ৰাধা কৃষ্ণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
16 নং শাৰী: 16 নং শাৰী:
[[গৌড়ীয় বৈষ্ণৱবাদ]], [[নিম্বাৰ্ক সম্প্ৰদায়]], [[পুষ্টিমাৰ্গ]] আৰু [[স্বামীনাৰায়ণ সম্প্ৰদায়]] আদি কেইবাটা হিন্দু মতবাদৰ মতে ৰাধা কেৱল গোপালিকা নহয়, তেওঁ সকলো [[গোপী]] আৰু [[ৰাস (ধৰ্মতত্ব)|ৰাস]]ত ভাগ লোৱা সমস্ত ঐশ্বৰিক ব্যক্তিত্বৰ মূল।<ref>{{Harvnb|Schweig|2005|p=43}}</ref>
[[গৌড়ীয় বৈষ্ণৱবাদ]], [[নিম্বাৰ্ক সম্প্ৰদায়]], [[পুষ্টিমাৰ্গ]] আৰু [[স্বামীনাৰায়ণ সম্প্ৰদায়]] আদি কেইবাটা হিন্দু মতবাদৰ মতে ৰাধা কেৱল গোপালিকা নহয়, তেওঁ সকলো [[গোপী]] আৰু [[ৰাস (ধৰ্মতত্ব)|ৰাস]]ত ভাগ লোৱা সমস্ত ঐশ্বৰিক ব্যক্তিত্বৰ মূল।<ref>{{Harvnb|Schweig|2005|p=43}}</ref>


==পাদটীকা==

{{reflist|colwidth=30em}}
==টোকা== 
{{Reflist}}


===তথ্যসূত্ৰ===
===তথ্যসূত্ৰ===
46 নং শাৰী: 45 নং শাৰী:
* {{cite book |last=Williams |first=Raymond |year=2001 |title=Introduction to Swaminarayan Hinduism |publisher=Cambridge University Press |isbn=978-0-521-65422-7}}
* {{cite book |last=Williams |first=Raymond |year=2001 |title=Introduction to Swaminarayan Hinduism |publisher=Cambridge University Press |isbn=978-0-521-65422-7}}
{{Refend}}
{{Refend}}






14:51, 15 September 2021ৰ সংস্কৰণ

ৰাধা কৃষ্ণ

ৰাধা আৰু কৃষ্ণৰ চিত্ৰশিল্প
অন্য নাম মাধৱী মাধৱ, কেশৱী কেশৱ, শ্যামা শ্যাম, কিশোৰী কিশোৰ, গোপীকা গোপীনাথ
দেৱনাগৰী राधाकृष्ण
সংস্কৃত লিপ্যন্তৰ rādhā-kṛṣṇa
সম্পৰ্ক বৈষ্ণৱবাদ, কৃষ্ণবাদ, অৰ্ধনাৰীশ্বৰ, লক্ষ্মী নাৰায়ণ
নিবাস গোলোক, বৃন্দাবন, বৈকুণ্ঠ
মন্ত্ৰ
  • ওম শ্ৰী ৰাধা কৃষ্ণভ্যম নমঃ
  • ওম শ্ৰী ৰাধা কৃষ্ণায়ে নমঃ।
  • ওম ক্লিম ৰাধা কৃষ্ণায়ে নমঃ।
হিন্দু পাঠ্য ব্ৰহ্মবৈৱৰ্ত পুৰাণ, গীত গোবিন্দ, পদ্ম পুৰাণ, শিৱ পুৰাণ, গোপাল তপণি উপনিষদ, ব্ৰহ্ম সংহিতা, গৰ্গ সংহিতা, স্কন্দ পুৰাণ, দেৱী-ভাগৱত পুৰাণ, নাৰদীয় পুৰাণ
উৎসৱ ফাকুৱা, লাঠিমাৰ হোলি, শাৰদ পূৰ্ণিমা, কাৰ্তীক পূৰ্ণিমা, জন্মাষ্টমী, ৰাধাষ্টমী, গোপাষ্টমী

ৰাধা-কৃষ্ণ (IAST rādhā-kṛṣṇa, সংস্কৃত: राधा कृष्ण) যুটীক হিন্দু ধৰ্মত ভগৱানৰ নাৰী আৰু পুৰুষৰ মিশ্ৰিত প্ৰকাশ বুলি গণ্য কৰা হয়।[1] বহু বৈষ্ণৱীয় বিশ্বাসত ৰাধা আৰু কৃষ্ণক ভগৱানৰ আদি ৰূপ আৰু আনন্দৰ আকৰ (হ্লাদিনী শক্তি) বুলি গণ্য কৰা হয়।[2]

বৈষ্ণৱবাদৰ কৃষ্ণবাদ পৰম্পৰাত কৃষ্ণক স্বয়ম ভগৱান আৰু ৰাধাক ভগৱানৰ তিনিবিধ প্ৰধান ক্ষমতাৰ আদি শক্তি বুলি কোৱা হৈছে। এই তিনিবিধ ক্ষমতা- হ্লাদিনী (আধ্যাত্মিক পৰম সুখ), সন্ধিনী (অনশ্বৰতা) আৰু সম্বিত (অস্তিত্বশীল চেতনা)ৰ ভিতৰত ৰাধাক ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি স্নেহৰ মূৰ্ত ৰূপ বুলি কোৱা হয় (হ্লাদিনী)।

কৃষ্ণৰ লগতে ৰাধাক পৰম দেৱী বুলি স্বীকাৰ কৰা হয়। কোৱা হয় যে স্নেহ মিশ্ৰিত ভক্তিৰেহে কৃষ্ণ সন্তুষ্ট হয় আৰু এই ভক্তিৰেই সাকাৰ ৰূপ ৰাধা। বহু ভক্ত‌ই কৃষ্ণক পাবৰ বাবে ৰাধাক পূজা কৰে। কৃষ্ণ‌ই আনন্দ লভিবৰ বাবে দুভাগ হৈ এভাগে ৰাধাৰ ৰূপ পোৱা বুলিও কিছু পাঠ্য‌ই কয়। হিন্দু গ্ৰন্থসমূহৰ মতে ৰাধা মহালক্ষ্মীৰ পূৰ্ণ অৱতাৰ।

ভক্তসমলে বিশ্বাস কৰে যে কৃষ্ণ‌ই সমগ্ৰ বিশ্বক সন্মোহিত কৰে, কিন্তু ৰাধাই তেওঁকো সন্মোহিত কৰে। গতিকে তেওঁ পৰম সেৱী আৰু একেলগে তেওঁলোকক ৰাধা-কৃষ্ণ বোলে।

সাহিত্য

হল ৰজাৰ প্ৰাকৃত পুথি গাথা সপ্তশতীৰাধা কৃষ্ণৰ প্ৰথম সাহিত্যিক উল্লেখ পোৱা যায়। খ্ৰীষ্টিয় প্ৰথম শতিকাত ৰচিত এই পুথিত ৭০০ টা পদ আছে। [3][4][5] পাছলৈ ১২শ শতিকাত জয়দেৱ ৰচিত জনপ্ৰিয় পুথি গীত গোবিন্দত ৰাধা আৰু কৃষ্ণক এটা যুটী হিচাপে দেখুওৱা হয়।[6][7][8] ব্ৰহ্ম বৈৱৰ্ত পুৰাণ আৰু গৰ্গ সংহিতাৰ দৰে পুথিৰ মতে ৰাধা-কৃষ্ণ পৰম দেৱতা। দুয়োখন পুথিতে ৰাধা কৃষ্ণই বৃন্দাবন আৰু গোলোকত কটোৱা ঐশ্বৰিক সময়ৰ বিৱৰণ আছে। ৰাধা কৃষ্ণৰ উল্লেখ থকা আনবোৰ গুৰুত্বপূৰ্ণ পুথি হৈছে ঋগ্‌‌বেদৰ ৰাধোপনিষদ, অথৰ্ৱবেদৰ ৰাধাপতণি উপনিষদ, শিৱ পুৰাণ, ব্ৰহ্মাণ্ড পুৰাণ, স্কন্দ পুৰাণ, পদ্ম পুৰাণ, মৎস্য পুৰাণ, দেৱী-ভাগৱত পুৰাণ, নাৰদ পঞ্চৰত্ৰ আৰু ব্ৰহ্ম সংহিতা। দেৱী ৰাধাক কৃষ্ণৰ লগত শুকদেৱৰ ভাগৱত পুৰাণতো "আৰাধিকা" আৰু "গোপী" আদি নামেৰে পৰোক্ষভাৱে উল্লেখ কৰা হৈছে।[9] জয়দেৱৰ পূৰ্বসূৰী আদি শংকৰাচাৰ্যই তেওঁৰ "অচ্যুত অষ্টকম"তো দেৱী ৰাধাক উল্লেখ কৰিছে। গৌড়ীয় বৈষ্ণৱবাদ, নিম্বাৰ্ক সম্প্ৰদায়, পুষ্টিমাৰ্গ আৰু স্বামীনাৰায়ণ সম্প্ৰদায় আদি কেইবাটা হিন্দু মতবাদৰ মতে ৰাধা কেৱল গোপালিকা নহয়, তেওঁ সকলো গোপী আৰু ৰাসত ভাগ লোৱা সমস্ত ঐশ্বৰিক ব্যক্তিত্বৰ মূল।[10]

পাদটীকা

  1. Bryant, Edwin Francis (2007) (en ভাষাত). Krishna: A Sourcebook. Oxford University Press. ISBN 978-0-19-803400-1. https://books.google.co.in/books?id=0z02cZe8PU8C&printsec=copyright#v=onepage&q&f=false. 
  2. Kar, Nishamani (2001). "Sriradha: A Study". Indian Literature খণ্ড 45 (2 (202)): 184–192. ISSN 0019-5804. https://www.jstor.org/stable/23344745. 
  3. Jash, Pranabananda (1979). "RADHA-MADHAVA SUB-SECT IN EASTERN INDIA". Proceedings of the Indian History Congress খণ্ড 40: 177–184. ISSN 2249-1937. https://www.jstor.org/stable/44141958. 
  4. Gokhale, Namita; Lal, Malashri (2018-12-10) (en ভাষাত). Finding Radha: The Quest for Love. Penguin Random House India Private Limited. ISBN 978-93-5305-361-1. https://books.google.co.in/books?hl=en&lr=&id=KWJ7DwAAQBAJ&oi=fnd&pg=PT7&dq=Radha+in+Padma+Purana&ots=MZaq22GI-e&sig=XsoP_IEpX5b8MAxx5R6V8mfnR34&redir_esc=y#v=onepage&q=Radha%20in%20Padma%20Purana&f=false. 
  5. Ramnarace 2014.
  6. Love Song of the Dark Lord: Jayadeva's Gītagovinda 1977.
  7. Archer 2004, 5.2 The Gita Govinda.
  8. Datta 1988, পৃষ্ঠা. 1414–1423.
  9. Archer 2004, 5.1 The Triumph of Radha.
  10. Schweig 2005, পৃষ্ঠা 43

তথ্যসূত্ৰ