীয়া আখৰ[সম্পাদনা কৰক]

অসমীয়া ভাষাত বৰ্তমান ৫২টা বৰ্ণ আছে।[1] -ৰ পৰা  ঁ-লৈকে ৫২টা বৰ্ণৰ সমষ্টিক একেলগে বৰ্ণমালা বোলা হয়।


হয় আমি এইটোৱেই পঢ়িছিলোঁ । কিন্তু নোটটো আখৰ দি উত্তৰটো বৰ্ণ দিয়া হৈছে । এই শুদ্ধ নহয় । পৰীক্ষাত লিখিলে কাটি দিব । কাৰণ আখৰ বৰ্ণ একে নহয় । দ্বিতীয়তে কোৱা হৈছে অসমীয়া ভাষাত বৰ্তমান ৫২ বৰ্ণ আছে । কি তলত আকৌ উল্লেখ কৰা হৈছ যে স্বৰবৰ্ণ আঠটা ব্যঞ্জন বৰ্ণ ২১ টা ।তেনেহ'লে মুঠ হ'ল অসমীয়া ভাষাৰ বৰ্ণ ২৯ টাহে। এতিয়া কোৱক চুন বিপাঙত নপৰিব নে ন শিকাৰু সকলে। আচলতে 'বৰ্ণ' শব্দটোৰ ঠাইত আখৰ দিব লাগে আৰু বৰ্ণমালা ঠাইত আখৰমালা দিব লাগে। তথ্যৰ প্ৰয়োজনীয় কিতাপ আছে।

উচ্চাৰণৰ পাৰ্থক্য অনুসৰি বৰ্ণমালাক দুটা ভাগত ভাগ কৰা হৈছে: স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ

স্বৰবৰ্ণ[সম্পাদনা কৰক]

যিবোৰ বৰ্ণ উচ্চাৰণৰ সময়ত বাহিৰলৈ ওলাই যোৱা স্বাস বায়ু মুখৰ ভিতৰত কোনোভাৱে বাধাপ্ৰাপ্ত নহয় সেইবোৰক স্বৰবৰ্ণ বোলে। বৰ্তমান অসমীয়া ভাষাত প্ৰচলিত স্বৰবৰ্ণ ১১টা।

উচ্চাৰণৰ পাৰ্থক্য অনুসৰি স্বৰবৰ্ণক হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ দুটা ভাগত ভাগ কৰা হৈছে।

হ্ৰস্ব স্বৰ: অ ই উ ঋ এ ও এই ছটা বৰ্ণৰ উচ্চাৰণ চুটি বাবে ইহঁতক হ্ৰস্ব স্বৰ বোলে।

দীৰ্ঘ স্বৰ: আ ঈ ঊ ঐ ঔ এই পাঁচটা বৰ্ণৰ উচ্চাৰণ দীঘলীয়া বাবে ইহঁতক দীৰ্ঘ স্বৰ বোলে।

অসমীয়া স্বৰধ্বনি হ'ল ৮টা আৰু এই কেইটা হ'ল- অ (ɔ), অ' (o), আ (a), ই (i), উ (u), এ (ɛ), এ' (e), ও (ʊ)। ই (i) আৰু উ (u) স্বৰধ্বনিসূচক আখৰ অসমীয়া বৰ্ণমালাত দুটাকৈ আছে। সংস্কৃত বা আন ভাৰতীয় ভাষা- মাৰাঠী, হিন্দী আদিৰ দৰে অসমীয়াত ই আৰু উ বৰ্ণৰ হস্ৰ আৰু দীৰ্ঘ দুটা ৰূপ নাই। অ' (ɒ) আৰু এ' (e) এই ধ্বনি সূচোৱা কোনো আখৰ অসমীয়া বৰ্ণমালাত নাই। সেয়েহে এই দুটা ধ্বনি ক্ৰমে অ আৰু এ আখৰেৰে প্ৰকাশ কৰা হয় যদিও বিশেষ ক্ষেত্ৰত অ আৰু এ ওপৰত উৰ্দ্ধকমা দিয়ো বুজোৱা হয়। অসমীয়া ভাষাত ঋ স্বৰবৰ্ণ নহয়। ঋ হ’ল 'ৰ' আৰু 'ই' (ৰি) বৰ্ণৰ যুগ্ম ৰূপ। ঐ আৰু ঔ আখৰ দুটা স্বৰৰ সন্ধি; ঐ= অ/অ'+ই , ঔ=ও+উ। প্ৰতিটো স্বৰৰ আকৌ একোটাকৈ অনুনাসিক ৰূপ আছে। স্বৰৰ অনুনাসিকতাক ৺ ( ̃) বুজোৱা হয়।

মিণ্টু দোলাকাষৰীয়া (talk) 04:42, 11 August 2020 (ইউ.টি.চি.) @মিণ্টু দোলাকাষৰীয়া:, আপুনি ঠিকেই কৈছে; ময়ো একমত৷ কেৱল ছাত্ৰ-ছাত্ৰীক বিবুদ্ধিত পেলোৱাই নহয় বহুতে কোনো এটা বিষয়বস্তু জানিব বা বুজিবৰ বাবে ৱিকিপিডিয়াতে সন্ধান কৰে (ময়ো কৰোঁ) সিহঁতকো বিবুদ্ধিত পেলাব পাৰে, সেইবাবে হয়তো প্ৰবন্ধটোত Expert-Subject টেগ লগোৱা হৈছে! প্ৰবন্ধটো খুব ডাঙৰ সেয়ে অকলে সংশোধন কৰাটো সহজ নহ’ব আৰু সংশোধন কৰিলেও বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে কাৰণ পুৰণি পুথিসমূহত এই বুলিয়েই উল্লেখ আছে৷ অৱশ্যে ইয়াত তথ্য ইমান দিয়া হোৱা নাই৷ আপুনি কোৱা অৰ্পণা বাইদেউৰ কিতাপখন মোৰ লগত নাই৷ ড° গোলোকচন্দ্ৰ গোস্বামী চাৰো এইবিষয়ে তেওঁৰ বহুকেইখন গ্ৰন্থত উল্লেখ কৰিছে, যদিও আলোচনাৰ প্ৰয়োজন থকা বুলিহে পাইছোঁ৷ কুলধৰ ৰাভা (talk) 05:07, 11 August 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  1. আধুনিক অসমীয়া ব্যাকৰণ আৰু ৰচনা, লেখক- নীলমণি মহন্ত