দেহাল পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেহাল পূজা
পালন কৰে কাৰ্বি জনগোষ্ঠী
উদযাপন ধৰ্মীয় নীতি-নিয়ম, নৃত্য-গীত
সংঘটন প্ৰতিবছৰে ফাগুন মাহত হয়।

দেহাল পূজা বা দেওশাল পূজা কাৰ্বিসকলে পালন কৰা এটি লোক উৎসৱ।[1] গাঁৱৰ উন্নতিৰ বাবে গাঁওবাসীয়ে এই পূজা আয়োজন কৰি দেৱ-দেৱীসকলক প্ৰাৰ্থনা কৰে।

উদযাপন[সম্পাদনা কৰক]

দেওধনী নৃত্য এই পূজাৰ প্ৰধান অংশ। দেওধনীৰ নিৰ্দ্দেশমতে পূজাৰ কাম-কাজ হয়। সাধাৰণতে ফাগুন মাহৰ দেও আৰু সোমবাৰে এই পূজা হয়। পূজাৰ এক সপ্তাহ আগৰপৰা ৰাইজে গোট-পিত খাই আৰনাম আমোল অৰ্থাৎ ভগৱানৰ মেল পাতে আৰু এজন তালুকদাৰ নিৰ্বাচন কৰে। গাঁৱৰ ঘৰে-ঘৰে পূজাৰ বাবে ভাত আৰু মদৰ চাউল প্ৰস্তুত কৰে আৰু পূজাৰ উদ্যোক্তাই এয়া পূজাৰ বাবে প্ৰতি ঘৰৰপাৰা সংগ্ৰহ কৰে। পূজাৰ বাবে গাঁৱৰ ঘৰসমূহ মচি-কাচি পৰিষ্কাৰ কৰি শুদ্ধি কৰা হয়। এইদৰে ছদিন যোৱাৰ পাছত সোমবাৰে জগানক আমন্ত্ৰণ জনোৱা হয়। জগানক মতাৰ দিনাৰেপৰা দেওধনী, তালুকদাৰ, হজা আদি লঘোণে থাকি পূজাৰ থাপনা পাতে। মঙলবাৰৰ দিনা মূল পূজা ভাগ হয়। সকলোৱে পৱিত্ৰ দেহ-মনেৰে পূজাত অংশ লয় আৰু বুধবাৰে বলিৰ শেষত সকলোৱে সমূহীয়াকৈ ভোজ-ভাত খায়।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 শান্তনু কৌশিক বৰুৱা (২০২১). অসম ইয়েৰ বুক, ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ১৮১-৮২.