বড়োলেণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Bodoland Territorial Area Districtsৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
বড়োলেণ্ড
बर'लेन्द
—  স্বায়ত্তশাসিত অঞ্চল  —
বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টছ
অসমৰ মানচিত্ৰত বড়োলেণ্ডৰ অৱস্থিতি
দেশ  ভাৰত
ৰাজ্য অসম
প্ৰতিষ্ঠা ১০ ফেব্ৰুৱাৰী, ২০০৩
মূখ্য কাৰ্যালয় কোকৰাঝাৰ
জিলা
চৰকাৰ
 - পৰিষদ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)
 - অধ্যক্ষ ত্ৰিদিপ দৈমাৰী
 - উপ অধ্যক্ষ নেৰশ্বন বড়ো
 - মূখ্য কাৰ্যবাহী বিষয়া হাগ্ৰামা মহিলাৰী
 - সহকাৰী মূখ্য কাৰ্যবাহী বিষয়া কাম্পা বৰগয়াৰী
মাটিকালি
 - মুঠ ৮,৮২১ কি.মি. 
(৩,৪০৫.৮ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ৩১,৫৫,৩৫৯ জন
 - জনঘনত্ব ৩৫৭.৭ প্ৰতি বৰ্গ কি.মি. 
(৯২৬.৫ প্ৰতি বৰ্গ মাইল)
বিশেষণ বড়ো
ভাষা
 - চৰকাৰী বড়ো, অসমীয়া, ইংৰাজী, হিন্দী
সময় অঞ্চল ভামাস (গ্ৰী.মা.স.+৫:৩০)
ৱেবছাইট www.bodoland.in

বড়োলেণ্ড (ইংৰাজী: Bodoland, বড়ো: बर'लेन्द) বা বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্টছ (চমুকৈ বিটিএডি) হৈছে অসমৰ এখন স্বায়ত্তশাসিত অঞ্চল। চাৰিখন জিলাক লৈ বড়োলেণ্ড সৃষ্টি হৈছে। সেইকেইখন হৈছে ক্ৰমে কোকৰাঝাৰ জিলা, বাক্সা জিলা, ওদালগুৰি জিলা আৰু চিৰাং জিলা। অঞ্চলটোৰ মাটিকালি প্ৰায় ৮,০০০ বৰ্গ কিলোমিটাৰ। বড়ো আন্দোলনৰ ফলশ্ৰুতিত ২০০৩ চনত হোৱা বড়ো চুক্তিৰ ফলাফল হিচাপে বড়োলেণ্ড গঠন কৰা হৈছিল।[1]

ইতিহাস[সম্পাদনা কৰক]

পৃথক বড়োলেণ্ডৰ দাবীৰে বড়ো আন্দোলন ১৯৬৭ চনৰ পৰাই চেগা-চোৰোকাকৈ চলি আছিল যদিও ১৯৮৭ চনতহে উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত ই জংগী ৰূপ লাভ কৰে। বড়োলেণ্ড গঠনৰ বাবে কৰা আন্দোলনটোক পাঁচটা ভাগত ভাগ কৰিব পাৰি।

প্ৰথম ভাগ (১৯৩৩-১৯৫২)

এইটো ভাগক ৰাজনৈতিক সচেতনতা আৰম্ভনিৰ যুগ বুলি জনা যায়। সদৌ অসম ট্ৰাইবেল লীগ, কছাৰী যুৱক সন্মিলন আদিৰ যোগেদি বড়ো সকলৰ পৰিচয়গত ৰাজনীতিৰ প্ৰথম ভেঁটিটো নিৰ্মাণ হৈছিল। এই ভাগটোতে ভূমি-জনজাতি (Plain Tribal)-সকলৰ কাৰণে পৃথক নিৰ্বাচনী ব্যৱস্থাৰ অন্তৰ্গত কৰি পাঁচখন আসন সংৰক্ষণৰ দাবী জনোৱা হৈছিল।

দ্বিতীয় ভাগ (১৯৫২-১৯৬৭)

এইটো ভাগৰ মূল প্ৰশ্ন আছিল ভাষা আৰু লিপিক লৈ উদ্ভৱ হোৱা সচেতনতা। ১৯৫২ চনত বড়ো সাহিত্য সভাৰ গঠন হৈছিল আৰু ইয়াৰ নেতৃত্বই সেইসময়ৰ অসমৰ মূখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ হাতত এখন বড়ো মাধ্যমৰ বিদ্যালয় স্থাপন কৰিবলৈ দাবী পত্ৰ প্ৰদান কৰিছিল। ১৯৬৩ চনত বড়ো ভাষাক ইয়াৰ আধিপত্য থকা অঞ্চলত শিক্ষাৰ মাধ্যম হিচাপে মুকলি কৰি দিছিল।

তৃতীয় ভাগ (১৯৬৭-১৯৮৬)

এইটো ভাগ অত্যন্ত গুৰুত্বপূৰ্ণ। ২৭ ফেব্ৰুৱাৰী, ১৯৬৭ চনত গঠন কৰা হৈছিল প্লেইন ট্ৰাইবেল কাউন্সিল অৱ আচাম নামৰ এটা সংগঠনৰ। ১৫ ফেব্ৰুৱাৰী, ১৯৬৭ চনত আনহাতে গঠিত হৈছিল অল বড়ো ষ্টুডেন্টছ ইউনিয়ন বা চমুকৈ ABSU। এই সময়চোৱাতে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৰাজ্য পুনৰগঠনৰ ঘোষণাৰ প্ৰতি সঁহাৰি জনায় আবছুয়ে ১৯৬৯ চনত স্বায়ত্তশাসনৰ স্বীকৃতিৰ দাবী জনায়। সেইদৰে এইচোৱা সময়তে অসমত অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত আৰম্ভ হোৱা অসম আন্দোলনলৈ বড়ো সংগঠনসমূহে মুকলি সমৰ্থন আগবঢ়ায়। কিন্তু অসম চুক্তিয়ে বড়ো নেতৃত্বক সন্তুষ্ট কৰিব নোৱাৰিলে আৰু উত্তৰ-অসম আন্দোলনকালীন সময়ত বড়ো আন্দোলন অধিক তীব্ৰতৰ হৈ উঠে।[2]

চতুৰ্থ ভাগ (১৯৮৭-১৯৯২)

এই সময়চোৱাতে পৃথক ৰাজ্যৰ দাবী উত্থাপন হ'বলৈ আৰম্ভ কৰিলে। ১৯৮৭ চনৰ পৰা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত আবছুয়ে বড়ো আন্দোলনটো নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিলে। "Divide Assam 50-50" শ্লোগানেৰে তেওঁলোকে পৃথক ৰাজ্যৰ দাবীটোক অধিক জংগী কৰি তুলিলে। সেই সময়চোৱাতে ৩ অক্টোবৰ, ১৯৮৬ চনত বড়োলেণ্ড চিকউৰিটি ফ'ৰ্চ বা চমুকৈ বিডিএচএফ নামৰ এটা সশস্ত্ৰ নৃগোষ্ঠীয় সংগঠন গঠন কৰা হয়।[3] ২০ ফেব্ৰুৱাৰী, ১৯৯৩ চনত অৱশেষত বড়ো চুক্তি স্বাক্ষৰ কৰা হৈছিল আৰু বড়ো অটনমাছ কাউন্সিল গঠন কৰা হৈছিল। কিন্তু বড়ো চুক্তিয়ে বড়ো নেতৃত্বক আশাহত কৰি তুলিলে।

পঞ্চম ভাগ (১৯৯৩-২০০৩)

এই ভাগটোক উত্তৰ-বড়ো চুক্তিকালীন সময় হিচাপে চিহ্নিত কৰিব পাৰি। যিহেতু বড়ো চুক্তিয়ে বড়ো নেতৃত্বক সন্তুষ্ট কৰিব নোৱাৰিলে, ১৯৯৪ চনৰ পৰা বিডিএচএফ জংগী হৈ উঠে। পৰৱৰ্তী সময়ত এই বিডিএচএফ-য়েই নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড বা এনডিএফবি হিচাপে আত্মপ্ৰকাশ কৰে। এই সময়চোৱাতে ১৯৯৫ চনত বিএলটি বা বড়ো লিবাৰেশ্যন টাইগাৰচ-য়েও আত্মপ্ৰকাশ কৰে। ২০০৩ চনত পুনৰ বিএলটি আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ৰাজ্য চৰকাৰৰ উপস্থিতিত বড়ো চুক্তি পুনৰ স্বাক্ষৰিত কৰা হয়। এই চুক্তি অনুসৰি বড়োলেণ্ডত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ বা বিটিচি গঠন কৰি ইয়াক সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তি কৰা হয়। এতিয়াও এনডিএফবিৰ সংগ্ৰাম চলিয়েই আছে। তেওঁলোকৰ বিশ্বাস যে বিএলটিৰ নেতৃত্বই বড়ো জনসাধাৰণৰ আশা-আকাংক্ষা সম্পূৰ্ণ কৰাত ব্যৰ্থ হ'ল।

ভূগোল[সম্পাদনা কৰক]

বড়োলেণ্ডৰ সীমাৰেখা ২৬° ৭' ১২" উত্তৰ অক্ষৰেখাৰ পৰা ২৬° ৪৭' ৫০" উত্তৰ অক্ষৰেখা আৰু ৮৯° ৪৭' ৪০" পূবৰ পৰা ৯২° ১৮' ৩০" পূব দ্ৰাঘিমাৰেখালৈকে বিস্তৃত হৈ আছে। ইয়াৰ ৩% ব্যক্তি নগৰত বাস কৰে। বড়োলেণ্ডত ৫০০ বৰ্গ কিলোমিটাৰ জুৰি মানাহ ৰাষ্ট্ৰীয় উদ্যান আছে।[4] সেইদৰে বড়োলণ্ডে ভৌগোলিকভাৱে ভূটান আৰু অৰুণাচল প্ৰদেশৰ সৈতে সীমা ভাগ-বতৰা কৰি আছে। ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ এটা বৃহৎ অংশ বড়োলেণ্ডৰ অধীনত আছে। অনান্য সীমামূৰীয়া জিলাসমূহ হৈছে ধুবুৰী জিলা, বঙাইগাঁও জিলা, বৰপেটা জিলা, নলবাৰী জিলা, কামৰূপ জিলা, দৰং জিলা আৰু শোণিতপুৰ জিলা[5]

জনগাঁথনি[সম্পাদনা কৰক]

বড়োলেণ্ড ক্ষেত্ৰীয় জিলাসমূহত ভাষা
(২০১১ চনৰ লোকপিয়ল মতে)
ভাষা শতাংশ
বড়ো ভাষা
  
৩০.৫%
অসমীয়া ভাষা
  
২৬.৮%
বঙালী ভাষা
  
২৩.৭%
চাঁওতালি ভাষা
  
৫.৪%
হিন্দী ভাষা
  
৪.৭%
নেপালী ভাষা
  
৩.৪%
কুৰুষ ভাষা
  
১.৫%
ৰাভা ভাষা
  
১.১%
অন্যান্য
  
২.৫%

বড়োলেণ্ডত জনগাঁথনিগতভাৱে বড়ো জনগোষ্ঠী সৰ্বাধিক সংখ্যাত আছে। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি বড়োলেণ্ডৰ ৩০.৫% লোক বড়ো ভাষীক, ২৬.৮% লোক অসমীয়া ভাষীক, ২৩.৭% বঙালী ভাষীক

অৰ্থনীতি[সম্পাদনা কৰক]

অৰ্থনৈতিকভাৱে বড়োলেণ্ড এতিয়াও ইমান বেছি উন্নত হোৱা নাই। অঞ্চলটো মূলতঃ কৃষিজীৱি।

শিক্ষা[সম্পাদনা কৰক]

২০০৯ চনত কোকৰাঝাৰত বড়োলেণ্ড বিশ্ববিদ্যালয় স্থাপন হৈছিল।[6] সাম্প্ৰতিক কালত বড়োলেণ্ডত সাক্ষৰতাৰ হাৰ হৈছে ৬১.৩%।

প্ৰশাসন[সম্পাদনা কৰক]

সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত বড়োলেণ্ডৰ মূখ্য কাৰ্যালয় কোকৰাঝাৰ জিলাত। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, চমুকৈ বিটিচি)-এ এই অঞ্চলটো পৰিচালনা কৰে। প্ৰথম অৱস্থাত বিটিচিৰ সদস্যৰ সংখ্যা আছিল ৩০ জন। ষষ্ঠ অনুসূচীৰ ২(১) অনুচ্ছেদটোৰ সংশোধন কৰি বৰ্তমান ইয়াৰ সংখ্যা ৪৬ জনলৈকে বৃদ্ধি কৰা হৈছে। এই ৪৬ জনৰ ভিতৰত ৩০ খন আসন অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত, ৫ খন আসন অজনজাতিৰ বাবে সংৰক্ষিত কৰি থোৱা আছে, ৫ খন আসন সকলোৰে বাবে মুকলি আৰু ৬ খন আসন ৰাজ্যপালৰ দ্বাৰা মনোনীত। অৰ্থাৎ বিটিচিৰ মুঠ সদস্য সংখ্যাৰ ভিতৰৰ ৪০ জন নিৰ্বাচিত আৰু ৬ জন মনোনীত।[5]

প্ৰতি পাঁচ বছৰৰ অন্তত নিৰ্বাচন অনুষ্ঠিত হয়। অসম চৰকাৰৰ জাননী নং TAD/BTC/161/2003/6-ৰ অধীনত বিটিচিৰ হাতত ৪০ টা বিষয়ত ক্ষমতা প্ৰদান কৰা হৈছে। কৃষি, পশুপালন, শিক্ষা, সংস্কৃতি, মীন পালন, বন আৰু পৰিৱেশ, জন্ম-মৃত্যুৰ পঞ্জীয়ন আদি কেতবোৰ অত্যন্ত প্ৰয়োজনীয় বিষয় বিটিচিৰ ক্ষমতাৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে।[5]

প্ৰশাসনীয় বিভাগ[সম্পাদনা কৰক]

বড়োলেণ্ড চাৰিখন জিলাক লৈ গঠিত।[7] ১০ টা মহকুমা আৰু ৪০ টা উন্নয়নখণ্ড আছে।[8]

নং জিলাৰ নাম মহকুমা মাটিকালি
(বৰ্গ কিলোমিটাৰ)
জনসংখ্যা
(২০১১ৰ লোকপিয়ল)
কোকৰাঝাৰ জিলা কোকৰাঝাৰ, গোঁসাইগাঁও, পাৰ্বতিজৰা ৩,১৬৯.২০ ৮৮৭,১৪২
চিৰাং জিলা চিৰাং, বিজনী ১,০৬৯.৯৬ ৪৮২,১৬২
বাক্সা জিলা শালবাৰী, তামুলপুৰ ৩,০৫৬.৮৯ ৯৫০,০৭৫
ওদালগুৰি জিলা ওদালগুৰি, ভেৰগাঁও ১,৬৭৩.৯৩ ৮৩১,৬৬৮
সৰ্বমুঠ ৮,৯৬৯.৯৮ ৩,১৫১,০৫৭

তথ্য উৎস[সম্পাদনা কৰক]